ফটাঢোল

সাম্প্ৰতিক-অবিনাশ পীড়াকটা

পূজাৰ বতৰত অসমত পেট্ৰলে মাৰিলে শতক তেল দিপুত আমি প্ৰজাই টুকিছোঁ লোতক তেল মাৰক, তেল কিনক চৰকাৰী আঁচনিবোৰ জিনক সমানে গৈছে ডিজেলভাই পেট্ৰলৰ হেনো জাতক।   পাকঘৰত লাগিল জুই, গেছ চিলিণ্ডাৰত হাজাৰ ধনী হৈছে আমাৰ দেশ, নকৰিবা কিন্তু বেজাৰ তথাপিও নাই অহংকাৰ লাগিলে বন্ধকত দি অলংকাৰ আহিনৰ ভৰ ৰ’দটো গা ধুলোঁ লগাই গিজাৰ। পূজাৰ বতৰত মনলৈ নানিবা দুখৰ ভাৱ অনাটনক নেওচি ফূৰ্তি কৰাটো আমাৰ স্বভাৱ হাতত মস্ত জেলেপি টোপোলা নেদেখাবা আনক ৰূপ ফোপোলা ☆ ★ ☆ ★ ☆

Read more

জলকেলি- বেদান্ত ফুকন

অলেখ ভিৰৰ মাজত তোমাক বাছি লৈছিলোঁ, মনত অন্তহীন হেপাঁহ তোমাক নিজৰ কৰাৰ৷ বৰ হেপাঁহেৰে ঘৰ সুমুৱাইছিলো তোমাক৷ তুমিও ন-কইনাৰ দৰেই আছিলা৷ সময় আহিছিল দুয়ো কাষ চপাৰ৷ উদগ্ৰীৱ হৈ দুৱাৰত চিটিকনি লগাই আৱৰণ খুলি পান কৰিছিলোঁ মন মাতাল কৰা তোমাৰ সুগন্ধি৷ ওহোঁ এনেকৈ নহয়, তোমাৰ সৈতে জলকেলিৰ দুৰ্বাৰ বাসনা৷ অঘটন এনেকৈয়ে হয়, হঠাতে আচম্বিতে৷ কম’ডত ডুবিছা তুমি, মই মাথোঁ চাই ৰৈছো, মই অসহায়, উদ্ধাৰ কৰিব নোৱাৰিম তোমাক৷ তোমাক চিৰবিদায় ফিয়ামা (জেল বাৰ)৷৷ ☆ ★ ☆ ★ ☆

Read more

এমুঠি লিমাৰিক-সুৰেন্দ্ৰ মোহন দাস

 (১) বস্তুৰ  দাম  বাঢ়ি  গৈ  চুইছে  আকাশ ভাবি ল’ব পাৰো নেকি, এয়াই বিকাশ? বজাৰত লাগে জুই চৰকাৰ থাকে শুই এনেখন  দেশতেই  কৰো  আমি  বাস ৷ (২) বিদ্যুৎ  উৎপাদন  নোৱাৰে  বঢ়াব মাচুল বঢ়োৱাৰ পিচে ধুম কি চাব! ল’ড শ্বেডিং হৈয়ে থাকে আন্ধাৰে  সকলো ঢাকে গৰমত ছাটিফুটি, কোনেনো বচাব?    (৩) বান্দৰৰ উপদ্ৰৱ বাঢ়িয়েই আছে সিহঁতৰ লগ লাগি বহুতেই নাচে নিৰ্বিকাৰ  চৰকাৰ নাই একো কাণসাৰ জনসাধাৰণ বাৰু কেনেকৈনো বাচে?    (৪) আধাৰশিলাবোৰ কিমান আৰু কৰে? ইফালে  ইণ্ডাষ্ট্ৰীবোৰ  সদায়েই  মৰে কি হ’ল কাগজকল,

Read more

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                    (১) থোলোকৰ মাকে নাখাই হ’লেও লোণ, দিব পাৰিবনে বাৰু এণ্ড্ৰইড ফোন? দামী হ’ল আজিৰ শিক্ষা, খুজিব নোৱাৰে ভিক্ষা, “কৃষকৰ পো তই, খেতিতে ধৰ সোণ”।                    (২) আকাশেৰে ফুৰাজনৰ আছে জানো কাম? লাজ নালাগেনে বাৰু পালে বদনাম? খাটিখোৱা ডুবে পানীত, তেওঁৰ ধান্দা ‘মানি’ত নিমখতকৈও সস্তা জীৱনৰ দাম!                (৩) এম. এল.এৰ প্ৰাৰ্থী ৰমণী বৰুৱা, সহজ নহয় পিচে বপুৰাক হৰুৱা,  ‘সূতা-কম্বল’ ৰাজনীতি, আড্ডা চলে প্ৰতি ৰাতি, কাকোকে নক’ব দেই কথাটো ঘৰুৱা! ☆ ★ ☆

Read more

পঞ্চপদী পদ্য- হেমেন ডেকা

                     (১) জীয়াই থাকোঁতে দিয়ে গোৰ-লাথি মৰাৰ পিছত দিব শ্ৰীআঙুঠী মাক-বাপেকৰ জান চেনেহৰ নাই টান তুষ্টি লভে খাহী মাৰি ভোজ পাতি৷                       (২) অস্তিত্বৰ সংকটত ভাষা আৰু জাতি বৰষুণ যোৱাৰ পিছত লওঁ আমি ছাতি তিলতিলকৈ ভোগোঁ যাতনা তথাপিও যে নাই চেতনা বহিৰাগতৰ হাতত জাতিৰ চাবি-কাঠি৷ ☆ ★ ☆ ★ ☆

Read more

কেইটামান লিমাৰিক-কুমকুম শৰ্মাবৰুৱা

(১) আধুনিক কবিতা কামটো উজু সজা অভিধানতে পাবা শব্দবোৰ আছে খজা             নিমিলিলে হানি নাই              লিখিলেই হৈ যায় অৰ্থৰ দৰকাৰ নাই তেহে লাগে মজা। (২) লিখা-মেলা কামটো তেনেই উজু কাম ‘ণ’ হ’বনে ‘ন’ হ’ব দৰকাৰ কি তাত             অভিধান চাবলৈ নাই               সময় এনেয়ে যায় বহুতে বেয়াই পায় শুধৰালে বানান।   (৩) সকলোৱে সাহিত্য ৰচিব নোৱাৰিব পাৰে ছবি অঁকা, গান গোৱা কিবা এটাতো পাৰে              পাচি,খৰাহি, চালনি               হ’ব লাগে কাম মিহি যি জানে তাকেই প্ৰদৰ্শন কৰিব পাৰে‌। (৪) নাখাওঁ মই কেতিয়াও ঘৰত সুদা ভাত

Read more

লিমাৰিক-স্বপ্নালী কলিতা

 (১) মলসুগুৰিৰ মুহিধৰ শইকীয়া পটলুং এৰি ধৰিলে বৰ চুৰিয়া  কৃষ্ণ কৃষ্ণ ৰাম নাম  নাই আৰু আন কাম  চিন্তাত গৃহিণীৰ বাৰে-কুৰি নৰিয়া। (২) কেৰ্‌ৰেক্‌ কেৰেক্‌ চলাই চাইকেল  মনি দাইটিৰ নাই টিলিলিং বে’ল  মাস্ক নাইকিয়া মুখ আনৰ নেদেখি দুখ বৰুৱাই বোলে দাই নামাৰিব মেল। (৩) বাচাধনৰ হ’ল বোলে গহীন ৰোগ দেউতাক-মাকে পালে বাৰুকৈয়ে শোক ডাক্তৰে খবৰ দিছে সকলো নৰ্মেল আছে  শুনিয়েই দুয়োৰ হ’ল প্ৰেচাৰ ষ্ট্ৰোক। (৪) ডিজিটেল দুনিয়াত ফুৰিবা-চাকিবা  লোকৰ দুখত দুখী দেখিয়েই থাকিবা  ইম’জিতে চকুপানী  পলকতে হাঁহি সানি   ঘূৰিব টাকুৰি ঘনে

Read more

লিমাৰিক- স্বপনজ্যোতি

১ বিয়াগোম ঠিকাদাৰ হলিৰাম নাথ কেৱল টকাৰ খক দিন ৰাতি বাদ অইন সকলো পাছ টকাহে সবাৰে আগ প্ৰেচাৰে চুগাৰে ধৰি গিলে সুদা ভাত। ২ পাবত গজা লিখাৰু হৰিণী মহন্ত এটা দুটা কিবা লিখি ভেমহে অনন্ত যদিহে ভুলতো তুমি কৈছা অপছন্দ বুলি শ্মশান যাত্ৰাৰ কৰি দিব বন্দৱস্ত। ৩ নিতৌ সন্ধিয়া “ফিটিং” নগেন কাকতি হাতত ঝাড়ু লৈ থাকে পদূলিত মালতী মালতী পত্নীৰ নাম ঝাড়ুৰে আদৰা কাম তথাপিও নিলাজ পুনঃ একেই গতি। ৪ অংকৰ যেন যমৰাজ মাষ্টৰ ছাত্ৰ ত্ৰিভূবন দেখুৱাই পাহৰিলে সূত্ৰ ঘৰতে

Read more

বক্ৰ গতি-অবিনাশ পীড়াকটা

চচিয়েল মিডিয়াত চৰ্চা অসমৰ হাফপেণ্ট কাণ্ড আধুনিকতাৰ নামত অসমীয়া সংস্কৃতিৰ ম্লান মানদণ্ড নিউজ প’ৰ্টেলৰ বিকৃতি কেনেকৈ পায় স্বীকৃতি গঠনমূলক আলোচনাইহে ঘূৰাই আনিব ছন্দ। ******* ৰাজ্যত ধুমুহা সৃষ্টি হাফপেণ্টক লৈ  হাফ চিন্তা সেয়ে আমাৰ সমাজত বাজিল অশনি ঘণ্টা নিমাতীৰ ঘটনা পৰিল তল এচামে আছিল চাই চল আমনি লাগিছে আৰু এই দিন ন টা। ☆ ★ ☆ ★ ☆                                 

Read more

পঞ্চপদী পদ্য- হেমেন ডেকা

(১) ওপৰলৈ কাচিৎহে মূৰ তুলি চাওঁ ইমানেই ব্যস্ত যে আহৰিও নাপাওঁ অকল্পনীয় যি সীমাহীন ভাবিলেই হওঁ উদাসীন এটাই চিন্তা, কেনেকৈ পেটটো বঢ়াওঁ!   (২) সোমৰস পিওঁতাৰ কথাই সুকীয়া কোনো আকৌ নিশাচৰ, কোনো তেজপিয়া খোৱাটোৱেই ধৰ্ম বিশৃংখল কৰ্ম বৰকৈ পি হৈ যায় চেতনা নাইকিয়া৷   (৩) ঘূৰি আছে, ঘূৰি থাকিব সময়ৰ চকা জীৱনৰ গতিপথহে বৰ একা-বেঁকা হঠাতে দেখোঁ কেঁকুৰি আশাই যায় চেঁকুৰি লগৰীয়াই লেং মাৰি দিয়ে পিছে সেকা৷     (৪) বাঢ়িলে বাঢ়ক বয়-বস্তৰ দাম তাকে বখানি থাকিলে কি লাভ পাম!

Read more
1 4 5 6 7 8 38