ফটাঢোল

প্ৰতিশ্ৰুতি – প্ৰদীপ পাটগিৰি

যোৱা ব’হাগত ধুম-ধামেৰে বিয়াখন পাতিলো৷ চেনেহী পদুমীয়ে প্ৰেয়সীৰ পৰা পত্নীৰ মৰ্যাদা পালে৷ প্ৰেয়সীক পত্নীৰূপে লাভ কৰাৰ সুখ-মাদকতা অতুলনীয়৷ মোৰ বুকুখন অনাবিল সুখ, আনন্দ আৰু সোণালী সপোনেৰে উপচি পৰিল৷ তিনি বছৰ জোৰা আমাৰ প্ৰেম আছিল৷ বিয়াৰ পূৰ্বে পদুমীয়ে মোক প্ৰতিশ্ৰুতি দিছিল- “বিয়াৰ পিছত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মোৰ৷ ঘৰখন মই সুন্দৰকৈ চম্ভালি লম৷” পদুমীৰ এই প্ৰতিশ্ৰুতিয়ে মোক বহুত সুখী কৰিছিল৷ আনন্দ দিছিল৷ তাইৰ প্ৰতি এবুকু কৃতজ্ঞতাত অন্তৰ ভৰিছিল৷ মই কৈছিলো, “মা-দেউতাৰ মই জ্যেষ্ঠ সন্তান৷ পৰিয়ালৰ ডাঙৰ বোৱাৰী হিচাপে তুমি বহুত দায়িত্ব কান্ধ

Read more

ব্যংগ সাহিত্য : এক আলোকপাত – সোণটো ৰঞ্জন বৰুৱা

সাহিত্যৰ ৰসসমূহৰ অন্যতম ৰস হ’ল ব্যংগ৷ মানুহে নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি সমাজখনৰ বিভিন্ন ক্ষেত্ৰত নানান ত্ৰুটিৰ সন্মুখীন হয়৷ এই ত্ৰুটিসমূহৰ বিৰুদ্ধে যি বক্ৰোক্তিপূৰ্ণ তীক্ষ্ণ অনুভূতি তাকে ব্যংগ বুলি কোৱা হয়৷ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আদি সমাজৰ বিভিন্ন ক্ষেত্ৰসমূহতো নানান অসমানতা প্ৰত্যক্ষ কৰা হয়৷ অন্যায়, অনৈতিকতা, সুবিধাবাদ, দুমুখীয়া নীতি, নিৰ্লজ্জতা আদিৰে ভৰপুৰ এই ৰোগাক্ৰান্ত সমাজৰ তিক্ত সোৱাদ সমাজৰ প্ৰায় সকলোৱেই কম বা বেছি পৰিমাণে লাভ কৰে৷ এই তিক্ততাবোৰ যদি জীৱনৰ সৈতে সাক্ষাত্কাৰ বুলি ধৰা হয় তেন্তে এই ৰোগাক্ৰান্ত সমাজব্যৱস্থাৰ

Read more

একা-বেঁকা সপোন – মাধুৰীমা ঘৰফলীয়া

টুলখন জোৰা দি কোনোমতে পাকঘৰৰ স্লেপখনৰ পৰা পকামিঠৈৰ টেমাটো নমাইছিলহে জুনুক জুনুককৈ বাজি উঠা শব্দটোত পখিলা চক খাই উঠিল ! টেমাটো আগৰ ঠাইতে থৈ টুলৰ পৰা নামে মানে জুনুক জুনুক শব্দটো কাষ পালেহি ! -অ’ আমাৰ আইদেউ মানে ইয়াত আছেহি ! নবৌ… -মাক আক কিয় মাতিছা পেহী ? পেহীয়েকৰ চিঞৰত পখিলা বিৰক্ত হৈ উঠিল । -নহ’লে পাছত মাৰে চিঞৰ-বাখৰ লগাব নহয় মিঠৈবোৰ কোনটো ভূতে খাই শেষ কৰিলে বুলি ! কৃত্ৰিম খঙেৰে পেহীয়েকো কোৱা কথাষাৰ শুনি পখিলা ভয় খাই গ’ল ।

Read more

ছলনা – মনীষা কাকতি

শেষ হৈ গ’লো মই… তাৰ ছলনাত বন্দী হৈ নিজৰ অগোচৰে দেহৰ উমুক্ত অংশবোৰলৈ কেতিয়া ঘোৰ অমানিশাৰ ক’লা এন্ধাৰ নমাই আনিলো, গমেই নাপালোঁ। কি ভুল আছিল মোৰ! কিয়েই বা দোষ কৰিছিলো মই! সহজ-সৰল হোৱাৰ পৰিণতি এয়াই নেকি? মোৰ বিশ্বাসৰ প্ৰতিদান এয়াই নেকি? আজলী পালে এনেকৈয়ে ঠগে চাগৈ সি! কদাপি আশা কৰা নাছিলোঁ তাৰপৰা, দয়া-মমতহীন এনে নিৰ্মম অত্যাচাৰ…তাকো এজনী শান্ত-শিষ্ট ছোৱালীৰ আলফুল দেহত। মুখ, বাহু, ডিঙি – ক’ত নাই তাৰ নিষ্ঠুৰতাৰ চিন! এতিয়া! আইনাৰ সমূখত থিয় হ’বলৈও সাহসৰ অভাৱ মোৰ। নিজৰ ওচৰতে

Read more

আধুনিক সুখ -সোমেশ্বৰ বৰা

আমাৰ তেখেত কালি তেখেতবৰলৈ গৈছিল৷ তেখেতবৰৰ পৰা কেইটামান তেখেত কেৰেলা আনিছিল৷ খাবলৈ যে ইমান তেখেত তেখেত ঐ৷ এয়া আছিল তিতাৰমৰ ঘৈণীয়েকে তিতাবৰৰ তিতাকেৰেলাৰে তাহানিতে খোৱা এসাঁজৰ কথা৷ আজিৰ তিতাৰমৰ ঘৈণীয়ে কয়, “ ঐ শুনিছ, ভাত খাৱ যদি তিতাকেৰেলা এপোৱা লৈ আহিবি৷ মোৰ ত্ৰিট এটা আছে৷ মই বাহিৰত খাম৷“ ভাল বেয়া নিচিনিলে, পিছে সততে মতা মাতষাৰ যেনে, “ হেৰি, শুনকচোন, আহকচোন“ বোৰ লোপ পালে আৰু ঠৰঙা “ তই-মই“ হ’ল৷ খুন্দা-খুন্দলি বোৰ বেছি হ’ল৷ তাহানিৰ বিয়াত আজিৰ দৰে ইলাহী কাৰবাৰ নাছিল৷ গাঁৱৰ

Read more

তুলা-ধুনা – মানবেন্দ্ৰ কুমাৰ শৰ্মা

অস্থি চৰ্মসাৰ দেহৰ বয়োজ্যেষ্ঠ মানুহজন জপনাখন খুলি চুচুক-চামাককৈ সোমাই আহিল৷ অচিনাকি মানুহ এজন এনেদৰে সোমাই অহা দেখি মই অলপ চিন্তাত পৰিলোঁ৷ দিন-কাল ভাল নহয়৷ কোন, কেতিয়া, কি উদ্দেশ্যৰে আহে একো ধৰিব নোৱাৰি৷ এনেও নহয় যে আমাৰ বাহিৰে বেলেগক বিচাৰি আহিছে৷ এই ঘৰত আমাৰ বাহিৰে আৰু কোনোৱেই নাই৷ মই তেখেতলৈ কৌতূহলেৰে চালোঁ৷ এই প্ৰচণ্ড শীততো মানুহজনৰ শৰীৰৰ ওপৰৰ অংশত পিন্ধনত কেৱল এটা উৱলি যোৱা চোলা; হয়তো একালত ৫-৬ ইঞ্চিৰ কাৰোবাৰ বুকুত শোভা বৰ্ধন কৰি সময় উকলি যোৱাত সি বানগ্ৰস্থ কোনোবা আৰ্তজনৰ

Read more

বাণী পেহী – অসমী গগৈ

বাণী পেহীয়ে আজি আমাক ভাত খাবলৈ মাতিছে৷ আমাক মানে সুবাস আৰু মোক৷ সুবাসৰ ঘৰলৈ ন-বোৱাৰী হৈ অহা মোৰ এমাহো পুৰ হোৱা নাই৷ এই এমাহত যে মই কিমান দিন বাণী পেহীৰ নাম শুনিছো! হয়তো বাণী পেহীৰ প্ৰসংগ নোলোৱাকৈ এদিনো এসাজো বাদ পৰা নাই৷ ঘৰখনৰ সকলোৰে মুখত বাণী পেহী, বাণী পেহী বা বাণী আৰু বাণী! বাণী পেহীৰ প্ৰসংগত সকলো মুগ্ধ; আচ্ছন্ন৷ বাণী পেহীৰ নামটো মই প্ৰথম শুনিছিলো মোৰ জোৰণৰ দিনা৷ বাকচ ভৰ্তি কৰি নিয়া জোৰণৰ কাপোৰবোৰৰ মাজত চকুত পৰাকৈ জিলিকি আছিল এক

Read more

দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰা – বৰ্ণালী ফুকন

মাৰ মুখেৰে বহুত দিনৰ পৰা শুনি অহা দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰাৰ সংগী হোৱাৰ মোৰ আজি সৌভাগ্য ঘটিল৷ তিনিচুকীয়ালৈ অহাৰ পৰা শুনি আছো মাৰ মুখত, দুলীয়াজানলৈ ৰজাৰ গাড়ীৰে ভ্ৰমণ কৰিব পোৱাটো কিমানযে ৰোমাঞ্চকৰ আৰু আৰামদায়ক একোৰে সৈতে তুলনা নহয়৷ মনতে ভাব হ’ল কিজানি এই যাত্ৰা এৰোপ্লেনৰ যাত্ৰাতকৈও সুখকৰ৷ এই যাত্ৰাৰ সুখকনৰ লোভ সামৰিব নোৱাৰিয়েই মোৰ আজিৰ এই যাত্ৰা৷ ঘৰৰ পৰা ওলাইয়ে ৰিস্কা এখন পাই চালকৰ সৈতে দৰ দাম কৰি ন-পুখুৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো৷ বৰ্ডিং ফিল্ডৰ ৰাস্তা পাৰহৈ চেনাইৰামৰ দিশত ঘূৰিব

Read more

লক্ষ্মীনাথ বেজবৰুৱা আৰু ব্যঙ্গাত্মক ৰচনা – পাৰ্ভিছ জ’লী ভূঞা

অসমীয়া সাহিত্যৰ ইতিহাসত সাহিত্যৰ সকলো দিশত হাত ফুৰাই সমন্বয়ৰ হেঙুল-হাইতালেৰে ৰং দি গল্প, কবিতা, গীত, সাধুকথা, মালিতা, প্ৰৱন্ধ, তত্ত্বকথা, জীৱনীগ্ৰন্থ সকলো দিশতে চহকী কৰি যোৱা মহাৰথী গৰাকীয়েই হ’ল লক্ষ্মীনাথ বেজবৰুৱা৷ বুদ্ধিদীপ্ত মন্তব্য, নিৰ্দোষ হাস্যৰস আৰু স্থান বিশেষে ব্যঙ্গ বাক্যবাণেৰে তেওঁ কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে বহুতো ৰচনা লিখি গৈছে৷ স্বদেশপ্ৰেমী বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে অসমীয়া মানুহৰ হতাশা আৰু নিৰাশা, সোৰোপালি, ভেম-ভণ্ডামি, ফোপ-যহ মৰা আদি বদগুণবোৰ আঁতৰাই অসমীয়া জাতীয় বৰপেৰা সাজিবলৈ সমালোচনাৰ সলনি হাস্যৰসাত্মক বাক্যৰ প্ৰয়োগ কৰিছিল৷ কাৰণ তেওঁ বুজি উঠিছিল যে সহজ-সৰল

Read more

বাই-ভনী – শ্ৰীমানস শইকীয়া

সৰুতে দুই-এটা খুট্-খাটৰ বাহিৰে বায়েক-ভনীয়েকৰ বিৰাট মিলা-প্ৰীতি৷ খুট্‌-খাটবোৰো এজনীৰ ভাত খোৱা থালখন সিজনীয়ে নোধোৱাক লৈ, এজনীয়ে ধুই-কৰি ইস্ত্ৰি কৰা কাপোৰযোৰ আনজনীয়ে পিন্ধাক লৈ; নাইবা ইজনীৰ প্ৰসাধন সামগ্ৰী সিজনীয়ে লোৱাক লৈ লাগে আৰু! অৱশ্যে, কোনো এটা সুদৰ্শন(হেনচু) ডেকাই এজনীৰ ওপৰত বেছিকৈ চকু দিলেও হনা-খোঁচা কাচিৎ লাগে৷ বিয়াৰ পিছত কিন্তু মৰমবোৰ ৰৈ বৈ যোৱা৷ মণি-হাৰি কিবা সামগ্ৰীয়েই হওক, ফেৰীৱালাৰ পৰা কাপোৰেই হওক, লওঁতে ইজনীয়ে সিজনীৰ বাবে ল’বই৷ তাৰ মাজতে দুটি স্নেপশ্বট আপোনালোকলৈ বুলি৷ (সুবিধাৰ বাবে বাই-ভনী দুগৰাকীৰ নাম দি লওঁ— ৰীণা আৰু

Read more
1 4 5 6 7