বয়সৰ অভিজ্ঞতা : জয়ন্ত দাস
(১) বৰদেউতাৰ মৃত্যু হোৱা ২ বছৰমান হ’ল৷ বৰমা তেওঁৰ সৰু পুতেকটোৰ সৈতে গাঁৱতে থাকে৷ ডাঙৰজন চাকৰিসূত্ৰে দিল্লীত থাকে৷ দুয়োজনেই বিবাহিত আৰু সতি-সন্ততিৰে সম্পূৰ্ণ পৰিয়াল৷ মাজে মাজে মই বৰমাহঁতৰ ঘৰলৈ যাওঁ৷ তেখেতৰ খা-খবৰ লওঁ৷ এদিন হঠাতে সন্ধিয়া বৰমা মোৰ ঘৰত উপস্থিত হ’ল৷ হাতত এখন সৰু মোনা৷ মই বহিবলৈ দি ক’লো—— ” কিয়নো এইটো সময়ত ইয়ালৈকে আহিব লাগে, তাতোকৈ মোকেই মাতি পঠিয়াব লাগিছিল।” উত্তৰত বৰমাই কলে—–” বহু কথা আছে।” তেওঁ মোনাখন খুলিলে আৰু ভিতৰৰপৰা বহুখিনি সোণৰ অলংকাৰ উলিয়াই মেজখনত থ’লে৷ সুন্দৰ সুন্দৰ
Read more