ফটাঢোল

খাৰখোৱা মাষ্টাৰ চেফ- মানসী বৰা 

মোৰ দৃঢ় বিশ্বাস এয়ে যে, এগৰাকী মহিলাই  দহটা মূৰৰ চিন্তা অকলে ল’ব পাৰে। এখন ঘৰ নিয়াৰিকৈ চলাই থাকোঁতে ঘৰৰ গৃহিণীগৰাকীয়ে কিমান কথাত যে গুৰুত্ব দিব লগা হয়! সকলোৰে ক্ষেত্ৰত নহ’লেও  কিছুমান মতা মানুহে অফিচৰ পৰা ঘৰ, ঘৰৰ পৰা অফিচ কৰিয়েই ভাগৰে। সাত হাল বায় অহাৰ নিচিনা কৰে৷ নিজৰ অভিজ্ঞতাৰ পৰাই লিখিছোঁঁ৷ আমাৰ এওঁ মানে এটা সময়ত কেৱল এটা চিন্তাৰহে ভাৰ ল’ব পাৰে৷ কেনেবাকৈ দুই তিনিটা কথা একেলগে ক’লে শত্ৰুঘ্ন সিনহাৰ খামুচ টাইপ চিঞৰ মাৰি দিয়ে৷ বজাৰৰ পৰা দুটা বস্তু আনিবলৈ

Read more

আৰ্ট অৱ Leaving- চন্দনা শৰ্মা

টুট, টুট কৈ মবাইলৰ নটিফিকেশ্যন অহাত ইমান সময়ে বাতৰি কাকতৰ পৃষ্ঠাত দেশ বিদেশৰ খবৰ পঢ়ি নিমগ্ন হৈ থকাৰ পৰা বাস্তৱলৈ ঘূৰি আহিলোঁ৷ দেশৰ অৰ্থনীতিৰ অৱস্থা বৰ সুখকৰ নহয় বুলি বাতৰি কাকতে সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ কৰিছে, যি আমাৰ দৰে সাধাৰণ নাগৰিকৰ বাবেও ত্ৰাসৰ কাৰণ৷ নটিফিকেশ্যনত খুলি চালোঁ, এটা SMS ত আৰ্ট অৱ leaving ৰ বিষয়ে তথ্য দি এটা ফোন নম্বৰো দিছে সবিশেষ জানিবলৈ৷ art of #leaving। ইমানদিনে Art of Living ৰ কথাহে শুনি আহিছিলোঁ৷ অলপ সময় চিন্তা কৰাৰ অন্তত সবিশেষ জানিবৰ

Read more

পৰিৱৰ্তন- সোমেশ্বৰ বৰা

সময়ৰ পৰিৱৰ্তনৰ লগত ৰজিতা খুৱাই মানুহৰ জীৱন যাপন, ধৰণ-কৰণৰো পৰিৱৰ্তন ঘটিছে। বৰ দেউতাই ৰাজহুৱাকৈ কৈছিল আমি চৰকাৰ কৰিলে পৰিৱৰ্তন আহিব। আমি ভতুৱায়ো ভাবিছিলোঁ, চকুত লগা পৰিৱৰ্তন আহিব। পিচে নাহিল। কিন্তু কিছুমান নাহিব লগা ক্ষেত্ৰত পৰিৱৰ্তন আহিল। আমাৰ ভতুৱা মখাই পাভলুটী দেখি হুঁচ অহাত আপোনা-আপুনি মুখত ওলাই গ’ল,             “এ বাদ দিয়া হে।” : ধনৰ মূল্য কমিল। : আমি অধিক ভিকহু হ’লোঁ মনৰ। : আপোনপেটীয়া হ’লোঁ। : খেতিখোলা এৰি দুটকীয়া চাউলত শৰণ ল’লোঁ। : কেনেকৈ বিপিএল

Read more

একতাই পৰম বল- শাণ্ডিল্য মহন্ত

আমাৰ জাতিটোক লৈ বহুসময়ত বহুজনে কাট মৰা দেখা যায়। বেছিভাগ সময়তে তেনেকুৱা কথাবোৰে এটা বিষয় স্পৰ্শ কৰি যায় যে অসমীয়া মানুহৰ হেনো একতা নাই। এনেকুৱা কথা আলোচনা কৰা কেইজন যে অকল বাহিৰা মানুহেই তেনে নহয়, তাৰ মাজত অনেক এতিয়াও খাৰ খাই ভাল পোৱা অসমীয়াও থাকে। আমাৰ মুলুকখনৰ যদি এতিয়াও উন্নতি নোহোৱাকৈ আছে তাৰ মূলতে এই নিজৰ দোষ খোঁচৰা কেঁকোৰাবোৰ। বাকীকেইটাই বাৰু হিংসা কৰিয়ে তেনেকৈ কয় মানিলোঁ, আমাৰ নিজৰ চুকত থাকি বুকুত কামোৰা অবালচন আপত্তিজীৱীকেইটাৰ কথা ভাবিলেহে মনটো টেঙাই যায়। সেই

Read more

এজন চিত্ৰকৰৰ আত্মকথা-ধুৰ্যতি কাকতি

সৰুতে পঢ়িছিলোঁ যি লোকে ভাল ছবি আঁকিব পাৰে তেওঁলোকৰ হেনো হাতৰ আখৰো ভাল হয়৷ মোৰ ক্ষেত্ৰত সমস্যাটো হ’ল মোৰ দুয়োটাই বেয়া৷ বহীত লিখা আখৰ যদি কিবা কাৰণত ফটোষ্টেত কৰিবলগীয়া হয় কোনো গুপ্তধনৰ সাংকেতিক নক্সা যেন লাগে৷ ভাগ্য ভাল যে মই শিক্ষক নহ’লোঁ৷ নহ’লে ক’লা বোৰ্ডত বগা চকেৰে লিখিলে জেব্ৰাৰ ছবি অঁকা যেনহে লাগিলে হয়৷ কি লিখিছোঁ বুজাতো বহুত দূৰৰ কথা৷ নিজে লিখা বস্তু কেইমাহমান পাছত চালে কেতিয়াবা নিজে ধৰিব নোৱাৰোঁ, কি লিখিছিলোঁ৷  সেয়া বাৰু মোৰ হাতৰ আখৰৰ দুৰৱস্থা, আজি অৱশ্যে

Read more

ফেচবুকৰ চাইড এফেক্ট- মধুমিতা বৰুৱা শইকীয়া

ভাগিনজনীয়ে বহুত দিনৰ আগতেই কৈছিল, ধুনীয়া হৈ আছা যদিও মুখখনত অলপ দাগ পৰিছে তোমাৰ। গতিকে শীঘ্ৰে যত্ন লোৱা। এটা দৰবৰ নামো দিলে তাই লিখি। দৰবটো মুখত লগাব লাগে। নামটো Cutie glow! সেইদিন ধৰি ফাৰ্মাচী দেখিলেই সোধোঁ কিন্তু পোৱা নাই। কালি চানমাৰী যাওঁতে অভ্যাসবশতঃ আকৌ বিচাৰিলোঁ cutie pie ক্ৰীম! কোনোমতেও তেওঁলোকে দিব নোৱাৰিলে। ল’ৰাজনে আকৌ সুধিলে, নামটো আকৌ কওকচোন। ময়ো সমান আগ্ৰহেৰে মাত লগালোঁ, নামটো Cutie pie আকৌ। ল’ৰাজন ভদ্ৰ আছিল, বিনম্ৰভাৱে উত্তৰ দিলে, “ইমান দিন ফাৰ্মাচীত আছোঁ বাইদেউ Cutie pie

Read more

শইকীয়াৰ চোতালত মহাৰণ- ৰঞ্জিত কুমাৰ শৰ্মা৷

”হেৰা, বাদ দিয়াহে৷ পুৱাই পুৱাই কি আৰম্ভ কৰিলা? মনে মনে থাকাহে৷”– শইকীয়াই পত্নীক মনে মনে থাকিবলৈ ক’লে যদিও লাভ নহ’ল৷ ”নাথাকো মনে মনে৷ কিয় মনে মনে থাকিম? তাই মৰতীয়ে চিঞৰি থাকিব আৰু মই মনে মনে থাকিম?”– শইকীয়াৰ স্বৰতকৈ দুগুণ উচ্চস্বৰত ভেকাহি মাৰি উঠিল শইকীয়ানী৷ শইকীয়াৰ ঘৰত সৃষ্টি হোৱা এই পৰিস্থিতি মূলতঃ হ’ল এখন তুমুল বাকযুদ্ধ৷ শইকীয়াই জনা-নজনাকৈ এই বাকযুদ্ধৰ সূত্ৰপাতো তেওঁক লৈয়েই৷ কথাটো হ’ল, শইকীয়াই নতুনকৈ ঘৰটো নিৰ্মাণ কৰাৰ পিছত চৌহদতে থকা পুৰণি ঘৰটো এহাল দম্পতীক ভাৰাত দিছে৷ মাজে-সময়ে শইকীয়াই

Read more

আজিৰ ঘটনা- সত্যেন মহন্ত

জাগীৰোডৰ পৰা ভাগৰে জোগৰে উভটিবলৈ ট্ৰেভেলাৰ এখনত উঠি গাটো চিট এটাত এৰি দিছোঁ তপা মূৰটোৰ সৈতে৷ কাষত বহাজনে গাড়ী চলিবলৈ আৰম্ভ কৰাৰ আগতেই গমগমীয়াকৈ উজান দিলেই ফ’নত৷ তেৰাই লগোৱা এক নং ফ’নটো, : হেল্ল’ কি খবৰ? মই গুচি আহিলোঁ দেই৷ জীয়া ছয় কিলো এটা পালোঁঁ৷ আলফ্ৰেডৰ লগত আধা আধা কৰি কিনিলোঁঁ৷ আকৌ অকণমান সময়ৰ পিছত, ২ নং ফোনটো : হেল্ল’! অ’ মই আহিব লগীয়া হ’ল বুইছেনে? জীয়া ছয় কিলো এটা পালোঁ৷ লৈ আহিলোঁ৷ (এইবাৰ আলফ্ৰেড গায়ব৷)তেজাল ভকুৱা তেলাহীতে পালোঁ৷ মই

Read more

সন্ত্ৰাসবাদী- কাবেৰী মহন্ত

টঁঅ..অঁ..অঁ… সন্ধিয়া  চাহকাপ খোৱাৰ সময়তে কলিংবেলটোৰ কৰ্ষক মাতটো বাজি উঠাৰ লগে লগে লৰা ঢপৰা লাগিল! পেষ্ট্ৰীপিচটো প্লেটত লৈছিলোঁহে ওলালহি কোনোবা সন্ত্ৰাসবাদী! ওচৰতে থকা পেপাৰখনে লগেলগে ঢাকি দিলোঁ প্লেটখন৷ দুৱাৰখন খুলিলোঁগৈ..ধেৎ, পেপাৰৰ বিল নিবলৈহে আহিছে হকাৰজন! দিবলগীয়া পেমেন্ট কৰি দুৱাৰখন লাহেকৈ জঁপাই হাত ধুই পুনৰ পেষ্ট্ৰীপিচটো খাবলৈ আৰামত বহি ললোঁ৷ টঁঅ..অঁ..অঁ..দুৱাৰখন  ঠেলি এইবাৰ নিজেই আগন্তুক সোমাই আহিল..হয়, সন্ত্ৰাসবাদীয়েই! “ৱাহ! একদম ৰাইট টাইমত এন্ট্ৰী মাৰিলোঁ দেই..অকলে খাইছ ৰাক্ষসী?” নাকটো কোঁচাই মতলবী হাঁহিটোৰে সি ওচৰৰ চকীখনত বহি ল’লে, চকু তাৰ মোৰ প্লেটখনত৷ দিবতো

Read more

আইনা ভগাদি ভাগে হিয়াখনি -অপৰাজিতা দাস

মনোৰঞ্জন শইকীয়াৰ আজি খুব ফূৰ্তি। পত্নী নিহাৰীকাৰ পেহীয়েকৰ জিয়েক জিলমিলৰ আজি বিয়া। শইকীয়া দম্পত্তিয়ে আগদিনাই সপৰিয়ালে আহি বাহৰ পাতিছেহি বিয়া ঘৰত। চাৰিওফালে উদুলি মুদুলি পৰিৱেশ। শইকীয়াৰো দিল গাৰ্ডেন গাৰ্ডেন হৈ আছে। বিয়ালৈ জিলমিলৰ বান্ধৱী কেইজনীমান আহিছে। তাৰে মাজৰে এজনীয়ে লুকাই লুকাই শইকীয়ালৈ যিটোহে চাৱনি দিছে। উফ কলিজাটো যেন ওলাইহে আহিব। ‘এনেকুৱা চাৱনি নিদিবি অ’ কলিজাজনী! প্ৰেমতে পৰি যাম’ – মনে মনে আওঁৰাইছে তেওঁ। হওঁতে শইকীয়াও ডেকা কালত দহ-বাৰজনী ছোৱালীক একেলগে প্ৰেমত হাবু ডুবু খোৱাব পৰা ধৰণৰে আছিল। ঈৰ্ষণীয় চেহেৰা, সুন্দৰ

Read more
1 29 30 31 32 33 72