ফটাঢোল

কলী ঔচ বগী ঔচ ঘেচেক-মধুমিতা বৰুৱা শইকীয়া

সাহিত্য সভাই কি কৰি আছে? কেব হ’লে অসমীয়া ভাষাৰ মুদা মৰিব। আমি সচেতন নহ’লে কেনেকৈ হ’ব? মিছেছ চলিহাই বুটিকৰ পৰা কিনা সুন্দৰ মেখেলা চাদৰযোৰ পিন্ধি পিন্ধি কৈ আছে। চলিহা ঠাণ্ডা মানুহ। পৰাপক্ষত উচ্চ বাচ্য নকৰে। তাতে কেবৰ কথাত বিৰোধ কৰাটো তেওঁৰ বিবেকৰ বাহিৰৰ কথা। অস্তিত্বৰ সংকটৰ কথা। পাছে, নিজৰ মানুহজনীৰ কথাকেইষাৰেহে তেওঁক বিছাই ডকাদি ডাকিলে। কথা আৰু কামৰ মিল নাই মানুহজনীৰ| কথা কাণ্ডত চলিহাৰ ৰক্তচাপ কেতিয়াবা বাঢ়ি যায়। কথাৰে সংসাৰ জিনা মানুহ বুলিও অৱশ্যে স্বীকাৰ নকৰি নোৱাৰে তেওঁ। হকে বিহকে

Read more

বয়সৰ দোষ-লুনা বৰা

– মধুৰী গছজোপাত ইমান মধুৰী লাগিছে৷ – ক’ত, মইচোন দেখাই নাই৷ – আপুনি ক’ত দেখিব….. বয়সৰ দোষ৷ – হয় দেই বয়সৰ দোষ, মধুৰী কেইটা বৰ সৰু বয়সৰ হৈ আছে, আৰু অলপ ডাঙৰ হ’লে চকুত পৰিব৷ – আপোনাৰ বয়সৰ কথা কৈছোঁ৷ – অঁ, তাকেটো, তহঁতি ফুকলীয়া বয়সৰ, ফুকলীয়া মধুৰী কেইটা দেখিছ, আমি আৰু এডাল্ট, মেছিয়ৰ্ড মানুহ….. – বয়সৰ লগে, লগে চকুৰ পাৱাৰ কমিছে, সেইয়া মানি নলয় কিন্তু৷ কথাখিনি কৈয়ে সি আগবাঢ়ি গ’ল৷ …….. – কিয় মানি ল’ম৷ চশমা নোহোৱাকৈ এতিয়াও সব

Read more

 সংগদোষ বনাম সংগসুখ-ধনজিত বৰুৱা

পৰিৱেশৰ প্ৰভাৱ পৰিৱেশনত পৰিলেই আহুকাল৷ দশক পাৰ কৰি একাদশ পোৱাৰ লগে লগে আমিবোৰ কলেজ পালোঁ৷ নিজকে বহু ডাঙৰ হোৱা যেন লাগিল৷ নতুন শিক্ষা, শিক্ষক আৰু সহপাঠীৰ সমান্তৰালভাৱে আৰম্ভ হৈ অলপ আগবাঢ়ি গ’ল আড্ডা, প্ৰেম আৰু ভিটামিন সেৱন৷ তেনেকুৱাতে আমি আড্ডা দিয়া জ্ঞানৰ বটবৃক্ষৰ তললৈ বহু লোক আহিল৷ এতিয়া মনত পেলালে বহু ৰঙীন চিলাৰ দৰে টুকুৰা আহে সোঁৱৰণিৰ সময়ত৷ তেতিয়া ধুম বাইকৰ ছিজন৷ বহুতে জন আব্ৰাহামৰ দৰে বডী বনোৱা টান বুলিয়ে চুলি বনোৱাত লাগিল৷ সেয়ে আমাৰ সি বডীৰ বাহিৰে সকলো সজাই

Read more

গুড গুডাৰ গুডেষ্ট – ৰক্তাভ কুমাৰ

” ফুউউউউ…….(কেটেঙকৈ কাণত লগা মাইকৰ চৰ্চৰণি) নমস্কাৰ। জুবিলী ক্লাৱৰ উদ্যোগত আৰু সদৌ অসম নাট্য সন্মিলনীৰ পৃষ্ঠপোষকতাত অহা ১৮ মাৰ্চ, ২০০৪ ইং তাৰিখে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এলানি একাংকিকা নাট সন্ধিয়া আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ….. “অ নবৌ অ অ অ….. মোলৈ এজনী ছোৱালী চালি নে নাই……..কঁকাল খামুচিয়া লিহ ই ৰ ক ……….(মাইকৰ পৰা ক্ৰমান্বয়ে লুপ্তপ্ৰায় হৈ অহা জুবিনৰ বিখ্যাত গানটোৰ কলি) : অ মাআআআ…….. কালি নাটক চাবা যাম কিন্তু! আজিয়ে কৈ থলু, কালি দিনত পঢ়িম

Read more

জীৱনাবৃত্ত- কাবেৰী মহন্ত

কামবোৰত মন বহুৱাব পৰা নাই৷ ৰাতিপুৱাৰ পৰাই সৰুসুৰা গন্দগোল লাগি আছে এটা দুটাকৈ৷ পানী নোহোৱাকৈয়ে ইলেক্ট্ৰিকৰ কেটলীটো অন কৰিলোঁ, অদ্ভুত শব্দ এটাইহে মোক বিপদৰ পৰা বচালে৷ তথাপিও যেন যন্ত্ৰৰ দৰেই কামবোৰ কৰি ওলাই যাবলৈ সাজু হ’লো..বিচনাৰ ওপৰত এটা এটাকৈ কাপোৰৰ দম লাগিল যদিও সিদ্ধান্ত লব নোৱাৰিলো কোনযোৰ কাপোৰ পিন্ধি ওলাই যাম! শেষত সেই আকাশী নীলা টপটোৰ লগত ব্লেক জীনছ আৰু স্ট’লখন উলমাই ললোঁ৷ হব, ক’তনো মদেলিং কৰিবলৈ যাম? ঘড়ীটোৱে ইতিমধ্যেই দিয়া সময়তকৈ বহুত আগবাঢ়ি গ’ল, তথাপিও দৌৰাদৌৰি কৰিবৰ অলপো মন

Read more

কুকুৰ-উষামনি কাকতি

আমাৰ ঘৰত কুকুৰ আছে চাৰিটা৷ তাৰে তিনিজনী মাইকী আৰু এটা মতা৷ ঘৰত চাৰিটা কুকুৰ পোহাৰ কাৰণ হৈছে- দেউতাৰ কুকুৰপ্ৰীতি৷ সেই কুকুৰপ্ৰীতিতে এটা এটাকৈ ঘৰলৈ চাৰিটা কুকুৰ আহিবলৈ পালে৷ এনেয়ে কুকুৰৰ লগত মোৰ একেবাৰে ৰাহি যোৰা নাহে৷ দেউতাৰ কিন্তু সন্তান প্ৰীতিতকৈ কুকুৰপ্ৰীতি দেখি দেখি ফিল্মফেয়াৰত বলিউদীসকলক দেখুৱাই জুবিন দাই মুখ্যমন্ত্ৰীৰ লগত  ৰিলেচন মেণ্টেইন কৰাৰ দৰে আমিও মানে কুকুৰ চাৰিটাই আৰু ময়ে মেণ্টেইন কৰোঁ৷ দেউতা নথকাৰ সময়ত ময়ে কুকুৰে ইটোৱে সিটোক ৰাওচি জুৰি জুৰি ভুকো৷ জন্মৰ পাছতে ভাইটি আৰু মোৰ নাম থ’লে

Read more

আধা মিনিটৰ অগল্প -মালবিকা কলিতা

নৰেনে কোৰ্টত বিবাহ-বিচ্ছেদৰ আবেদন জনালে৷ পত্নী হীৰাই একো বুজি পোৱা নাই, তাইৰ ভুল ক’ত হ’ল? বিয়াৰ দিন ধৰি হীৰাই যি কৰিছে নৰেনক সুখী কৰিবলৈকে কৰিছে৷ দুয়োৰে প্ৰেমৰ সাক্ষী স্বৰূপে সিহঁতৰ মাজত এটা মৰমলগা ল’ৰা পোৱালিও আহিছে৷ পুতেকটোও দেখাই শুনাই এক্কেবাৰে নৰেনৰ লেখিয়া হৈছে৷ মাক-বাপেক, বিশেষকৈ বাপেকৰ চকুৰ মনি সি৷ কিন্তু যোৱাবাৰ হীৰাৰ মাকৰ ঘৰৰপৰা অহাৰ পিছৰে পৰা নৰেনে পুতেককো কিবা মৰম নকৰা হৈছে যেন অনুভৱ কৰিছিল হীৰাই, সুধিলেও একো নকয় নৰেনে৷ হীৰাই ভাবিলে কিবা কথাত খং উঠি আছে চাগে সময়ৰ

Read more

আপেলি-দীপ্তি শৰ্মা

জীৱনতো সঁ‌চাই এটা ডাঙৰ প্ৰহেলিকা৷ কাক কেতিয়া ক’ত লগ পাওঁ, কোন কেতিয়া ক’ত থাকিব লগা হয় একো ঠিক নাই৷ তাৰ মাজতো কিছুমান কথাই, কিছুমান মানুহে, কিছুমান সম্পৰ্কই আমাৰ জীৱনটোত পাহৰিব নোৱাৰা সাঁচ বহুৱাই থৈ যায়৷ দিম্পল আৰু পাৰ্থও বহুত ভাল বন্ধু৷ কলেজত পঢ়া সময়ত ভাড়াঘৰত একেলগে থকাৰ পিচতে আৰম্ভ হৈছিল সিহঁতৰ এক এৰাব নোৱাৰা বন্ধুত্বৰ সম্পৰ্ক৷ যিটো সম্পৰ্কক দৰঙীয়া কথিত ভাষাত যদি ক’ব যাওঁ “এল্লিও এৰি নপৰা, ঝোকেল্লিও ঝোকেৰি নপৰা” বন্ধুত্ব৷ পিচে কেতিয়াবা দাতাই দিলেও বিধাতাই নিদিয়াৰ নিচিনাকৈ হাঁহাকাৰৰ সীমা

Read more

সি, তাই আৰু এটা কাহিনী- পৰীস্মৃতা বৰদলৈ

ধুম.. ধাপচ্ বাইক খন বাৰান্ডাত স্টেন্ড কৰিয়েই প্ৰায়দৌৰি যোৱাদি সি নিজৰ ৰুমত সোমাই দৰজাখন সজোৰে মাৰি দিলে ভয়তে. বেগটো চকীখনলৈ দলিয়াই বিচনাত পৰি দিলে. ওপৰমুৱাকৈ শুই ফেনখনলৈকে চাই চাই সি ভাবি আছে, কি কু ক্ষনত বাৰু আজি সি এইবিলাক কৰিলে. কেনেবাকৈ যদি এইবিলাক কথা তাৰ ঘৰত গম পায় কি হ’ব. খং উঠি আহিল তাৰ নিজলৈকে.. ধেই কি দৰকাৰ আছিল তাৰ ফেচবুকত নীতিৰ আপডেট চাই কমেন্ট কৰিবলৈ. নীতিৰ টো বাদ,  লগৰ বৰুন, ধ্ৰুৱইও যে নিজৰ ৱালত আপডেট দি আছে এইকেইদিন সেইবিলাক

Read more

ৰিয়াৰভিউ- প্ৰীতম

সেই চাৰি বজাতে ভাতগাল গিলি চকটোলৈ বুলি ওলাই আহিছিলো, কলেজৰ পুৰণা লগ দুটামানক লগ পাই আড্ডা দিওঁতে কেতিয়ানো সন্ধিয়া নামি আন্ধাৰ হ’ল গমকে নাপালো। গোটেইমখাক বিদায় দি যেতিয়া ৰাস্তাত ভৰি থওঁ তেতিয়া নিশা আঠমান বাজিছে। মানুহ-দুনুহ সেৰেঙা। বেচ কুঁৱলী পৰিছে এইকেইদিন, এক-ডেৰমিটাৰ দূৰত কি আছে মণিব নোৱাৰি। মাজে মাজে কুঁৱলী ফালি দুই-এখন গাড়ী বা মটৰচাইকেল পাৰ হৈ যায়। চকটোৰপৰা আমাৰ ঘৰলৈ খোজ কাঢ়ি গ’লে আধাঘণ্টাৰ বাট, মটৰ-চাইকেলত পোন্ধৰ মিনিটতকৈ বেছি নালাগে। “কে@$” – ৰাস্তাৰ শিল এটাত উজুতি খাই অসমীয়া শক্তিবাচক

Read more
1 31 32 33 34 35 84