ফটাঢোল

নাইট চুপাৰত দেতা – অসীমা শইকীয়া দত্ত

নাইট চুপাৰত দেতাৰ গুৱাহাটীলৈ যাত্ৰা। লগত বাইদেউ। দেতাই ৰাতি টোপনিত ভায়েকহঁতৰ লগত সুন্দৰকৈ কথা পাতি থকা অভ্যাসটোৰ কথা পৰিয়ালৰ সকলোৱে জানে। সদায় ৰাতি ভায়েকক চাইকেল শিকায়। গৰুৱে ধান খাই, দেতাই খেদে। এদিন গৰু খেদি, গৰুক কোবাই, দিঠকত ওচৰতে শুই থকা মাৰ ওপৰ পাৰি আগদাঁত সৰুৱাই দিলে। “ঐ ৰমেশ, গৰু ভালকে বান্ধিবি। নহ’লে….” বুলি কৈ যিটো মাৰ গৰুক দিলে, মায়ে উস উস বুলি জাপ মাৰি “ওপৰ পাৰি গ’ল ঐ” বুলি আটাহ পাৰি বহি দিলে। আমি দৌৰি আহি দেতাক জগাইছোঁহি, তেওঁ সাৰ

Read more

চৌষষ্ঠি কলাৰ অনুষ্ঠান – সৌৰভ শৰ্মা

আমি চৌষষ্ঠি কলাৰ বিষয়ে শুনিছোঁ কিছু পঢ়িছোঁ। কিন্তু এই ৬৪ কলা একেলগে অধ্যয়নো কৰি আছোঁ। মানে মোৰ কথাষাৰ অলপ বুজাত অসুবিধা লাগিব। কিন্তু সত্য কথা হ’ল চৌষষ্ঠি কলাৰ প্ৰথমেই আহে লিখা আৰু পঢ়া, এই দুই কলা। কিন্তু ইয়াৰোপৰি যি ৬২টা বাকী ৰ’ল তাৰ হিচাপো ৰাখিব লাগিব। কাৰণ সকলোতকৈ উত্তম কলা হৈছে চৌৰ্য বা চুৰি কলা। নকল কৰা, আনৰ বস্তু গোপনে নিজৰ কৰা আদি যিয়ে সুচাৰুভাৱে সম্পন্ন কৰে তেওঁ এই কলাৰ পণ্ডিত৷ লগতে তেওঁ চৌষষ্ঠি কলাৰ মালিক হ’ব পাৰে৷ কিন্তু এই

Read more

মামা মোৰ ৰাহুল দ্ৰাবিড় – বিজু বুঢ়াগোহাঁ‌ই

বিশ্বকাপৰ আগে-আগে আমাৰ দৰে মানুহবোৰৰ ক্ৰিকেটৰ প্ৰতি ৰাপ আৰু অলপ বাঢ়ি যায়। অৱশ্যে, ফুটবলৰ ক্ষেত্ৰটো একেই! আমি খেলৰ খবৰবোৰ ৰাখিবলৈ আৰম্ভ কৰি দিওঁ‌, খেলখন হ’ব ক’ত, মেছক’টটো কেনেকুৱা, ষ্টেডিয়াম কেইখন, ইত্যাদি-ইত্যাদি। লগতে খেলুৱৈবোৰৰো। ঠিক সেইবাৰো প্ৰায় এবছৰমান আগৰপৰায়ে খবৰবোৰ ৰাখিছিলো। মোৰ এনেধৰণৰ কামবোৰত মাতকৈ বেছি সদায় দেউতায়ে সহায় কৰে। মই নৱম শ্ৰেণীত তেতিয়া। আৰু এবছৰৰ পিছতেই ক্ৰিকেটৰ বিশ্বকাপ, ৱেষ্ট ইণ্ডিজত হ’ব! আমাৰ ঘৰৰ গোটেইকেইটা প্ৰাণীয়েই ক্ৰিকেট খেলা চাই ভালপায়। মাজে-মাজেটো ৰাহুল দ্ৰাবিড়ক দেখিলে মায়ে কয়েই, “এইটো মোৰ ভাইটি হোৱা হ’লে

Read more

ভাত কেনেকৈ খাম – মাধুৰ্য্য গোস্বামী

ভাত কেনেকৈ খাম? এই প্ৰশ্নটো ইমানেই জটিল যে ভাবি ভাবি ভাত একাঁহী খোৱা শেষ হৈ গ’লেও ইয়াৰ উত্তৰ নোলায়। এইটো আচলতে লেখক এজনৰ লেখাৰ ষ্টাইলৰ দৰেই কাৰবাৰ। মানে ধৰক প্ৰথমতে আপুনি আৰ তাৰ লেখা পঢ়ি, আৰ তাৰ ষ্টাইল ফ’ল’ কৰি লিখিবলৈ আৰম্ভ কৰিলে। কিন্তু লিখোতে লিখোতে শেষত গৈ নিজাকৈ ষ্টাইল এটা উদ্ভাৱন কৰি পেলালে। বচ্‌, হৈ গ’ল আপুনি সফল লেখক, অন্ততঃ নিজৰ চকুত হ’লেও। চাওক, কিমানে লিখিবলৈ যত্ন কৰে, অথচ সঁচা অৰ্থত লিখিবলৈ পাৰে কেইজনে? আৰু আজিলৈতো লাখ লাখ মানুহে

Read more

আইৰ অসুখ – ড° বিক্ৰমজিত কাকতি

মোমাইদেউ ডাক্তৰ …….. মানে তাহানিৰে ডাক্তৰ, অসম মেডিকেল কলেজৰ প্ৰথম বেটচৰ ডাক্তৰ। ঘৰত আইতাই মৰমতে মাতে ‘কণ’ বুলি, গাওঁৰ ৰাইজে আৰু লগৰ কেইজনে মাতে কণ্ডাক্টৰ (Conductor) বুলি। এসময়ত কণ্ডাক্টৰে গোলাঘাটৰ ঢেকীয়াল, বেতিয়ণি, চিনাতলি তহিলং কৰি আছিল। পাছলৈ চৰকাৰী চাকৰি পাইছিল গুৱাহাটীত, পশুচিকিৎসা মহাবিদ্যালয়ৰ মানুহৰ ডাক্তৰ। তাতোকেণা, তাহানিৰ দিনত (৭০ৰ দশক) খানাপাৰাত ক্লিনিক খুলিলে মামাই। ৰোগী চাবলৈ মাজে মাজে ৯ মাইলৰ ‘নেপালী বস্তি’লৈ যাব লাগে। এবাৰৰ কথা, প্ৰসুতি এগৰাকীক কোনোবা এটা ‘নেপালী বস্তিত’ পৰীক্ষা কৰি আছে। এনেতে আহি পাওক মহিলা গৰাকীৰ

Read more

সৰ্থেবাৰীৰ অলিয়ে গলিয়ে – হিমাশ্ৰী ভাগৱতী

‘কাঁহ-পিতলৰ নগৰী, অসমৰ এখন পুৰণি প্ৰসিদ্ধ ঠাই-সৰ্থেবাৰী’ বুলি সদায় শুনি আহিছিলোঁ। পিছে কোনোদিনে যোৱাহে হোৱা নাছিল। কিন্তু আমাৰ কলেজৰ প্ৰজেক্টৰ কামত সেইফালে যোৱাৰ সৌভাগ্যকণ হ’ল। চাৰিদিনীয়া প্ৰগ্ৰে’ম। যোৱা বছৰৰ অক্টোবৰ মাহৰ এঘাৰ তাৰিখৰ পুৱাই আদাবাৰীত বাছ ধৰি সৰ্থেবাৰী বুলি ৰাওনা দিলোঁ লগৰ সহপা কেইটাৰ লগত। বাইহাটা চাৰিআলিৰে নলবাৰী হৈ সৰ্থেবাৰী সোমাওঁ মানে প্ৰায় চাৰিঘণ্টা লাগিল। আমি তাত সভাখলাৰ (মুকলি পথাৰ) সম্মুখতে নামিলোঁ। আগতীয়াকৈ বুক কৰি থোৱা লজটো সভাখলাৰ লগতে। মূলৰাস্তাৰ পৰা অকণমানহে আঁতৰত। প্ৰশান্তি লজ। সময় তেতিয়া প্ৰায় বাৰ। ভৰ

Read more

অথহঃ গাই চৰিত – সোণটো ৰঞ্জন বৰুৱা

: হিঃ হিঃ হিঃ। পঢ়িলেনে? : কি? : আপুনি লৈ থকা কাকতখন। : উম, কিয়? কিবা বিশেষ খবৰ? : গাইগৰুৰ বিষয়ে যে লিখিছে শিক্ষক এজনে। : পঢ়িলোঁ। বৰ দীঘলীয়া। বঢ়িয়া লিখিছে কিন্তু। : বঢ়িয়া লিখিছে! এজন শিক্ষকে যদি গাইগৰুৰ বিষয়ে এনে কথা লিখে, ল’ৰা-ছোৱালীক কি শিক্ষা দিব গম পোৱা গৈছে আৰু! চাৰিআলিৰ চুকৰ ঘুমটিখনৰ বেঞ্চতে সদায় বহি দোকানীজনৰ লগত দুই-এষাৰ কথা পাতোঁ, লগতে মানুহৰ আলেখ-লেখ চাওঁ‌। আজি তামোলখন আগবঢ়াই তেওঁ যি আক্রমণাত্মকভাৱে প্ৰশ্ন কৰিলে, ময়ো থতমত খাই প্ৰত্যুত্তৰ দিবলৈ বাধ্য

Read more

সপোনত একতা কাপুৰ – সৌৰভ শৰ্মা

যোৱা নিশা সপোনত একতা কাপুৰ আহিছিল। মোৰো ফটামুখ, ওলাই গ’ল সচাঁ কথা, “একদম বুঢ়ী হৈ গলা, সেই একতা কাপুৰ নাই। কম ‘বোল্ড’ আছিলানে আমাৰ দিনত !” তাই ধমক লগাই দিলে, “কি ফেট-ফেটাই বকি গৈছা ? মোক কথা কবলৈ নিদিয়া নেকি ?” মই বোলে, “নিদিওঁ। এহাল মতা-মাইকীৰ ৭বাৰ বিয়া হয়। তাৰে মাজতে মাইকীজনীৰ  দেওৰেকৰ লগত দুবাৰমান বিয়া পাতা। সেইখিনি কৰিও শান্তি নোপোৱা। তাইক আকৌ ননদৰ গিৰিয়েকৰ সৈতে বিয়া পাতি দিয়া। আকৌ ক’ৰবাত বাগৰি বা খুন্দা খায় স্মৃতি শক্তি নোহোৱা হয়। তাইৰ

Read more

জুবিন গার্গক ভালপোৱা আৰু বেয়া পোৱা মানুহবোৰ…–পার্থ পি. বৰা

মই অফিছৰ ইণ্টাৰনেট, প্ৰিণ্টাৰ ইত্যাদি ব্যক্তিগত কামত মাজে সময়ে ব্যৱহাৰ কৰোঁ যদিও দুর্নীতিক প্ৰশ্ৰয় দিয়া স্বভাৱ মোৰ সাধাৰণতে নাই। গতিকে মই দিল্লী আৰু গুৱাহাটীৰ মাজত কৰা যাত্ৰা কালত যাত্ৰীক পৰিচর্যা কৰা কর্মচাৰীসকলক কেতিয়াও অতিৰিক্ত পইচা টিপছ্ হিচাপে নিদিওঁ। এই ধৰণে অতিৰিক্তভাৱে টিপছ দিয়া ব্যৱস্থাটোক মই এক প্ৰকাৰৰ দুর্নীতি বুলিয়েই গণ্য কৰোঁ। আজিকালি কথাবোৰ মই এনেকৈয়ে ভাবোঁ আৰু সুবিধা পালেই মোৰ এই দর্শনবোৰ মানুহক কওঁ। পিছে আজি গুৱাহাটীৰপৰা দিল্লীলৈ আহোঁতে যাত্ৰা কালত আমাক পৰিচর্যা কৰা কর্মীসকলৰ শুকান মুখকেইখন দেখি তেওঁলোকক টিপছ্

Read more

ইটাৰ উপকাৰিতা — দেৱজিত শইকীয়া

ইটা এবিধ মূল্যবান সম্পদ৷ পূৰ্বতে এক লিটাৰ ইটাৰ দাম ৬০ টকা আছিল যদিও হঠাৎ পৰিবৰ্তনৰ ঢৌৱে অনা মেজিকৰ অচ্ছে দিনৰ ফলত আকাশলংঘী হৈছেগৈ৷ বিদেশত যথেষ্ট পৰিমানে মূল্যবান ক’লা ইটা পোৱা যায়৷ ভাৰতীয় ইটাৰ মূল্য অন্য ৰাষ্ট্ৰতকৈ কম যদিও ক’লা বেপাৰী সকলে ক’লা ইটা লুকুৱাই থয়৷ ইটাৰ উপকাৰিতাৰ কথা লিখি শেষ কৰিব নোৱাৰি। সেয়ে ইটাৰ বিষয়ে ৰচনা মেট্ৰিক পৰীক্ষা বাদেই IAS পৰীক্ষাতো কমন নপৰে৷ ইটাক কাপোৰৰে বান্ধি তিনিদিন পানীত ডুবাই ৰাখিলে গজালি মেলে আৰু তাৰ পৰা বিভিন্ন প্ৰকাৰৰ ১৫ দিনতে লগা

Read more
1 50 51 52 53 54 84