ফটাঢোল

বালকৰ বচন –  বিকাশ দত্ত

১) সৰস্বতী পূজাৰ ফটো চাই ছোৱালী পছন্দ কৰা আৰু চিকেন বুলি ছয়াবিন খোৱা একেই কথা। ২) পিয়াঁ‌জ নোহোৱা বড়া আৰু দাড়ি নোহোৱা ল’ৰা, কোনো কাম নাই। ৩) ডেকাকালত প্ৰেম আৰু বুঢ়া কালত পিৰিতি, নিতান্তই প্ৰয়োজনীয়। ৪) সময় থাকোঁতেই লিখি লোৱা চেনেহীৰ নাম হিয়াত, নহ’লে পিছৰ পৰ্যায়ত ক’ব লাগিব “গোল্লা বিলাম তোমাৰ বিয়াত!” ৫) আলু নোহোৱা চিঙৰা কোনেও নাখায়, টকা নোহোৱা ল’ৰা কোনেও নাচায়। ৬) প্ৰেম কৰাঁ কিন্তু ইয়াৰ প্ৰতিদান নিবিচাৰিবা। ৭) নিজৰ হৃদয়ৰ ৱাইফাইৰ পাছৱৰ্ড সকলোকে নিদিবা। ৮) সঁ‌চা প্ৰেমৰ

Read more

মেম্বাৰণী- প্ৰাঞ্জল বৰ্মন

পঞ্চায়ত  ইলেক্চনৰ সময়ৰ ঘটনা৷ গাওঁবোৰত ইলেকচনৰ বতাহ৷ তিনিআলি-চাৰিআলিয়ে হাত হাতী পদুমৰ নিচান উৰিছে যেন দেশখন আকৌ স্বাধীন হ’বলৈ গৈ আছে৷ পিছে আমাৰ বৰুৱাহোলা চুবুৰিটোহে কিবা যেন বহিঃবিশ্বৰ পৰা পৃথক হৈ আছিল৷ চুবুৰিটোৰ এটা ইলেক্ট্ৰিক পষ্ট’তো এখন পষ্টাৰেও চিপ লোৱা নাই৷ চুবুৰিটো পঞ্চায়তৰ ৬ নং ৱাৰ্ড৷ আগৰবাৰ ৬নং ৱাৰ্ডটো পুৰুষৰ বাবে সংৰক্ষিত আছিল৷ অহা পাঁচবছৰলৈ মহিলাৰ দখলত থাকিব ৷     চুবুৰিৰ মহিলা সমিতিৰ মাজত আলোচনা চলিল, কোনে ইলেকচনত প্ৰতিদ্বন্দ্ব্ব্ব্ব্বীতা আগবঢ়াব, কাক পতা হ’ব ৱাৰ্ড মেম্বাৰ৷ নাই এজনীও নোলায়৷ ইজনীৰ ল’ৰা-ছোৱালীৰ

Read more

মামাহঁতৰ বিয়া খাবলৈ গৈছিলোঁ-নুৰুল ইছলাম

আমাৰ মাৰ ভাই-ককাই অর্থাৎ মামা আছিল দুজন। তাৰে বৰজনা মামাই পৈতৃক সম্পত্তিতেই থাকিল। খেতি-বাতি কৰে। পিছে সৰুজন মামাই চাকৰিসূত্রে চহৰতে ঘৰ মাটি কৰাৰ লগতে বিয়াবাৰু পাতিলৈ চহৰৰে স্থায়ী বাসিন্দা হ’ল। মামাৰ চাকৰিটো ভাল হেতু টকা পইচাও দেধাৰ হ’ল। মুঠতে মামাৰ এতিয়া মহাসুখ। মামাৰ সংসাৰত ল’ৰা-ছােৱালী বুলিবলৈ মাত্র এহাল। ল’ৰাটো ডাঙৰ আৰু ছোৱালীজনী সৰু। দুয়োকে ভালকৈ পঢ়াশুনা কৰাই চাকৰিটোত সুমুৱাই দিছে। মামাৰ অৱশ্যে চাকৰিৰ পৰা অৱসৰ লােৱা আজি এবছৰমান হ’ল। এতিয়া মামাৰ একমাত্র পুত্র টিংকুৰ বিয়াখন পাতিবলৈ ওলাইছে। ছোৱালী চহৰৰ নাম

Read more

বেপাৰ – চন্দ্ৰ কমল চেতিয়া

সকলোফালে পদ্মেশ্বৰ বেপাৰীৰ বেয়া দিন চলিছে‌। আগতে তাৰ সেই চাৰিআলিৰ মূৰৰ চাহৰ দোকানখন গ্ৰাহকেৰে দলদোপ হেন্দোলদোপ‌। বৰসবাহলৈ অহাদি কিবা বোলেনে তোমাৰ সেই মানুহবোৰ সোঁসোৱাই আহিছে সোঁসোৱাই গৈছে‌। পদ্মেৰ প্ৰতাপ দেখি চুবুৰীয়া বেপাৰীবোৰৰ নৈপাৰত কোনোবা দুষ্ট ল’ৰাই লুটিয়াই দিয়া বৰকাছজনীৰ দৰে পেটতে হাত-ভৰি লুকুৱা অৱস্থা‌। সকলোৰে মুখত ফুচফুচ ফাচফাচ — পদ্মেয়ে কিবা যাদু-মন্তৰ জানে হ’বপায়—মানুহ সন্মোহন কৰিব পৰা মন্তৰ‌।  পাছে কেইদিনমানৰপৰা কি জানো হ’ল—মানুহবোৰ পদ্মেশ্বৰৰ দোকানৰ ফালে মুখ নকৰা হ’ল‌। ধাৰো লাগিল ভালেখিনি‌। পদ্মেয় তলকিবই নোৱাৰিলে ক’ৰ পৰা কি হ’ল‌। দেউলীয়া

Read more

বছ- ৰিমঝিম দত্ত

প্ৰত্যেকৰে পৰিয়ালত আছলতে ‘বছ’ জাতীয় একোজন লোক থাকে। সেই বছজাতীয় লোকজনৰ জীৱন ধাৰণ প্ৰক্ৰিয়া পৰিয়ালৰ আন সদস্যতকৈ চাকৰিয়ে-বাকৰিয়ে, টকাই-পইছাই আদি কৰি সকলো দিশৰ পৰাই অলপ পৃথক হয়। পৰিয়ালৰ সকলোৱে তেনে লোকজনক অলপ সমীহ কৰি চলে, বংশৰ ধ্ৰুৱতৰা হেন জ্ঞান কৰে। বিয়াই- সবাহে, সকামে-নিকামে তেখেতে উচ্চ স্থান পায়। তেখেত পদমৰ্য্যদাক লৈ বেলেগ মানুহৰ আগত পৰিয়ালৰ মানুহে ফুটনি মাৰিবলৈ নেৰে– আমাৰ মামাৰ ল’ৰাটো বা খুড়াৰ ল’ৰাটো অমুক -তমুক.. ব্লা—ব্লা। সকলোৰে পৰা পোৱা অত্যাধিক আদৰ অভ্যৰ্থনাই তেনে লোকজনক কিছু পৰিমানে অহংকাৰীও কৰি তোলে।

Read more

টেমি কটাৰী নে হাচতি -খনিন্দ্ৰ ভুষন মহন্ত

হওঁতে এনেই মই স্বভাৱগতভাৱে কাজিয়াখোৰ নহয়। আমাৰ ঠাইখনৰ একেবাৰে শান্তিপ্রিয় প্রাণী মানুহৰ যদি তালিকা এখন কোনোবাই যুগুতাই, নিশ্চিতভাৱে তাত মোৰ নাম শীর্ষৰ ফালেই থাকিব। এতিয়া আপুনি ভাবিব পাৰে, “এনে একেবাৰে! নিজৰ চার্টিফিকেট নিজেই দিছে চোৱা!” ভাবক। আপুনি ভবাৰ লগত মোৰ কি আহে-যায়? এনেও আজিৰ দিনত কোনে কাৰ ভাল কথাৰ বিষয়ে আনৰ আগত বর্ণনা কৰা দেখিছেহে’! মোৰতো কেতিয়াবা সন্দেহেই হৈ যায়, নামবিহীন ভাইৰাছ জাতীয় কিবাৰ প্রভাৱত পৰি মানুহবোৰৰ শৰীৰত কেনেবাকৈ মূর্গীৰ আত্মা সোমাই যোৱা নাইতো! যাকেই দেখিবা অকল খুচৰি থাকে, খুচৰি

Read more

আগৰ সেই দিন নাই আৰু-পূৰৱী বৰুৱা 

 “দোষ্টি কি হে আজি বতৰ ডাৱৰ নেকি? ” মোমায়েকৰ মতা শুনিও দুলালে ঘূৰি নাচালে৷ বিদ্যুতে বুজিলে সঁচাই বতৰ বেছি ডাৱৰীয়া৷ এই সময়ত জোকাই ল’লে ঠেঁহ গৈ উচুপনি হোৱাত দেৰি নালাগিব৷ আহি পাওঁতেই ইমান নিঃপালি দি থকা দেখি বায়েকক সোধাত কৈছিল, “আজি জাৰণ দিলোঁ৷” “দুলাল আগৰ সেই দিন নাই আৰু বুজিছ৷ আমাক যেয়ে পাই সেয়ে বজাইছিল৷” দুলালে মোমায়েকলৈ পেন্দুৱাকৈ চালে৷ ওঁ ওঁ গলিছে পাই হেঃ হেঃ বিদ্যুতে ভাগিনীয়েকলৈ চাই চকু টিপিয়ালে৷ “ঢোলহে বজাই কিবা, মানুহক বজাই নেকি?” – নাম মাত্ৰ নৰম

Read more

হাঁহ মাংসৰ জুতি-মাতু  কুকুৰাচোৱা 

“আই অ’ দেতা খালে ঔ!” বুলি ৰহিলা খুৰীয়ে একাঠু বোকাতে যেনেকৈ দৌৰি আহিলে, আনডৰা মাটিত হাল বাই থকা বৰজনাক টেপুৰাম দদায়ে হাতৰ মুঠিৰ নাঙলতে ধৰি “হ’ হ’ “বুলি গৰুহালক ৰখাই খুৰীলৈ চাবলৈ ধৰিলে। এনেও ৰহিলা খুৰীৰ নাভূত-নাশ্ৰুত কথা-কামবোৰ সদায় দেখিয়েই থাকে। এইবাৰ বা আকৌ কি হ’ল? ইফালে-সিফালে চাই ভায়েক সৰুকণ দাইকো ওচৰত দেখা নাপালে। – ঐ কি হ’ল? কেলেই এনেকৈ চিঞৰিছ? বুলি সুধিবলৈ পালেহে! -“অ’ দেতা মোৰ গাত এইডাল সাপ ঔ!” বুলি খুৰী আহি টেপু দাইৰ ওচৰ পালেহিয়ে। এই বোকাতনো

Read more

কিতাপৰ মৰ্মবেদনা -অনুপ্ৰিয়া শইকীয়া 

নমস্কাৰ মোৰ নাম… এহ বাদ দিয়ক, নামে কি কৰে; কামেহে কৰে৷ বৰ দুখ বুজিছেনে! বৰ দুখ৷ মোক যে আজিৰ প্ৰজন্মই প্ৰয়োজন পূৰণতহে ব্যৱহাৰ কৰিছে৷ নহ’লে মই আউটডেটেদ বস্তু৷ সেই বাবে মোৰ দুখৰ চকুলো বৈ, নদী হৈ সাগৰত পৰিবৰ উপক্ৰম দেও৷ বুজা নাই? ইচ! কেনেকৈনো বুজিব বাৰু? টেৰা-বেঁকাকৈ ক’লে আজিকালিৰ মানুহে বেয়া পায়, পঢ়িবলৈ শুনিবলৈ টাইম নাই, মানে এটা মুহুৰ্ত বৰবাদ মানেই অপচয়৷ অপচয় মানে? মানে ফেচবুক, হোৱাটছএপত দিয়া সময়বোৰ অপচয় হ’ব, মিমে নে মেমে বনাই মানুহক উধাই মুধাই ট্ৰল দিয়াৰ

Read more

বৰলাৰ বিষয়ে এখন ৰচনা -ৰশ্মি শইকীয়া

জানুৱাৰী মাহৰপৰাই আমাৰ সম্পাদক বোপা মানে আমাৰ ৰঙীন গল্ডী বৰুৱাই লেখা এটা দিবৰ বাবে তাগিদা দি আছে৷ পিছে অমুকী আকৌ আম্বানীৰ দৰেই বিজি মানুহ৷ “ফগ” পাৰফিউমৰ এডভাৰ্টাইজৰ দৰেই যদি ভাৰতৰ শিক্ষকসকলক এতিয়া কি চলি আছে সোধা হয়, উত্তৰ আহিব “নিষ্ঠা”৷ দুমাহ ধৰি দিনৰ দিনটো নিষ্ঠাৰ ট্ৰেইনিং দিয়াত ব্যস্ত, শয়নে সপোনে মোৰ জীৱনটোত কেৱল “নিষ্ঠা”৷ গতিকে এনে ক্ষেত্ৰত লিখনিৰ কথা ভাবিবই নোৱাৰি৷ পিছে সম্পাদক বোপা জানো কম৷ যদিও আমাৰ এই পৰ্যন্ত দেখা দেখি হোৱা নাই তেখেতৰ আৰু মোৰ জন্মস্থানৰ মাজৰ দূৰত্ব

Read more
1 32 33 34 35 36 72