ফটাঢোল

কৌতুক- কৰৱী দেৱী

মালিক : সুপন্দি এটা কথা মনত ৰাখিবি। জীৱনত কেতিয়াও আনৰ ধাৰ নাখাবি বুজিলি। আজি যদি কোনোবাই এসাঁজ খুৱাইছে, তেন্তে কালিলৈ তয়ো এসাঁজ খুৱাব পাৰিলেহে বন্ধুত্ব অন্যথা ভিক্ষাৰী যেন লাগিব বুজিলি। সুপন্দি : বুজিলোঁ চাৰ। প্ৰায় এসপ্তাহৰ পিছত, মালিক : (খঙেৰে) সুপন্দি, মোৰ বন্ধু নিৰেন শইকীয়াই যে তেওঁৰ পত্নীৰ শ্ৰাদ্ধলৈ মাতি গৈছিল, কিয় নজনালি মোক? সুপন্দি : চাৰ আপুনিয়ে দেখোন কৈছিল কোনোবাই এসাঁজ খুৱালে আমিও খুৱাব পাৰিব লাগে। নহ’লে বন্ধু যেন নালাগে, ভিক্ষাৰী যেনহে দেখি। এতিয়া আপুনিয়ে কওকচোন, শইকীয়া চাৰে এতিয়ালৈকে

Read more

বিগ ব্ৰেকিং -পৰাশৰ কলিতা

সাংবাদিক- : উছেইন বল্ট আপুনি ইমান তীব্র বেগত কেনেকে দৌৰিব পাৰে? উছেইন বল্ট- : একেবাৰে চিম্পল, দৌৰাৰ আগত মই কল্পনা কৰি লওঁ যে অসমৰ সংগঠনবিলাকে মোৰ ওচৰলৈ চান্দা বিচাৰি আহিছে তাৰ পিছত মই ভাবোঁ যে মই কেনেকৈ ইহতক চান্দা দিয়াৰ পৰা বাছিম ! বছ ইমানেই “দৌৰ বল্ট দৌৰ”। ☆ ★ ☆ ★ ☆

Read more

অথঃ শইকীয়া সংবাদ – লক্ষ্যদ্বীপ গগৈ

আমাৰ শইকীয়াই তেওঁৰ ঘৰৰ মেকুৰীজনীৰ উৎপাতৰ পৰা বিৰক্ত হৈ তাইক ঘৰৰ পৰা দূৰৈত এৰি থৈ আহিল। কিন্তু তেওঁ আহি ঘৰ সোমোৱাৰ আগে আগেই মেকুৰীজনীও আহি ঘৰ সোমালহি। শইকীয়াই দ্বিতীয়বাৰৰ কাৰণে মেকুৰীজনীক আৰু অলপ বেছি দূৰৈত থৈ আহিল কিন্তু এইবাৰো মেকুৰীজনী শইকীয়া আহি ঘৰ সোমোৱাৰ আগতেই ঘৰ পালেহি। তৃতীয়বাৰ শইকীয়াই উপায় নাপাই মেকুৰীজনীক দূৰৈৰ বাগান এখনৰ মাজত এৰিবলৈ লৈ গ’ল। কেইবাঘণ্টাৰ পাছত শইকীয়াই ঘৰলৈ ফোন কৰি সুধিলে যে মেকুৰীজনী আকৌ ঘৰ ওলালহি নেকি? তেতিয়া শইকীয়ানীয়ে ক’লে যে মেকুৰীজনী কেতিয়াবাই আহি ঘৰ

Read more

কৌতুক- কাবেৰী মহন্ত

গিৰিয়েক ঘৈণীয়েক ডাক্তৰৰ ওচৰলৈ আহিল। ডাক্তৰ : কি বেমাৰ কওকচোন? গিৰিয়েক : পাহৰিলোঁ নহয়। ঘৈণীয়েক : এইটোৱেই বেমাৰ। সৱ কথা পাহৰা হৈছে।  ডাক্তৰ : বয়স কিমান? গিৰিয়েক : পাহৰিলোঁ। ১৫ মান হ’ব চাগে। ঘৈণীয়েক : ৪০ বছৰ লিখক। ডাক্তৰ : সময়মতে টোপনি যায় নে? ঘৈণীয়েক : নাযায়, কেতিয়াবা অফিচৰ কামত পলম হয়, কেতিয়াবা শুবলৈও পাহৰি যায়। ডাক্তৰ : ঠিক আছে। মই দৰব লিখি দিওঁ। এঘণ্টাৰ মূৰে মূৰে খাব লাগিব। আৰু টোপনিটো মেইন। সময়মতে দৰব খুৱালে আৰু ঠিকমতে টোপনি মাৰিলে এসপ্তাহত

Read more

কৌতুক- আদিত্য জ্যোতি বৰঠাকুৰ

ক্ৰেতা : বাইদেউ, মাছৰ পেটত কণী আছেতো?  ইমান দাম দি কিনিছোঁ হʼলে।  পোহাৰী :  হৌৰি, মই মাছবেপাৰী হে। আলট্ৰাচাউণ্ড কৰি আনি মাছ বিকা নাই যে পেটত কণী আছেনে নাই গম পাম।  ☆ ★ ☆ ★ ☆

Read more

কৌতুক-লক্ষ্যদ্বীপ গগৈ

এখন গাঁ‌ৱত এজন মদাহী বুঢ়া আছিল। তেওঁ ঘৰৰ বাৰাণ্ডাত বহি তেওঁৰ ঘৰৰ সন্মুখৰে অহা-যোৱা কৰা সকলো মানুহক খুব লেতেৰা লেতেৰা ভাষাৰে গালি-গালাজ কৰিছিল যাৰ কাৰণে সেই অঞ্চলৰ সকলো মানুহ বিৰক্ত হৈছিল। যেতিয়া সেই মদাহীজনৰ অন্তিম সময় আহিল তেতিয়া তেওঁ তেওঁৰ পুতেককেইজনক মাতি ক’লে যে, : তহঁতে মোৰ কাৰণে এনেকুৱা কাম কৰিবি যাৰ বাবে মানুহে মোক মৰাৰ পাছত ভাল আছিল বুলি কয়। পুতেককেইজনো বহুত বাপেক ভক্ত আছিল। বুঢ়া মৰাৰ পাছত বহুত ভাবি-চিন্তি পুতেককেইজনে এটা সিদ্ধান্ত ল’লে। এতিয়া সিহঁতে ঘৰৰ সন্মুখৰে অহা-যোৱা

Read more

কৌতুক- দেবজিত শৰ্মা

প্ৰায় প্ৰতিটো কথাত ওস্তাদি মৰাটো আমাৰ বিজয় মহন্তৰ পুৰণা স্বভাৱ। কথাটো জানক নাজানক, সেইটো ডাঙৰ কথা নহয়। এবাৰ বিজয় মহন্তই ভাষাৰ ওপৰত ওস্তাদি মাৰিলে, ভাষাও আক’ সংস্কৃত। এই সংস্কৃতৰ বাবেই সেইদিনা আমাৰ মহন্তই গোটেই ৰাতিটো বাৰাণ্ডাত শুব লগা হ’ল। মানে হ’ল কি, তেওঁৰ সহধৰ্মিনীয়ে পৰীক্ষাৰ “সংস্কৃত” বিষয়ৰ বহী চাই আছিল। কিন্তু ফোপযহী মৰাত ওস্তাদ মহন্তই হঠাতে আহি তেওঁৰ শ্ৰীমতীক প্ৰশ্ন এটাৰ উত্তৰ ভুল হৈ থকা বুলি এসোপামান কথা শুনালে। বিজয় মহন্তৰ মতে হেনো “তমসো মা জ্যোৰ্তিগময়”ৰ অৰ্থ “তুমি শোৱা মা,

Read more

কৌতুক-আদিত্যজ্যোতি বৰঠাকুৰ

দেৱজিত – বিজয়, ইষ্ট্ৰি আৰু স্ত্ৰীৰ মাজত পাৰ্থক্য কি? বিজয় – কোনো পাৰ্থক্য নাই, বৰং সাংঘাতিক মিলহে আছে৷ দেৱজিত – কেনেকুৱা মিল? বিজয় – ইষ্ট্ৰি গৰম হ’লে কাপোৰ চিধা হয় আৰু স্ত্ৰী গৰম হ’লে হাজবেণ্ড (পতি) চিধা হয়৷ ☆ ★ ☆ ★ ☆

Read more

কৌতুক- ৰিণ্টুমনি দত্ত

দত্ত – তুমি জানানে, পৃথিৱীত তিনি ধৰণৰ মানুহ থাকে। স্মিতা – মানে? দত্ত – অঁ। স্মিতা – কি কি? দত্ত – একাংশই নিজে ভুল বুলি জানি ভুলটো স্বীকাৰ কৰি লয়। তেওঁলোকক কোৱা হয় সৎ। আন একাংশই নিজে ভুল নে শুদ্ধ নিশ্চিত নোহোৱা বাবে নিজকে ভুল বুলি মানি লয়। এওঁলোক বুদ্ধিমান। কিন্তু আন একাংশ এনেকুৱা মানুহ আছে যিসকলে নিজে এশ শতাংশ শুদ্ধ বুলি জনাৰ পাছতো একমাত্র শান্তিৰ বাবে ভুল মানি লয়। স্মিতা – এওঁলোকক কি বুলি কয়? দত্ত – গিৰীয়েক (HUSBAND)।

Read more

কৌতুক-পদ্মলোচন ভৰদ্বাজ

বহুসময় ধৰি ইণ্টাৰভিউ চলি আছে৷ অফিচৰ পিয়নে লিষ্ট অনুসৰি অপেক্ষাৰত এজন এজনকৈ কেণ্ডিডেটৰ নাম মাতি গৈছে আৰু সেইমতেই সকলোৱে ভিতৰলৈ সোমাই ইণ্টাৰভিউ দি দি ওলাই আহিছে৷ এনেতে এজন কেণ্ডিডেট ওলাই অহাৰ পিছত, পিয়নজনে গলখেকাৰি মাৰি  চিঞৰিলে : “টিয়া বাৰিক”! নাই, কোনো উঠি নাহিল৷ পুনৰ পিয়নজনে জোৰকৈ চিঞৰিলে,  ‘টিয়া বাৰিক’। কিন্তু কোনেও পাত্তাই নিদিলে।  পিয়নজনে ইণ্টাৰভিউত বৰ্ডৰ মানুহকেইজনক কথাটো জনালে৷ বৰ্ডৰ চিনিয়ৰ মানুহজনে ক’লে, কেণ্ডিডেটজন হয়তো অলপ পিছত আহিব পাৰে। গতিকে কিছুসময়ৰ পিছত পুনৰ এবাৰ মাতি চাবা৷ পিছৰজনক মাতা৷ বচ! ইণ্টাৰভিউ

Read more
1 2 3 4 5 6 32