ফটাঢোল

জিন্দাবাদ- নাজিয়া হাচান

চকুৰে মনিব নোৱাৰা অদৃশ্য শক্তি এটাৰ আগমনত গোটেই বিশ্বত আজি তোলপাৰ লাগিছে! স্বাধীন দেশৰ নাগৰিক হলেও; আজি মানুহে স্বাধীনতানো কি বস্তু সেয়া যেন পাহৰিয়ে পেলালে। শক্তিটোৱে ইফালে মানুহক “পাইছ মজা,পাইছ মজ্জা..” বুলি কৈ কৈ কোনেও নেদেখাকৈ সকলোকে কাণত ধৰি উঠা বহা কৰাই আছে। মহিলা গৰাকীৰ মূৰত আজিকালি এনেবোৰ কথায়ে ভিৰ কৰিব ধৰিছে। উপায় নাই, সময়ৰ লগত খোজ মিলাই চলিবই লাগিব। কি কৰিব পৰিবনো, নহ’লে! কথাবোৰ ভাবি, তেওঁ মুখত ডেৰশ টকা দামৰ মাস্কখন লগাই, হাতত চেনিটাইজাৰ অলপ ঘঁহি লৈ গাড়ীখন ষ্টাৰ্ট

Read more

ফেচবুকীয়ান- অমিতাভ মহন্ত

অৱশেষত উপায়হীন হৈ ৰাজেনে বকুলীক জোৰ কৰি হস্পিতাললৈ লৈ আহিলে৷ অ’টোৰ পৰা নামি দুয়ো হস্পিতাললৈ সোমাই গ’ল৷ এঠাইত বকুলীক বহুৱাই ৰাজেনে সিহঁতে দেখুৱাবলগীয়া বিভাগটোৰ খবৰ কৰিবলৈ গ’ল৷ ৰাজেন যোৱাৰ লগে লগেই বকুলীয়ে মোবাইলটো লৈ ফেচবুকত ব্যস্ত হৈ পৰিল৷ খবৰ কৰি ৰাজেনে গ’ম পালে যে সিহঁতে দেখুৱাব লগা বিভাগটো প্ৰথম মহলাত৷ এফালৰ পৰা ৰাজেনে বিভাগবোৰৰ নাম পঢ়ি আগুৱাই গ’ল, “মাদক দ্ৰব্য আসক্তি নিৰাময় বিভাগ”, “মানসিক চাপ নিৰাময় বিভাগ” ইত্যাদি ইত্যাদি৷ একেবাৰে শেষৰ ফালে এটা বিভাগত মানুহেৰে গিজগিজাই আছে৷ এইটোৱেই ৰাজেনহঁতে দেখুৱাব

Read more

কিলাৰ ইন্সটিংক্ট- হেমন্ত কাকতি

“তহঁতে জীৱনত একো এটা কৰিব নোৱাৰিলি, মেইন প্ৰৱলেমটো হ’ল তহঁতৰ ভিতৰত সেই ‘মেইন বস্তু’টো নাই৷” এইটো হ’ল চিদানন্দ বৰাৰ কমন ডায়েলগ৷ আজিলৈকে এই ডায়েলগটো কিমানক যে দিছে তাৰ লেখ জোখ নাই৷ তেওঁ মোকো দুবাৰমান শুনাই থৈছে৷ বেছি ভাগ সময়তে কথাষাৰ উলাই কৰি থাকোঁ যদিও বহু সময়ত অনুভৱ হোৱা হ’ল যে কথাষাৰ একেবাৰে মিছাও নহয়৷ এই লাজ আৰু ভয়ৰ বাবে জীৱনত হওঁ হওঁ হোৱা কত বস্তু “লাষ্ট মমেণ্ট”ত নেপাওঁ গৈ৷ এই লৈ বহুবাৰ অনুশোচনাও আহিছিল৷ চিদানন্দ বৰা মানে হ’ল, আমাৰ সকলোৰে

Read more

মুক্তিত নিস্পৃহ যিটো- চিদানন্দ বৰা

দাদা, আলোচনীলৈ কিবা এটা দিবহে; গ্ৰুপৰ ইজ্জতৰো কথা আছে৷ অকল মিনতি খুৰীৰ কথাকেই লিখি থাকিলে নহ’ব; ৰাইজলৈ বুলিও কিবা এটা লিখক৷ লকডাউনৰ বিড়ম্বনাক নেওঁচিবলৈকে কেইজনমান ফটাঢুলীয়াৰ সমিলমিলত গঢ়ি উঠা গ্ৰুপটোত; এইয়া সুকুমাৰৰ মন্তব্য ৷ গ্ৰুপটোত বাইছ তেইশজনমান সদস্য আছে৷ অধিকাংশ সদস্যই খুউব ভাল লিখামেলা কৰে৷ ফটাঢোলৰ ৰথী মহাৰথী সকলৰ নাম-তালিকাত, এওঁলোকৰ নামবোৰো  ট-টকৈ জিলিকি থাকে৷ তাৰে ভিতৰত দুই-এজন ইমানেই পাৰ্গত যে; ইচ্ছা কৰিলে মহাৰথী অৰ্জুনকো চেৰ পেলাই, একেপাত শৰতে আঁউসীৰ ঘোপমৰা অন্ধকাৰতো অনায়াসে ডঁৰিকণা মাছৰ চকু কাঢ়ি আনিব পাৰে৷ শব্দভেদী

Read more

আমাৰ কলেজৰ ধোবী মহাশয়- ডা° তপন শইকীয়া

পুৱা ইষ্ট্ৰি কৰি থাকোঁতে হঠাৎ মেডিকেল কলেজৰ ধোবী ল’ৰাটোলৈ মনত পৰিল। এনেয়ে ডাঙৰ আবাসিক কলেজত কেইবাটাও ধোবী আহে আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভালপোৱা এটা বিচাৰি লয়। সিহঁতৰ বয়জ বা গাৰ্লছ হোষ্টেলত অবাধ গতি। প্ৰায়বোৰ ধোবীয়েই বিহাৰী আৰু গ্ৰাহাম বজাৰৰ ডিব্ৰুগড়ীয়া অসমীয়া কয়৷ শুনিবলৈ হায়দৰাবাদী হিন্দীতকৈও মধুৰ। মাহটোৰ খৰছৰ বাবে ১৬৫ টকা৷ ১০০ টকা দেউতাই দিয়ে, বাকী ৬৫ টকা মাহিলী ষ্টেট স্কলাৰশ্বিপৰ পৰা পাওঁ। টানি-টুনি চলি যায়। কাপোৰ বুলিবলৈ ৩ টা লংপেণ্ট আৰু ৪ টা চাৰ্ট। মোৰো এটা ফেভাৰিট ধোবীয়ে তিনিদিনত কাপোৰকেইটা

Read more

মাল্টিপোল চইজ- আদিত্য জ্যোতি বৰঠাকুৰ

: ঐ, আজি ক্লাচ নকৰ নেকি হে? শংকৰে হাতৰ ঘড়ীটোলৈ চাই কৈ উঠিল। আমি চাৰিওটা, মানে মই, শংকৰ, বিজয় আৰু দেবজিত একেখন মহাবিদ্যালয়ৰ একেটা শ্ৰেণীৰে স্নাতক বৰ্ষৰ ছাত্ৰ৷ ক্লাচনো কি! কলেজৰ সন্মুখৰ গৌৰীশংকৰ পাণ দোকানৰ সন্মুখত তামোল চিগাৰেট পাণৰ মহাৰণ এখন কৰাৰ পাছত যিখিনি সময় পোৱা যায়, সেইখিনিয়েই৷ এইকেইদিন অৱশ্যে শ্ৰেণীত পাঠদান আৰম্ভ হৈছেহে মাত্ৰ৷ তথাপি দুই এটা শ্ৰেণীত উপস্থিত নাথাকিলে শিক্ষকে আমাক ডাইন’চ’ৰৰ শাৰীতে পেলাব পাৰে বুলিয়েই উপস্থিত থাকোঁ৷ : নাই, আজি ছাৰ অহা নাই৷ গা বেয়া নেকি৷ মুখৰ

Read more

গেট ৱেল চুন জান দা- অভিজিত দাস

জান দাৰ হাৰ্ট এটেক৷ খবৰটো শুনিয়েই দৌৰাদৌৰিকৈ হস্পিটেললৈ গ’লোঁ৷ চিকিৎসকে চিন্তাৰ বিশেষ কাৰণ নাই বুলি ক’লে যদিও নিদ্ৰাৰত অৱস্থাত থকা মুখখন চাই বেয়া লাগি গ’ল৷ জান দা আমাৰ চুবুৰীৰে৷ সৰুৰে পৰাই তীখৰ৷ স্কুলত পঢ়া দিনৰে পৰা তেখেত মহিলা সমাজৰ খবৰ খাতি লোৱাত আগৰণুৱা আছিল৷ মেট্ৰিক পাছ কৰাৰ পাছতে জান দা গুৱাহাটীলৈ পঢ়িবলৈ গ’ল৷ তাৰ পাছত দেখা দেখি নাই৷ পাহৰিয়ে যোৱাৰ দৰে হ’ল৷ বিগত দুই বছৰ মান আগতে এদিন হঠাতে জান দাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল ফেচবুকত৷ অৱশ্যে পোচাকী নাম দি ব্ৰেকেটৰ

Read more

খৰগ সিং, মানালি যাত্ৰা আৰু অন্যান্য- কমলজিত মেধি

পিছপিনৰ পৰা শোধোৱা বাঘ ঢকাটো কোনোমতে চম্ভালি খঙেৰে চাই দেখোঁ খৰগ সিঙে বত্ৰিশটা দন্ত উদঙাই থিয় দি আছে । : ইমান দিনৰ মূৰত ….ইয়াত কি কৰি আছ তই! দিল্লীলৈ মোৰ বদলিৰ খবৰটো ওলোৱা অফিচৰ মেইলবোৰ বোধহয় সি পঢ়া নাছিল। সেইবাবেই লোধী ৰ’দৰ অফিচৰ সন্মুখত মোক দেখি সি আচৰিত হৈছিল। খৰগ সিঙৰ আচল নাম খৰগ নহয়। মাক বাপেকে দিয়া হিন্দী চিনেমাৰ ঠাকুৰবোৰৰ দৰে গুৰু গম্ভীৰ নাম এটাও আছে। আমি দুয়ো একেলগে বৰোদা ৰিফাইনেৰিত যোগদান কৰি প্ৰশিক্ষণ লৈছিলোঁ। সি ইঞ্জিনিয়াৰিং পঢ়িছিল আই

Read more

এইচ কে ক’চিং চেণ্টাৰৰ মাল্টিটেলেণ্টেড ষ্টুডেণ্ট-নয়নজ্যোতি বৰঠাকুৰ

এইচ কে কোচিং চেণ্টাৰ, বেলতলা, গুৱাহাটী, বাইলেন-ন’ লেন। এইচ কে ক’চিং চেণ্টাৰ এটা নাম নহয়, ব্ৰেণ্ড হয় ব্ৰেণ্ড। হয়, আপোনালোকে ঠিকেই ভাবিছে, আমাৰ হেমন্ত কাকতি খুড়াৰ ব্যক্তিগত ক’চিং চেণ্টাৰ। বহুতে হেমন্ত কাকতি ক’চিং চেণ্টাৰ বুলি কয় যদিও প্ৰকৃততে ইয়াৰ নাম Human Knowledge Coaching Centre হে। খুড়াৰ ইয়াত UPSC, APSC ৰ বাবে ষ্টুডেণ্ট আৰু প্ৰাৰ্থীক শিক্ষাদান কৰা হয় বুলি ক’লে ভুল কোৱা হ’ব; কাৰণ খুড়াৰ ঐকান্তিক প্ৰচেষ্টাত ইয়াত UPSC, APSC ৰ বাবে একো একোটা মেটেল তৈয়াৰ কৰা হয়। খুড়াৰ চেণ্টাৰত চিট

Read more

এইবেলি বিয়াখন হ’বই- সদানন্দ ভূঞা

এইবেলি কনটিলৌৰ বিয়াখন হ’বই বুলি বিশ্বস্ত সূত্ৰে জানিব পাৰি মোৰো মনটো আনন্দত নাচি উঠিল। এইহেন সীমাহীন আনন্দৰ ভাগ মইনো আপোনাসৱক বঞ্চিত কৰি অকলে কিয় লওঁ! আহকচোন আমি সকলোৱে এই আনন্দকণ ভগাই লওঁ। কি ক’লে? কনটিলৌ কোন চিনি পোৱা নাই? কনটিলৌ মোৰ কাল্পনিক জগতত বিচৰণ কৰা বিয়া বিয়া বুলি বলিয়া হোৱা এজন অবিবাহিত প্ৰাপ্তবয়স্ক যুৱক। পাঠকবৃন্দৰ চকুত যদি যুৱকজনৰ ওপৰত গোটৰ কাৰোবাৰ সৈতে সাদৃশ্য ধৰা পৰে তেন্তে এই লেখাটোৰ লেখক হিচাবে ক্ষমাপ্ৰাৰ্থী। হওঁতে কনটিলৌৰ বয়স দুকুৰিৰ দেওনা পাৰ হৈ আঢ়ৈ কুৰি

Read more
1 24 25 26 27 28 72