ফটাঢোল

কেতিয়াবা বাটে ঘাটে-সঞ্জীৱ কুমাৰ মহন্ত

স্নেপ  ১ ২০১০ চন মানৰে কথা, আমি ৫ জন সহকৰ্মী বন্ধু কিবা কামত জিলাসদৰলৈ আহিছিলোঁ। কাম শেষ হোৱাৰ পিছত আটায়ে মিলি চাহ খোৱাৰ সিদ্ধান্ত হ’ল। এখন ভাল হোটেলত বহিলোঁ পাঁচোজন আৰু অৰ্ডাৰ দিয়া হ’ল চাহ আৰু দুটাকৈ মিঠাই ।  সময়ত চাহৰ লগত কাজু বৰফি আৰু খীৰকদম দিলেহি ।  চাহ কাপত চুমুক দিয়াৰ মাজতে আমাৰ মাজৰে কোনোবা এটাই বেছি জনা দেখুৱাই ক’লে, ” ঐ মিঠাইত লাগি থকা কাগজখন আকৌ খাই নিদিবি, হজম নহ’ব আৰু পাথৰজাতীয় কিবা হ’বগৈ পেট পায়গৈ যদি।” লগৰে

Read more

আলোচনা-দিম্পল কলিতা

প্ৰথম বন্ধু: সময়বোৰ বৰ জটিল হৈছেৰে বন্ধু। বেমাৰৰ মাজতে আমাৰ পিনে আকৌ হাতীৰ উৎপাত। কালি আমাৰ ঘৰৰ একদম ওচৰেৰে এজাক পাৰ হ’ল। দ্বিতীয় বন্ধু: আমাৰ পিনে বাৰু হাতীৰ সমস্যা নাই। বানপানীৰ দিনবোৰ আহি আছে বাবে অলপ চিন্তিত হৈ আছোঁ। তৃতীয় বন্ধু: আমাৰ বাৰু হাতী, বানপানীৰ চিন্তা নাই। মাত্ৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বান্দৰৰ উৎপাতত থাকিব নোৱাৰি। ঘৰৰ ভিতৰত সোমাই বস্তু উলিয়াই নিয়ে। : এৰা, কাকনো দোষ দিম! সকলো সময়ৰ খেলা। জন্তুবোৰো উপায়বিহীন হৈছে। সিহঁতৰ ঠাইবোৰ আমি দখল কৰিছোঁ। গতিকে সিহঁতে খাদ্যবস্তু

Read more

চিতল মাছ- জয়ন্ত কুমাৰ দাস

অফিচটোৰ বৰবাবু, একাউনটেণ্টকে আদি কৰি নতুনকৈ চাকৰিত যোগদান কৰা কনিষ্ঠ সহায়কজনো ভীষণ আলোচনাত ব্যস্ত৷ উজানবজাৰত কিনিব নে আজাৰাৰ গধূলি বজাৰত? ক’ত অলপ কম দামত ভাল মাছ পোৱা যাব? ক’ত একেবাৰে তাজা লোকেল মাছ পোৱা যাব?  সিহঁতৰ আলোচনাৰ  শব্দবোৰ কাষৰ কোঠাটোতে কাম কৰি থকা পল্লৱৰো কাণত পৰিল৷ পল্লৱৰো কোনখন  বজাৰতনো অলপ সস্তা জানিবৰ মন গ’ল৷ সিহঁতৰ ওচৰলৈকে আহি  সি বৰবাবুকে সুধিলে,  : আপুনিচোন গুৱাহাটীৰ প্ৰায় প্ৰত্যেকখন বজাৰেই ঘূৰে, ক’ত সস্তা আপুনি জানিব লাগিছিল৷ : সেইটো হয়৷ কিন্তু এইবাৰ বজাৰৰ একো ধাৰণা

Read more

ভাড়াতীয়া-ভূপালী দেৱী

: মা, অ’ মা, কি হ’ল আজি বিচনা এৰিবৰ হোৱাই নাই যে? বেলি আহি মূৰৰ ওপৰ পালে। ইহ মোক দেৰিকৈ উঠাৰ বাবে গালি শপনি পৰা জনীৰ আজি সাৰসুৰেই নাই। – মাকক শুই থকা দেখি ভোৰভোৰাই নয়নে বকি বকি নিজৰ কোঠাত সোমাল ৷ পুতেকৰ মাতত  ধহমহাই উঠিল মাক।  : হে ভগৱান, আজি অন্ততঃ মোৰ মনৰ আশা পূৰণ কৰিবা। প্ৰায় দুবছৰেই হ’ল, মোৰ আৰু ধৈৰ্য্যৰ পৰীক্ষা নল’বা প্ৰভু। – টোপনিৰ জালতে ঈশ্বৰক প্ৰাৰ্থনা এভাগি জনাই ল’লে তেওঁ। ৰাতিপুৱাৰ সপোন হেনো সঁচা হয়,

Read more

১ – ১ = ০-দিগন্ত কুমাৰ ভট্টাচাৰ্য 

১১৮নং কদমতল নিম্ন বুনিয়াদী বিদ্যালয়। আমি সেইখন প্ৰাইমেৰী স্কুলতে পঢ়িছিলোঁ। ঘৰৰপৰা নাতিদূৰৈত। স্কুল আৰম্ভ হোৱাৰ ঘন্টা পৰিলে ঘৰৰপৰা দৌৰ দিও হাতত টিনৰ বাকচটো লৈ। অৱশ্যে অলপ ছিনিয়’ৰ হোৱাৰ পাছত অৰ্থাৎ তৃতীয় শ্ৰেণী পোৱাৰ কিছুমাহ পাছৰে পৰা স্কুল আৰম্ভ হোৱাৰ প্ৰায় পোন্ধৰ-বিশমিনিট আগতেই ঘৰৰপৰা ওলাইছিলোঁ। স্কুল পাৰ হৈ আধা কিল’মিটাৰমান আঁতৰত ঘনাইৰ দোকান। দহ পইচাত পোৱা লাঠি চকলেট আছিল আমাৰ প্ৰিয়। দুই ওঁঠৰ মাজত লৈ আমি সেইটোক চিগাৰেটৰ দৰে হোপা ষ্টাইলো দিছিলোঁ আন কোনো ডাঙৰে নেদেখাকৈ। আৰু প্ৰিয় আছিল বগৰীৰ আচাৰ।

Read more

কাটা চামুচ-যোগেশ ভট্টাচাৰ্য 

: চবৰে গাৰ্লফ্ৰেণ্ড আছে, মোৰেই নাই অকল। কিবা এটা কৰক না দাদা। দেৱজিতে চাহত চেনী দি চামুচখন কাপটোত থৈ বিস্কুট আনিবলৈ যোৱাৰ সময়তে চামুচখনে কাপটোক খাটনি ধৰিলে। : মই গাৰ্লফ্ৰেণ্ড কেনেকৈ বিচাৰি দিম তোক? তই নিজে বিচাৰিব লাগিব। অঁ, যদি তোৰ কাৰোবাক পছন্দ হৈছে তেনেহলে দিহা পৰামৰ্শ দি তোক সহায় কৰিব পাৰোঁ। চীনামাটিৰ কাপটোৱে গহীনত উত্তৰ দিলে। : পৰামৰ্শ বিচাৰিয়েতো আপোনাৰ কাষলৈ আহিছোঁ। প্লেট বৌৰ লগত আপোনাৰ যুগ যুগৰ প্ৰেম কাহিনী কোনেনো নাজানে। কিবা এটা কৰক আৰু। : চা, প্ৰথম

Read more

এক্সছাৰচাইজ-ডাঃপাৰ্থসাৰথি ভূঞা

: লিজা, ছাৰা…এইফালে আহা সোনকালে! চোৱা  পাপাই কিমান এক্সছাৰচাইজ কৰি আছে। শ্ৰীমতীৰ চিঞৰত চক খাই সাৰ পালোঁ। লগে – লগে মোবাইলটো হাতত লৈ চাওঁ পুৱা আঠ বাজিল। চেহ্ আজিও নহ’ল। এলাৰ্মটো নাবাজিল নেকি বাৰু? নাই, নিশ্চয় বাজিছিল! কেতিয়ানো অফ্ কৰি আকৌ শুই থাকিলোঁ গমেই নাপালোঁ। ইফালে মাক – জীয়েকহঁ‌তৰ মোলৈ চাই চাই হাঁহি। সৰুজনীটো আৰু এখোপ চৰা। : ছাৰা বা, পাপাৰ এইটো কি এক্সছাৰচাইজ জানা? ‘কৰুণা খেদোৱা এক্সছাৰচাইজ’ (তাই ক’ৰণাক কৰুণা বুলি কয়)। মানে শুই – শুই জোৰে – জোৰে

Read more

ওলট পালট ছিক্সটি নাইন- অৰ্চন শৰ্মা

: পাৰিছানে এইকেইটা? প্ৰশ্নকাকতৰ কেইটিমান প্ৰশ্নলৈ আঙুলিয়াই তেওঁ প্রশ্ন কৰিলে, মই একোকে নকৈ মূৰ জোকাৰিলোঁ অৰ্থাৎ পৰা নাই। : এইকেইটা একা?  এইবাৰ আন দুটামানলৈ আঙুলিয়াই তেওঁ সুধিলে, এইবাৰো মূৰ জোকাৰিলোঁ মই। : কুৱেশ্যন নম্বৰ থ্ৰীৰ উত্তৰ হ’ব অ’পশ্যন চি‌, মই কৈ গৈছোঁ লিখি যোৱা। তেওঁ ফুচফুচাই কৈ উঠিল। এইবাৰ মই তেওঁলৈ চালোঁ, ইমান বিপর্যয়ৰ মাজত এইজন আকৌ কোন ওলাল যিয়ে এই অথাই সাগৰত ডুবিবলৈ ওলোৱা মোৰ বাবে টাইটানিক লৈ আহিছে। আকৌ মনত ভাব হ’ল টাইটানিকৰ দৰে মাজ বাটতে ডুবাই নিদিয়েতো?

Read more

লাইপাতত প্ৰেমৰ দস্তাবেজ-বিনীতা বৰশইকীয়া

সিদিনা  দেওবাৰ আছিল । শহুৰেকৰ পুতেকে বোলে কিমাননো আৰু অফিচৰ ধূলি লগা ফাইলবোৰ খুচৰিম, আজি তোমাক আৰাম দিওঁ। মই পাকঘৰত সোমাওঁ দেই। এনেহেন অমিয়া  মাত আৰু পৃথিৱীৰ সবাতোকৈ বিৰল স্বৰবৰ্ণ , ব্যঞ্জনবৰ্ণ আৰু স্বৰচিহ্নৰে গঠিত শুনিম শুনিম বুলি কণামাকৰিয়েও বাট এৰি গ্ৰীণ কৰিডৰ সৃষ্টি  কৰি অপেক্ষাৰত  অৱস্থাত আকাশবাণী হোৱাৰ দৰে বাক্যবৃষ্টি হোৱাত হেৰম্বৰ ঘৈণীয়েকতকৈ মই বেছি সুখী হৈ পৰিলোঁ ।  এইবাৰ একে লৰে গৈ চোতালত হেৰম্বৰ ঘৈণীয়েকে দেখাকৈ পেলাষ্টিকৰ চকী এখনত চিৰাল ফাট দিয়া ভৰি দুখন  উঠাই ছোৱালীক চিঞৰ এটা

Read more

টোপনিৰ  জ্বলাকলা- মৌচুমী গগৈ

পুৱা চাৰে পাঁচ বজাৰ লগে লগেই হিংসাকুৰীয়া মোবাইলটোৱে উঠিবলৈ ইংগিত দিবলৈ আৰম্ভ কৰিলে।ইফালে মোৰ লগত ছাঁৰ দৰে থকা এলাহটোৱে আকৌ উঠিব খুজিলেই জোৰকৈ হেঁচা মাৰি ধৰে। তথাপিও তাক কোনোৰকম ফুচুলাই মেলি বিচনাৰ পৰা নামি আহিলোঁ। এইবাৰ ডাইনিং টেবুলত বহি মোলৈ চাই মিচিক মাচাককৈ হাঁহি থকা পানীৰ বটলটোক চুমা এটা দি ব্ৰাশ্ব কৰিবলৈ গ’লোঁ। এইবাৰ পতিদেৱক জগাই দিলোঁ। সেইজনে হামিয়াই হিকটিয়াই কোনোৰকম চকু দুটাক কষ্ট দি হ’লেও মেলিবলৈ যত্ন কৰিলে। অলপ পিছত তেখেতে বাথৰূমৰ পৰা আহি মোক চিঞৰিলে, : হেৰা, মোৰ

Read more
1 4 5 6 7 8 72