ফটাঢোল

লিলিমাই-চন্দন কাকতি

ও লিলিমাই লিলিমাই তোৰ মৰমত মৰম নাই মই থাকোঁ‌তে আনলৈ কিয়নো তোৰ চকু যায়? তথাপিও পৰিলোঁ‌ তোৰ প্ৰেমতে লুটি খায়। মৰম দিলোঁ চেনেহ দিলোঁ যিমান লাগে ল, কিহৰ বাবে আনৰ চকুত তোৰে চকু থ?  মুখত এটা পেটত এটা  নাপাওঁ যে মই ভাল,  আছে যদি কিবা মনত  খুলি কোৱাই ভাল। ও লিলিমাই লিলিমাই…! নেখেলিবি মোৰ লগত লুকা-ভাকু উঠোঁ‌তে বহোঁ‌তে সদায় তোকে ভাবোঁ‌ বেয়া কথা বেয়া চিন্তা দূৰতে তই থ, সুখে দুখে চলিবলে পাৰিবিনে ক? ও লিলিমাই লিলিমাই! ☆ ★ ☆ ★

Read more

পদুমীৰ ৰাস যাত্ৰা-মধুশ্ৰী শৰ্মা

পদুমীৰ খেচখেচনিত আগদিনা পুৱাই হৰেকৃষ্ণই ক’লাক- ওলবি তে কালি গোধূলা তই, মই আৰু আপাচানা- চাই আহিম ৰাসখান, পাওঁ যদি খাই আহিম, ঘুগুনি, ফুলৰি আৰু চানাভাজা! ৰামচন্দ্ৰৰ ৰিক্সাত উঠি হৰেকৃষ্ণহঁতো হৰিমন্দিৰ পালাক, বেলুন লাগে, পেঁপা লাগে বুলি আপাচানাটুই আটাহ ধৰলাক! গহয়টুক চাবাক লাগি ধৰবা লাগিল মস্ত এটা লাইন, আক তাক থেলি হেঁচি যাওঁতে পুলিচেও কল্লাক ফাইন। ফাইন চাইন দি আৰ গহয়টু চ’ নহ’ল- হৰেকৃষ্ণই কলাক পদুমীক, তাতকে ঘূগুনীকে খাংগে ব’ল! আপাচানাটুক লাগে বোলে এটা বেলুন, পইচা উইলবা লওঁতেহে দেখলাক- এক টাকাও

Read more

অথঃ বিষ্ণু উবাচ-দীপিমা শৰ্মা

হে নাৰদ মুনি, কেনে আছা তুমি? বহুদিন দিয়া নাইচোন, মৰ্ত্যলোকৰ বা-বাতৰি! কেনে আছে তাত নৰগণ হৈ গৃহবন্দী, পাইছানে বাৰু জীৱকুলৰ কুশল-বাতৰি। হৈছেনে বাৰু এতিয়া গছ-গছনিৰ শ্ৰী-বৃদ্ধি, শুনিছানে পশু-পক্ষীৰ সুমধুৰ কাকলি? দেখিছানে নদ-নদীত স্বচ্ছতাৰ চিকমিকনি, ভাঁহিছেনে বতাহত ফুলৰ সুগন্ধি? কৰিছেনে মানৱ জাতিয়ে ভুলৰ উপলব্ধি? কোৱাগৈ সিহঁতক কৰক সংশোধনী, পৰিবৰ্তন হওক জীৱন ধাৰণৰ শৈলী। সলনি কৰক দৃষ্টিভংগী প্ৰকৃতিৰ সৃষ্টিৰাজিৰ প্ৰতি, পৰিহাৰ কৰক নিজৰ শ্ৰেষ্ঠত্বৰ দাবী। অন্যথাই ধ্বংস হ’ব অৱশ্যম্ভাৱী।। ☆ ★ ☆ ★ ☆

Read more

হাতীৰ পিঠিত পানীৰাম-অনন্ত কুমাৰ ভূঞা

পানীৰাম আজি বৰ মানুহ হ’ল, হাতীৰ পিঠিত উঠি গাঁ‌ৱলৈ আহিছে। এইবাৰ পানীৰাম ভোট যুদ্ধত জিকিল, কিটিপ লগাই এম.এল.এ হ’ল। গাঁ‌ৱৰ ল’ৰা বুঢ়া, জীয়ৰী বোৱাৰী, ললিতা শেৱালি আইতাৰ নাতিনী ছোৱালী সকলোৱে পানীৰামক জুমি জুমি চালে। ৰাইজে কল পুলি পুটি ধুপ-ধুনা জ্বলাই, পানীৰামক জনালে সাদৰে  আদৰণি, চেলেং গামোছা খনে খনে পিন্ধালে ডিঙিত। পানীৰাম গপচ গ’ল, আমাৰ পানীৰাম এম.এল.এ হ’ল। ধুতি এৰি, খদ্দৰৰ কামিজ পায়জামা, ওপৰত জৱাহৰ কোট এৰি সুতাৰ। বাঃ বাহঃ, স্মাৰ্ট পানীৰাম, চিনেমাৰ এক্টৰ যেন হেয়াৰ ষ্টাইল হ’ল, গাঁ‌ৱলীয়া পানীৰাম ডাঙৰ

Read more

ফটালিমাৰিক-ধনজিৎ বৰুৱা

                     (১) আঁচনিৰ হিতাধিকাৰী তেওঁ খেতিয়ক বগাৰাম পাতিলে হেনো বহু খেতি উলিয়াই কেঁচা ঘাম কৃষি সঁজুলি বহুখিনি কৃষি লোনত বাইক কিনি খেতিয়ে মাত্র মণ্ডলৰ মেপত জিলিকাইছে নিজা নাম৷                    (২) শ্ৰীমান খিলঞ্জীয়া পৰিল নিচা খাই ল’কেল বজাৰ ডাকত ল’বলৈ ধন-বিত নাই গোটোৱা সকলো ঢালি ফোন, ফেন, ফ্ৰীজ কিনি সৰ্বমূল অৰ্থ জানিও বিদেশীক দিলে ঠাই।                 (৩)

Read more

পঞ্চপদী পদ্য- হেমেন ডেকা

                     (১) উজানৰ মাছ দেখিবলৈ অৱশ্যে শুৱনি অলপ পানীতে দেখুৱায় বহু চটফটনি!          উঠি আহে জাক পাতি            উৎসাহৰ পৰে ইতি শ’লঠেকত পৰিলে হেৰাই যায় তৰ্ধনি৷                     (২) ৰৌ-বৰালিয়ে খালে-বিলে কৰে বৰষা-নৃত্য পুঠিমাছে বোলে আমিও নহয় কাৰো ভৃত্য               নাচিম, নকৰোঁ ভয়              

Read more

আধাডজন লিমাৰিক-হেমেন নাথ

নিৰ্বাচনৰ আগত গৰম লেকচাৰ শুনি মন পৰে জুৰ ৰাস্তা হ’ব, ঘৰ দিব, ভোটাৰৰ সপোন হ’ব পূৰ নিৰ্বাচন গ’ল নেতা লুকাল ৰাইজৰ পেট আকৌ শুকাল প্ৰতি পাঁচ বছৰত কিহৰনো নাটক এইখন, ধ্যুৰ! আন্দোলনৰ বুকুত নতুন দল, নতুন মুখ, নতুন ইচ্ছ্যু, যি দেখিছোঁ, জনতাক এওঁলোকে আকৰ্ষণ কৰিব কিছু ৰজাৰ কথা- ‘এহ এইবোৰ দুদিনীয়া দল!’ অৱশ্যে সময়তহে ওলাব আচল ফলাফল বিজ্ঞসকলে কৈছে- ‘ এই ভেকোভাওনা বহুযুগৰপৰা চাই আছোঁ।’ টিকটৰ আশাত ৰমণী মহাজনৰ দিছপুৰলৈ তাঁতবাতি নমস্কাৰ আৰু মুখত হাঁহিৰে সলনি হৈছে প্ৰকৃতি গাঁও চুবুৰি

Read more

পঞ্চপদী – হেমেন ডেকা

(১) এই জীৱনটো জানো আকৌ পাম সেয়ে যিমান পাৰোঁ দগৰি খাম সজাম অট্টালিকা ৰচিম প্ৰহেলিকা ক’লাধনেৰে চমক দি থৈ যাম৷ (২) বস্তুবাদী জগতৰ বাবে পৰম আশ্চৰ্য মানৱীয় প্ৰমূল্যবোধে জীৱনৰ ঐশ্বৰ্য পঢ়াশালিৰ পণ্ডিত নাথাকে ঠেক গণ্ডীত অসীম যন্ত্ৰণাতো মুখত হাঁহি অনিবাৰ্য৷ (৩) ৰাজনীতিকৰ পদূলিত কৰে তাঁত-বাতি সমাজ গঢ়া কাৰিকৰৰ এয়া কেনে নীতি উচ্চাকাংক্ষী পণ্ডিত কাৰনো সাধিব হিত বুজিবই নোৱাৰি মহাশয়ৰ মতি-গতি৷ (৪) গণ্ডাই গণ্ডাই দল ওলাইছে মাটি ফুটি ইটিৰ লগত সিটিৰ নহয় মাতা-মাতি নিজা নিজা ইস্তাহাৰ অহমিকা বৰ চাৰ গাদীৰ স্বপ্নত

Read more

পূজা ২০২০ : নীলাঞ্জনা মহন্ত

আজি বোলে দেওবাৰ, উঠি খালোঁ জলপান উঠা দেৰি হ’ল বাবে নবজাতহে ‘all done’৷ পূজাৰ বতৰ দোকানেৰে ভৰি থাকিব ৰাস্তা মায়ে বোলে পুৱাই গৈ আন আলু এবস্তা৷ দেওবৰীয়া হাটত চাগে মানুহে আছে ভৰি মুখা আৰু হাতমোজা লৈ যাবি নেপাহৰি৷ পূজা বুলি ভনীয়েৰলৈ আনিবি এটা ঘড়ী ঘৰতে থাকি মহাৰাণীৰ দিন-ৰাতিৰ হ’ল খিচিৰি৷ ফেচবুক আৰু হোৱাটচাপেই ৰাণীৰ হৈছে জীৱন পাৰিলে সেই দুটা বস্তুৰ যেন কৰিব মাই মুণ্ডন৷ মাই বোলে উঠ মহাৰাণী বেলহিচোন লুচি আলু আহি পালেই ভাজিবি লগাই ৰুচি৷ বকনি নেওচি মই মুখাপিন্ধা

Read more

পুৰুষৰ ধৰ্ম : হেমেন নাথ

কলম কাগজ লৈ বহি আছোঁ, মূৰে কপালে হাত, এওঁ আহি কয়, এনেকৈ থাকিলে তোমাৰ মিলিবনে ভাত? সাত-আঠমাহ ধৰি মোবাইল আৰু কলম কাগজ, তোমাক এনেকৈ দেখি মোৰহে গৰম হয়গৈ মগজ। এসাঁজ নাৰান্ধিলা, ঘৰটো চাফা নকৰিলা, থাকিলা বহি শুই, এনেকৈ হ’লে নাথাকোঁ ঘৰত, চব এৰি ওলাই যাম মই। মই ক’লোঁ- ‘সাদৰী, নকৰিবা খং, লকদাউনত কৰোঁ মই কি? লগৰবোৰৰ খবৰ লোৱা, চবেই এনেকৈ আছে, নিদিওঁ ফাঁকি। বজাৰ কৰিছোঁ, মাংস আনিছোঁ, তোমাকো মাতিছোঁ সাদৰী বুলি আৰুনো কি কৰিম, ল’ব লাগিব নেকি কোলাত তুলি? এওঁ

Read more
1 10 11 12 13 14 38