ফটাঢোল

চিঙা চেণ্ডেল – গীতাঞ্জলী বৰা

ঘটনা ১: যোৱা বছৰৰ কথা, পৰীক্ষা এটাৰ সূত্ৰে দেউতাৰ লগত গুৱাহাটীলৈ গৈছিলোঁ। পিছদিনা পৰীক্ষা সেয়ে আগদিনাই গৈছোঁ। নতুন বাটাৰ চেণ্ডেল পিন্ধি জীনছ্ আৰু টপ লগত ছানগ্লাছ লগাই পুৰা সাজি কাচি গৈছোঁ। সব ঠিকেই আছিল তেনেতে খানাপাৰাত বাছৰ পৰা নামিব লৈছোঁহে দিলে নহয় আহল বহল চেহেৰাৰ এজনে মোৰ চেণ্ডেলত গচকি। উফ্…. যিটোহে গচক দিলে সেইপাটৰ ফিটা একে কোবেই ওলাই লৰ মাৰিলে। মই বোলোঁ, খা এতিয়া সুখেৰে। যেনে তেনে বাছৰ পৰা নামি ইফাল সিফালে চাই দেখোঁ মোৰ ফুটা কপাল এজনো মুচি নাই।

Read more

দোষ কাৰ? – ৰিতন বৰা

কলেজীয়া দিনৰ কথা। তেতিয়া মই চফল ডেকা। কাপোৰত ষ্টাইল, জোতাত ষ্টাইল, চুলিত ষ্টাইল, উফ ষ্টাইলেই ষ্টাইল। ঘৰৰ পৰা কলেজলৈ প্ৰায় ২০ – ২২ কিমি মান বাট। আজিকালিৰ দৰে বিভিন্ন ধৰণৰ সৰু গাড়ী নাছিল। আছিল কেইখনমান ঘেৰঘেৰীয়া দীঘল দীঘল বাছ। নিদিৰ্ষ্ট সময়ত লাইনমতে অহা যোৱা কৰে। ৰাতিপুৱা সময়ত গাড়ীত মানুহ ওপৰা ওপৰিকৈ উঠে। স্কুল কলেজ, অফিচ কাছাৰী আদিৰ মানুহ পাণ জপাদি জাপি নিয়ে। কাজেই তেতিয়া, কাপোৰ কানি জোতা মোজা, চুলি তাৰিৰ ধং নাইকিয়া হয়।শেষত উপায় একমাত্ৰ নগৰৰ চেলুনখন। সদায় বাছৰ পৰা

Read more

জগেও ভাঙে, ৰঙেও ভাঙে – নীৰুজা বৰা

ঘৰ আহি পাওঁতেই ল’ৰাটোৱে সুধিলে, : মা, কেনে পালে? মাকৰ মুখৰ মাত নাই। মুখখন গোমোঠা কৰি ইফাল-সিফাল কৰি আছে। দেউতাকে ল’ৰাটোক বেলেগ এটা কোঠালৈ মাতি আনি মাকে নুশুনাকৈয়ে কৈছে, : মাৰে, সিহঁতৰ ঘৰত চাহকাপো নল’লে। ইমান সুন্দৰকৈ যতনাই দিলে মানুহ ঘৰে। কি কাৰণে মাকে এনেখন কৰিলে জানিব নোৱাৰি, বাপেক-পুতেক দুয়োজন বিবুদ্ধিত পৰিল। আচলতে আজি পুতেকৰ অনুৰোধত, পুতেকে আঁতৰৰপৰা দেখি পচন্দ কৰা ছোৱালীজনী চাবলৈ মানুহ এঘৰলৈ গৈছিল। মাকৰ অনিচ্ছা, কাৰণ ছোৱালীৰ ঘৰখনৰ লগত তেওঁলোকৰ ষ্টেটাছ নিমিলে। তথাপি পুতেকৰ কথা পেলাব নোৱাৰি

Read more

লাডেনদাৰ শেষ দিনবোৰ–অসীম শইকীয়া

হাতত টুথপেস্টটো লৈ ব্ৰাছডাল বিচাৰি নাপায় চিঞৰি চিঞৰি ঘৈণীয়েক জনীক মাতিব খোজোতেই লাডেনদা থমকি গ’ল। চিন্তা কৰিলে বেছিকৈ চিঞৰিব নোৱাৰি কাৰণ আশে পাশে যদি আমেৰিকাৰ গুপ্তচৰে চাউণ্ড ডিটেক্টৰ থৈ দিছে, যি বহু দূৰৰ শব্দও বিশ্লেষণ কৰি চি আই এৰ হেড অফিচ পঠিয়াই দিব পাৰে, আৰু তাৰ পাছত খেলা খতম। সেই বাবে লাডেনদাই খুব মিহি মাতেৰে ঘৈণীয়েকক সুধিলে, – হেৰা, মোৰ ব্ৰাছডাল কতনো থলো জানা নেকি বাৰু? ঘৈণীয়েকে গেঙেৰি মাৰি ক’লে- মগজুত কিবা থাকিলেহে। ৰাতি ৰাতি বেয়া বেয়া চিনেমাবোৰ চাব আৰু

Read more

নীলিমাৰ নিমজ গালত – নিপুল ভট্টাচাৰ্য

পৰাগ মোৰ বাল্য বন্ধু৷ অদ্ভুত কামবোৰ কৰাত তাৰ সমান কোনো নাই আমাৰ বন্ধু মহলত৷ সদায় কিবা নহয় কিবা জেং লগোৱাত সি সিদ্ধহস্ত৷ এতিয়ালৈ প্ৰায় দহজনীমানৰ লগত প্ৰেম কৰি সি প্ৰেমত অনাৰ্চ পোৱা বুলিয়েই কৈ ফুৰে৷ পিছে এমাহ মান জোৰদাৰ প্ৰেম কৰাৰ পিছত প্ৰতিজনী প্ৰেমিকাই পলাই পত্ৰং দিয়ে তাৰ পৰা। নিদিবই বা কিয়? কেতিয়াবা দোভাগ ৰাতিও প্ৰেমিকালৈ ফোনকৰি মাথোঁ আবৃত্তি কৰি যায় কবিতা৷ মাজনিশা টোপনিৰ পৰা উঠি কবিতা শুনাৰ আমেজ কেনেকুৱা জানেই নহয়৷ কবিতা আবৃত্তিত তাৰ নাম আছে হয় কিন্তু পুৱতি

Read more

অৰ্হতা – ৰাস্না বৰা

অসমত এতিয়া বিয়াৰ বতৰ। আহিন মাহৰপৰাই ৰাইজৰ গাত তত নাই, কেৱল বিয়া খোৱা। মহিলা সকলৰটো ব্যস্ততাৰ অন্তই নাই। ফেচিয়েল কৰা, চুলি ষ্ট্ৰেইট কৰা, কাৰ্ল কৰা, স্পা কৰা লগতে কাপোৰ কানিৰ কথা আছেই। ইখন বিয়াত পিন্ধা কাপোৰ সিখনত পিন্ধিব নোৱাৰি, ফটো আৰু ভিডিঅৰ কথা আছেতো। বৰুৱাৰ ঘৈণীয়েকে এযোৰ কাপোৰেৰে তিনিখন বিয়া খালে গতিকে মহিলা খিনিৰ মাজত গুণগুণনী এটা উঠিলেই বোলে বৰুৱা বৰ কৃপন দেই, আন এজনীয়ে আকৌ দুইটাৰ মাজত মিল নাই বুলিয়েই কৈ দিলে।কোনোবাই যদি বেছি দামী কাপোৰ দুই তিনিযোৰ পিন্ধে

Read more

তাড়না : বিকাশ দত্ত

১) টুকুৰিওৱাৰ শব্দ শুনি বিচনাতে পেপাৰ পঢ়ি থকা ছামেদুৰ ৰহমানে দৰ্জাৰ ফালে খোজ ল’লে। খুলি দেখে তেওঁৰ বহু পুৰণা চিনাকি আৰু হোজাইৰ ওচৰৰে এখন গাঁ‌ৱৰ বাসিন্দা তথা একমাত্ৰ পোষ্ট অফিচটোৰ পোষ্টমেন হৰেশ্বৰ কলিতা। :অ’ কলিতা! আহক আহক। – ৰহমানে উজ্বল চকুযুৰিৰে তেওঁৰ ফালে চাই এটি মিচিকিয়া হাঁ‌হি মাৰি ক’লে। :নাই দিয়ক নবহোঁ ! আপোনাৰ এই মাহৰ মানি অৰ্ডাৰটো আহিছে। এইবাৰ বেছিকৈ আহিছে দেখোঁ । য়াছমিন মাজনীৰ নিচিনা পৃথিৱীৰ সকলো ছোৱালী হওক। এইবাৰ ৯০০০ টকা দিছে। এয়া লওক। – কলিতাই মোনাখনৰ

Read more

গুণ বিসৰ্জন–প্ৰদীপ বৰা

আগকথাঃ মানৱ সম্পদৰ বিকাশৰ অৰ্থে জাকজমকতাৰে পতা এটি উৎসৱ, যাক কোৱা হয় গুণোৎসৱ। বৰ্তমান চৰকাৰী বিদ্যালয়ৰ পণ্ডিত সকলৰ বাবে এই উৎসৱ বাপতিসাহোন স্বৰূপ হৈ পৰিছে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুতি নাপাতি কেনেকৈ থাকোঁ ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ অতিকৈ চেনেহৰ এই গুণোৎসৱটো ৷সকলো শিক্ষকে সুখী দুখী অৱস্থাৰে এই বাৰ্ষিক উৎসৱ ভাগ উলহমালহেৰে উদ্‌যাপন কৰিব লাগে ৷বিহুত যেনেকৈ ঘৰ দুৱাৰ, আচবাব আৰু চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ কৰি বিভিন্ন ধৰণৰ পিঠাপনা, সুস্বাদু মিঠাই, জা জলপান আদিৰে আলহী

Read more

কম্বিনেশ্যন – অমিতাভ মহন্ত

নৈবদ্যৰ সন্মুখত বিভিন্ন বাটি৷ কোনোবাটোত তাৰ প্ৰিয় হালদিৰামৰ চানাচুৰ, কোনোবাটোত পায়স, কোনোবাটোত চানাৰ মিঠাই৷ পুৱাই পুৱাই খোৱাৰ এই কম্বিনেশ্যনবোৰ ভালেই লাগিছে নৈবদ্যৰ৷ কিন্তু বৰ্তমানলৈকে সি কোনোটোৱেই মুখত দিয়া নাই৷ এই ঘৰলৈ নৈবদ্য আহিছে বেমাৰী চাবলৈ৷ বেমাৰী চাবলৈ আহি পটাপট খোৱা বস্তু হজম কৰি দিলে ডাক্তৰৰ গাম্ভীৰ্য্যটোৱেই নাথাকিব দেখোন৷ নৈবদ্য দিল্লীৰ এখন প্ৰসিদ্ধ হস্পিটেলৰ ডাক্তৰ৷ এইবাৰ দীঘলীয়া ছুটী লৈ ঘৰলৈ আহিছে৷ ঘৰতেই কিছুদিন কটোৱাৰ আঁচনি আছিল যদিও মাকহঁতে তাৰ বাবে যি গতিত কইনা বিচাৰিবলৈ আৰম্ভ কৰিছে, তাকে দেখি সি সোনকালে পলায়ন

Read more

সকলোবোৰ সঁচা কথা কিয় ক’ব লাগে – বিকাশ শইকীয়া

দিনটো কাম কৰি অফিচৰ পৰা ওলালোঁ৷ আহি বাছখন চলাৰ অপেক্ষাত বহি আছোঁ৷ এনেতে এগৰাকী সুন্দৰী আহি কাষৰ খালী চিটতে বহিল৷ সাধাৰণতে ল’ৰা মানুহৰ এইখিনি সময়তে দিগদাৰ এটা হয়৷ খিৰিকীৰ ফালে অকণমান চাপি নিদিলে ছোৱালীজনীয়ে বেয়া মতলবৰ ল’ৰা বুলি ভাৱিব পাৰে৷ আনহাতে চাপি দিলেও আকৌ সংকীৰ্ণ মানসিকতাৰ ল’ৰা বুলিও ভাৱিব পাৰে৷ সেয়ে “সাপো মৰক লাঠিও নাভাগক” বুলি গাতোকে অলপ লৰাই দিলোঁ৷ সুন্দৰী গাৰ পৰা ভাঁহি অহা পাৰফিউমৰ গোন্ধটো নাকত লগাৰ বাবে “আমোল মোল শেৱালিৰ গোন্ধ৷ যাওঁ বুলি যাবই নোখোজেচোন” গানটো ম’বাইলতে

Read more
1 9 10 11 12 13 115