ফটাঢোল

আংকল –উজ্জ্বল দিপ্লু গগৈ

আগৰ চাকৰিটোত মানে ‘ষ্টেট বেংক অব ইণ্ডিয়াত’ যোগদান কৰিছোহে৷ ন-শিকাৰু তেতিয়া; বেংকৰ ছিনিয়ৰবোৰে কাম শিকাই থকা সময়ৰ কথা ক’বলৈ লৈছো৷ গুৱাহাটী আদাবাৰীৰ পাণ্ডু পৰ্ট শাখাৰ গ্ৰাহক মিত্ৰত বহাই থৈছিল মোক৷ ৰাতিপুৱাৰপৰা আবেলিলৈকে গ্ৰাহকৰ পাছবুক আপডেট কৰা, চেক ক্লিয়াৰিংত পঠিওৱা, এ.টি.এম. কাৰ্ডৰ আৱেদন লোৱা, এছ.এম.এছ. কানেক্টিভিটি দিয়া ইত্যাদি খুচুৰা কামত মোক বহাই থৈ দিছিল মেনেজাৰে৷ বহুত কষ্টৰ বলত যোগাৰ কৰি লোৱা চাকৰিটোৰ বিনিময়ত মানুহৰ ধন্যবাদ আৰু গালিৰ মাজতে কামবিলাক যিমান পাৰো কৰিবলৈ চেষ্টা কৰি যাওঁ৷ তেনেকুৱা এটা দিনৰে দুপৰীয়াৰ কথা; বেংকৰ

Read more

টাটু – পৰী পাৰবীন

আচলতে মানুহজনক লৈ ভিতৰি ভিতৰি গৰ্ব এটাও নোহোৱা নহয়। ঘৰতে এটা ব্যায়ামগাৰ। পুৱা গধূলি পূৰ্বজন্মৰ পাপৰ ফল ভূগি থকাৰ দৰে এক কুইন্টল ভাৰ উত্তোলন কৰি কৰি পেশীবহুল কৰি লোৱাই নহয়, উজ্জ্বল ৰঙৰ চৰ্ট টি-চাৰ্ট পিন্ধি ফিচফাচকৈ পাৰফিউমৰ বটলটো আধা কৰি বুকু ফিন্দাই অফিচলৈ গতি কৰাৰ লগে লগেই বুকুখন দুৰু দুৰুকৈ কঁপে (বোৰ্খা চিষ্টেমটো পুৰুষৰ বাবেও হ’ব লাগে বুলি আন্দোলন এটা কৰাৰহে কথা) ল’ৰাও দেউতাকৰ ফুটত। সৰুটোৱে টাটু অলপ গোটাই এদিন ‘চিক্স পেক এবচ’ৰ দেউতাকক ক’লে, -“পাপা, টাটুটো হাতত লগাই লোৱা।

Read more

মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

(১) এওঁক ৰেডি হ’বলৈ ক’বলৈহে পালো, দৰ্জা মাৰি বেডৰুমত যি সোমাল সোমালেই৷ সম্পূৰ্ণ দুঘণ্টা মই কেন্দিক্ৰাছ খেলি, কেইবাটাও লেভেল পাৰ কৰিলো৷ তাৰ মাজতে দৰ্জাখন অলপমান মেল খালে৷ মূৰ তুলি চাওঁ মানে মোৰ এটা জিনছ্ আৰু এটা টি-ছাৰ্ট মোলৈ বুলি উৰি আহিল৷ আকৌ দৰ্জা বন্ধ হ’ল৷ এনেকুৱা সময়ত মই এওঁক দিষ্টাৰ্ব নকৰো। মইও নিজাকৈ অলপ সময় পাওঁ৷ মানে এই সময়ৰ লেখ-জোখটো নিৰ্ভৰ কৰে, দৰ্জাখন কিমান সময় বন্ধ হৈ থাকে তাৰ ওপৰত৷ এই ধৰক যদি সান্ধ্য ভ্ৰমণ হয়-আধাঘণ্টা, সৰু-সুৰা বজাৰ কৰিবলৈ-এঘণ্টা, চিনেমা

Read more

ছাৰৰ চিন্তা –মণিষা কাকতি

আমাৰ ছাৰ চিন্তাত পৰিছে। ছাৰৰ চিন্তা দেখি তেমেকাবাবু আকৌ মহা চিন্তাত পৰিছে। ছাৰৰ মুখৰে ওলোৱা মহান বাণীসমূহ বঢ়াই কওঁতে কওঁতে আজিকালি তেমেকাবাবুৰ চিন্তাধাৰা, কাৰ্যকলাপ সকলোতে হাইব্ৰীড ছাপ এটা পৰিছে। কি ক’লে? বুজি পোৱা নাই? ৰব বুজাই দিছোঁ। মানে ধৰক, ছাৰ যদি কোনোবা দিনা আনন্দ মনেৰে থাকে; তেমেকাবাবুৰ ভাষাত, “ছাৰৰ আজি মহা আনন্দ।” আকৌ কোনো মহান কামৰ ক্ষেত্ৰত অংক নিমিলা দেখিলে ছাৰে যদি ‘দুই’ত কামটো কৰা মস্কিল হ’ব বুলি মানা কৰি দিয়ে; তেমেকাবাবুৰ ভাষাত কথাখিনি হ’ব, “নহ’বহে ডাঙৰীয়া! ‘চাৰি’ত কামটো কৰা

Read more

ডুখৰীয়া স্মৃতি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মোৰ বিয়াত দৰা হৈ হাতীত উঠি যোৱাৰ আৰু কইনাক গৰু-গাড়ীৰে আদৰি অনাৰ বৰ মন আছিল৷ তেতিয়ালৈ হাতীত উঠি পোৱা নাছিলো। গতিকে হাতীৰ পিঠিৰ পৰা পিছলিয়েই পৰো নেকি? এনে এটা ভাবেও মোক কম পীড়া দিয়া নাছিল৷ বিয়াগোম বপুৰাৰ তেনে ক্ষেত্ৰত যে হাত-ভৰি ভাঙি ভাল আলৈ-আথানি হ’ব সেই ক্ষেত্ৰত পুৰামাত্ৰাই নিশ্চয়তা আছিল৷ নিজৰ সেইখনেই প্ৰথম বিয়া আছিল আৰু সেইবাবেই চেলেং-চুৰিয়া পিন্ধাৰো তেনে অভিজ্ঞতা নাছিল আৰু এই চুৰিয়াৰ তলত বগা কাপোৰেৰে চিলোৱা আহল-বহল অন্দৰ মহলৰ সেই যে বিশেষ বস্ত্ৰ, সেই ফেৰাও সচৰাচৰ আমি

Read more

ভেলেণ্টাইন ডে –মৌচুমী বৰুৱা

সময়: তেৰ বছৰৰ আগৰ ভেলেণ্টাইন ডেৰ দিনা।( ২০০৪ চন ) স্থান: ৰাজমাও পুখুৰীৰ পাৰৰ পকী বেঞ্চ, বিহজুই আৰু বনু চকুত চকু থৈ, বনু: জানু মোলৈ আজি কি গিফ্ট আনিছা ? বিহজুই: কলিজা মই দৰকাৰী আৰু কামত অহা বস্তুহে গিফ্ট্‌ দিওঁ জানাইচোন। এইখন লোৱা ৰুমাল আনিছো। চৰ্দি হৈ আছে নহয় তোমাৰ কামত আহিব। বনু: থেংক ইউ জানু। কিন্তু কালাৰটো ভাল লগা নাই। বেঙুনীয়া ৰঙ বেয়া পাওঁ মই। আই লাভ ইয়েল্ল’। হালধীয়া মোৰ ফেভাৰিত। সেইদিন ধৰি বিহজুইয়ে হেনো দাঁত ব্ৰাছ কৰা নাই।

Read more

উপহাৰ–ঈশান জ্যোতি বৰা

বিঃদ্ৰঃ অনুগ্ৰহ কৰি বিয়ালৈ আহোঁতে কোনোধৰণৰ উপহাৰ যাতে লগত লৈ নাহে৷ আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ৷ -“ৱাঃ! ৱাঃ! দেখিলানে আনন্দী! দেখিলা! এইয়াহে আধুনিক যুগৰ আধুনিক মনৰ মানুহ! ‘আপোনাৰ উপস্থিতিয়েই হ’ব কন্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ’- সজ! একেবাৰে সজ কথা দেই৷” ৩৪২ নং পদুমনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আত্মাৰাম গোস্বামীৰ সুপুত্ৰী কৃপালিনী গোস্বামীৰ শুভবিবাহৰ নিমন্ত্ৰণী পত্ৰখনৰ শেষৰ শাৰীকেইটা পঢ়ি নিধিৰাম কলিতা অভিভূত হৈ পৰিল৷ -“হেৰা শুনিছানে নাই! চোৱাহিচোন৷ উপহাৰ দাঙি দাঙি বিয়া খাই ফুৰোতেই গোটেই জনমটো পাৰ হ’ল৷ অসমীয়া সমাজখনৰো

Read more

অলপ সত্য ধেমালি– উৎপলা কৌৰ

প্ৰায় ১৫বছৰৰ আগৰ কথা। কৃষ্ণপক্ষৰ নৱমী তিথি। জুলাই মাহৰ গৰম, তাতে ঘিটমিটিয়া আন্ধাৰ। গুৱাহাটীৰ মাজমজিয়াত ঘৰ হ’লেও এইকেইটা দিনত তেতিয়া দুবাৰমানকৈ লোড শ্বেডিং হৈছিল। ডেকা ল’ৰাটো গেট খুলি সোমাই আহিল। এইটো তাৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰ। যেতিয়াই তেতিয়াই আহে সি। পাকঘৰত সোমাই কেৰাহী ডাঙি চাব পৰাকৈ ঘৰখন আপোন। প্ৰিয় বন্ধুৱে কিছুদিন আগতে সিহঁতৰ লগতে একেলগে পঢ়া ছোৱালী এজনীৰ লগত কোৰ্ট মেৰেজ কৰিছে। গতিকে তিনিও আগতে অফ পিৰিয়ডত দিয়াৰ দৰে আড্ডা দিয়ে। কেতিয়াবা অইন বন্ধুবোৰো আহে। আগফালৰ দুৱাৰ বন্ধ আৰু কাৰেণ্ট নথকাত

Read more

ৰাজনীতিৰ অ আ ক খ!– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

-“ঐ,টিউচন লবি নেকি হৰেন চাৰৰ তাত। বিৰাট ভাল অংক শিকায়। মই গৈছিলো ছাৰৰ তালৈ, লগত আৰু কেইজনমানক লৈ যাবলৈ কৈছে। গ্ৰুপতহে পঢ়াব বোলে চাৰে, পইচাও বেছি নহয়, গাইপতি এশ টকা। সপ্তাহত তিনি দিন পঢ়াব। দহজনীয়া গ্ৰুপ হ’লে ভাল।” ময়ো যাম, ময়ো যাম বুলি দিগন্তৰ কথাত প্ৰায় বাৰ জনমান ল’ৰাই একেমুখে সঁহাৰি জনালে। হৰেন ছাৰৰ তাত টিউচন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা আছিল আমাৰ কাৰণে। চহৰৰ বিখ্যাত কলেজখনৰ গণিতৰ মুৰব্বী অধ্যাপক হৰেন শৰ্মা। ঘৰটো আমি পঢ়া কলেজখনৰ ওচৰতে হোৱাত আমাৰ কলেজৰ ছাত্ৰ

Read more

গেজেট বাইদেউ – বন্দিতা গগৈ বৰা

(১) মনত পৰিছে মোৰ আৰু গেজেট বাইদেউৰ মুখামুখি হোৱা প্ৰথম দিনটোৰ কথা। স্কুলত জইন কৰাৰ প্ৰথম দিন, অলপ লাজ, অলপ সংকোচেৰে কোনোবা এজনে দেখুৱাই দিয়া চকী এখনত বহি ইজন সিজনৰ লগত চা চিনাকি পৰ্ব চলিছে। এটা দুটা কথা পাতি পিছত লগ পাম বুলি নিজৰ নিজৰ ক্লাছলৈ গৈছে। মই বহি ৰৈছো, প্ৰথম দিন, মোৰ ক্লাছ কি হ’ব, ক’ত হ’ব ছাৰে ঠিক কৰি জনোৱালৈ অপেক্ষা কৰিছো। তেনেতে এগৰাকী বাইদেউ আহি মোৰ ওচৰত থিয় হ’ল, -“নতুন নেকি?” মোক মূৰৰ পৰা ভৰিলৈকে পৰীক্ষা কৰি

Read more
1 3 4 5 6 7