ফটাঢোল

মাটি পানীৰ বিলৈ-অভিজিৎ গোস্বামী 

মাটি পানী লোৱা মানে বহুতে হয়তো নুবুজিব পাৰে, আগৰ দিনত চাবোন যিহেতু সহজলভ্য নাছিল, গতিকে অসমীয়া সমাজত শৌচ প্ৰেছাৱ কৰাৰ পাছত নিকা হ’বৰ বাবে হাতত মাটি ঘঁহি, পানীৰে ধুই, হাত ভৰি নিকা কৰাৰ নিয়ম আছিল আৰু এই নিয়মটো সহজ ভাষাত মাটি পানী লোৱা বুলি জনা গৈছিল। ঘটনাৰ নায়ক আমাৰ ঘৰৰে ওচৰৰ ককাইদেউ এজন।মানুহজনৰ বয়স প্ৰায় তিনিকুৰি মানহে হৈছে, কিন্তু তেখেত এজন ধৰ্মপ্ৰাণ আৰু সদায় নিয়ম নীতি মানি চলা লোক। সাধাৰণ উদাহৰণ হিচাপে ক’ব পাৰোঁ‌, তেখেতে আজিৰ দিনলৈ চাগে পুৱা গধূলিৰ

Read more

মোৰ অৰ্গেনিক খেতিডৰা- কমলা দাস

ঘৰতে শাক পাচলিৰ খেতি অলপ কৰি ভাল পাওঁ। ফচল ধৰিলে খোৱাতকৈও চাই বেছি ভাল পাওঁ। বতৰৰ খেতি কিবা নহয় কিবা অলপ লগাওঁৱেই। এনেও ঘৰত সাৰ নিদিয়াকৈ কৰা অৰ্গেনিক খেতিৰ ফচল মানৱ দেহৰ কাৰণে উপকাৰী বুলি সচেতন লোকে বহুল ভাবে প্ৰচাৰ কৰি থাকেই দিয়কচোন! তাৰেই অনুপ্ৰাণিত হৈ অৰ্গেনিক খেতি কৰি আছোঁ আৰু! এবাৰ ভোল লগাইছিলোঁ বুইছেনে। সুন্দৰ দীঘল দীঘল ভোল লগাত মনত বৰ আনন্দ লাগিছিল। নিজে ৰোৱা গছৰ ফল লাগিলে মনটো বৰ ভাল লাগে। সেই বছৰ ভাল ফল পোৱা কাৰণে পিছৰ

Read more

ঈৰ্ষা-মৌচুমী গগৈ

আপুনি কেতিয়াবা কাৰোবাক ঈৰ্ষা কৰি পাইছেনে? সাধাৰণতে আমি যিমানেই মানুহৰ আগত বুকু ফিন্দাই কওঁ যে, : আমি আজিলৈকে কাকো ঈৰ্ষা কৰি পোৱা নাই বা কোনো কথাই আমাক ঈৰ্ষান্বিত কৰা নাই, কিন্তু প্ৰকৃততে এই কথাষাৰ কিমানদূৰ সচাঁ বা গ্ৰহণযোগ্য? ধৰি লওক, আপুনি এতিয়ালৈকে চাকৰিৰ ক্ষেত্ৰখনত নিজৰ নাম লিখিবলৈ সক্ষম হোৱা নাই অৰ্থাৎ নিবনুৱা হৈ আছে৷ এদিন ঘৰত বহি বহি আমনি লগাত লগৰে চাকৰিয়াল বন্ধু এজনৰ খবৰ কৰিবলৈ গ’ল৷ বন্ধুৰ ঘৰৰ গেট খোলাৰ লগে লগে বন্ধুৰ মাক বা দেউতাক কোনোবা এজন ওলাই

Read more

পোটক- তীৰ্থ শৰ্মা

কাহিনীটো বালিৰ। মানে বালিময় ডুবাই চহৰৰ আশে-পাশে। ডুবাই চহৰখন বাহিৰৰ পৰা যিমান চকু চাঁট মৰা নালাগক কিয়, চহৰৰ পৰা অলপ আঁ‌তৰ হ’লেই গোটেইখন বালিয়ে বালি। মানে সাগৰ সদৃশ ইপাৰ সিপাৰ নমনা মৰুভূমিৰ বালি। ৫০° ওপৰৰ গৰম, পাবলৈ পানী অকণো নাই। এচি থকা গাড়ীৰ বাহিৰে বেলেগ উপায়েৰে চহৰৰ বাহিৰৰ কোনো ঠাইলৈ যোৱা অসম্ভৱ। গতিকে গাড়ীখনৰ ব্যৱস্থা নিজে কৰি লৈ নগ’লে, চহৰৰ বাহিৰত গাড়ী মটৰ তেনেকৈ পাবলৈ নাই। তেনে অৱস্থাত সেই দূৰ ঠাইৰ পৰা চহৰলৈ খোজ কাঢ়ি আহিব লগা হ’লেতো আৰু ইহলীলা

Read more

ধঁপাত  বিশেষ- উৎপল বৰা

কাহিনী আৰম্ভ হয় দিল্লীৰ পৰা। গৌতম ইণ্ডিগ’ বিমান কোম্পানীৰ চাকৰিয়াল। সেই সূত্ৰেই গুৱাহাটী, দিল্লী, কলকাতা, যোৰহাট ঠাইবোৰৰ মাজত আহ-যাহ সততে হৈ থাকে। দেখনীয়াৰ, কথা ক’ব জনা, মানুহৰ লগত বিশেষভাৱে বিপৰীত লিংগৰ মাজত খুবেই জনপ্ৰিয়। সহজতে আকৰ্ষিত কৰিব পৰা এজন। তেনেদৰেই লগ পায় ৰুচিক। অতি আকৰ্ষণীয়, চকুত লগা, মোহনীয়। গানো গায়। অ’ গৌতমো এজন ভাল গীটাৰিষ্ট। গানো গায় ভাল। দুয়ো একে ঠাইৰে। গতিকে কথাবোৰ ভাল দৰেই আগবাঢ়িল। পৰিয়ালৰ দেখা সাক্ষাৎ হোৱাৰ পিছত তেওঁলোকে বিয়াৰ যা যোগাৰত লাগিল। কিন্তু টুইষ্ট নহ’লে কাহিনী

Read more

খ্যাতি- দিগন্ত কুমাৰ ভট্টাচাৰ্য

মন যায়। উকীল ৰক্ত বৰুৱাৰো মাজে মাজে ‘ফেমাচ’ হ’বলৈ মন যায়। লগৰ বহুকেইজন অধিবক্তাৰ দৰে তেৱোঁ তেওঁৰ বাতৰি-ফ’টো পেপাৰে-পত্ৰই প্ৰকাশ হোৱাটো বিচাৰে। তেওঁৰো মন যায় ছেনেলৰ টক শ্ব’বোৰত টেবুলত ঢকিয়াই উষ্মা প্ৰকাশ কৰি হোৱাই-নোহোৱাই, জনাই-নজনাই দুআষাৰ ক’বলৈ। বৰুৱাই অৱশেষত অনুভৱ কৰিলে- গায়ক গাৰ্গেহে তেওঁক ‘ব্ৰেক’ এটা দিব পাৰিব। কিছুবছৰ আগতে তেওঁৰেই সহকৰ্মী দত্তকো সেই গায়ক গাৰ্গেই ফেমাচ কৰি দিছিল। দত্তৰ পোন্ধৰ বছৰীয়া পুতেকটোক চিগাৰেট হুপি কথা পাতিবলৈ অহা বাবে গায়কজনে চৰিয়াইছিল। মানুহবোৰৰ কিছুমানে গাৰ্গৰ সপক্ষে মাতিছিল, কিছুসংখ্যকে অধিবক্তা দত্ত আৰু

Read more

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি – সঞ্জীব কুমাৰ ভট্টাচার্য

মানে হতাহতি হ’বলৈহে বাকী আছিল আমি আহি আটাইকেজনৰ মাজত সোমোৱালৈকে। দুৰ্বাদল তৰ্কাতৰ্কি আটাইকেইজনৰ মাজত প্ৰায় এঘণ্টা ধৰি। তৰ্কাতৰ্কি গৈ এটা পৰ্যায়ত হতাহতি হবলৈকে ওলাইছিল যদিও আমি জ্যেষ্ঠ কেইজনমানৰ হস্তক্ষেপত বিষয়টো শাম কাটে।একেখন ঠাইৰে একেলগে ডাঙৰ দীঘল হোৱা ল’ৰা ছোৱালীবোৰৰ মাজত কেনেদৰে সৰু সৰু কথাবোৰত কাজিয়াৰ সৃষ্টি হ’ব পাৰে সেইদিনা সচক্ষে দেখা পালো। সিহঁত আটাইবোৰ প্ৰায় সমবয়সীয়া। ২০-২৫ বছৰ বয়সীয়া হব, আমাৰ সকলোৰে আশাৰ নৱপ্ৰজন্মটোৰ প্ৰতিনিধি সিহঁত। সিহঁতৰ বয়সত আমিবোৰে বেছিসময় খেলা ধূলা কৰিয়েই ঘূৰি আছিলো, যিকোনো সন্মান লাঘৱ নোহোৱা কাম

Read more

 পিৰালিৰ চুক TO ডিজিটেল, হিয়াৰ আমঠু বিয়নী মেল – অসীমা দত্ত শইকীয়া

ৰসাতলে যাইতি, ঘৰৰ পৰা আনিছিলি কি? সেইটো ছোফা আনিলি ট্ৰাকৰ ওপৰত আনোঁতেই গছৰডাল লাগি খুৰা এটা তাতে থাকি আহিল। কি কাঠৰ ঐ বাপেৰক সুধিবিচোন। ইয়াত তোৰ দম নচলিব। পুৱাতে গিৰিয়েকৰ দপদপনি শুনি তাই ৰ’ব নোৱাৰিলে। তায়ো মেলি ধৰিলে কলেজৰ দিনৰ হাতনি পেৰাতো।  ……হ’ব, আম্বানীৰ পুতেকক দেখিছিলোঁ কি দিছিল ভালপাই থাকোঁতে। খুজি লোৱা উপহাৰটোও পোৱাৰ দিনা হোষ্টেলৰ বাৰাণ্ডাত নাল নাইকীয়া চকীত ধৰিহে কথমপি ৰৈছিলোঁ। তাকো খুজিছিলোঁ শূৰ্পণখাৰ দৰে নাকতো আগে ভাগে কাটি লৈ নিজে। লগৰবোৰে কিমান দেখুৱায় সিহঁতৰ বয়ফ্ৰেণ্ডৰ গিফ্টবোৰ। মোৰ

Read more

আহ ঐ আহ- দিপংকৰ মল্ল বৰুৱা

কণপায়ে বৰ খৰধৰকৈ ক’ৰবালৈ গৈ থকা দেখি চিঞৰি মাতিলোঁ,”হেৰৌ ইমান দৌৰা-দৌৰিকৈ ক’লৈ যাৱ?” সি অলপপৰ ৰ’ল৷ মুখ বিকটাই সি ক’লে,”ভাল কাম এটালৈ ওলাইছোঁ৷ দিলে নহয় টেপেৰকৈ পিছপিনৰ পৰা মাতি৷ বৰ বেয়া কাম কৰিলে দাদা৷” -“হেৰৌ, কিনো ভাল কাম কৰিবলৈ ওলাইছ মোকো কচোন৷” -“অইনে খোলো খোলোকৈ নোখোলেহে, নোখোলেহে৷ ভাবিছোঁ, ময়েই খুলি দিওঁ নেকি!” -“আনে খোলা নাই, তই খুলিবি? কি খুলিবি নকৱ কিয়?” কণপায়ে ওচৰলৈ আহি ফুচফুচাই ক’লে,”বহুত কামৰ বস্তু দাদা৷ এবাৰ খুলি ল’ব পাৰিলে আৰু চিন্তা নাই৷ আপুনিও আহক দাদা৷ চাকৰি

Read more

পুৰুষ-কাপুৰুষ – সুনিল দত্ত

“পুৰুষ সদায় পুৰুষৰ দৰে হ’ব লাগে। বিয়া কৰাই আনিছ যেতিয়া পাকঘৰৰ হেঁতা কেঁৰাহীৰ লগত আকৌ কিহৰ মিতিৰালি পাতিছ সৰুবাপু? ৰন্ধা-বঢ়া, ধোৱা-পখলা এইবোৰ ঘৈণীয়েৰৰ কাম। ঘৈণীয়েৰক বেছি লাই নিদিবি।নহ’লে পিছত নিজেই পস্তাবি। কোনদিনা ঘৈণীয়েৰে মেখেলা ধুবলৈ দিয়ে গমেই নাপাবি।”- চাকিবলৈ আগুৱাই দিয়া মাংসৰ বাতিটো হাতত তুলি লৈ হৰেণ খুড়া গৰজি উঠিল। হৰেণ খুড়াৰ কথাৰ ওপৰত কথা কৈ লাভ নাই বুলি জানিও লাহেকৈ মাত দিলোঁ – “নহয় মানে খুড়া, এওঁৰ মূৰটো বিষাইছে হেনো। সেইকাৰণে গধূলিৰ পৰা শুই আছে। মইতো ঘৰত নাথাকোৱেই, এওঁৱেই

Read more
1 30 31 32 33 34 72