ফটাঢোল

লিলিমাই – ৰক্তিম প্ৰীতম দাস

: আমাৰ ঘৰত যিটো মাল বনায় না, টাপ্‌লাত গুইৰালিও হিল্‌বা মন নাযাব। – পথাৰৰ দাঁতিত মাটি কাটি থকাৰ পৰাই ঘাম মচি মচি ক’লে বিশ্বজিতে। : ম‌ই পকৰীৰ দোকান দিম বুলিয়ে ভাব্‌ছিলু, চৰকাৰে বুলে কৈছি পঢ়ি-শুনি চাকৰি বিচ্‌ৰি টাইম-পাছ কৰাত্‌কে। কিন্তু ঘৰত তেল-নিমখ জোগাৰ কৰ্‌বা প‌ইচা নাই, পকৰীৰ দোকান দূৰৰ কথা। এতে মাটি কাটি কেই টাকা পাম, হয় না নাই?  যি বিষ হয় ৰাতি ৰাতি, মালটু নাখালিচুন টুপুনিটু আহিবাই নুখুজে। সিকাৰণে মাইকীটুক মদ বনাবাকে লগাইছু। কম ছে কম মালটু পৰিলি ডিঙিত

Read more

শৃংগাৰ চাৱনি – অশোক কুমাৰ নাথ

ৰক্তিমহঁতৰ চাৰি ভাই-ককাইৰ পিণ্টু আটাইতকৈ সৰু অৰ্থাৎ নাড়ী মচা! সৰু কাৰণেই নেকি বৰ আলাসত উঠিল সি। মুখৰোচক কথাহে দেই– তিনিটা ল’ৰাৰ পিছত ৰক্তিমৰ মাক-দেউতাকে হেনো ছোৱালী এজনীহে বিচিৰিছিল। ভুলক্ৰমেহে পিণ্টু জন্ম হ’ল! যি নহ‌ওক, বাকী তিনিটা ককায়েকতকৈ বয়সত পিণ্টু যথেষ্ট সৰু। সৰু বাবেই ককায়েক তিনিটায়ো তাক বৰ মৰম কৰে। চাৰিটা গজগজীয়া ডেকা ল’ৰাৰ সৈতে মাক-দেউতাকে সুখেৰেই বাস কৰে ঘৰখনত। মাজে মাজে ই পিণ্টুৱেহে দিগদাৰিখন কৰে! মাক-দেউতাকৰ সৈতেও সিহঁত একেবাৰে বন্ধুৰ নিচিনা। ৰন্ধা-বঢ়া, ঘৰ সৰা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি সকলো

Read more

যা দেৱী সৰ্ব ভুতেষু : জিতু শৰ্মা

পুৱাতেই আগতীয়াকৈ দলেবলে আহি দেৱী মা মৰতত মানে অসম পালেহি । কাজিৰঙাতে সকলোৱে নিজৰ নিজৰ বাহনসমুহ পাৰ্ক কৰি সকলোৱে ডিচিচন ললে দিনতো ফ্ৰি যিহেতু সকলোৱে নিজৰ নিজৰ পাৰ্চনেল কাম কেইটামান নিপতাই লওঁ, এইবুলি মানুহৰ ভেশত সকলো বেলেগে বেলেগে ৰাওনা হল। মাতাই কলে তঁহতে গৈ থাকচোন, মই ফোন এটা কৰি লওঁ এইবুলি চিধাই মহাদেৱক ফোন লগালে । দুবাৰমান ৰিং হোৱাৰ পাছতো ফোন ৰিচিভ নকৰাত খঙতে ফোনটো থেকেচা মাৰিবলৈ হাত খন দাঙিবলে লওঁতেই মহাদেৱৰ কল বেক। : অঁ জানু, ফোনটো ৰিচিভ কৰিবলৈ

Read more

প্ৰেম’ ইজ গ্ৰেটাৰ ডেন এভৰিথিং – বিকাশ দত্ত

ৰাতিপুৱাই এলাৰ্মটো বাজোঁতেই সিদ্ধাৰ্থই সদায় এটা গণিতেই মিলাই, টোপনি ইজ গ্ৰেটাৰ ডেন এলাৰ্ম। সেইবাবে টোপনিৰ জ্বালা যোগ কৰি আৰু চিন্তাবোৰ বিয়োগ কৰি সি বাগৰ সলাই পুনৰ শুই থাকিল। এইবাৰ দৰ্জাত মাকে টুকুৰিয়ালে, : ঐ বাবা। উঠি আকৌ। ৯ বাজিল! এইবাৰহে যেন জান মে জান আয়ী। আজি তাৰ ছোৱালী চাব লগা আছে বন্ধু অমৰৰ সৈতে। একেজাঁপে উধাতু খাই উঠিল সি। দহটা বাজিছে ঘড়ীত। গা পা ধুই সিদ্ধাৰ্থ ৰেডি। : ঐ, তোৰ হৈছে নে নায়? ইমান সময় লাগে তোৰ? অমৰে বাইকত বহি

Read more

কলেজৰ দিনবোৰ – ৰঞ্জু হালৈ মুনি

মেট্ৰিক পাছ কৰাৰ আগৰে পৰাই আমাৰ উচ্ছাহ-উদ্দীপনাৰ শেষ নাই। কিয়নো কলেজলৈ যাম, নতুন নতুন বন্ধু-বান্ধৱী লগ পাম। ভাবিলেই কিবা মনটো ভাল লাগি যায়। কিন্তু এইবোৰৰ মাজতো এটা চিন্তা লাগি আছিল। সেয়া হ’ল ‘ৰেগিং’ৰ চিন্তা। ‘ৰেগিং’ মানে কি বুজি পোৱা নাছিলোঁ যদিও সকলোৰে মুখত ‘ৰেগিং’ শব্দটো শুনি শব্দটোৰ প্ৰতি কিবা এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মনতে ভাবিছিলোঁ কিবা নিশ্চয় বেলেগ বস্তু এই ‘ৰেগিং’টো। নহলেনো ইমান জনপ্ৰিয় হ’বনে! তেতিয়ালৈ আমি অজ্ঞ আছিলো ‘ৰেগিং’ সম্পৰ্কে। যথা সময়ত আমাৰ কলেজলৈ যোৱাৰ সেই শুভ দিনটো আহিল।

Read more

ভাবিলেই ভাল লাগি যায় – মৌচুমী বৰি

পুৰস্কাৰ বিতৰণী সভা চলি আছে৷ সভাত মইও বহি আছোঁ গল্প প্ৰতিযোগিতাত পোৱা নিচুকণী বঁটাটো ল’বলৈ৷ মনলৈ নিজক লৈ এটা গৰ্বিত ভাব আহিছে– মোৰ নামটো মাতিব৷ সকলোৱে মোলৈ চাব৷ মই ষ্টেজলৈ উঠি যাম পুৰস্কাৰটো ল’বলৈ৷ হাত তালিৰে সভাথলী ৰজনজনাই পৰিব৷ আহ! ভাবিলেই ভাল লাগি যায়৷ মনৰ মাজত ভাল লগা ভাবটো লৈ বহি আছোঁ৷ বাকীবোৰ প্ৰতিযোগিতাৰ পুৰস্কৃত প্ৰতিযোগীসকলৰ নাম মাতিছে৷ তেওঁলোক ষ্টেজৰ ওপৰত উঠিছে, পুৰস্কাৰ লৈছে, ফটো উঠিছে আৰু নামি আহিছে৷ লাহে লাহে দেখোন সভাথলী মানুহেৰে সেৰেঙা হৈ আহিছে৷ মোক পুৰস্কাৰ ল’বলৈ

Read more

চন্দ্ৰমুখী সূৰ্যমুখী – ডঃ নৱজ্যোতি শৰ্মা

এডভোকেট দিগন্ত ফুকন ফেমিলী কৰ্টৰ নামী দামী উকিল। লগতে দয়ালু ব্যক্তি। সকলোৱে তেওঁক মনৰ কথা নিসংকোচে খুলি ক’ব পাৰে। সেয়ে তেওঁৰ ওচৰত গোচৰীয়া পদকীয়াৰ লানি নিছিগা সোঁত। সেইদিনা ৰাতিপুৱা এগৰাকী মহিলা তেওঁৰ চেম্বাৰলৈ সোমাই আহিল। তেওঁ নিশ্চয় কোনো মন্দিৰৰ পৰা অহা বুলি ধাৰণা কৰিব পাৰি। মোৰ  ইংগিত পাই তেওঁ ক’ব আৰম্ভ কৰিলে, : চাৰ, মই বৰ বিপদত পৰিছোঁ। মোৰ মানুহজনে আজিকালি মোৰ পৰা দূৰে দূৰে থাকে। মই তেওঁৰ বাবে ৰবিবাৰে, শনিবাৰে আৰু মংগল বাৰে ব্ৰত ৰাখোঁ। সোম আৰু বৃহস্পতি বাৰে

Read more

মোৰ আইতা – প্ৰদীপ বৰা

মোৰ আইতা মানে মোৰ ডাঙৰজনী জীৰ ডাঙৰজনী জীয়েকৰ আইতাক৷ সেইগৰাকী মোৰ কি হ’ব আপোনালোকৰ দৰে গুণী-জ্ঞানী ফটা পঢ়ুৱৈক বেলেগে বুজোৱাৰ নিশ্চয় সকাম নাই! ‘মোৰ আইতা’, মানে মোৰ প্ৰথম নাতিনীৰ আইতা,….মানে মোৰ দহ বছৰীয়া নাতিনী কুঁহিৰ আইতাক। যেতিয়া তাই অসমীয়া ভাষা সাহিত্যৰ ৰাজ্যত পদাৰ্পণ কৰে তেতিয়াৰ পৰাই তাই আইতাকক ‘মোৰ আইতা’ বুলিয়েই এড্ৰেছিং কৰি আহিছে। বাৰ তাৰিখৰ পৰা কুঁহি, কুঁহিৰ মাক ৰেখা, ৰেখাৰ মাক পদুমী মানে ‘মোৰ আইতা’ আৰু মোৰ আইতাৰ মালিক মানে মই… আমি চাৰিওটাই গুৱাহাটী মহানগৰীত কমচেকম ষোল্ল তাৰিখ

Read more

ভূত – বিকাশ শইকীয়া

ৰংদৈ এখন সৰু চহৰ৷ চহৰৰ মাজেদি এটি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে৷ চহৰখনৰ নাতি দূৰৈৰ পৰাই ৰাষ্টাটোৰ দুয়োকাষে কিছুমান গছ বন গজি সৰু সুৰা হাবি সদৃশ পৰিবেশ সৃষ্টি কৰিছে৷ ঠায়ে ঠায়ে খাল, পুখুৰী আদিও আছে৷ খাল পুখুৰীবোৰত চেঙেলী মাছ, চেঙা মাছ আদিৰ বাসস্থান৷ আজি বছৰ ধৰি বহু মানুহে মাছ ধৰিছে৷ লেতেকু, পনিয়ল, জামু আদি গছৰ ফল খাই আহিছে৷ কেতিয়াবা কেতিয়াবা দুই এটা বান্দৰো দেখা যায়৷ বিভিন্ন চৰাই চিৰিকটি আদিৰে ভৰা অঞ্চলটোৰ সহজ সৰল মানুহখিনিয়ে পৰিৱেশটো মনোৰম কৰি ৰাখিছে৷ ধীৰে ধীৰে

Read more

হাঁহি উঠা কথা – অনিমা দাস

(১) কলেজত পঢ়ি থকা সময়ৰ কথা। মই প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী আছিলোঁ। ব্যাৱহাৰিক শ্ৰেণীবোৰ আৰম্ভ হৈছে ।বেচিন এটাত পেট্ৰিদিচ এখন লৈ ধুই আছোঁ।কোনোবাই মোৰ পিনে ৰʼ লাগি চাই থকা যেন লাগিল। মূৰ তুলি চাই দেখিলোঁ নাইতো, কোনেওচোন চাই থকা নাই। অলপ আঁতৰত তৃতীয় বর্ষৰ লʼৰা দুজনে কথা পাতি আছিল। হয়তো মোৰ কথা পাতি আছিল। মই চোৱাৰ লগে লগেই কথা পতাৰ ভাও দিছে। মই সিহঁতক একো নুসুধিলোঁ। সেই সময়ত মই আগতে কাকো মাতি কথা পতা নাছিলোঁ। কোনোবাই মোক মাতিলেহে মাতোঁ। কথা পাতিলেও

Read more
1 39 40 41 42 43 84