পানীমিঠৈঃ অসমীয়া জনজীৱনৰ দাপোণ-অসমী গগৈ
অসমীয়া ভাষা-সাহিত্যৰ অলিখিত যুগৰ এক অসমীয়া সম্পদ হ’ল সাঁথৰ। যাৰ আন এটা নাম ‘পানীমিঠৈ’। এই সাঁথৰ বা পানীমিঠৈ জন্মৰ ইতিহাস বিচাৰিলে দেখা যায় যে বৈদিক যুগতেই ইয়াৰ বীজ ৰোপিত হৈছিল। প্ৰাচীন গ্ৰীক সাহিত্যৰ কিংবদন্তিস্বৰূপ স্ফিংছৰ প্রশ্নও সাঁথৰৰ এক প্ৰাচীনতম ৰূপ। যিহেতু সাঁথৰ এবিধ মৌখিক সাহিত্য, গতিকে ইয়াৰ জন্ম বা ৰচিয়তাক বিচৰাটো এক বাতুলতাহে মাথোন। সেয়ে হ’লেও অসমীয়া জনজীৱনক, মানুহৰ মনস্তত্বক এই সাঁথৰে কেনেদৰে জোকাৰি গৈছে তাকেই এই আলোচনাত বিচাৰ কৰি চাবলৈ যত্ন কৰা হৈছে। মানুহৰ মগজুক বা চিন্তাশক্তিক জোকাৰি যাব
Read more