ফটাঢোল

তামোলৰ পিক্ – বিকাশ শইকীয়া

হয় তামোলৰ পিক্ মানে পিকোৱাজন অসমীয়াই হয়। কোন হ’ব আৰু শাওনৰ পথাৰত তামোল খাই কোৰ মাৰি থকা আমাৰ নগেন আকৌ’। নগেনে আমেৰিকাৰ কথা সৰু কালৰ পৰা শুনি আহিছে। এইবাৰ ধান পকাৰ আগতেই নগেনে ভাবিলে আমেৰিকাখন এবাৰ চাই অহা হওক। কথা মতে কাম। নগেনে তামোল এটোপোলা লগত লৈ আমেৰিকা পালেগৈ। আমেৰিকাৰ ৰাজ পথত তামোল পকতিয়াই পকতিয়াই খোজকাঢ়ি গৈ আছিল। অসমৰ দৰে বাটতে দিলে পিকাই। তাৰপিছত কি হ’ব বুজি পাইছে নিশ্চয়। হয় ৫০ ডলাৰ জৰিমনা ভৰিল। মনে প্ৰায় তিনি হাজাৰ পাঁচশ টকা

Read more

বৰানীৰ টেলেণ্ট – ৰাস্না বৰা

বৰানীৰ মানুহজনে বজাৰ সমাৰ কৰি আহি সদায় একেখিনি ডাইলগ শুনাই শুনাই ফুটনি মৰাটো মানুহজনীৰ কিবা হজম নোহোৱাৰ দৰেই হৈছে। বজাৰৰ পৰা আহিয়েই গেটৰ পৰাই চিঞৰিব বোলে হেৰা মোক চাহ দিলানে? একেবাৰে অণ্ঠ কণ্ঠ শুকাই আহিছে গৰমত। আমি মতা মানুহবোৰেহে বুজোঁ এই ব্ৰহ্ম গৰমত ঘূৰি ঘূৰি বজাৰ কৰা, বেংকলৈ গৈ লাইন ধৰি ধৰি টকা উলিওৱা কিমান কষ্ট।তোমালোকেতো ঘৰতে বহি বহি ফেনৰ হাৱা খাই আৰামত ফেচবুক কৰিহে থাকা।এই ফেচবুকজনীক ধৰি কথা ক’লেই টিঙিচকৈ উঠে মানুহজনীৰ। হেৰৌ চাহ ভাত কিবা ওপৰতে হয় নেকি?

Read more

ৰেচিপি – ৰিঙ্কুমনি মজুমদাৰ

আবেলি পৰত ঘৰৰ গৃহস্থই অফিচৰ পৰা ঘৰ সোমাইছে মাত্ৰ। মাছৰ বেপাৰীটো আহি পদূলি মুখতে ৰৈ চিঞৰিছে, : তাজা তাজা সৰু মাছ। বাইদেউ সৰু মাছ ৰাখক। মই নুশুনা ভাৱত আছোঁ। এইখিনি সময়ত বাৰু কোনে মহৰ কামোৰ খাব বিচাৰে ন! ভিতৰি ভিতৰি মোৰ খং, : ম-ৰ-ন-হ তয়ো এতিয়াহে সময় পালি। সৰু মাছৰ কথা গৃহস্থই শুনিলে হ’ল আৰু! খাই ভাল পায় যে। অলপ আগুৱাই আহি আকৌ মাতিছে, : অ’ বাইদেউ তাজা তাজা সৰু মাছ। অ’ বাইদেউ…. “হে হৰি! ফাট দিয়া আই বসুমতী, পাতালে

Read more

ফাৰ্ষ্ট মিটিং – বিকাশ দত্ত

“মানুহে যে ছোৱালী কিয় ভাল পাই বুজি নাপাওঁ‌। আৰু তাতোকৈ বুজিবলৈ টান যে বিয়া কিয় পাতে? ধেৎতেৰি! নোৱাৰি দেই ইমানবোৰ Tolerate কৰিব।” – সিদ্ধাৰ্থই আলমাৰিটোৰ হেঙাৰ কেইডালত ওলমি থকা চাৰ্ট কেইটালৈ চাই কোনোটো পিন্ধিব কোনটো নিপিন্ধিব ভাবি ভাবি খঙতে ভোৰভোৰাই আছিল। এনেতে মাকে তাৰ কোঠাটোলৈ সোমাই আহিল। “বাবা, কি বলকি আছ অকলে অকলে!” থতমত খাই উঠি সি ক’লে, “নাই অ মা! চাৰ্ট কোনটো পিন্ধিম ভাবিছো।” “তোৰ কলেজ নাই চোন আজি!” – ছেদেলি ভেদেলি হৈ থকা বিচনা চাদৰখন হাতত তুলি ভালদৰে

Read more

জল কীয়া আখ্যান (হোষ্টেল পুৰাণ) – লিকুমা শইকীয়া

“জ্বলা নহ’লে যে কেনেকে ভাত খাম!” বৰ্ণালীবাৰ (ৰুমমেট) কথাষাৰে মোকো চিন্তাত পেলালে। চেহ্ এনেও নিৰামিষ ভাত তাতে আজি জলকীয়াও নাই। অলপ পৰ ভাবি মূৰৰ টিউব লাইটটো ভমককৈ এল ই ডিৰ দৰে জ্বলি উঠিল। বুঢ়াই (হোষ্টেলৰ মালিকক আমি মৰমত দিয়া নাম) এনেই মাছৰ কাৰ্টুনত লহপহীয়া জলকীয়াকেইজোপা কৰিছেনি! কলেজলৈ আহোঁতে-যাওঁতে আজি-কালি মোৰটো তাতেই চকু। গতিকে দিনৰ পোহৰত কৰিব নোৱাৰা কামফেৰা এতিয়া কৰি পেলোৱা যাওঁক…। সৰ্বসন্মতিক্ৰমে আমি অভিযানত আগবাঢ়িলোঁ‌। ৰুমৰ খিৰিকীৰে চাই গম পালোঁ‌ বুঢ়াৰ ঘৰৰ মানুহে টোপনিত নিঃপালি দিলে (সময় প্ৰায় ১১

Read more

গেলাতে টেঙা – কুমাৰিকা তালুকদাৰ

দেওবাৰ বুলি গোটেই ভাৰস্তখনে আৰাম কৰে৷ আৰাম নাই কেৱল জুলিৰ। খোলা বাৰত স্কুল/অফিচৰ বাবে দৌৰা-দৌৰি৷ সন্তান দুটিৰ লগতে গৃহস্থকো খুৱাই-বোৱাই, সময়মতে নিজ নিজ স্থানলৈ উলিয়াই পঠিওৱাটো, কম বেমেজালিৰ কাম নহয়! যেন এখন যুদ্ধহে। সকলো ওলাই যোৱাৰ পিছতহে অলপ আজৰি পায়, নিজৰ কৰিবলগীয়া কামবোৰ সামৰে। দেওবাৰ বুলি সকলোৱে নিজৰ নজৰ ৰুটিনৰ মতেহে চলে। দেৰিকৈ উঠা, দেৰিকৈ খোৱা, দেৰিকৈ গা-ধোৱা…..মুঠতে সকলোতে দেৰি মাথোঁ দেৰি৷ জুলিৰো মন যায়, সপ্তাহটোৰ অন্তত কিছু আৰাম কৰিবলৈ৷ কিন্তু দেৰিৰ সৈতে বন্ধুত্ব কৰিলে, ইফালে সময়ৰ নাটনি হয়গৈ কামবোৰ

Read more

কোন কিমান খৰ – পম্পী শইকীয়া

সম্পূৰ্ণ গাঁৱলীয়া পৰিবেশৰ মাজত থকা যৌথ পৰিয়াল এটাৰ সৰু বোৱাৰী মই। কোনো ধৰণৰ সমস্যা নাই গাঁৱত আছোঁ বা যৌথ পৰিয়ালত আছোঁ বুলি। অৱশ্যে নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত কিছু খেলিমেলি নোহোৱাকৈ নাথাকে বাৰু কেতিয়াবা। ঘটনা এটা মনলৈ আহিছে। তেতিয়া শীতকালৰ সময়। মানে মই উল্লেখ কৰিবলৈ লোৱা ঘটনাটো ডিচেম্বৰৰ শেষৰ দিনটোৰ। ঘৰৰ সন্মুখৰ ৰাষ্টাটো PMGSY ৰ অধীনত নতুনকৈ বনাবলৈ লৈছে। নতুনকৈ পথাৰৰ আলতীয়া মাটি অলপো পেলাইছে, তাতে সেইকেইদিন একেবাৰে চিপচিপিয়া বৰষুণ। কল্পনা কৰকচোন কি অৱস্থা হ’ব পাৰে। বাইক, স্কুটি, গাড়ী সকলো তেতিয়া আনৰ

Read more

হেপ্পী স্বাধীনতা দিৱস – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: বন্ধু, কবিতা এটা লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ। শুনিবি? : মইতো ভাই কবিতা-চবিতা বুজিয়েই নাপাওঁ। সেই যে ‘গোলাপ’ ফুলক সুধিছিল কবিয়ে -“কাৰ পৰশত ফুলিলি বান্ধৈ?”, মই মাথা নষ্ট কৰি দিছিলোঁ ভাবি ভাবি। আমি হাতেৰে ফুল চিঙোহে। হাতৰ আঙুলিৰ চেপাত কি ফুল ফুলিব? নাম নাজানো। ছাৰক সুধিছিলোঁ পঢ়াই থাকোঁতে। দুকোব দিলে। মনে মনে ৰ’লোঁ। : মোৰটো শুনিবি নে? : মাতি যা। শুনি যাম৷ মই ক’লোঁ তাক। তাক মানে অনন্তক। সি মোৰ লগত কলেজত একেলগে পঢ়া। বহুবছৰ অ’ত ত’ত ঘূৰি ফুৰি মই থকা

Read more

ঠেলাৰ নাম বাবাজি – নাজিয়া হাচান

ৰহমানদাৰ মানুহগৰাকীয়ে পুৱা পাঁচ বজাতেই শোৱা পাটী এৰে। ল’ৰা ছোৱালীহালৰ স্কুলবাছখনৰ ড্ৰাইভাৰটোৰ মুখখন বৰ বেয়া ধৰণে চোকা। সেয়ে সময়ত তেওঁ দুয়োটাকে বাছত উঠাই দিয়েগৈ। লাগিলে যিয়ে নহওক, পুৱাই পুৱাই কাৰোবাৰ বকবকনি শুনিব নোৱাৰি বুলি। ল’ৰা ছোৱালীৰ কামখিনি শেষ কৰি তেওঁ ৰহমান চাহাবৰ বাবে পুৱাৰ আহাৰ যোগাৰ কৰাত লাগি গ’ল। ‘হেৰা! হ’লনে নাই ৰান্ধি’ – এইবুলি গা-পা ধুই ৰহমান চাহাবে খৰধৰকৈ চকীখন টানি, টেবুলৰ সন্মুখত বহি ল’লেহি। এনেহেন ব্যস্ততা তেওঁৰ মুখত দেখা গ’ল যেন পুৱা পাঁচবজাৰপৰা ন বজালৈকে তেওঁৱেই ঘৰখনৰ সমস্ত

Read more

বেলেগৰ এওঁ – জীতা ফুকন

সদায়নো আমাৰ এওঁৰ কথা কিমান লিখিম। আজি বেলেগৰ এওঁৰ কথাকে লিখোঁ‌ বুলি ভাবিলোঁ‌। আমাৰ এওঁতো সাতঘাটৰ চেঙেলী। পিছে বেলেগৰ এওঁবোৰ যে ইম্মান ভাল। মৰম দয়াৰ সাগৰ। উদাহৰণস্বৰূপে আমাৰ ওচৰৰ বৰুৱানীৰ এওঁ। আযৌ ঘৈণীয়েকজনীক ইমান মৰম কৰে। পানীলগা জ্বৰ হ’লে গৰমপানী কৰি ভৰি ধুৱাই দিয়ে, নহৰু তেল মালিচ কৰে, জালুক দি তৰকাৰী বনাই খুৱায়। আৰু চুলি ধুবলৈ খাৰণি বনাই দিয়ে। মোৰ দেখিয়েই মনটো হিংসা লাগি যায়। হ’ল বুলিনো আৰু ইমান পেনপেনীয়া হ’ব লাগেনে। তথাপিও মৰম চেনেহৰ কথা দিয়কচোন। আৰু আমাৰতো সেইবোৰক

Read more
1 39 40 41 42 43 72