ডিজিটেল চুমা – দেবজিত শইকীয়া
আজিৰ পৰা বহুবছৰ আগতেই অসম মূলুকত জন্ম লাভ কৰা কৃপাবৰ বৰুৱাদেৱে তেখেতৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাত “চুমাৰ নিচিনা এটা কঠিন পদাৰ্থৰ” বিষদ বৈজ্ঞানিক বাখ্যা দাঙি ধৰিছিল৷ তেখেতে “অসমীয়াই চুমা খোৱা প্ৰণালী নেজানে৷ তেওঁবিলাকৰ বুঢ়া ভালুকে চুমা খোৱাদি চুমা খাওঁতেই কাল গ’ল৷ কোনো কোনো ধনুৰ্ধৰ অসমীয়াই আকৌ চুমা খাবলৈ গৈ কুকুৰনেচীয়া বাঘে কামোৰাদি কামোৰি ধৰে; কোনোৱে আকৌ ধোৰা-কাউৰীয়ে পকা আম খুটিৱাৰ দৰে খুটিয়ায়; কোনোৱে বা ৰাক্ষসৰ মুখ মেলাৰ নিচিনাকৈ মুখ মেলি চুমাৰ লগতে গোটেই মানুহকে গিলি পেলাব খোজে৷” বুলি আক্ষেপ প্ৰকাশ
Read more