ফটাঢোল

এইখন সমাজ আমাৰ সমাজ-নাজিয়া হাচান

জীৱনত সমাজৰ হকে বহু কাম কৰিবলৈ আশা থাকে। কিন্তু জীৱনটোচোন এটাই। তাতে আকৌ কিমান দিন জীয়াই থাকিম তাৰ কোনো দিন মাহ বছৰৰ সঠিককৈ ভৰষা নাই! ভবামতে সকলো কাম কৰিব পৰা হোৱা হ’লে মানুহে খঙৰ ভমকত এনেকৈ নক’লে হয় – ‘মই মানুহহে! মেছিন নে কিবা’ – বুলি। মন মগজুৰ চিন্তাবোৰো মানুহ ভেদে ভিন্ন। এনেধৰণৰ বিভিন্ন ভাবৰ বুৰবুৰণি লৈ, সমাজ সেৱিকা মিছেছ ৰহমানে বাৰাণ্ডাৰ চকীখনত বহি, এখন হাত থুতৰীটোৰ একাষে লগাই, বহু দূৰলৈ উদাস দৃষ্টি ৰেখাডালক স্থিৰ কৰি ৰাখিছিল। ফাগুনৰ শুকান বতৰ।

Read more

ইম’জিৰ ইম’শ্যন- ববিতা শৰ্মা

জুকাৰ ককাইৰ কৃপাত ফে’চবুকত মানুহৰ বিভিন্ন ধৰণৰ প’ষ্টত বিভিন্ন ধৰণৰ অনুভৱ বুজাবলৈ কেইবাটাও ইম’জিৰ ব্যৱস্থা কৰা হৈছে। তাৰে দুটামান বহুলভাৱে ব্যৱহাৰ হোৱা দেখাৰ বিপৰীতে দুটামানৰ ব্যৱহাৰ সীমিত হোৱাও দেখা যায়। আজি সেই অভিনৱ আৱিষ্কাৰটোৰ চিনাকিপৰ্ব তথা ব্যৱহাৰৰ বিষয়ে কিছু ব্যাখ্যা আগবঢ়োৱা হ’ল। কিবা ভুল ভ্ৰান্তি হ’লে গুণীজনে নিজগুণে শুধৰণি কৰি ল’ব বুলি আশা ৰাখিলোঁ। প্ৰথমটো ইম’জিৰ নাম হ’ল লাইক। মানে লাইকটো বিশেষ্য পদেই হ’ব চাগে। এক অৰ্থত অংগুষ্ঠ ছাপ। প্ৰথম অৱস্থাত ফে’চবুকত লাইকৰ ব্যৱহাৰ তথা জনপ্ৰিয়তা আকাশচুম্বী আছিল যদিও বৰ্তমান

Read more

ঐ ভূত..ভূত – জয়ন্ত গগৈ

বাহিৰত দোপালপিটা বৰষুণ দি আছে। ৰাতিৰ ভাতসাঁজ খাই ৰূমৰ দুয়োখন বিছনাত লেধেপা-লেধেপকৈ বহি আড্ডা মাৰি আছোঁ। বৰষুণৰ বতৰত লগৰীয়াৰ লগত কথাৰ মহলা মাৰি থকা আমেজেই সুকীয়া। কিতাপৰ টেবুলতকৈ আড্ডাৰ যি ৰস পাওঁ‌, সেয়ে আমাৰ ৰূমটোত আমাৰ মনে-মিলা আটাইকেইটাই এনেদৰে কেতিয়াবা কেতিয়াবা লগ হওঁ। বহুত ভাল লাগে। জমনি জমনি কথাবোৰ ওলায়, প্ৰাণখুলি হাঁহিবলৈ পাওঁ, ইটোৱে সিটোক ভালপোৱাগৰাকীৰ বিষয়ত জোকোৱা-জোকোৰি কৰোঁ। আড্ডাৰ বিষয়বস্তু ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয়ৰপৰা আমাৰ ঘৰৰ পদূলিমুখলৈকে থাকে। সত্যকামৰ যুক্তিৰে ভৰপুৰ কথাৰে আমাৰ আড্ডা কেতিয়াবা গুৰু-গম্ভীৰ হৈ পৰে। অপৰ্ণে আকৌ ফুচুৰি

Read more

গুৰু আৰু তিনি শিষ্য – মৃদুল শৰ্মা

তিনিগৰাকী শিষ্য ভূমিৰূপ, স্বপ্নশীল আৰু শীর্ষকল্পৰ আনুষ্ঠানিক শিক্ষা সাং হোৱাত নিশাৰ আহাৰ গ্ৰহণ পৰ্বৰ পিছত তিনিওজনক ওচৰত বহুৱাই লৈ…… গুৰুদেৱ: তোমালোক প্ৰত্যেকলৈ মই একোটিকৈ উপহাৰ ৰাখিছো নিৰ্দিষ্ট ঠাইত। নিজৰ নিজৰ পছন্দ অনুসৰি সেয়া লৈ ল’বা আৰু তাৰ পিছত নিজ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিবা। এবছৰ পিছত পুনৰ ইয়ালৈ আহি মোক এষাৰ মাত লগাই যাবা। পুৱা আশ্ৰম প্ৰাঙ্গণৰ পৰা সাঙ্কেতিক নিৰ্দেশানুসাৰে তোমালোক আগবাঢ়িবা।   পিছদিনা পূৱে ঢলফাট দিয়াৰ সময়তে তিনিও শিষ্য প্ৰসন্ন চিত্তে আশ্ৰমৰ চোতালত একত্ৰিত হ’ল। পিছে কাৰ চিনেৰে দেখুৱাই থোৱা

Read more

গল্প লিখাৰ যন্ত্ৰণা-প্ৰদীপ চন্দ্ৰ বড়া

বিষ্ণুপুৰ  হাইস্কুলৰ শিক্ষক বিজয় গোস্বামীৰ গল্প লিখাৰ হেঁপাহ বহু দিনৰ পৰা পকা অঙঠাৰ দৰে তিৰবিৰাই আছে৷ চেষ্টাৰ অসাধ্য একো নাই বুলি তেওঁ প্ৰচেষ্টা চলাই আহিছে৷ কিন্তু মিছা কলে কিডাল হ’ব, তেওঁ লিখা গল্প আলোচনীলৈ দুবাৰমান পঠাইছে যদিও সম্পাদনা সমিতিৰ  মনপুত নহয়৷ তেওঁৰ মনত বিষাদৰ কলিয়া ডাৱৰে আবৰি ধৰে৷ দুখনমান ই-আলোচনীলৈকো দুটা গল্প তেওঁ পঠিয়াইছে৷ কিন্তু বৰ্তমান বিশ্বায়নৰ ইলেক্ট্ৰনিক মাধ্যমৰ যুগত  প্ৰখৰ বিবেচনা শক্তিৰ অধিকাৰী  সম্পাদকসকলৰ বিবেচনাত  তেওঁৰ গল্পই পীৰা এখন পাবলৈও  ঠাই নাপায়৷ তেওঁ  কিন্তু চেষ্টা এৰি দিয়া নাই৷ তেওঁ

Read more

ভূমিকম্প- ৰঞ্জু  হালৈ মুনি

একো আগজাননী নিদিয়াকৈ কিয় আহে ভূমিকম্প?বৰষুণ অহাৰ আগতে যেনেকৈ গাজনি-ঢেৰেকনিৰে আকাশখন মেঘে ওন্দোলাই থাকে ঠিক তেনেকৈ ভূমিকম্প আহিলেও আগজাননী দিয়াটো খুবেই জৰুৰী।নহ’লে কোন ক’ত উফৰি পৰে ঠিকনা নাই। এই ধৰক আপুনি কাপোৰ পিন্ধিব ধৰিছে, সেইখিনি সময়তেই আহি গ’ল ভূমিকম্প। কি কৰিব তেতিয়া? যদিহে পেন্টটো পিন্ধো বুলি এখন ভৰি সোমাই আনখন সোমাব লৈছেহে, তেনেতে হঠাৎ জোকাৰণি অনুভৱ কৰিলে।তেতিয়া আপুনি পেন্টৰ সৈতে আনখন ভৰিও ধৰি ধৰি বাহিৰলৈ আহিব লাগিব। ধৰক লেট্ৰিনত বহি থাকোঁতেই আহি গ’ল ভূমিকম্প। না আপুনি ওলাই আহিব পাৰে, না

Read more

বুদ্ধিৰ জোৰ – শাশ্বত চৌধুৰী

এজন বুঢ়া মানুহে ট্ৰেইনেৰে গৈ আছিল। তেওঁ ডবাটোত অকলে আছিল। অলপ পাছত ডবাটোত ১২জন ল’ৰা উঠিল। ল’ৰাকেইজন উদণ্ড ধৰণৰ আছিল আৰু সিহঁতে নিজকে বৰ বুদ্ধিয়ক বুলি ভাবিছিল।  উঠিয়ে সিহঁতে চি়ঞৰ-বাখৰ আৰম্ভ কৰিলে; ডাঙৰ ডাঙৰকৈ গান গালে। এজনে টোপোলা খুলি আম উলিয়ালে আৰু ছুৰী এখনেৰে সেইবোৰ কাটি ভগাই খালে। খাই থাকোঁতে এজনে ট্ৰেইনখনৰ চেইনডাল মন কৰিলে আৰু সুধিলে, : সেইডাল কি ওলমি আছেনো?  আম কাটি থকাজনে হাঁহি ক’লে, : তই নাজান হ’বলা, এইডাল টানি দিলে ৰে’লখন ৰৈ যাব।  সি কথাষাৰত বৰ

Read more

খোপা খোলা অভিযান-প্ৰান্তৰ ভাগৱতী

নামটো শুনি আচৰিত হৈছে চাগৈ। এৰা! আচৰিত হবই। কি বস্তু এইটো? বহুত অভিযানৰ বিষয়ে চাগৈ শুনিছে আৰু কিতাপতো পঢ়িছে। যেনে কণটিকি অভিযান, বসন্ত কালৰ অভিযান ইত্যাদি। কিন্তু এই খোপা খোলা অভিযানটোৰ বিষয়েটো চাগৈ শুনা নাই। আজি কওঁ‌ শুনক।  সৰু কালত সোণৰ চামুচ লৈ জন্ম হোৱা নাছিলোঁ‌ যদিও ষ্টিলৰ চামুচ দিয়ে মায়ে ষ্টিলৰ বাতিত মাৰ কোঁ‌চত বহুৱাই ভীমকল আৰু পিঠাগুড়ি খোৱাইছিল। পাঁচ বছৰমান হৈছিল নেকি মোৰ তেতিয়া। সেই তেতিয়াই খাই থাকোঁ‌তেই মাৰ কোমল দীঘল চুলিখিনি চুই আৰু টানি থাকি খুব ভাল

Read more

বাপেৰ ক’লৈ গ’ল?-ৰথীন্দ্রনাথ গােস্বামী

মানুহজনৰ প্ৰশ্নটো শুনি খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ মােৰ ককাৰ বয়সৰ হ’ল বুলিয়েই তেনেকৈ কথা ক’ব লাগেনে? কোনাে উত্তৰ নিদিয়াকৈ মই ঘৰৰ ভিতৰলৈ লৰ মাৰিলোঁ। কোন মানুহ এইজন! কৌতূহলবশতঃ পিছদিনা একে সময়তে ঘৰৰ আগফালে ৰৈ থাকিলোঁ; মানুহজন আহিব পাৰে৷ মূৰত বগা পাগ আৰু দেউতাৰ দৰে শুভ্র সাজ৷ দেখিলেই দূৰৈৰ পৰা চিনিব পাৰিম। কিন্তু উত্তৰত কি ক’ম। এক প্রচণ্ড উত্তেজনা। সেয়া তেওঁ আহিছে৷ মই নিশ্চিত যে দীঘল হনুৰ এই মানুহজনে আকৌ মােক জোকাব৷ তেওঁ আহি আমাৰ ঘৰৰ সমুখ পাবৰ হৈছে। মােৰ

Read more

ভাদ মাহৰ ভাওনা – ৰঞ্জিত দেউৰী

ভাদমহীয়া বতৰ। অসমৰ বিভিন্ন গাঁৱৰ ৰাইজৰ মাজত ভাওনা পতাৰ উল্লাস। গাঁৱে গাঁৱে প্ৰতিটো নামঘৰত ৰাইজৰ মেল বহে। প্রথম মেলৰ বিষয়বস্তু হয় কোনখন নাট লােৱা হ’ব। দুই তিনি দিনৰ অন্তত নাট নির্বাচন কৰা হয়। তাৰপাছতেই আৰম্ভ হয় চৰিত্ৰসমূহ নির্বাচন কৰাৰ। চাৰি পাঁচদিন লাগে এই বিষয়বস্তুৰ সমাধান কৰিবলৈ। বহুতাে বাক বিতণ্ডাৰ অন্তত যেনিবা এখন নাট খােলাৰ প্ৰস্তাৱ ৰাইজে লয়। শিঙৰাজান গােলাঘাট জিলাত অৱস্থিত এখন সৰু গাঁও। প্রায় ৪০০ ঘৰ মানুহেৰে পৰিপূৰ্ণ এখন সৰু গাঁও। অন্য গাঁওসমূহৰ দৰে শিঙৰাজান গাঁৱৰ ৰাইজেও ভাদ মাহত

Read more
1 16 17 18 19 20 84