ফটাঢোল

মই পিন্ধা ঘড়ীটো আৰু সময় বোৰ – জিতু দত্ত

মোৰ স্পষ্টকৈ মনত আছে আমাৰ মাহঁতে সময় জানিবৰ বাবে ৰ’দ অথবা বেলিৰ পোহৰৰ আশ্ৰয় লৈছিল৷ বেলিৰ পোহৰ চোতালত পৰাৰ লগে লগেই মাহঁতে গম পাইছিল ৰাতিপুৱা ন বাজিছে নে আবেলি চাৰি বাজিছে৷ সময়বোৰ জানিবলৈ তেওঁলোকক কোনো ধৰণৰ ঘড়ীৰ প্ৰয়োজন হোৱা নাছিল৷ ঠিক সেইদৰে চৰাই চিৰিকতিৰ মাতৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাতিপুৱা কেইটা বাজিছে মাহঁতে কৈ দিব পাৰিছিল৷ বিছনাত থাকোঁতে মাই ঘড়ী নোচোৱাকৈ কব পাৰিছিল – “বাবা, উঠ ৪টা বাজিল৷ মুখ হাত ধুই পঢ়িবলৈ ল’৷ এইখিনি সময়ত পঢ়িবলৈ ললে মনত থাকে৷” ল’ৰালিকালত আমি

Read more

জেঠাইৰ জীয়েকৰ বিয়া – শ্ৰীমন্ত শৰ্মা

“ অ’ মাইনা! কোন আহিছে চাচোন৷ ” কলিং বেল বজোৱা শুনি মাকে পাকঘৰৰ পৰাই চিঞৰিলে৷ বিৰক্তিৰে টেলিভিচনৰ সন্মুখৰ পৰা উঠি ‘মাইনা’ মানে গৌতমীয়ে দুৱাৰখন খুলিবলৈ বুলি আগবাঢ়িল৷ “ অ’ মা, ভিক্ষা খোজা জেঠাই এজনী আহিছে, তোমাক বিচাৰিছে৷ ” কথাকেইটা কৈয়েই গৌতমী আকৌ টেলিভিচনত ব্যস্ত হৈ পৰিল৷ মাকতকৈ ডাঙৰ যেন দেখা মহিলা মানেই তাইৰ বাবে জেঠাই, সৰু হ’লেই মাহী৷ ডেকাৰ পৰা আদহীয়ালৈকে সকলো অচিনাকি পুৰুষক তাই মামা বুলিয়েই মাতে, মাকে শিকাইছে৷ ‘ককা’ আৰু ‘আইতা’ সম্বোধন দুটাও তাই বয়স বুজি ব্যৱহাৰ কৰিবলৈ

Read more

বিদূষক (মূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ) – ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই

(১) কাশীৰ ৰজা কৰ্ণাট জয়ৰ বাবে ওলাল । যুঁজত তেঁৱেই জয়ী হ’ল । বিজয় চিন স্বৰূপে চন্দন, হাতীৰ দাঁত আৰু সোন মাণিক মুকুতা আদি হাতীত বোজাই দিয়া হ’ল । দেশলৈ উলটি অহাৰ পথত ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ ৰক্তৰে পূজা দিলে । পূজা দি উভতি আহিছে- গাত ৰক্তবস্ত্ৰ, ডিঙিত জপ মালা, কপালত ৰক্তচন্দনৰ তিলক, লগত কেৱল মন্ত্ৰী আৰু বিদূষক । এঠাইত পথৰ কাষৰ আমবাগান এখনত কেইটামান ল’ৰাই খেলি আছে । ৰজাই তেওঁৰ দুই সংগীক ক’লে, “ব’লাচোন চাওঁ ল’ৰাহঁতে কি খেলিছে ।

Read more

পঢ়াই পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন – সঞ্জীৱ মজুমদাৰ

এইবেলি অসম মুলুকত, উক্ত কথাষাৰ আক্ষৰিক অৰ্থত প্ৰযোজ্য হবলৈ গৈ আছে। স্কুলীয়া ল’ৰা ছোৱালীয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই সংক্ৰান্তত নতুন আইনৰ খচৰা প্ৰস্তুত। প্ৰেক্ষাপটত মাতৃ আৰু পুত্ৰৰ কথোপকথনঃ মাতৃঃ বোপাই অ’ তোৰ দাঢ়িখিনি এবাৰ কাটিব নোৱাৰ’নে? পুত্ৰঃ কিয় মা, আজি ষাঠি বছৰৰ মূৰত দাঢ়িৰ কথাটো সুধিলা যে? মাতৃঃ বোপাই অ’ তোক দাঢ়িৰ সতে দেখি দেখি, তোৰ আচল চেহেৰাটো পাহৰিয়েই গৈছো। জন্মৰ সময়তো মানে ত‌ই কেচুৱা থাকোতেও, তোৰ মুখমণ্ডলত দাঢ়িয়েই আছিল, এনেকুৱা যেন লাগে। পুত্ৰঃ মা ম‌ই যিটো

Read more

ইউনিক’ড ব্যুৰ’ – নাজিফ হাজৰিকা

এবাৰ লণ্ডনত ইউনিক’ড ব্যুৰ’ই এখন সভা আহ্বান কৰিলে । বিশ্বৰ প্ৰায় সকলো ভাষাৰ ( যি ভাষাৰ নিজস্ব লিপি আছে ) কিছুসংখ্যক প্ৰতিনিধিক নিমন্ত্ৰণ জনালে । সভাখনৰ উদ্দেশ্য আছিল ইউনিক’ড লিপিৰ স্বতন্ত্ৰতা সম্পৰ্কে আলোচনা কৰা । আমাৰ অসমৰ পৰাও তিনি নদাই-ভদাই গৈছে সভালৈ । প্ৰদীপ ৰাজবংশী , ডঃ ধ্ৰুৱজিৎ বৰা আৰু শিখৰানন্দ শৰ্মা , এই তিনি নদাই-ভদাই টোপনিয়াই টোপনিয়াই বহি আছে সভাত । ইউনিক’ড  ব্যুৰ’ : তোমালোকৰ অসমীয়া ভাষাৰ লিপিটো একো স্বতন্ত্ৰ নহয় , বঙালী ভাষাৰ লিপিৰ পৰা লোৱাহে ! বুজিলা

Read more

আমাৰ পেহী – নৱকৃষ্ণ কৃশ

দুহেজাৰ চাৰি চনৰ কথা৷ নতুনকৈ দোকান আৰম্ভ কৰিছোঁ৷ মেচিনৰ লগতে পাণ-তামোলৰ সৰু বক্স এটাও গোটাই লৈছিলোঁ৷ দিনটো মই চাওঁ, সন্ধিয়া দাদা বহে৷ এদিন এগৰাকী পেহী আহিল আৰু মোক সুধিলে, তোমাৰ তাত ঘাটিকা চেম্পু আছে নেকি? মই হতভম্ব …….পেহী তেনেকুৱা নামৰ চেম্পু নাই নহয়………পেহীয়ে জাঙুৰ খাই উঠিল, ঐ গজমুৰা সৈটো কি? পঢ়িব নাজান’ নেকি? অ পিতাই মইহে এতিয়া পঢ়িব নজনা হলো? সেইটো ঘাটিকা নহয় বেং, ভাটিকা চেম্পুহে৷ আন এদিন আকৌ আহিল৷ দেখিয়েই সুধিলোঁ পেহী ঘাটিকা চেম্পু লাগে নে? পেহীয়ে শান্ত ভাবে

Read more

গাড়ী – মৌচুমী গগৈ

বিমলাই বহুদিনৰে পৰা মানুহজনক এখন নিজাকৈ সৰু গাড়ী কিনাৰ কথা কৈ আহিছে কিন্তু মানুহজনে কোনোদিনেই কথাটোত গুৰুত্ব দিব নোখোজে৷ একমাত্ৰ ছোৱালীজনীয়েও ঘৰত থাকোঁতে দেউতাকক গাড়ী এখন কিনাৰ কথা কৈ কৈ একো ফল নাপাই সেই হেপাঁহ বুকুত লৈয়েই শহুৰেকৰ ঘৰো শুৱনি কৰিলেগৈ৷ গোটেই দিনটো নিজৰ দোকানত হিচাপ-নিকাচত ব্যস্ত থকা মানুহজনে সকলো ক্ষেত্ৰতে অঙ্ক মিলাইহে কামবোৰ কৰিব খোজে৷ যেন দুটকাৰ ঠাইত কেনেবাকৈ তিনি টকা খৰচ কৰিলে গোটেই পৃথিৱীখন ওলট-পালট হৈ যাব৷ কিন্তু সেইদিনা ৰাতি দোকানৰ পৰা আহি হঠাতে বিমলাক ক’লে যে, “হেৰা,

Read more

মাহবোৰৰ পদ্য – প্ৰাঞ্জল শ‌ইকীয়া

বহাগ প্ৰথম মাহ মনত দুগুণ সাহ মৰম দিবলৈ চেনেহীৰ ঘৰলৈ সঘনাই আহ-যাহ । এইবাৰ জেঠ আহিল গৰম দুগুণে বাঢ়িল গোটেই পিঠি ঘামচি উঠি অৱস্থা কৰিলে কাহিল । জন্ম মাহ আহাৰ মনত স্ফূৰ্টিৰ পাহাৰ জন্মদিন বুলি তাইক লগত তুলি ফুৰিলোঁ ইউ পি, বিহাৰ । শাওনৰ গেলা ডাৱৰীয়া বিয়পি পৰিল মেলেৰিয়া চিকিৎসা কৰাই ডিডিটি ছটিয়াই কোনোমতেহে এৰিলোঁ টান নৰিয়া । ভাদ মাহত ল’লোঁ নাম এৰি দিলোঁ আন কাম চাকি জ্বলাই দিলোঁ শৰাই ফুৰিলোঁ বৰদোৱা বৰপেটা ধাম । আহিনে আনিলে শাৰদী বা ৰংবোৰ

Read more

সোঁৱৰণিত হেপাঁহৰ “অসম জাতীয় বিদ্যালয়” – ড০ময়ূৰী শইকীয়া

সোঁৱৰণি কেতিয়াবা বৰ মনোৰম হয়৷ যদি নিৰ্দ্দিষ্ট ঘটনাটোৰ ৰোমন্থনে আমাক আনন্দিত কৰিব পাৰে, সজীৱ কৰি তুলিব পাৰে আমাৰ মনোজগত৷ তেনে মনোৰম সোঁৱৰণিত এনে লাগে যেন ঘটনাটো এই মূহুৰ্ত্ততহে ঘটিছে আৰু আমি প্ৰত্যক্ষ কৰি আছোঁ৷ তেনেকুৱা মোৰ জীৱনত ঘটা দুটা ঘটনাৰ বিষয়ে আজি লিখিম৷ ২০০৪-২০০৫ বৰ্ষৰ কথা৷ মই তেতিয়া গুৱাহাটীৰ নুনমাটিস্থিত “অসম জাতীয় বিদ্যালয়”ৰ শিক্ষয়িত্ৰী৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে উন্নত ৰিজাল্টেৰে অসমৰ আগশাৰীৰ স্কুলখনৰ ভিতৰ চ’ৰাটোও (আন্ত:গাঠনি) অতিশয় সুন্দৰ৷শিক্ষক-শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ-ছাত্ৰী আৰু পৰিচালনা সমিতিৰ এনে এক আত্মিক সম্পৰ্ক আছে যিটোৱে

Read more

অঘাইতং পিৰিতি নীলাম্বৰ – সদানন্দ দত্ত

আহুতলীৰ ৰখীয়া হৈ হাফঁলুটোত থকা টঙীঘৰটোত বহি থাকোঁতেই কৰবাৰপৰা পিৰিতি নীলাম্বৰ আহি ওলাল৷ বহুদূৰত থাকোঁতেই সি চিনি পাই কলে “সৌজনীক দেখিছ? সেইজনীৰ মুখখন বৰ চোকা৷ তাই মোক কালি বহুত বেয়া বেয়া গালি দিলে৷ তই ইয়াৰ পৰা চাই থাকিবি, আজি তাইক মই কি কৰোঁ৷” মই একো কবলৈকে নাপালোঁ৷ সি ৰাস্তাটোৰ ওচৰতে থকা ডাঙৰ জৰীগছজোপাৰ ফালে গ’ল আৰু বান্দৰ বগোৱাৰ দৰে উঠি ওপৰ পালেগৈ৷ কি কাৰণে উঠিল আৰু কি কৰিব একো নুবুজি তাক চাই ৰলোঁ৷ সি উঠি গৈ গছজোপাৰ বহু ওপৰৰ ফেৰেঙণি

Read more
1 61 62 63 64 65 115