ফটাঢোল

যাত্ৰাৰ শেষত – হিমাদ্ৰী গোহাঁই বৰুৱা

সিদিনা হঠাৎ প্লাৱিতাই ময়ূৰক দেখিলে। তাই কি কৰোঁ কি নকৰোঁ বুলি ভাবি মুখখন ইফালে ঘূৰাই দিলে। সেই যে নাহো আৰু বুলি উলটি নোচোৱাকৈ গুচি গৈছিল সেই দিনৰে তাই তাক দেখা নাছিল। কিন্তু সিদিনা ইমান বছৰৰ পাছত তাক দেখি প্লাবিতাৰ মুখৰ মাত হেৰাল। হয়তো তেওঁৰো! তেওঁ হয়তো ভাবিছিল এসময়ত অনৰ্গল কথা কৈ থকা প্লাৱিতা আজি দেখোন চকুলৈও চোৱা নাই! হয়তো নাভাবিব ও পাৰে। অকস্মাত সেইদিনা ময়ূৰে কৈছিল, :আজিৰ পৰা তোমালোকৰ ঘৰলৈ নাহো। তাই হতবাক। কিয় বুলি প্ৰশ্ন কৰা নাছিল। হয়তো অভিমান

Read more

খাৰখোৱাৰ ইংৰাজী জ্ঞান – অমৰজ্যোতি বৰা

ফৰ্ ফৰ্কৈ ইংৰাজী ক’ব পৰা মানুহক আমি সৰুৰেপৰা চোকা মানুহ বুলিয়েই ভাবি আহিছিলোঁ। আখৈফুটাদি ভুলে শুদ্ধই ইংৰাজী কৈ আমাৰ নিচিনা অজলা গঞা কেইটাৰ আগত তাহানিখনতেই কেইবাটাইও বৰমানুহ চেলাইছিল। আমিও তেওঁলোকক বৰ সমীহ কৰি চলিছিলোঁ। এটা আশা তেতিয়াই মনত বাহ লৈছিল, ময়ো এদিন আখৈফুটাদি ইংলিছ মাতিম। কিন্তু লেঠা এটা আছিল। ইংৰাজী শিকিবলৈ আৰম্ভ কৰিছিলোঁ ক্লাছ ফাইভত, খাৰখোৱা জিভাত ইংলিছ ফুটিবই নোখোজে, বুজি পোৱাটো তাতোকৈও দূৰৈত। ক্লাছ টেনত যেনিবা এজন শিক্ষকৰ কৃপাত যেনে তেনে সহজ ভাবে লিখিব পৰাকৈ ইংৰাজীৰ সামান্য জ্ঞান আহিলগৈ।

Read more

জোৰানাম: — উষা মহন্ত

শিৱসাগৰ জিলাৰ ভিতৰুৱা গাঁও এখনৰ বন্ধু এজনৰ আমন্ত্ৰণ ক্ৰমে বন্ধুৰ ভনীয়েকৰ বিয়ালৈ বুলি যাত্ৰা কৰিলোঁ। বন্ধু মানে ফেচবুকৰ চিনাকি বন্ধু। বৰ সাদৰ নিমন্ত্ৰণ। মোৰ বাবে তেওঁ হেনো বাছষ্টপত ৰৈ থাকিব। মাথো ফোন কৰিলেই হ’ল। শ্ৰীমতীয়ে ক’লে, : চাবা আক’ শিৱসাগৰৰ বিয়া, তাকো গাঁৱৰ।জোৰানামেৰে থেকেছি পেলাব। মোৰ অভিজ্ঞতা আছে৷ তেওঁৰ পৰা বিয়ানাম, জোৰানাম এইবোৰৰ বিষয়ে প্ৰাথমিক জ্ঞানখিনি আহৰণ কৰি পুৱা সাত বজাৰ বাছত গৈ প্ৰায় চাৰি মান বজাত শিৱসাগৰ বাছষ্টেণ্ডত নামি নামতিলৈ যোৱা মেজিকত উঠিলোঁ। খৰাগড় তিনিআলিত নামি বন্ধুৰ বাবে অপেক্ষা

Read more

এদিন বাছত – অনুৰূপ মহন্ত

আজি অলপ দিন আগৰ কথা। জুলাই মাহৰ এটা সুন্দৰ ৰাতিপুৱা, ভন্টীৰ লগত ঘৰৰ পৰা ওলালোঁ গুৱাহাটীলৈ বুলি। অসম ৰাজ্যিক পৰিবহণ নিগমৰ শীততাপ নিয়ন্ত্ৰিত বাছত আগতিয়াকৈয়ে টিকট কৰি থৈছিলোঁ। সেই মতে সময়ত বাছ আস্থানত উপস্থিত হ’লো। মোৰ লগৰ এটাৰ ভাইটি এটাও বাছ আস্থানত উপস্থিত হ’লহি। সিও আমি যাব লগীয়া বাছ খনতে গুৱাহাটীলৈ যাব বুলি ক’লে। ভালেই পালো লগ এটা হ’ব বুলি। সময়তকৈ আধা ঘন্টা পলম কৈ বাছ খন আহি উপস্থিত হ’লহি। ছিট মতে বহি ললোঁ। বাছ ঠিকেই চলিলে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ

Read more

গোলাপী জেঠাইৰ গুগুললৈ চিঠি – পৰীস্মিতা বৰদলৈ

আমাৰ গোলাপী জেঠাই হ’ল বৰ ৰঙিয়াল মানুহ৷ কথাই কথাই হাঁহি তামাচা কৰি ভাল পায়৷ তিনিকুৰি দহবছৰ বয়সতো নিজৰ সকলো কাম নিজ হাতে কৰিয়েই আনন্দ লভে৷ গোলাপী জেঠাইৰ মানুহজন মানে আমাৰ জেঠু ঢুকুৱাৰ আগলৈকে দুয়ো মিলি টকী চাবলৈ গৈছিল৷ জেঠায়ে হলত চিনেমা চাবলৈ যোৱাটো টকী চাবলৈ যোৱা বুলি কৈছিল৷ চিনেমা চাই ঘূৰি অহাৰ এমাহমানলৈকে গোলাপী জেঠাইৰ ঘৰত “টকী বৃত্তান্ত” শুনা মানুহে গিজগিজাই থাকে৷ জেঠায়েও সেলেঙি বোৱাই তামোলখন পকটিয়াই পকটিয়াই ৰস লগাকৈ কথাবোৰ কয়৷ সেই যে চিনেমাত দেখুৱায় নায়িকাজনী নায়কজনৰ গাতে বাগৰি

Read more

ঠাণ্ডাৰ সমাধান–দিপ্তী শৰ্মা

ঠাণ্ডা ৰ দিনত আমি বিভিন্ন ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হও।আজি তাৰে কেইটামান সমস্যাৰ সমাধান দেও বুলি ভাবিলো। ১। ঠাণ্ডা ৰ আৰম্ভণিতে এটা বহুত ডাঙাৰ সমস্যা হ’ল ফেন দিলি গৰম লাগেই আৰু কাপোৰ উৰি ললি ঠাণ্ডা লাগেই।সেয়েহে এই দিন কেইটাত এটা কাম কৰবা পাৰেই।সেইটো হ’ল এখান পাতাল কাপোৰ উৰি ১-২ ত ফেন খান চলেই দিলিয়ে হ’ল।ধুনীয়া লাগেই। ২। এই ঠাণ্ডা ৰ দিনত তিৰি গিলাকে কবাত গেলি ব্লাউজ সলেই দেহাটোক কষ্ট দিয়াৰ দৰকাৰ নাই।ব্লাউজৰ ওপৰত চুৱেটাৰ বা গৰম উৰা কাপোৰ থাকেয়ে।সেইকাৰণে এই

Read more

বৌ ভাতৰ লটিঘটি – চুইটলেনা দাস

২০১১ চনৰ জুলাই মাহৰে কোনোবা এটা দিনৰ কথা। বাক বেংগলী সম্পদায়ৰ লৰালৈ বিয়া দিয়া হৈছিল আৰু তেওঁলোকৰ নিয়ম অনুসৰি বিয়াৰ তিনিদিনৰ পিছত বৌ ভাত খাবৰ বাবে আমাৰ নগাওঁৰ পৰা বোকাখাত অভিমুখে দুখন গাড়ী ৰাওনা হল। আমি যোৱা খন আছিল উইংগাৰ। ড্ৰাইভাৰে একেবাৰে গুলি যোৱাদি গৈছে স্পীদত। বোকাখাত গৈ পালো 12:00 মান বজাত। নতুন আলহী যোৱাত ভিনদেউৰ ঘৰৰ মানুহৰ আলহ-উদহৰ অন্ত নাছিল। 1:30 মান বজাত নগাঁও ৰ পৰা যোৱা সকলক ভাত খাবলৈ দিলে। মইও গৈ খাবলৈ বহিলোঁ। খুলশালী বুলি জানি মোক

Read more

প্রেম অমৃতৰ নৈ – দিব্যজ্যোতি চৌধুৰী

বাইকখন ষ্টেণ্ড কৰি দীপকে বজাৰ কৰি অনা মোনা দুটা নমালে। গধুৰ মোনা দুটা কোনোমতে দাঙি ভিতৰলৈ নিবলৈ লওঁতেই ভিতৰৰপৰা দীপকৰ পত্নী নন্দিতা ওলাই আহিল। : অ’ সোণজনী, মোনা এটা দাঙিব পাৰিবানে? – দীপকে নন্দিতালৈ চাই হাঁহি মাৰি সুধিলে। : নোৱাৰো দাঙিব। বৰমতা দেখুওৱা নহয় নিজকে। দাঙা এতিয়া। – নন্দিতাই মুখ ভেঙুচাই দিলে। : মোৰ সোণমইনা, এই যে তোমাৰ মানুহটোৱে কেকো-জেকোকৈ মোনা দুটা অতি কষ্টেৰে দাঙি নিম, তোমাৰ বেয়া নালাগিবনে! : নালাগে, একদম নালাগে। : উপায় নাই আৰু তেন্তে! হে প্রভু, এইগচ

Read more

লিখাৰ আঁৰৰ কাহিনী – পাৰিজাত ফুকন

আলোচনীলৈ বুলি কিবা এটা লিখিবলৈ তাগিদা দিয়াৰ লগে লগে মানুহগৰাকীৰ উথপথপ লাগিলেই নহয়।খাওঁতে, শোওঁতে ,বহোতে আগতে লেকচাৰ দি থকা মুখখনো বন্ধ হ’ল।হ’ল মানে এনেয়ে নহয় দেই। দস্তুৰমত মগজুৰ কচৰৎ। দহোবন কাটি কৰি কাগজ একদিস্তাও কিনি আনিলেগৈ,লগতে দামী কলম এটাও। আচল কথাটো হৈছে, দামী কলমেৰে লিখিলেহে লিখাবোৰ গধুৰ হ’ব। সমস্যা হ’ল লিখিব কোন সময়ত? পুৱাগধুলি লৰা-ছোৱালী মখাৰ হুলস্হূল, গিৰিহঁতৰ ইটো-সিটো ফৰমাইচ। সব ভাবিগুনি কামকৰা বাই এগৰাকীকে ৰাখিলে,অন্ততঃ দুপৰীয়া সময়খিনি ফ্ৰী হলে লিখিবলৈ আৰম্ভ কৰিব। সমস্যা কিবা এটা নে?ক’ত বহি লিখে? লিখিবলৈ

Read more

ইস্ত্ৰি কৰা বেডচিট–সদানন্দ দত্ত

উজনিৰ নাহৰৰ শাৰী থকা বিশ্ববিদ্যালয়খনৰ মুখ্য দুৱাৰৰ সিপাৰে অলপ দূৰতে এখন ছোৱালী হাইস্কুল আছে।তাৰ কাষেদি যোৱা ৰাস্তাটোৰ মূৰতে আমাৰ ভাৰতী মেছ।তেনেই কাষতে স্কুলখন আছে বাবে মেছত থকা প্ৰতিজনৰে খোজ-কাটলৰ ঢং বেলেগ।এঘাৰজন ছাত্ৰৰ খোৱা- বোৱা একেলগে হয়।ৰান্ধনি প্ৰদীপ আছে যদিও প্ৰায়েই সিজাবলৈ নাহে। আন ৰান্ধনি পাবলৈও নাই,গতিকে এৰি দি আন এজনক লব নোৱাৰি।এজনীয়া কোঠা ,দুজনীয়া কোঠা আৰু তিনিজনীয়া কোঠা থকা ঘৰটোৱেই ভাৰতী মেছ। আমি তাতে থাকোঁ।আমাৰ মাজৰ হাজৰিকা বোলাজন অকলে থাকে।এটা কোঠাত কিবা জমনি কথা ওলালে প্ৰতিটো কোঠালৈ ৰগৰটো বাগৰি যায়।কোনোৱে

Read more
1 8 9 10 11 12 115