ফটাঢোল

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

অফিচৰ কোঠাত সোমোৱাৰ মুহূৰ্ততে মোৰ কাণত পৰিল— ‘ৰূপম আহিলা? তোমালৈয়ে ৰৈ আছো৷’ দেখিলোঁ, কোঠাটোত মোৰ সোঁফালে থকা বেৰখনৰ লগালগিকৈ থকা হাতথকা দীঘলীয়া বেঞ্চখনত বহি থকাৰ পৰা উঠি লৈ বয়সীয়াল মানুহ এজনে মোৰ ফালে চাই কৈছে কথাখিনি। মই মানুহজনৰ ফালে চালোঁ। আমাৰ অফিচৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যতীন ঠাকুৰীয়াদা। : ‘অ’ দাদা দেখোন ! ভালনে? আপুনি অলপ বহক। মই কথা পাতি আছোঁ ৰ’ব আপোনাৰ লগত।’ ‘হ’ব দিয়া’ বুলি ঠাকুৰীয়াদা পুনৰ বহি পৰিল। কিছুসময় পিছত মই ঠাকুৰীয়াদাৰ ওচৰত গৈ বহি ল’লো। : ‘দাদা, কিবা

Read more

মোৰ চালাড প্ৰীতি-মৌচুমী গগৈ

আজিকালি মোৰ বজাৰলৈ গলেই চালাডৰ কাৰণে পাচলি অনাটো এৰিব নোৱাৰা অভ্যাসত পৰিণত হৈছে। প্ৰথমে বজাৰত চালাডৰ বস্তুকেইটা কিনি লৈহে আনবোৰ বস্তু কিনিবলৈ মনলৈ আহে। কাঁহীখনৰ কাষত চালাড অকনমান নাথাকিলে যেন ভাতকেইটাইও লাজ পাব, তেনে অনুভৱ হয়৷ কেইদিনমান আগৰ কথা৷ পতিদেৱ অফিচৰ পৰা কেতিয়া আহি পাবহি বুলি দুবাৰ ফোন কৰিবলৈ পালোহে , সেইজনাই সুধিলেই, ‘হেৰা,তোমাৰ চালাড নাইকিয়া হ’ল নেকি হে? আজি ইমান ফোন কৰি আছা যে?’ মই ক’লো, ‘মোক গৰু ,ছাগলী বুলি ভাবিছে নেকি আপুনি যে অকল চালাড খাই জীয়াই থাকিম?’

Read more

নাখাওঁ নাখাওঁ সুদা ভাত – অবিনাশ শৰ্মা

নাখাওঁ নাখাওঁ সুদা ভাত   : বাপুকণদা, ঐ বাপুকণদা…   দীঘলীয়া চিঞৰটোৰ উত্তৰত এটা অতি অসমীয়া অবাইচ শব্দৰে সৈতে   : ব্ৰহ্মপুৱাতে কিয় চিঞৰি আছা…   বুলি ভাড়াৰূমৰ কাষতে কৰা শাকনিবাৰীৰপৰা বাপুকণদাই মাত লগোৱাত মোৰ জিভাৰ জুতি মাৰিবলৈ আজি এসপ্তাহে গুজৰি-গুমৰি থকা ইচ্ছাটোৰ কথা বেকত কৰিলোঁ।   : হাতত নাই ধন; বৰ সবাহলৈ মন…মাংস যে খাম বুলিছা; হেৰৌ আজি এসপ্তাহে যে নিমখ ভাত খাই আছা! চৰুৱে কেইদিন দাইল দেখা নাই সোধা!   বাপুকণদাই ভোৰভোৰাই আৰু কিবা কৈছিল। মোৰ কাণত নোসোমাল।

Read more

জোলোঙাৰ মেকুৰী-বিনীতা বৰশইকীয়া 

: হে’ৰা , মোৰ ৱালেটটো ইয়াতেই আছিল৷ এতিয়া নাই পোৱা যে …? : ক’তনো তাত আছিল? টি ভিটোৰ কাষতহে আছিল৷ এইয়া লোৱা৷ : বাৰু দিয়া। মোৰ কিন্তু ইয়াতে থোৱা পূৰা মনত আছে৷ : এতিয়া পালে জানো থোৱা ঠাইত? ৱালেট , ৰুমাল , মাস্ক , হেলমেট , বাইকৰ চাবি , বেগ সকলোবোৰ যতনাই মস্ত নিমাখিত আৰু বাধ্য পত্নীৰ দৰে গিৰিজনাক উলিয়াই পঠালোঁ অফিচলৈ বুলি৷ এইবাৰ কেইঘণ্টামান পাম আৰু৷ মুঠতে চাৰি বজালৈ নিচিন্ত৷ বাকী কামবোৰো যিমান পাৰো চমুৱাই থৈছোঁয়েই। ওচৰৰ শইকীয়ানীলৈ ফোন

Read more

প্ৰেক্টিকেল-পপী ৰাণী দেৱী

: হেল্লো : অফিচৰপৰা কেতিয়া ওলাবা? :  বেছি দেৰি নাই ৰ’বা কাম হ’লেই আৰু, এই পোন্ধৰ     মিনিটত ঘৰ পাই আছোঁ। সন্ধিয়াৰপৰা চাৰিবাৰ ফোন কৰিলে শ্ৰীমতী কলিতাই৷ অফিচৰপৰা ঘৰলৈ দহ মিনিটৰ বাট কিন্তু তিনি ঘণ্টা ধৰি শুনি থকা “আধা ঘণ্টা, বিশ মিনিটৰপৰা পোন্ধৰ মিনিটৰ ভিতৰতে পাইছোঁ” বোলা কথাবোৰৰ লগত  শ্ৰীমতী কলিতা অভ্যস্ত। শ্ৰীমান অফিচৰ কামত সদায় ব্যস্ত। অফিচ মানে নিজৰ চাৰ্ভিচ চেণ্টাৰ এটা আছে। শ্ৰীমানৰ যেনিবা অন্য বেয়া স্বভাৱ নাই। শ্ৰীমতীয়ে বুজি পায়। কেৱল কাম কাম বুলি মানুহজন ব্যস্ত। ৰাতি

Read more

লক ডাউন আৰু মৌচুমীৰ অথন্তৰ-পল্লৱী কৌশিক শৰ্মা

: অ’ৰা.. শুনিছা নে? বৰ ভয়ানক পৰিস্থিতি হ’বলৈ গৈ আছে দেই দেশত৷ অফিচো কৰিব নোৱাৰিম এতিয়া৷ কাইলৈৰপৰা এসপ্তাহৰ লক ডাউন ঘোষণা কৰিছে চৰকাৰে৷ কি নো ভাইৰাছ এটা ওলাল আৰু! জীয়াই থাকিমেই নে নাই তাৰেই ঠিক নাইকিয়া হৈছে বুজিছা৷ : ভালেই হৈছে৷ থাকা ঘৰতে কেইদিনমান৷ দিনটো আমি গৃহিনীবোৰে কি কৰি থাকোঁ প্ৰশ্ন কৰা নহয়? নিজেই উত্তৰ বিচাৰি পাই যাবা এতিয়া। মইহে বুজোঁ অকলে অকলে কিদৰে চম্ভালোঁ সকলোবোৰ! ঘৰৰ কাম কাইলৈৰপৰা তুমিয়েই কৰিবা। মোকো ব্ৰেক লাগে নহয় মাজে মাজে, ডেইলি কৰি থকাবোৰৰ

Read more

এচকুৱা ছানগ্লাছ-মণিকা চাংমাই গগৈ

সেইদিনা আছিল মঙলবাৰ। ছোৱালী দুজনীক স্কুলত থৈ দুয়ো,মানে পতিদেৱ আৰু মই সিদ্ধান্ত ললোঁ যে নাহৰকটীয়া বজাৰলৈকে যাওঁ৷ তেল ৰাহি কৰি দুয়ো কুৰি টকা খৰছ কৰি টাটা মেজিক এখনতে যাবলৈ ওলালোঁ। সৰুজনী ছোৱালী চাৰে বাৰমান বজাতহে ছুটি দিব৷ তেতিয়ালৈকে বজাৰ কৰি আহি পাই যাম বুলি নিশ্চিন্ত হ’লোঁ৷ সিদিনা ৰ’দ বৰ চোকা আছিল। গতিকে, লগত ছান গ্লাছযোৰ নিবলৈ নাপাহৰিলোঁ। এখেতৰ আক’ দিনত অনবৰতে নাকত সেইযোৰ লাগিয়েই থাকেই। বজাৰ কৰি থাকোঁতে এসময়ত ঘড়ীটোলৈ চাই দেখোঁ,বাৰ বাজিলেই। লগৰ এগৰাকীলৈ ফোন লগালোঁ,নাই নালাগেহে নালাগে। মোৰ

Read more

নুফুলা ফুলৰ সুৱাস-বন্দিতা জৈন

আকাশৰ ফালে চাই দিপুৰ খঙেই উঠিল। ‘বতৰটোৰ মহিমা বুজাই টান৷’— সি মুখেৰে ভোৰভৰালে৷ সি ভাবিলে, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰামতে দেখোন আজি ৰ’দ ওলাব লাগিছিল? সেইবাবেহে সি কাপোৰবোৰ তিয়াই থৈছিল! কিন্তু ডাৱৰবোৰে দেখোন একগোট হৈ বৰষুণ দিয়াৰহে আয়োজন কৰিছে! “ধেই! মোৰ জীৱনত উৰুলিৰ মাত যে শুনিবলৈ  কেতিয়া পাম।?”— নিজকেই নিজে প্ৰশ্ন কৰিলে দিপুৱে৷ কালি ফৰকাল বতৰ দেখি ৰাতিয়েই দুসপ্তাহৰ নোধোৱাকৈ ৰখা কাপোৰবোৰ তিয়াই ৰাখিছিল সি। কাপোৰ ধুবলৈকে আজি সি অফিচৰ পৰা ছুটী লৈছে। অফিচলৈ চিকচিকিয়া কাপোৰ পিন্ধি নগ’লেও ‘বছ’ৰ গালি খাব

Read more

বাবাটো-উজ্জ্বল দিপলু গগৈ

মাষ্টাৰ্চ পঢ়ি থকাৰ সময়ৰে হোষ্টেলৰে ল’ৰা এজনৰ কথা৷ যিমান দূৰ জানিছিলোঁ ল’ৰাজনৰ চেনিৰ গুদামত চাকৰি পাবৰ যোগ্যতা আছিল৷ ফেচবুক তেতিয়া অসমৰ মাটিত চালুকীয়া অৱস্থাত৷ ভঙা ভঙা ভাষাৰে আমি ফেচবুকত কথা লিখাৰ সময়৷ লগৰবোৰে একেলগে বহি শাৰী পাতি বিশ্ববিদ্যালয়ৰ কেম্পাচৰ ছোৱালীবিলাকৰ প্ৰফাইল খুঁচৰি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওঁ৷ কাৰোবাৰ ৰিকুৱেষ্ট একচেপ্ত কৰা-নকৰাৰ মাজতে হৰ্ষ-বিষাদ বাগৰি ফুৰে৷ সঁচা কথা ক’বলৈ গ’লে বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৃথিৱীখনৰ ছোৱালীবোৰক কেনেকৈ বিচাৰি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰি সেইয়া আমাৰ জ্ঞানৰ বাহিৰৰ কথা আছিল৷ ঠিক তেনেকুৱা যুগতে কাহিনীটোত ক’বলৈ বিচৰা ল’ৰাজন

Read more

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

: বতৰটো এনেকুৱা কৰিলেই মোৰ মূৰটো নষ্ট হয়। : কিয়, কি হ’লনো?  : আজি ইমান কুঁৱলী পৰিছে দেখা নাই? এই ঠাণ্ডাত এতিয়া যোৱা স্কুটী চলাই। ৰাস্তা ভালকৈ মনিবই নোৱাৰি। স্কুল পোৱালৈ গোটেই কাপোৰ-কানি তিতি অৱস্থা যে হ’ব আৰু এটা ! : তাকেইহে। ময়ো ভাবিছোঁ‌ কথাটো। এনেকুৱা বতৰত তোমাক ইমান দূৰ স্কুটী চলাই যাবলৈ দিবলৈ বেয়াই লাগে মোৰ। : হ’ব হ’ব। ইমান দিন ক’লোঁ‌ যে গাড়ীখন শিকাই দিয়া। নাই সময় নাই। এনেকুৱা বতৰত ময়ো কেতিয়াবা স্কুললৈ গাড়ীখন লৈ যাম। নিজে গাড়ীখন

Read more
1 14 15 16 17 18 72