ফটাঢোল

চুবুৰীয়া – নয়নমণি দত্ত নেওগ

টিট….টিট… টিট…টিট…. টিটটট…..টিটটট…. : এহ কোনেনো ইমানকৈ হৰ্নডাল মাৰি আছেহে। এনে একেবাৰে গাড়ীখন, যেন পৃথিৱীত আৰু কাৰোৰে গাড়ী নাইহে যেন হুহহহ! মিছেছ বৰুৱানীয়ে পৰ্দাখন ঠেলি বেলকনিলৈ ওলাই আহি তেওঁৰ চকু ডাঙৰ হৈ পৰে। : বাঃ! তাৰমানে শৰ্মানীহঁতৰ গাড়ী আনিলে। ৰঙটোযে বৰ ধুনীয়া লাগিছে পাই৷ গাড়ীখনলৈ চাই চাই নিজৰ মাজতে কথা পাতি থকা বৰুৱানীক দেখা পাই শৰ্মানীয়ে মাত দিবলৈ লওঁতেই বৰুৱানীয়ে নেদেখাৰ ভাও জুৰি বেলকনিত মেলি থোৱা কাপোৰবোৰ অলপ লিৰিকি-বিদাৰি ভিতৰলৈ সোমাই আহে। : হুহহহ লোকৰ কি দেখিবা গাড়ীয়েই গাড়ী। আজি

Read more

নিশাৰ আগন্তুক – পাৰিজাত ফুকন

ভাগৰুৱা দেহটো সুকোমল বিচনাখনত এৰি দিয়াৰ লগে লগেই দুচকুৰ পতা জাপ খাই আহে। নিমিলিত চকুৰ পতাত লুকাই থকা সপোনবোৰে পাখি মেলি লৈ যাব খোজে সপোনৰ দেশলৈ। কিন্তু শুব খুজিলেই শুব পৰা যায় নে? প্ৰতিনিশা বিচনাৰ কাষতেই যেন মোৰ অপেক্ষাত থাকে সেই হৃদয়হীন আগন্তুক। শীতৰ দিন বিলাকে মেলানি মাগি গ্ৰীষ্মৰ দিশে গতি কৰাৰ লগে লগেই আগমন ঘটে মোৰ কোঠালিত সিজনৰ। উস্‌! কি নিষ্ঠুৰ খেলা, মোৰ সৈতে সেই অনিমন্ত্ৰিত অতিথিৰ। নিশাৰ এন্ধাৰে আৱৰি ধৰাৰ লগে লগেই বিচনাৰ কাষত উপস্থিত হয়হি, কাঢ়ি নিয়ে

Read more

শুকান বৰালী – নাজিয়া হাচান

ৰমজান মাহত চেহেৰী আৰু ইফটাৰত খাবলৈ বুলি ৰহমান চাহাবে বৰ ডাঙৰ বৰালী মাছ এটা কিনি আনিলে। ইফটাৰত মাছৰ পকৰী খাব আৰু চেহেৰীত মাছৰ জোলেৰে টকালি পাৰি ভাতকেইটা খাব, এই আশাত। পিছদিনা পত্নীয়ে মাছৰ কোনো আইটেমেই চেহেৰী ইফটাৰত নৰখাত তেওঁ আচৰিত হ’ল। ৰহমান : বৰালী মাছটো ক’লৈ গ’লহে? পত্নী : আছে। ৰহমান : কি আছে বুলিছা? নাৰান্ধিলা যে মাছৰ পকৰী? পত্নী : মাংসৰ কোফ্টাখিনিকে শেষ কৰকচোন আগতে! দুদিন পাছত খোৱা টেবুলত বহি ৰহমান চাহাবে আকৌ সুধিলে, ৰহমান : ইমান দিনৰপৰা এই

Read more

ধৈ জিন্দেগী – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

১) বজাৰত এতিয়া তৰমুজৰ দপদপনি৷ সিদিনা অফিচলৈ যাওঁতে বোলো আজি তৰমুজ এটাকে কিনো, অফিচত সকলোৱে ভগাই খাম৷ বেপাৰীক সুধিলো, : দাদা তৰমুজৰ কেজি কিমান? :ত্ৰিশ টকা বাইদেউ৷ (মই মনতে ভাবিলো, মাত্ৰ ত্ৰিশ টকা৷ কম এসোপা তৰমুজ পামনে!) ফুৰ্তিত ক’ব নোৱাৰা হৈ ক’লো- : এক কেজি দিয়ক দাদা৷ আৰে, বেপাৰীটোৱে দেখোন সন্মুখতে থকা ভাল ভাল তৰমুজবিলাক আঁতৰাই ভিতৰৰফালে থকা সৰু সৰু তৰমুজ পিটিকি ফুৰিছে৷ মই বোলো ই বেটাও কম নহয়, মই কিবা এপোৱা বা এশ গ্ৰামৰ তৰমুজ লৈছোনে! দস্তৰমত এককিলো তৰমুজ

Read more

ঘেণ্টা – বিকাশ শইকীয়া

অফিচৰে এগৰাকী সুন্দৰীৰ লগত নতুন চিনাকি। মোৰ ৰুমৰ ওচৰতে থাকে। ফেচবুকৰ বন্ধুৰ তালিকাত আহিল। আপডেটবোৰ দেখি এদিন সুধিলে, তুমি কি ভাষাত আপডেট দিয়া একো বুজি নাপাওঁ। মই বোলো “আছামিজ”। কি লিখোঁ বুজাই ক’বলৈ ক’লে। ক’লো দুটামান কাহিনী হিন্দী আৰু ইংৰাজী মিলাই৷ দুটামান গল্প ভাল পালে। তাই ৰুমমেটেও বোলে কাহিনী লিখে সিহঁতৰ স্থানীয় ভাষাত। সেইসূত্ৰে দুয়োগৰাকীৰ লগতে ভাল সম্পৰ্ক এটা হ’ল। এদিন একেলগে এসাঁজ খোৱাৰ প্লেন কৰিলোঁ। শনি আৰু দেওবাৰতে সময় পোৱা যায়। গতিকে এটা “উইকেন্দ” মনস্থ কৰিলোঁ। মই বোলো শুক্ৰবাৰে

Read more

সপোনৰ অতপালি – মনালিছা পাঠক নেওগ

দুখ নং ১ সব্জিৱালাজন সদায় নাহিব লগা সময়ত আহে। মানে ৰাতিপুৱাতে। সেইকণ সময়ত মই টোপনিৰ চিকুণ পুৱা নামৰ বাক্যশাৰী সাৰ্থক কৰিবলৈ কোনো মতে ক্ৰুতি নকৰো হ’লে দেই। তাতে ঠাণ্ডা দিন। মানুহজনো অফিচিয়েল কামত বাহিৰত। ৰাতিপুৱা সোনকালে উঠাৰ এলাহতে দুদিন আলুকে খালোঁ। নতুন নতুন আলু ওলাইছে এনেনো সোৱাদ। হ’ল বুলি চাৰি সাজ খোৱাৰ পিছত আৰু কিমান আলুকে খাম। পিছদিনা ৰাতিপুৱা উঠি সব্জি ল’ব লাগিব বুলি ভাবি শুই থাকিলোঁ। পইচাটো শুই উঠি হাতে পোৱাতে থৈ দিলোঁ কিজানিবা পইচা বিচাৰিবলৈ যাওঁতে সব্জিৱালা গুচিয়েই

Read more

মেৰুণ প্ৰেম – অসীমা শইকীয়া দত্ত

ভালপোৱা কি নুবুজাকৈয়ে বিয়া ঠিক হ’ল। মানুহো যিটো পালোঁ তেনেই গেঠেলা মৰা। আমাৰ ঘৰৰ বোন্দা মেকুৰীহাল নেগুৰ দাঙি দাঙি আমাতকৈ বেছিহে ৰোমাণ্টিকহে আই। আজিৰ পৰা তেৰ বছৰৰ আগৰ সময়। মোক চাবলৈ যোৱা মানুহজনৰ লগতে মোৰ বিয়া ঠিক হ’ল। তাৰিখ ঠিক হোৱাৰ পিছত এদিন গৈছিল আমাৰ ঘৰত থকাকৈ। মই দেতাৰ চাইকেল লৈ গাঁৱৰ মূৰৰ পৰা মানুহটোলে হাঁহ বিচাৰি আনিলোঁগৈ। আলহী ৰাতি থাকিল। ৰাতিয়ে আকৌ মানুহটোক চাবলৈ গাঁৱৰে ভাতখোৱা আলহী পাঁচটামান বাঢ়িল। সিফালে দেতা হ’ল হাৱাই চেণ্ডেলেও নীলা ওলাই ভৰিত ধৰা! কোৱাইদেউ

Read more

যাদু তেৰী নজৰ – মধুমিতা বৰুৱা শইকীয়া

পূজাৰ সময়ৰ কথা। শাৰদ উন্মাদনাই মহানগৰীখনকো চুই গৈছে। ব্যস্ত প্ৰাত্যহিকতাৰ পৰা সুৰুঙা কাটি মহানগৰীৰ বাসিন্দাই শৰতৰ মাধুৰীমাক উপভোগ্য কৰি তুলি, বজাৰে-সমাৰে এটি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।বিলাসী গাড়ীৰ সমদলৰ মাজতো কিন্তু চিটিবাছ কেইখনে নিজৰ স্থিতি অক্ষুন্ন ৰাখিছে। সকলোৰে বাবে গাড়ী ঘোঁৰাৰ সুখ লিখি থোৱা নাথাকে। বহুতৰ আকৌ প্ৰথম পছন্দও এই বাছকেইখন।ইমান সুলভ যাত্ৰা, সুচল বাহনৰ সুখ পোৱা বাছকেইখন। বাছকেইখনত যেন উমলি থাকে নগৰীয়া জীৱনৰ কথকতা। গমপাইছেই নিশ্চয় পাঠকে যে আন একো নহয়, সেইখন মধ্যবিত্তৰ সকাহ-চিটিবাছ। একপ্ৰকাৰ মহানাগৰিকৰ উশাহ। শাৰদীয় বতৰ। হৰ্ডিঙে,

Read more

খণ্ডচিত্ৰ – ডঃ বিক্ৰমজিত কাকতি

(১) ছাৰৰ মহিমাআমাৰ ভাৰতীয় সকলৰ বহুতৰ বাবে “ছাৰ” শব্দটোৰ এক মাদকতা আছে।মানুহ সাপেক্ষে ছাৰ শব্দটো শুনাৰ লগে লগে পুলকিত, শংকিত বা কম্পিত হৈ যায়। উদাহৰণ স্বৰূপে ধৰাহল আপুনি এজন মহাপ্ৰতাপী চৰকাৰী কেৰাণী, সদ্য অৱসৰ প্ৰাপ্ত এজন চৰকাৰী আমোলাই পেঞ্চন সংক্ৰান্তীয় কামৰ বাবে তাঁতবাটি কাঢ়ি আছে। তেওঁ আপোনাক ছাৰ বুলি সম্বোধন কৰিলে আপুনি পুলকিত হয়।থিক সেইদৰে দুদিন অফিচ ক্ষতি কৰি অহাৰ পাছত আপোনাৰ ছাৰে মাতিলে, তেওঁৰ ৰুমত সোমোৱাৰ পাছত আপোনাৰ মুখৰ পৰা যিটো “ছাৰ” শব্দ ওলাব সেইটো হ’ল শংকিত “ছাৰ”। টিকেন

Read more

অসময়ত সময় – অভিজিত মেধি

এই যে লিখি আছোঁ কথাখিনি, তাৰ উদ্দেশ্য ব্যক্তিগত অভিজ্ঞতা এটা বন্ধু হিচাপে আপোনালোকক জনোৱাহে। অথচ অভিজ্ঞতাটো কিমানদূৰ বাস্তৱৰ ভিত্তিত সেইয়া মই নিজেই নাজানোঁ। আৎসা, অভিজ্ঞতাটোৰ কথা কোৱাৰ আগতে বিষয়টোৰ কথা অলপ কৈ লওঁ। বিষয়টো হ’ল সময়। বৰ আচহুৱা নহয়নে এই সময় বোলা বস্তুবিধ! সময়ৰ নিচিনা আচহুৱা হয়তো একোৱেই নাই! এই যে এসময়ত শেঙুণ বোৱা আমাৰ নাকবোৰ এতিয়া খং-ৰাগ-অভিমানৰ ঘৰ হ’লগৈ, সেয়া সময়ৰে খেল। বাৰিষাৰ বৰষুণজাকত নতুনত্ব নেদেখা হ’লোঁ, জাৰৰ শেতেলীত আদৰৰ উষ্ণতা নিবিচৰা হ’লোঁ, সংশয়হীন টোপনি আজিকালি নহায়ে হ’ল….সকলো সময়ৰেই

Read more
1 45 46 47 48 49 72