লকডাউন পদ্য : শংকৰ শৰ্মা
(১) কৰ’নাৰ ভয়ত সঘনাই ধুই আছোঁ হাত কথাটো গম পাই ঘৈণীয়ে লগালে মাত হাত ধোৱাৰ চলতে বাচনখিনিও ধুই আনা বেগতে খাব খুজিছা যদি আজি দুপৰীয়াৰ ভাত। (২) মাস্ক পিন্ধি ঘূৰি আছে শ্ৰীমতী মোৰ কথাটো ভাবিয়েই আনন্দ লাগিল ঘোৰ লিপষ্টিকৰ খৰছ কমি গ’ল টকা কিছু ৰাহি হ’ল সেয়ে লকডাউন বঢ়াবলৈ কৰিলোঁ হাতযোৰ। (৩) ব’হাগত পাতিম বুলি ভাবিছিলোঁ বিয়া চাৰিওফালে লকডাউন ভাঙি গ’ল হিয়া শহুৰৰ নাম গোপাল মোৰে পুৰা কপাল ফোনতে কইনাৰ লগত চলাই আছোঁ হিয়া-দিয়া-নিয়া। (৪) লকডাউন নামানি ওলাই
Read more