ফটাঢোল

টাৰ্গেট – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

  চৰকাৰী নিগমৰ পৰা পাবলগীয়া টকা সংগ্ৰহ কৰিব যাব লাগে বুলি ক’লে অফিচত আমাৰ বিভাগটোৰ সকলোৱ মুখ কোচাই আনে। কোনেও যাব নিবিচাৰে সেইবোৰত।হ’ল বুলিনো কিমান দৌৰিব আৰু অনিশ্চিত পইছাৰ পাছত।সেইফালে দৌৰি থাকোতে সহজলভ্য টাৰ্গেটকেইটাও মিছ হয় সদায়। শেষলৈ ৰামটাঙোনটো সদায় মোৰ মুৰৰ ওপৰতেই পৰে।ভুলটোও মোৰেই,এজন দুজন মন্ত্ৰী-এমএলএক চিনি পাওঁ বুলি লেবেল দিব গৈ মোৰ এই দশা হয় সদায়। ফলাফল শূন্য, না কিবা মন্ত্ৰীৰ সহায় পাওঁ না মোৰ মাহৰ টাৰ্গেট পূৰা হয়। খাল খান্দি ঘৰিয়াল মাতি ফুৰা স্বভাৱ মোৰ। আজিও অফিচৰ

Read more

দুৰৱস্থাৰ হেতু – হেমন্ত কাকতি

দুদিনমানৰ পৰা মানুহজন খুব চিন্তিত৷ চল্লিশোৰ্দ্ধৰ ব্যক্তি অভিনৱ সদায় হাঁহি মাতি থকা ফূৰ্তিবাজ মানুহ। তেওঁৰ হঠাৎ এই পৰিৱৰ্তন প্ৰথমে ধৰা পৰিল অফিচৰ পিয়ন নৰেনৰ চকুত৷ ৰাতিপুৱা অফিচলৈ আহিয়েই অফিচৰ সন্মুখত কমচে কম দহ পোন্ধৰ মিনিটমান আড্ডা নমৰাকৈ তেওঁ টেবুলত নবহেই, তাৰপিছতেই চাহৰ তাগিদা দিয়ে নৰেনক৷ অলপ পিছত অফিচৰ কম্পিউটাৰটো নৰেনেই অন কৰি দিয়ে৷ আজি কিন্তু তেওঁ আড্ডাও মৰা নাই, চাহৰ তাগিদাও দিয়া নাই৷ অফিচলৈ সোমাওঁতেই মোবাইলটোত কাৰোবাৰ সৈতে দীঘলীয়া কথা বাৰ্তা পাতি পাতি সোমাইছে৷ অলপ পিছতে ফোনটো হাতত লৈ অফিচতে

Read more

তিনি যুৱকৰ সাধু – বন্দিতা গগৈ বৰা

বহুবছৰৰ আগৰ কথা ,প্ৰায় ইংৰাজৰ দিনৰে কথা বুলি চকুচৰহা সকলে কয় ,পিছে ইতিহাসবিদসকলে এই তথ্য ভুল বুলিও কয় ।কাৰণ যি যুৱক তিনিজনৰ কথা কবলৈ ওলাইছো।তেওঁলোক এখন অভিযান্ত্ৰিক কলেজৰ সমসাময়িক ছাত্ৰ আছিল । ইংৰাজৰ দিনত অসমত অভিযান্ত্ৰিক কলেজ হোৱা নাছিল সেয়ে যুৱকেইজনৰ আচল বয়সটো কবপৰা নাযাব । তেওঁলোকৰ তিনিজনৰ এজন বেছি ছিনিয়ৰ আৰু এজন মধ্যম ছিনিয়ৰ আৰু এজন জুনিয়ৰ আছিল । ধৰি লওঁক তেওঁলোকৰ নাম ,মিহিৰাম ,চেনিৰাম আৰু কুঁহিৰাম । অৱশ্যে তেওঁলোকৰ উপাধিৰেও চিনাকি দিব পাৰি যেনে কলিতা ,দত্ত,শৰ্মা । এওঁলোক

Read more

বিশেষজ্ঞ – অলকেশ ভাগৱতী

ভাৰতবৰ্ষই মঙ্গল গ্ৰহলৈ এখন মানৱবিহীন ৰকেট উৎক্ষেপণ কৰিলে৷ শ্ৰীহৰিকোটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা কৰা এই উৎক্ষেপণ টিভিত অধীৰ আগ্ৰহেৰে ১৩০ কোটি মানুহে চালে৷ এই অভিযানৰ সফল সমাপ্তিৰ পিছত ভাৰতৰ নাম বিশ্বৰ বুকুত পুনৰ এবাৰ জিলিকি উঠিব ৷ ইছৰ’ৰ বিজ্ঞানী সকলক লৈ জনতাৰ গৌৰৱৰ অন্ত নাই ৷ সকলোতে তেওঁলোকৰ জয়গান ৷ কিন্তু সকলোকে হতবাক কৰি উৎক্ষেপণৰ মাত্ৰ তিনি মিনিট পিছতে ৰকেটটো মাজ আকাশত প্ৰচণ্ড শব্দৰে বিষ্ফোৰিত হৈ চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল ৷ ইয়াৰ পিছৰ কাহিনী অতি ছিম্পল ৷ এইবাৰ হঠাৎ দেশখনৰ গৰিষ্ঠ সংখ্যক

Read more

এৰেঞ্জড মেৰেজ – বিকাশ শইকীয়া, গুৱাহাটী

এৰেঞ্জড মেৰেজ হ’ল এনেকুৱা এটা অনুষ্ঠান য’ত সাঁতুৰিব নজনা মানুহ এজনক বোৱতী নৈ এখনলৈ দলিয়াই দিয়া হয় আৰু এই মহান কামটো কৰে আত্মীয়-স্বজনে……যাক বুলিব পাৰি এন’নিমাছ (anonymous) খণ্ড-১ এন’নিমাছে যিয়েই নকওঁক, এদিন নহয় এদিন নদীত জাপ দিবই লাগিব। সকলোতকৈ টান কাম আছিল মম্মী কো কনভিন্স কৰ্না……. মম্মীৰো বহুত লেঠা, সদায় মোক দুধ পিতা বচ্চা বুলিয়েই ভাবে৷ ভোদাফোনৰ কানেকচন এটা লৈ দিছিলো, দিনটোত চাৰিবাৰমান ফোন কৰে, ভাত খাইছ নে, গা-পা ধুলিনে, শুলিনে ……… কিন্ত যেতিয়াই মই কওঁ যে আজি দিনত ধেৰ

Read more

ফিলিং শ্লিম – ঐশ্বৰ্য অমিতাভ

আজি পুৱাৰেপৰা মনতো অলপ ভাল লাগি আছে ৷ কিবা কয় নহয় বোলে ফিলিং শ্লিম শ্লিম….. তেনেকুৱা ৷ আচলতে পুৱা গা-পা ধুই গোসাঁইঘৰ অটোৱা কামতো কৰোঁতেই কথাটো অনুভৱ কৰিলোঁ ৷ এইবাৰ আৰু মোক কোনে পায়! ইমান আশাৰে বাট চাইছিলো খীণাবলৈ, এতিয়াতো মজাই মজা ৷ শকত হোৱা বাবে পিন্ধিব নোৱাৰা হোৱা মৰমৰ কাপোৰ বোৰলৈও সাউৎকৈ মনত পৰি গ’ল ৷ মনটো একেবাৰে সাতখন-আঠখন….. তথাপিও কৰণীয় খিনি কৰি গ’লো ৷ পুৱা দৌৰাদৌৰি হয় বাবে ঠাই মচিবৰ বাবে বটল এটাত পানী থৈ তাৰেই মচি কাপোৰখন

Read more

পগলা মাষ্টৰ- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: ল’ৰা নে ছোৱালী বাইদেউ? : ছোৱালী, ছয়মহীয়া হ’ল মোৰ এইজনী নাতিনী আজি৷ : আমাৰ জনীও ছোৱালী নহয় বাইদেউ, আমাৰ তাইৰ আকৌ দুই মাহ৷ : গম পাওঁ দিয়াহে মই, সদায় সদায় কিমান শুনোৱা আৰু মোক তোমাৰ ছোৱালীৰ বয়স৷ অলপ বিৰক্তি প্ৰকাশ কৰিয়ে মায়ে উত্তৰটো দিলে আব্দুলক৷ মোৰ মাৰ স্কুলৰে সহশিক্ষক আব্দুল মতলেৱ। সকলোৱে পগলা মাষ্টৰ বুলিয়ে কয়৷ অসম আন্দোলন, ছাত্ৰ সংগঠন, আলফা-ছালফা ইত্যাদিৰ অভাৱনীয় গ্লেমাৰ আৰু পিছত অপাৰেচন বজৰঙ, ৰাইনো ইত্যাদিৰ সময়ত পুলিচ-মিলিটেৰীৰ অত্যাচাৰৰ প্ৰভাৱত মানসিক ভাৰসাম্য হেৰুওৱা যুৱক৷ গণ

Read more

হাঁহি-ধেমালি – কুল শইকীয়া

এতিয়া অৱশ্যে হাঁহিকো থেৰাপী হিচাপে ল’ব লগা হৈছে। চিকিৎসাৰ অন্তর্ভুক্ত এক শৈলী হোৱাৰ লগে-লগে এনেকুৱা ভাব হৈছে যে কোনোবা স্বাস্থ্য নীতিৰ পণ্ডিতে চুপাৰিশ কৰা বাবেহে, দৰবৰ লিষ্টত লিখি দিয়া দৰবৰ দৰে, বা পথ্যবিদে পৰামর্শ দিয়া খাদ্যপ্রাণ সংপৃক্ত খাদ্য তালিকাৰ দৰে, যিটো হয়তো আমি সাধাৰণতে খাই বৰ সন্তোষ নাপাবও পাৰো– ধৰক, চৰিতা তিতা, নিমপাতৰ ভাজি– ঠিক আমাৰ সুস্বাস্থ্যৰ বাবে বা হৃত যৌৱনৰ গৌৰৱ ফিৰাই অনাৰ বাবেহে আমি হঁহাৰ কছৰৎ কৰিবলগীয়া হৈছো। ডাঙৰ-ডাঙৰ মহানগৰীত এনেকুৱা ধৰণৰ কায়দাৰ হেতু লাফিং ক্লাবৰ ব্যৱস্থা কৰা

Read more

মিলাৰামৰ আত্মজীৱনী – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

(একাষাৰ: অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্মলগ্নৰে পৰা আজি পৰ্যন্ত সৃষ্টি হোৱা সমূহ অসমীয়া ব্যংগ সাহিত্যৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ব্যংগ ৰচনাৰাজিৰ স্থান সদায় কিছু ওপৰত। তেওঁৰ হাস্য-ব্যংগ ৰচনাৰ এক সুকীয়া বৈশিষ্ট্য হৈছে যে বহুক্ষেত্রত তেওঁ নিজকেই গোটেই কাহিনীটোৰ কোনো এটা চৰিত্রৰ লগত সাঙুৰি লয়, যাৰ দ্বাৰা আত্ম বিশ্লেষণেৰে খুহুটীয়া ৰসৰ মাত্রা চৰাব পাৰি । “মিলাৰামৰ আত্মজীৱনী”ও তেনেধৰণেই তেওঁৰ এক অপূৰ্ব্ব সৃষ্টি । সময় আগবঢ়াৰ লগে লগে নৱপ্ৰজন্মৰ বহুতেই ৰসৰাজৰ আপুৰুগীয়া সৃষ্টিসমূহৰ ৰস-আস্বাদনৰ পৰা নিলগত অৱস্থান হোৱা যেন পৰিলক্ষিত হৈছে।

Read more

ৰবাৰ্ট আৰু মাইকেলৰ সাধু -ঈশান জ্যোতি বৰা

জন্মৰ সময়ত ককাকে তাৰ নাম থৈছিল ৰতন ৷ পিছে মহাবিদ্যালয়ত পঢ়িবলৈ যোৱাৰ দিনচেৰেক পূৰ্বে পুতেক আৰু গিৰিয়েকৰ উপস্থিতিত মাকে ঘোষণা কৰিলে-“আজিকালিৰ ডেকাল’ৰাৰ নাম হ’বলা এইবোৰ ৰতন-মৰ্টন থাকে ? আফ্ৰিকাৰ হাবিত থকা বান্দৰকেইটাৰো ইয়াতকৈ ভাল নামহে থাকিব ঔ ! অ’তিদন এইটো নামেৰে চলিলি যেনিবা ৷ এতিয়া কলেজলৈ এই ৰতন নামটো কঢ়িয়াই নিলে বন্ধুবোৰে তোক হাঁহিব ৷ আউতডেটেদ বুলি জোকাব ৷ তোৰ লগতে আমাৰো নাক-কাণ নাথাকিব৷ সেয়ে,তোৰ নাম আজিৰেপৰা থ’লো ৰবাৰ্ট ৷ ৰবাৰ্ট হাজৰিকা ৷ ফৰ্ম-ফিল আপ কৰোঁতে নামটো সেইবুলি লিখিবি ৷

Read more
1 2 3 4 5 6