ফটাঢোল

জন্মৰ ইতিহাস – ৰঞ্জিত কুমাৰ শৰ্মা

ঘৰৰ কলিং বেলটো বাজি উঠাত আদিত্যই দুৱাৰ খুলি দিলে৷ বাৰাণ্ডাত উঠা চিৰিৰ কাষত চাৰিজন লোক থিয় হৈ আছিল৷ তেওঁলোকৰ তিনিজনৰ মুখকেইখন আদিত্যই আগতে দেখিছে৷ এজনক দেখা মনত নপৰে৷ কিন্তু এজনক ভালকৈ জানে আদিত্যই৷ তেওঁৰ নাম চিদানন্দ৷ অৱশ্যে চিদা বুলিহে তেওঁ অধিক পৰিচিত৷ আদিত্যই তেওঁক চিদাদা বুলি মাতিছিল আৰু এতিয়াও ঘৰলৈ আহিলে তেওঁক লগ পালে চিদাদা বুলিয়েই মাতে৷ আজিও আদিত্যই তেনেদৰে মাতিলে৷ : অ’ চিদাদা দেখোন? আহক আহক৷ চিদানন্দৰ সৈতে কেউজনেই আদিত্যৰ ড্ৰয়িং ৰূমত আসন গ্ৰহণ কৰিলে৷ আদিত্যই লক্ষ্য কৰিলে— আটাইকেইজনৰে

Read more

অমাইক্ৰনৰ সময়ত বিবাহবিলাসী সকললৈ আহ্বান-ডা: প্রাঞ্জল জ্যোতি দত্ত 

প্ৰাক-বৈবাহিক সম্ভাষণ,  সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত বিবাহপ্রত্যাশীসকল আৰু তেখেতৰ পৰিয়াললৈ কিছুমান নীতি নির্দেশনা আগবঢ়োৱা হৈছে। আশা কৰোঁ সহযোগ কৰিব।  *ইয়াৰ দ্বাৰা কইনাৰ ঘৰৰ পদূলিত থিয় দিয়াৰ লগে লগে দৰাই মুখত ৰুমাল লোৱাটো একেবাৰে নিষিদ্ধ কৰা হৈছে। মুখত পিন্ধা মাস্কেই ৰুমালৰ কাম কৰিব। দৰাৰ দুইহাত অনবৰতে কুৰ্ত্তাৰ পকেটত থাকিব।  *দৰা আহি কইনাৰ পদূলিত ৰোৱাৰ পিছত আদৰাৰ নিয়মৰ ক্ষেত্ৰত অলপ নির্দেশনা আছে । কইনাৰ দেউতাক, ককায়েক, বা মহাক আদিয়ে ন -দৰাক দুহাতেৰে সাবতি দাঙি দিয়াটো আইনবিৰুদ্ধ হ’ব।তাৰ সলনি তেখেতসকলে ছয়ফুট দূৰৰ

Read more

ড’লষ্টম যাত্ৰা -অগ্নিভ দত্ত 

ড’লষ্টম!! তেনেই সৰু টাউন এখন, কিন্তু খুবেই মৰম লগা আটোমটোকাৰীকৈ সজাই ৰখা টাউনখন!  দুবছৰমান আগতেই ভাবিছিলোঁ এবাৰ এটা পাক মাৰিব লাগিব! বিভিন্ন কাৰণত কামটো হৈ উঠা নাছিল! তিনিদিনীয়া বন্ধ এটা থকাত ভাবিলোঁ সেই কেইদিনতেই এপাক মাৰি আহিব পাৰিলে ভাল হয়!  ভবামতেই কাম, লগা লগ তাত থকাৰ ব্যৱস্থা থকা ঠাইবোৰ চোৱা আৰম্ভ কৰিলোঁ! দক্ষিণ আফ্ৰিকাৰ মানুহবোৰ ফুৰি খুব ভাল পায়, গতিকে এনেকুৱা দীঘলীয়া বন্ধৰ সময়ত থকাৰ ব্যৱস্থা বিচাৰি উলিওৱাটো অলপ কষ্টকৰ! গতিকে ড’লষ্টমৰ লগতে তাৰ ওচৰে-পাজৰে থকা ঠাইবোৰতো চকু ফুৰাব লাগিলোঁ! 

Read more

প্ৰশ্ন-চন্দামিতা শৰ্মা

: আপুনি সোৱাদ হোৱা নাই বুলি ক’লেই হ’বনে? মছলা-পাতি দি কিমান কষ্ট কৰি ৰান্ধিছোঁ।  : হেৰা মছলা-পাতি দিলেই সোৱাদ হোৱা বুলি ক’মনে? আগতে যে মা, আইতাহঁতে ৰান্ধিছিল, সেইবিলাক আঞ্জাত, ক’তনো মছলা দিছিল। তথাপি কি যে অপূৰ্ব সোৱাদ। আস্ টকালি পাৰি পাৰি খাবলগীয়া হৈছিল।  : ঠিকেই বুজিছোঁ মই। এতিয়া  মই  ৰান্ধি খুৱাইছোঁ যে ক’ত সোৱাদ পাব। এতিয়া টকালি পাৰি খোৱাটো দূৰৰ কথা মোক পাৰিলে…। খালে খাব, নাখালে নাই। আপোনাৰ আচলতে বয়সৰ লগে লগে জিভাৰ গণ্ডোগোল হৈছে। : হেৰা মই সচাঁ কথা

Read more

দেদাই-শান্তনু চেতিয়া

দেদাই মানে আমাৰ দদাই৷ বিহুনামৰ দৰে মুখে মুখে বাগৰি অহা নাম-দেদাই৷ বাপেকৰো দেদাই পেটমচা পুতেকৰ মুখতো সেই প্ৰথম দেদ-দাই৷ দেদাই আমাৰ গাঁৱৰ এটা উল্লেখনীয় চৰিত্ৰ৷ দেদাই নহ’লে আমাৰ গাঁৱৰ বুৰঞ্জীয়েই নহয়৷ দেদাই আচল নামটোনো কি আজিলৈকে জানিবলৈ চেষ্টা কৰা নাই, নকৰো৷ চলি যাব পৰা জোখাৰে খেতি-খোলা থকা খামীদাৰ মানুহ দেদাই৷ পৰিয়ালটোও সৰু৷ একমাত্ৰ ছোৱালীজনী চৰুভঙাৰ ফাললৈ উলিয়াই দিয়াৰ পাছত এতিয়া খুৰীটিৰ সৈতে গৃহস্হলী চলাই আছে৷ দেদাই বয়সো কিছু হৈছে৷ ৪২ ৰ আন্দোলনত বোলে ম’হৰ টোকোনেৰে অসমীয়া চিপাহী এটাক ফ্লেট কৰি

Read more

অনলী ভিমল- ৰণেন শৰ্মা

বিমলৰ জন্ম নলবাৰীৰ ভিতৰুৱা গাঁও এখনত, তেনেই দুখীয়া ঘৰখন। সেই যুগত, যেতিয়া গোটেই গাঁওখনত মাত্ৰ এটাহে টিভি আছিল, অকল গাঁওবুঢ়াৰ ঘৰত। তেতিয়া গাঁৱৰ ল’ৰাবোৰে টিভিত এডভাৰটাইজো বাদ নিদিয়াকৈ, চকুৰ পলক নেপেলোৱাকৈ চোৱাৰ দিন। তাৰ এতিয়াও মনত আছে সি যিদিনা প্ৰথম টিভি দেখিছিল, সিদিনা টিভিত ঘোঁৰা কেইটামান দৌৰি থকা দেখাইছিল। এটা ক’লা ঘোঁৰাই আটাইবোৰক পিছ পেলাই আগত দৌৰি আছিল, তাৰ পিছত এটা ইংৰাজী নাম ভাঁহি আহিছিল টিভিটোৰ পৰা। সি ডাঙৰ হোৱাতহে বুজি পালে যে সেইটো কেলভিনেটৰ ফ্ৰীজৰ বিজ্ঞাপন আছিল। ঠিক তেনেকুৱা

Read more

প্ৰসাধন প্ৰমুখ্যে বিয়া খাবলৈ যোৱাৰ কিটিপ-সোমেশ্বৰ বৰা

প্ৰসাধনত নাৰীৰ একচেতিয়া অধিকাৰ।নিজকে আটাইতকৈ ধুনীয়া দেখুৱাবলৈ সকলো মানুহে চেষ্টা কৰে আৰু ভাবে কিন্তু এই ভাবধাৰা  নাৰীৰ মনত দকৈ শিপায়।ইয়াৰ বাবেই সৃষ্টি প্ৰসাধনৰ।বিউটি টিপচ বুলিলে মানুহৰ মনৰ কথা নক’লোৱেই যেনিবা।কিন্তু প্ৰসাধনৰ বাবেও লাগে সাধনা।অনেক সাধনা তথা অনুশীলন অবিহনে সুন্দৰ প্ৰসাধন অসম্ভৱ। প্ৰসাধন সাধকসকলৰ সুনাম বিউটিচিয়ান।কোন যোৰা কাপোৰৰ লগত কোনটো ৰঙৰ লিপষ্টিক মিলিব,কোনটো ৰঙৰ নেইল পলিচ লগাব তাৰ একো আও ভাও নেপাই উগ্ৰ প্ৰসাধনেৰে নিজকে ভুচুংপহু সজোৱাৰপৰা এশহাত দূৰৈত অৱস্থান কৰিবৰ বাবেই ঢাপলি মেলে সকলো বিউটিচিয়ানৰ ওচৰলৈ। বিউটিচিয়ানে ভোবোৰা উঠা চেলাউৰি

Read more

ভাওনা চোৱাৰ বিড়ম্বনা-সদানন্দ ভূঞা

ভাওনা, ভাওনা, ফটাঢোলৰ বাকৰিত ভাওনা। আজি ফটাঢুলীয়া ৰাইজৰ গাত উলাহে নধৰা অৱস্থা। ডেকাসকলৰ হিয়া সাতখন – আঠখন। চকুৰ পতা জাপ নোখোৱাকৈয়ে কাৰোবাক যে পিতপিতাই বিচাৰি ফুৰাৰ দিন। গাভৰুসকলৰ কথা নকলোৱেই যেনিবা, আমাৰ আইদেউসকলৰ গাত ততেই নাই। তিনি/চাৰিদিন আগৰেপৰা বিউটি পাৰ্লাৰলৈ গৈ নিজকে সজাই-পৰাই আজিৰ দিনটোত ভাওনাথলী তমস্কাৰ। ইজনীতকৈ সিজনী চৰা। নামবোৰ কৈ কোঁদো বাহত চাপৰ মৰাতকৈ নোকোৱাই ভাল। আমাৰ নতুনকৈ বিয়া পতা পুৰুষ কেইজনে আকৌ নিজৰজনীক সাজোনে -কাচোনে জাকত – জিলিকা কৰাৰ লগতে নিজেও সৰগৰ দেৱতাটো যেন হৈ আহিছে। আদহীয়া,

Read more

ভিক্টৰ ফ্ৰেংকল আৰু আশা-নৱজিৎ বৈশ্য  

ভিক্তৰ ফ্ৰেংক্লৰ “Man’s Search for Meaning” নামৰ বহুল পঠিত কিতাপখন পঢ়ি লক-ডাউনৰ সময় কটাইছোঁ৷ কিতাপখনত তেওঁ কনচেনট্ৰেশ্যন কেম্পত কটাই অহা তিনিটা বছৰৰ অভিজ্ঞতাৰ বৰ্ণনা আছে৷ এজন স্নায়ু তথা মনোৰোগ বিশেষজ্ঞৰ সূক্ষ্ম বৰ্ণনা আৰু তাৰ মাজে মাজে কৰি যোৱা পৰিস্থিতিৰ দাৰ্শনিক ব্যাখ্যাই  যিকোনো পাঠককে জীৱনটোক নতুকৈ চাবলৈ উদ্বুদ্ধ কৰিব, জীৱনৰ বাটত মুখামুখি হোৱা প্ৰতিকূল পৰিস্থিতিতো আত্মবিস্মৃত নহৈ মানৱীয় মৰ্যাদা ৰক্ষা কৰি জীৱনটো অৰ্থৱহভাৱে যাপন কৰিবলৈ প্ৰেৰিত কৰিব৷ কনচেনট্ৰেশ্যন কেম্পত বন্দীসকলক কঠোৰতকৈও কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ তাৰ বিপৰীতে প্ৰছণ্ড শীতত

Read more

ইমাৰ্জেঞ্চি-কমলা দাস

বহু বছৰ আগৰ কথা।  দিল্লী ফুৰিবলৈ গৈ হোটেলত আছিলোঁ‌। দুদিনমান দিল্লীত ঘুৰাৰ পাছত এইবাৰ আমি প্লেন বনালোঁ‌ তাজমহল চাবলৈ যোৱাৰ। দিল্লীৰপৰা আগ্ৰা বহু দূৰ। আমি আগতে আগ্ৰা গৈ পোৱা নাই। সেয়ে হোটেলৰ মেনেজাৰকে সুধিলোঁ‌, আগ্ৰালৈ কেনেকৈ গ’লে সুবিধা হ’ব!  মেনেজাৰে আমাক ক’লে যে টুৰিষ্ট বাছ সদায় যায়। আমি যদি যাওঁ তেন্তে মেনেজাৰেই আমাক বাছ আৰু বাছৰ টিকটৰ সকলো সুবিধা কৰি দিব। বাছে আহি আমাক হোটেলৰপৰা লৈ যাব আৰু ঘুৰি অহাৰ পাছত হোটেলত থৈও যাব।  আমি ভালেই পালোঁ‌। তেওঁলোককেই ব‍্যৱস্থাখিনি কৰি

Read more
1 5 6 7 8 9 84