ফটাঢোল

কলিকালৰ দৈত্য – বিকাশ নাথ

আদিতে দুজন দৈত্য, প্ৰভূ নাৰায়ণৰ মহান ভক্ত আছিল,তেওঁলোকে ভগৱানৰ পৰা বৰ লৈছিল যে যেতিয়াই জগত তাৰন মাহাপ্ৰভূ বিষ্ণুৱে অৱতাৰ ধাৰন কৰি মৰ্ত্যত লিলা কৰিব তেতিয়াই তেওঁলোকেও তাত স্থান পাব (ভিলেইন ৰূপে)… সেইমতে… সত্য যুগত – হিৰণ্যকশিপুৰ আৰু হিৰণাক্ষ্য ত্ৰেতা যুগত – ৰাৱণ – কুম্ভকৰ্ণ দ্বাপৰ যুগত – শিশুপাল আৰু জৰাখণ্ড ৰূপে অৱতাৰ লৈছিল দ্বাপৰৰ শেষত দুই ভক্তই প্ৰভূক সুধিলে যে “কলি কালত আমি কি ৰূপে অৱতাৰ লম,তাৰ বিষয়ে একো নকলে” তেতিয়াই প্ৰভূৱে কলে___ “কলিযুগত মই মানৱ অৱতাৰ ধাৰণ নকৰো,কিন্তু তোমালোক

Read more

ভোলাৰামৰ আত্মা (মূল কাহিনীঃ- হৰিশঙ্কৰ পৰছায়) – অনুবাদঃ পূৰৱী কটকী

এনেকুৱা কেতিয়াও হোৱা নাছিল। ধৰ্ম্মৰাজে লাখ লাখ বছৰৰ আগৰ পৰা মানুহৰ কৰ্ম্ম আৰু প্ৰাৰ্থনাৰ ওপৰত ভিত্তি কৰি স্বৰ্গ বা নৰকত ঠাই দি আহিছে। কিন্তু এনেকুৱা কেতিয়াও হোৱা নাছিল। সন্মুখত বহি থকা চিত্ৰগুপ্তই বাৰে বাৰে পৃষ্ঠাবোৰ থু লগাই লুটিয়াই ৰেজিষ্টাৰখন চাইছে। ভুলটো ধৰিব পৰা হোৱা নাছিল। শেষলৈ তেওঁ ইমান জোৰকৈ ৰেজিষ্টাৰ বহীখন জপাই থলে যে মাখি এটা চেপেটা লাগিল। তেওঁ মাখিটোক উলিয়াই ক’লে,- “মহাৰাজ, ৰেকৰ্ডত সকলো ঠিকেই আছে। ভোলাৰামৰ আত্মাটোৱে পাঁচদিনৰ আগতেই দেহ এৰিলে আৰু যমদূতৰ লগত এই লোকলৈ বুলি আহিলে,

Read more

নৱকান্ত বৰুৱাৰ শিশু সাহিত্য : (শিশু কবিতাপুথি ‘ওমলা ঘৰৰ পুথি’ৰ বিশেষ উল্লিখন সহ) – চাহিন জাফ্ৰি

“এখুদ ককাইদেউ” ছদ্মনামেৰে অসমীয়া শিশু সাহিত্যৰ জগতত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰা কবি নৱকান্ত বৰুৱা এজন সফল শিশু সাহিত্যিকো আছিল। তেওঁ শিশুৰ মন চুই যাব পৰাকৈ কেইবাখনো কবিতাপুথি, শিশু উপন্যাস, শিশু নাটক আদি ৰচনা কৰিছিল। তেওঁৰ বিখ্যাত শিশু সাহিত্য সম্ভাৰসমূহৰ ভিতৰত – ‘শিয়ালি পালেগৈ ৰতনপুৰ’, ‘আখৰৰ জখলা’, ‘ভতূকাৰে ভূ’ আৰু ‘মাখনৰ কুকুৰা পোৱালি’ আদি উচ্চ শ্ৰেণীৰ সাহিত্য। ইয়াৰোপৰি ‘হাঁহিৰামৰ হাঁহি’, ‘মাখনৰ ভাটৌ’, ‘গছ আৰু কুঠাৰ’, আদি শিশু সাহিত্য সমৃদ্ধ কৰা একো একোটা সুন্দৰ গল্প। তেওঁৰ শিশু কবিতাপুথি ‘ওমলা ঘৰৰ পুথি'(১৯৯১)এখন সর্বাংগসুন্দৰ

Read more

দুগৰাকী মহিলাৰ ইনবক্সত হোৱা কথোপকথন – ৰূপালী ভৰালী বৰুৱা

১ম মহিলা : ঐ আছ নে? কি খবৰ তোৰ? বহুত দিন ফেচবুকত দেখা নাই যে আৰু একেখন পিক কেলেই দি থৈছ? ২য় মহিলা : এহ নক’বি আৰু! এক সপ্তাহৰ পৰা একেখন প্ৰ-পিকেই আছে। সলাওঁ বুলিও সলাব পৰা নাই। তাকেই মানুহটোক পতাই আছোঁ‌ অ’ ফটো মাৰি দিবলৈ! ১ম মহিলা : মই কালি সলালো তোৰ লাইক কমেণ্ট পোৱা নাই। বোলো কি হ’ল, কিবা গা চা বেয়া নেকি? ২য় মহিলা : নাই অ’, গা ভালেই। কালি শাহু আহিলে যে ফেচবুক চাবলৈ সময়ে পোৱা

Read more

অসম-ট্ৰেক্টৰ – ৰক্তাভ কুমাৰ

” বিউটি বেটাৰা অ’ মাই ডাৰ্লিঙ য়ু চেন্দ মি লেটাৰা….” ট্ৰেভেলাৰখনৰ এফ. এম.ৰ কোনোবা এটা ষ্টেচনত বাজি থকা সীমান্ত শেখৰৰ কণ্ঠৰ এই গীতটো প্ৰথম শুনাৰ দিনাখনৰ পৰাই কিবা এটা বিতৃষ্ণা ভাব আছিলেই, তাতে আৰু মই গীতটোত সৱতকৈ বেয়া পোৱা অংশখিনি, ” আই এম ফ্ৰম চিমলা এণ্ড য়ু আৰ ফ্ৰম শ্বিলং,তোৰে মোৰে মাজত আছে শৰাইঘাটৰ দলং…”, যেতিয়া হেণ্ডিমেনটোৱে কাউৰীৰ নিচিনা মাতত চিঞৰিব ধৰিলে মই আৰু থাকিব নোৱাৰিলোঁ। ” বন্ধু, অনুগ্ৰহ কৰি ৰেকৰ্ডাৰটোকেই বেবাই থাকিব দিয়া, তোমাৰ কণ্ঠই মগজুত বৰ বেয়াকে খুন্দা

Read more

কৃষ্ণ – মানসী বৰা

গাঁৱৰ কাৰোবাৰ বিয়া বুলিলেই অলিকণৰ গা সাতখন আঠখনl এবাৰ কাৰোবাক কৈছিল সি,-“বিয়া-বাৰুত কাৰিকৰে বনোৱা লুচি-পুৰিৰ গোন্ধই তাক বোলে একেবাৰে টানি লৈ যায়।“ পিচে গাঁৱৰ প্রায়সকলৰ মতে লুচি-পুৰিয়ে হওঁক, দৈ-চিৰাৰ জলপানেই হওঁক নাইবা ভাতেই হওঁক, অলিকণৰ কোনো আক্ষেপ নাই। মুঠতে সি হেপাহ পলোৱাই খাবলৈ পালেই হ’ল। বিয়া-সবাহত একেলগতে বহা মানুহ খাই বৈ উঠি যায়, নতুন মানুহ আহি বহে। পিচে অলিকণৰ সেইবোৰ খবৰ নাই। কেইবাটাও টিপ খাই বৈ উঠি গ’লেও অলিকণে খায়েই থাকে। সেই কাৰণে আজিকালি তাৰ লগত কোনো বিয়া খাবলৈ নাযায়|

Read more

ফটা লিমাৰিক – ধনজিৎ বৰুৱা

হাউৰালৈ টিকট নাপাই ফেউৰা উঠিল ৰেলত বৰচুৰীয়াৰ ফেৰৰ তলত ৰংঘৰৰ মেলত যুঁজত জিকা কুকুৰাত চকু ফেউৰাক ফালি নখেৰে বুকু ৰণৰ কুকুৰাই মিচিককৈ হাঁহি বীৰদৰ্পে জেলত ☆★☆★☆

Read more

প্ৰতিশোধ – মৃদুলা গগৈ

“হেই মাষ্টৰটোৰ কাৰণেই মোৰ এই অৱস্থা ” বীৰেণে দিনটোত কমেও তিনিবাৰ এইষাৰ কথা কয় । “হ’ব অ’ বীৰেণ আৰুনো কিমান গালি নিদিয় সেই মানুহজনক । ভালেৰে আছে যদিও তই দিনটোত যিমানবাৰহে গালি দিয় সঁচাকে মানুহজনৰ তোৰ শাওপাত লাগিয়ে কিবা এটা হ’বগৈ ” মায়েও অসহ্য হৈ কৈ দিয়ে । মাৰ কথাখিনিত বীৰেণৰ খংটো আৰু টিঙিৰি তোলা হৈ উঠে । “মৰিবলৈকেটো শাও দিছোঁ । মই হাতেৰে মাৰিব নোৱাৰিলো যেতিয়া মোৰ শাওতে মৰক ।” বীৰেণ আজি অলপ দিনৰ পৰা আমাৰ ঘৰতে আছে ।

Read more

খদৌ মদৌ – মানসী বৰা

ঘটনাটো ঘটিছিল আমেৰিকাৰ ব’ষ্টনত৷ নৈশ যাপন কৰা হোটেলত পাঁচ বন্ধুৰ মাজত চলি আছিল এটি আড্ডা৷ আমি চাৰিটা খাৰখোৱা আৰু এজন আছিল দক্ষিণৰ ৱাণেক্কাম কোৱা, মানে তামিল৷ তামিল বন্ধুৰ সুবিধাৰ বাবে আমাৰ আড্ডাৰ মাধ্যম অসমীয়াৰ পৰিৱৰ্তে হৈ পৰিছিল ইংৰাজী৷ আড্ডাত যদি কেতিয়াবা কোনোবাই অসমীয়াত কিবা বাক্য এটা মুখেৰে উলিয়াই তেতিয়া কোনোবা এজনে তাক ইংৰাজীত অনুবাদ কৰি দিয়ে যাতে তামিল বন্ধুজনেও বুজি পায়৷ আমাৰ খাৰখোৱা জিভাৰ ইংৰাজীৰ উচ্চাৰণৰ এক সুকীয়া ধৰণ আছে যিটো হয়টো ৱৰ্ডচৱৰ্থ অথবা শ্বেক্সপীয়েৰে শুনিও বিপাঙত পৰিলেহেঁতেন যে এইবোৰ

Read more
1 72 73 74 75 76 115