ড’লষ্টম যাত্ৰা -অগ্নিভ দত্ত
ড’লষ্টম!! তেনেই সৰু টাউন এখন, কিন্তু খুবেই মৰম লগা আটোমটোকাৰীকৈ সজাই ৰখা টাউনখন! দুবছৰমান আগতেই ভাবিছিলোঁ এবাৰ এটা পাক মাৰিব লাগিব! বিভিন্ন কাৰণত কামটো হৈ উঠা নাছিল! তিনিদিনীয়া বন্ধ এটা থকাত ভাবিলোঁ সেই কেইদিনতেই এপাক মাৰি আহিব পাৰিলে ভাল হয়! ভবামতেই কাম, লগা লগ তাত থকাৰ ব্যৱস্থা থকা ঠাইবোৰ চোৱা আৰম্ভ কৰিলোঁ! দক্ষিণ আফ্ৰিকাৰ মানুহবোৰ ফুৰি খুব ভাল পায়, গতিকে এনেকুৱা দীঘলীয়া বন্ধৰ সময়ত থকাৰ ব্যৱস্থা বিচাৰি উলিওৱাটো অলপ কষ্টকৰ! গতিকে ড’লষ্টমৰ লগতে তাৰ ওচৰে-পাজৰে থকা ঠাইবোৰতো চকু ফুৰাব লাগিলোঁ!
Read more