ফটাঢোল

কৈ থাকিলে ওৰকে নপৰে-পল্লৱী শৰ্মা

                           (১) শুনক শুনক ৰাইজ কথা এটা কওঁ কৰ’নাৰ লটিঘটিৰ কথা উদঙাওঁ ল’ৰা-ছোৱালীক স্কুলত দিলে নাম লগাই মাকবোৰেও বোলে ৰক্ষা পৰিলোঁ আমি কিহৰনো চিন্তা আমাৰ দুনাই।                            (২)  উকা উকা বহীবোৰ হাতে হাতে লৈ  ঘৰতে স্কুল যোৱাৰ আখৰা চলায়  মিনিটে মিনিটে পাকঘৰলৈ দৌৰি যায়  কি ৰান্ধিছে মাকহঁতে  বাৰে বাৰে চকু ডাঙৰ কৰি চায়।      

Read more

কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

      (১) বৰুৱাৰ কাণত সোমাল পৰুৱা, পাতি থাকোঁতে কথা ঘৰুৱা।       (২) মুখেশ্বৰ দাইটিয়ে ঢাকি লৈ মুখ, পুথিৰ পাঠ শুনি লৈ আছে সুখ।          (৩) মাছৰ বিধক বোলে পুঠি, পঢ়িবৰ খনৰ বানান পুথি।        (৪) বিচাৰি আনি বেতৰ গাজ কুটি-বাচি ভালকৈ ভাজ।         (৫) আলিৰ মূৰত পাবা যিটো ভাঁজ, তাতে চৰু পাতি বাদাম অলপ ভাজ।          (৬) হাতত লৈ দুখন মোনা হাটলৈ গ’ল সৰু পোনা।

Read more

কৰ’ণাৰ কৃপা – মিণ্টু কলিতা

বিহুতলি নিজম পৰিল সেৰেঙা দিলে বজাৰ কিনো ভয়ংকৰ ঐ চিন নাই ৰজা-প্ৰজাৰ!     আই ঐ দেহী বোপাহঁত বেয়াই লাগে দেখি জেল সানি ফেঞ্চি উঠাই বহিছিলহে আহি। ক’ৰপৰানো আহিল হায় ঐ(হায়ৈ) খাকী ককাইহঁত তেলসনা টাঙোনেৰে উখহালে হেৰি।   আমেজকণৰো মুদা মৰিল হোটেলত বহি চাহৰ এটা মাত্ৰ শুনিলেই চিটিকি পৰে কাঁহৰ।   সিহঁৰ বটলৰ জোৰনো কি জুলীয়া বুলেটৰ ওচৰত সি সকলো বেমাৰৰ পৰিল তল কৰ’ণাই হ’লগৈ কৰ্মফল।   চেগ চাই বুজি সুধিলোঁ বোলো “মূলতে ধৰিলা মানুহক কিয়? বোলে নিয়ম নমনা জীৱ

Read more

বহাগতে ফাগুনৰ বিয়া-ববিতা শইকীয়া

ফাগুন মানেই ধূলিয়ৰি, ধূলিয়ৰি মানেই ল’ছালিমখাৰ জ্বৰ কাহ৷ জ্বৰ কাহ মানেই কফ আৰু শেঙুন ফাগুন মানেই শেঙুন৷   ফাগুন মানেই সৰা পাত, সৰাপাত মানেই বাঢ়নী আৰু ঝাড়ু বাঢ়নী ঝাড়ু  মানেই কঁকালত টাঙোন৷ ফাগুন মানেই টাঙোন৷   ফাগুন মানেই মদাৰ, পলাশ আৰু শিমলু, মদাৰ, পলাশ, শিমলু মানেই ফেবুত কবিতাৰ বৰ্ষণ৷ কবিতাৰ বৰ্ষণ মানেই “এই জাই কবিতাই নে?” তাকে চিন্তি উঠি যায় মূৰত আগুন৷ ফাগুন মানেই আগুন৷   ফাগুন মানেই শেঙুন শেঙুন মানেই টাঙোন টাঙোন মানেই আগুন৷ বহাগতে ফাগুনৰ বিয়া৷ ☆ ★

Read more

ইলেকচনৰ বিহু-বন্দনা হাজৰিকা

ইলেকচন আহিলে নেতাও ওলালে মুখত মিঠা হাঁহি লৈ আমাৰে পালিনেতাৰ হেতা ওপৰা লাগিলে সকলোৰে মন ভুলাবলৈ॥ ন-নেতা ওলালে কথাৰ সুৰ সলালে আমাৰে ৰাইজেও কথা বিষম দেখিলে সকলোৱে সকলোকে চুপ চাপ চালে॥ ইলেকচন আহিলে অ’ ৰাইজ চেনেলবোৰে বিনালে অ’ ৰাইজ দিন-ৰাতি সকলো পাহৰি আমাৰে চেনেলবোৰ অ’ ৰাইজ ভাগৰি নপৰিলে অ’ ৰাইজ একেবোৰ কথাকে প্ৰচাৰ কৰি॥ সময়ে সময়ে কৰ’ণাই প্ৰাণ কাঢ়িলে আমাৰ ইলেকচনত আমনি নাই দিনে দিনে মাক্স চেনিটাইজাৰৰ প্ৰচলন কমিহে যায়॥ ইলেকচনত কমা কৰ’ণা মহামাৰী ঢোল-পেঁপাৰ মাতত বাঢ়ি যায় দিনত সকলো

Read more

পঞ্চপদী পদ্য – হেমেন ডেকা

(১) সমস্যা সমাধানৰ দাবীত কৰি আছোঁ আন্দোলন জাতিক উদ্ধাৰ নকৰালৈকে যুঁজাৰ আছে পণ       আমাৰ দাবী-ন্যায্য দাবী        নহয় আমি সুবিধাবাদী সোণৰ অসম গঢ়িহে এৰিম পালেই গাদীখন   (২) ঢাক-ঢোল বজাওঁহে বজাওঁ কোনেও নকৰে কাণ কি হ’ব, তাৰ বাহিৰে যে আমাৰ উপায়ো নাই আন       তৈয়াৰ কৰিলোঁ কিমান আঁচনি        তথাপি দেখোঁ নাপাওঁ শলাগনি? দুখ লাগে- আমি হেনো কণা হাঁহক দি আছোঁ পতান!   (৩) অনিশ্চিত ভৱিষ্যত- চাৰিওপিনে আন্ধাৰ ঘন সুযোগ মিলিলেই হৈ যাওঁ ৰং-ধেমালিত মগন          বিশেষ নাই কাম-কাজ          চামচাগিৰিত কি লাজ বেছিকৈ আশাও

Read more

লিমাৰিক – হেমেন নাথ

ধূলি উৰুৱাই হেলিকপ্টাৰ আহিল, নামিল প্ৰাৰ্থী পেটুৱা পুলিচ চিআৰপিএফ এগালমান, ৰ’ লাগিল বাটৰুৱা আহিব আকৌ ‘অচ্ছে দিন’ প্ৰতিশ্ৰুতি দিছে ভিন ভিন ডিঙি ফুলাই দিয়া প্ৰাৰ্থীৰ লেকচাৰ হয়গৈ চব ভুৱা মনোনয়ন দাখিলৰ লম্বা ৰে’লী, ঢোল-দগৰ- তাল বেচেৰা পথচাৰী হয় পণবন্দী, মিছামিছি আহুকাল ৰে’লীত ভাগ লয় জনতাই কিজানিবা মাননি পায় দুদিন পিছতেই ৰজাক গালি পাৰি লগায় তাল-আফাল দল বাগৰা, খোৱা-কামোৰা, ৰাজনীতিত  সকলো পচিব’ল নিৰ্বাচনৰ এইকেইদিন নাস্তিকেও চিঞৰিছে ‘ব’ল হৰিব’ল’ আগত পুখুৰী, পিছত কুঁৱা আকৌ হ’ব হেনো নতুন পুৱা জিকে কোনো, বিৰোধী খেনো,

Read more

ফটালিমাৰিক-ধনজিৎ বৰুৱা

(১)  প্ৰতিবাৰ আশা কৰোঁ প্ৰতিবাৰ কৰে ভংগ  সদন নে লংকা সেয়া নে ৰাৱণৰ সংগ দুই তালৰ  সমাজ  তিনি কালৰ জাহাজ  নিৰ্দেশত নৃত্য কৰে বিনা মগজুৰ অংগ।  (২)  বহিৰাগত চতুর্থ বিশ্বৰ তাত দেখুৱাই সমবেদনা  লৈ বোজা পিঠি বেঁকা এন আৰ চি-ৰ বেঙেনা বুদ্ধিজীৱী মানৱীয় চেলাই পণ্ডিত ৰাজনীতিত অংকবাজী নাই হিতাহিত তথাপি নমৰে আই মোৰ নিজে কৰি যাম সাধনা৷ (৩)  বাপুৱে চিঞৰি জিন্দাবাদ ফুলাই গলৰ সিৰ মদ জুৱা অবাধে চলে চাৰিবছৰৰ তীৰ সান্দহ খোৱা বালিৰ কোঁৱাৰি স্বাৰ্থত শব্দৰ কি ফুলজাৰি  বাপু এইকেইদিন

Read more

কণ কবিতা – দিলীপ কুমাৰ শৰ্মা

   /১/   আনিবলৈ দি নিগনিক ৰথ, মেকুৰী উঠি ঘূৰিলে পথ।।            /২/   মহৰ সমান গায়ক এই জগতত নাই, তাৰ গান শুনি সৱে চাপৰি বজায়।           /৩/   জিঞাৰ কঁকাল কিয়নো চিঁয়া, গীতে উত্তৰ ভাবি পোৱা নাইকিয়া।।            /৪/   এশ গৰু মাৰিলে বোলে বাঘৰ মৰণ, ৯৯টা মাৰি সেয়ে বাপুৱে ল’লে শৰণ।।          /৫/    জৰী বান্ধি ফিচাত জিঞাৰ, জগত ঘূৰাৰ ইচ্ছা হিয়াৰ।            /৬/   বৰশীৰ আগত জিঞাটো দেখি, মাছটোৱে সুধিলে কিনো আছা লেখি?           /৭/   মৰুৱা

Read more

আই লাভ ইউ  শীত – বিনীতা বৰশইকীয়া

গা ধুবলৈ কষ্ট হ’লেও আই লাভ ইউ শীত, ‘হাত’ গুচি ‘কৰত’ হ’লেও আই লাভ ইউ শীত।   বিধে বিধে মইশ্চাৰাইজৰ সানি তত নাই, গুগলত আকৌ চাৰ্চ কৰোঁ জানোচা বেষ্ট কিবা পায়।   বিয়া-সবাহ, পাৰ্টিবোৰত  বৰ অসুবিধা, চুৱেটাৰ পিন্ধি কেনেকৈ যাম  লাগে বৰ চিন্তা।   পুৰুষসকলে আমাক দেখি বাক্যশেল এৰে, ইম্মান ঠাণ্ডাত চুয়েটাৰ নিপিন্ধাকৈ কেনেকৈ যে থাকে?   ধুনীয়াকৈ ডিজাইনত চিলোৱা  দামী ব্লাউজটো বাৰু, চুৱেটাৰৰ তলত ঢাকি-ঢুকি পিন্ধিব জানো পাৰোঁ!   মুখখন বাৰু মেকআপেৰে  লুকুৱাব পাৰি, হাতখন বাৰু কি কৰোঁ  হাতমোজাও

Read more
1 7 8 9 10 11 38