মূল :প্ৰেচক্ৰিপশ্যন,লিখক-:হুমায়ূন আহমেদ, ভাৱানুবাদ-অঞ্জু মহন্ত
প্ৰচণ্ড মূৰৰ বিষ। বহুত চেষ্টা কৰিলোঁ মূৰৰ বিষটোক গুৰুত্ব নিদিবলৈ। অৱহেলা কোনেও সহ্য কৰিব নোৱাৰে। বেমাৰেও নোৱাৰে। বেমাৰে যেতিয়া ভাবে বেমাৰক গুৰুত্ব দিয়া হোৱা নাই, অৱহেলা কৰা হৈছে তেতিয়া মন-মেজাজ বেয়া কৰি গুচি যায়। মোৰ ক্ষেত্ৰত সেয়া নহ’ল। গুৰুত্ব নাপাই মূৰৰ বিষ আৰু বাঢ়িল। এটা সময়ত লক্ষ্য কৰিলোঁ মূৰৰ বিষে মেৰুদণ্ড বগাই তললৈ নমাৰ পৰিকল্পনা কৰিছে। ত্বৰিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন– মই এখন ফাৰ্মাছিলৈ সোমাই গ’লোঁ। চাৰিটা পেৰাচিটামল কিনিবলৈ। দুটা খাম আৰু দুটা ভবিষ্যতৰ বাবে পকেটত থৈ দিম। মোৰ বহুদিনীয়া অভ্যাস
Read more