ফটাঢোল

তেলেগু চিনেমাৰ প্ৰতিক্ৰিয়া-অসীমা দত্ত শইকীয়া

আগতে দেওবাৰে তামিল-তেলেগু চিনেমা খুব চাওঁ। একো নুবুজোঁ কিন্তু কন্দাকণ আৰু হঁহাকণহে বুজোঁ অকল। আমাৰ লগত মিলে সেইকণহে। তাকে চাবলে বহি থাকোঁ। এদিন ঘৰত তেনেকুৱা এটা ভাষাত দুখ কৰিবৰ মন গ’ল। এনেয়ো বহুত দুখ তেতিয়া, কোনোবা পলাই গ’লে মাৰ খাওঁ মই, এয়ো যাব বুলি; সিফালে মোক সৱেই ল’ৰা বুলিয়েই ভাবে। কোনোবাই ফেইল কৰিলেও মায়ে মোকে পিটে, এয়ো ফেইল কৰিব বুলি। কোনোবাই ক’ৰবাত কথা লগালেও মাৰে মোক, এয়ো এনে হ’ব। মাত্ৰ গাঁৱত কাৰোবাৰ ডেলিভাৰী হ’লেহে মোক নেমাৰে মায়ে, এয়ো পাব বুলি..। 

Read more

দত্তনীৰ ৰঙালাও প্ৰীতি-ৰীতা লীনা সোণোৱাল

দত্তনীৰ সকলো বিষয়ৰ ওপৰতে অগাধ জ্ঞান। তেওঁৰ জ্ঞানৰ মহিমা দেখি আমাৰ মেলা মুখ মেলাতেই ৰৈ যায়। এবাৰ আমাৰ চুবুৰিৰ নামঘৰটোলৈ স্থানীয় বিধায়কজন আহিল সপত্নীক। আমি গোটেই চুবুৰিৰ মহিলাখিনি নামঘৰতেই আছিলোঁ, নাম লৈ। বিধায়কে বোলে, : আইসকল আশীৰ্বাদ এভাগি দিব। এইবাৰো ইলেকশ্যনত উঠিছোঁ‌। দত্তনীয়ে তাৰ মাজতে টেপেচকৈ মাত লগাইছে, : ছাৰ, আপোনাৰ ডেডবডীকেইটা অহা নাই নেকি এটাকো দেখা নাই যে।  বিধায়ক পত্নীৰ চকু-মুখ টেলেকা হৈ গৈছে। এনেই ৰাজনীতি কৰা মানুহৰ বদনাম বহুত। এইবাৰ ডেডবডী লগত লৈ ফুৰে বুলি ধৰিলগৈ। মাজতে কোনোবাই

Read more

ৰায়দান-কৰবী দেবী

সাধাৰণ বিস্কুটৰ পেকেট এটা চুৰি কৰিলে বুলিয়েই শ্বপিং মলৰ মালিকে পুলিচ মাতি হৈ চৈ কৰা বিষয়টোত নগেনে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰে যদিও খঙটো সংযত কৰি অপেক্ষা কৰে বিচাৰৰ দিনটোলৈ। পিচে বিচাৰৰ দিনটো সমাগত হোৱাত নগেনৰ অন্য এটা কথাতহে ভীষণ টেনশ্যন বাঢ়ে। কাৰণ জামিনৰ নামত এসোপামান টকা খৰচ কৰি পত্নীক উলিয়াই নিবলৈ ইচ্ছা নাই তাৰ। তাতোকৈ ঠিক আছে পত্নী জেলতে থাকক। এনেও এইকেইদিন ঘৰখনত অকনমান শান্তিয়ে বিৰাজ কৰিছেই যদিও প্ৰথমে মনটো বেয়া লাগিছিল তাৰ। উকীল, জৰ্জ, সাক্ষীবাদী সকলো নিৰ্দিষ্ট সময়ত উপস্থিত

Read more

মেক্সি পুৰাণ-দেবাশ্ৰী পৰাশৰ

আজিৰ বিষয়টো অতি জটিল। এইটো এনে এক বস্তু যে আজি হয়তো এইটো আলোচনাৰ বাবে প্ৰত্যক্ষ, পৰোক্ষ, গুৱালগালিৰ পৰা আদি কৰি সকলো ধৰণৰ ভৎসনাৰ সন্মুখীন হ’ম। এই বিশেষ সম্পদবিধ হৈছে ‘মেক্সি’ নামক এবিধ বিশেষ বস্ত্ৰ। এইবিধৰ নামটো যিমান সহজ সিমানেই কঠিন কিন্তু এইবিধ পিন্ধাৰ যোগ্যতা অৰ্জন কৰাতো।প্ৰাক বিবাহকালত এইভাগি বস্ত্ৰ  বিনা দ্বিধাই পিন্ধিব পাৰে। কিন্তু সেই সময়চোৱাত বস্ত্ৰভাগিৰ সিমান মূল্য নাথাকে। বিবাহোত্তৰ কালত কিন্তু এই ভাগিৰ আন্তৰিক মূল্য গগনচুম্বী হয়। যি সকলে এইবিধ পৰিধান কৰাৰ যোগ্যতা গোটাব নোৱাৰে সেইসকলে বিবাহৰ পাছত

Read more

প্রথম পুৰুষ জিন্দাবাদ-খনিন্দ্র ভূষণ মহন্ত

বৰ বেয়া দিন চলিছে মোৰ। আচলতে এই ‘বেয়া’খিনিক ট্রেজেদী বুলি অভিহিত কৰিব পাৰি নে নাই সেইটো অলপ চিন্তাৰ বিষয়। সেয়েহে বর্তমান মই শব্দটো পৰিহাৰ কৰি চলিছোঁ। এনেয়ো শব্দ একোটাৰ উচিত ব্যৱহাৰ নহ’লে গোটেই বাক্যটোৰ অর্থই সলনি হৈ যায়। গতিকে…! বাৰু, সেইবোৰ থাকক। ক’ব খোজা কথাটো অলপ বেলেগ। মানে ঘটনাটো মোৰ ওপৰতে আধাৰিত যদিও পোনপটীয়াকৈ মই জড়িতও নহয়। মানে ধৰক নাটকৰ মঞ্চত যে থাকে বিভিন্ন আচবাববোৰ– একো সংলাপ নাথাকে, অথচ নহ’লেও নহয়। ঠিক তেনেকুৱাই। পুৰণি কথা এটা প্রাসংগিক যেন লাগিছে বাবে

Read more

মাল – বৈদুৰ্য্য বৰুৱা

: এই ইলিকচন টাইমৰ কথা। : আচ্ছা… : হৈল কি মই আৰ মোৰ লগত পানচ্ ছয়জন জাৱান পূৰা বুলেট লৈ কিনে ৰামকালি পৰ্বত নাই?…ৰামকালি পৰ্বত? : আচ্ছা… : ৰামকালি পৰ্বত ঘুমিবলে গৈছিলোঁ। আহা টাইমত পূৰা বুলেট ডাবাইকেনে আহিছোঁ। তাৰাতাৰি হোটেল পহুছিব লাগে। : তাৰপাছত? : তেনেকা টাইমতে শুনি পালোঁ ঘৰঘৰ ঘৰঘৰলেখিয়া একটা চাউন। : চাউন? : অঁত’! একটা লেতৰা চাউন! ফাটাকচিনে চালোঁ ঘেণ্টা ওপৰ পৰা ডাইৰেক পাহাৰ ধচকি আহিছে! : আচ্ছা… : পাহাৰ ধচকি কেনে মাকচম ৰাস্তাভি উৰাই দিলে। আগত

Read more

ফায়াৰিং স্কোৱাদৰ সোৱাদ-ত্ৰিদিপ আৰ শৰ্মা

ম‍ই দেখোন কথাটো একদম পাহৰিলোঁ। সঁচাই পাহৰিলোঁ। অক্কণো মনত নাই। ইমান ভুলক্কৰ কিয় হৈছোঁ বাৰু, মতলব কেচটো কি? পিচে কি পাহৰিলোঁ, সেইটো নোসোধাই ভাল। মানে সেইতোৱেইটো পাহৰিলোঁ কিনো পাহৰিলোঁ মই। (ছেঃ কথাটো বৰ বেয়া হ’ল নেকি। ইমান ইমপৰ্টেণ্ট কথাটোনো পাহৰিব লাগেনে। বৰ কষ্ট হয় এনেকুৱা হ’লে। আজি কিছুদিনৰ পৰা এনেকুৱা খুব হোৱা হৈছে। পাহৰি যাওঁ কথাবিলাক। কিবা জৰুৰী কথা পাহৰিলে পিছত কিমান কেজেং লাগে বা লাগিব পাৰে, সেইটো জনাজনেহে জানে। আৰু তাতকৈ ডাঙৰ পয়মাল হয় কোনে কোৱা কথা পাহৰিলোঁ সেইটো

Read more

গান্ধী জয়ন্তী-শ্ৰুতিমালা মিশ্ৰ

নতুনকৈ পোৱা চাকৰিটোত জইন কৰিবলৈ কাহিলীপুৱাই উঠি গা-পা ধুই গোঁসাইঘৰত সোমাই ঈশ্বৰক সেৱা কৰি ৰেডী হৈছোঁ। মা-দেউতাৰ ভৰি চুই সেৱা কৰি ঈশ্বৰক চিন্তি গন্তব্যস্থললৈ ওলালোঁ।  লানি লানি সেউজীয়া বিৰিখৰ মাজেৰে যোৱা ৰাস্তাটো, অʼত এটা ডোঙা, তʼত এটা ডোঙা। টেম্পʼৰ থেকেচনিত কঁকালটো কেৰেচকৈ উঠিলে বহুবাৰ। তথাপিও ‌একো এটাই প্ৰথম চাকৰিত যোগদান কৰাৰ অদম্য উৎসাহক ম্লান কৰিব পৰা নাই।  লাইন লাইন টিনপাতেৰে ঘেৰি সৰু সৰুকৈ বন্ধা ঘৰ, ডাঙৰ ডাঙৰ ফিচাৰী আৰু ফিচাৰীৰ পাৰে পাৰে দীঘলীয়া কলগছৰ শাৰীৰে স্কুলখন থকা গাঁওখন। দেখিয়েই বুজিলোঁ

Read more

একো নজনাকে একো নুবুজাকে-জ্যোতিৰ্ময় শৰ্মা

একো নজনাকে একো নুবুজাকে আপুনি হয়তো কেতিয়াবা মস্ত চেনী, লেতেৰা চৰিত্ৰৰ মানুহ হৈ যাব পাৰে! কেনেকৈ? এই বিশেষণকেইটা পাবলৈ আপুনি বেছি কষ্ট কৰিব নালাগে। এটা সম্ভাব্য পৰিস্থিতিৰ কথা কৈছোঁ দেই। বন্ধৰ দিন। আপুনি ঘৰতে আছে। দহমান বজাত মায়ে আপোনাক ক’লে, “তোৰতো আজি অফিচ নাই। এনেয়ে থকাতকৈ জয়ন্তী খুৰীহঁতৰ বিয়াখনলৈ তয়ে যা। বিয়ালৈ মাতিবলৈ আহোতেই কৈ থৈ গৈছে এইবাৰো যদি কোনো নাযায়, সম্পৰ্ক শেষ বুলি ধৰি ল’ম।” জয়ন্তী খুৰী কোন, ক’ত ঘৰ, আচলতে কাৰ বিয়া, জয়ন্তী খুৰীৰ নে তেখেতৰ পুতেকৰ এই

Read more

অমলেট খাব নেকি-কমলা দাস

আমাৰ ঠাইখনত সেই সময়ত কুকুৰা ফাৰ্ম খোলা ট্ৰেণ্ডটো লাহে লাহে আৰম্ভ হৈছিলহে মাত্ৰ। থলুৱা কুকুৰাৰ বাদেও যে কৃত্ৰিম ভাৱে জগোৱা পোৱালি মগাই আনি ডাঙৰ দীঘল কৰি কণী আৰু মাংসৰ ব‍্যৱসায় কৰিব পাৰি, সেইয়া দুই এজন উদ্যোমী যুৱকে বুজি পাই, সেই ব‍্যৱসায়ত মনোযোগ দিবলৈ আৰম্ভ কৰিছিল।  আমাৰ ঘৰৰে ল’ৰা এজনেও পঢ়া শুনা শেষ কৰি ব‍্যৱসায়ত মন মেলিলে। ঠিৰাং কৰিলে যে সি কুকুৰাৰ ফাৰ্ম খুলিব। উন্নত জাতৰ কুকুৰা পালন কৰি স্বাৱলম্বী হ’ব। ভাল কথা। ঘৰৰ মানুহেও তাক উৎসাহিত কৰিলে। তাৰ শূন্য পাৰ্চেণ্টো

Read more
1 7 8 9 10 11 84