ফটাঢোল

শিল্পী পৰিচিতি 

জীৱন পঞ্জীঃ নামঃ প্ৰবীণ শইকীয়া জন্মঃ ১৯৫৫ চন জন্ম স্থানঃ মাধৱপুৰ, (নাৰায়ণপুৰ জিলাঃলক্ষীমপুৰ ) শিক্ষাঃ M.A./ M.Phil. / Ph.D. কৰ্মজীৱনঃ বিহপুৰীয়া কলেজত অসমীয়া বিভাগত অধ্যাপনা , সহযোগী অধ্যাপক ৰূপে ২০১৫ চনত অৱসৰ গ্ৰহণ ৷ সাহিত্যঃ সঁফুৰা প্ৰান্তিক আদিত কবিতা/ প্ৰৱন্ধ আদি প্ৰকাশ ৷  “আপদীয়া পদ্য“ নামটোৰ জনক ৷ আকাশবাণী যোগে অসংখ্য কথিকা প্ৰচাৰ ৷ প্ৰকাশিত গ্ৰন্থঃ (১) সুৰৰে জিঞ্জিৰি  (২)  অসমীয়া লিমাৰিক চয়ন (৩) মাণিকীমৌ (৪)আপদীয়াপদ্য (৫)অসমীয়া সাহিত্যৰ বুৰঞ্জী (৬) খামতি ভাষা সংস্কৃতি পৰিক্ৰমা ৷ সংগীত *** আকাশবাণীৰ দ্বাৰা অনাতাঁৰ

Read more

শিল্পী পৰিচিটি-ডলী তালুকদাৰ

শিল্পী পৰিচিটি:   ছবিয়ে কথা কয়। শিল্পীয়ে ছবিৰ মাধ্যমেৰে, ৰং তুলিকাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰে। চিত্ৰকলা ঈশ্বৰৰ এনেকুৱা দান যে খুব কম সংখ্যকৰহে ভাগ্যত এই কলাটো থাকে। ৰঙৰ মাধ্যমেৰে চিত্ৰশিল্পীয়ে বহুত কথা বুজাব পাৰে। ছবিৰে কথা কোৱা   শিল্পী এগৰাকীক আমি পৰিচয় কৰি দিব বিচাৰিছো “শিল্পীৰ পৃথিবী” শিতানত।  তেখেত হৈছে  পপী কোঁৱৰ। জন্মসুত্ৰে তিনিচুকীয়াৰ জীয়ৰী আৰু বৰ্তমান  গুৱাহাটী বাসিন্দা পপী এগৰাকী চিত্ৰশিল্পৰ নিৰব সাধক। পিতৃ স্বৰ্গীয় চন্দ্ৰ কোঁৱৰ আৰু মাতৃ শ্ৰী মতী দিপালী কোঁৱৰ। পপী কোঁৱৰৰ জন্ম হৈছিল ১৯৮০

Read more

শিল্পী পৰিচিতি : নাগাৰা নামৰ শিল্পী শ্ৰী মুনিন বৰা

শিল্পী পৰিচয় : যোৰহাট জিলাৰ ৰজাদিনীয়া হাতীগড় বাঘমৰা দোলাকাষৰীয়া গাঁৱত দিহানামে যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা জনপ্রিয় শিল্পী মুনিন বৰা দেৱৰ জন্ম হয় ১৯৬৪ চনৰ আঘোন মাহত। তেখেতৰ পিতৃ নামাচাৰ্য্য ৰোষেশ্বৰ বৰা আৰু মাতৃ শ্ৰী সৰুমাই বৰা। ছাত্ৰ অৱস্থাৰ পৰাই গীত, কবিতা ৰচনা কৰি সাংস্কৃতিক মনৰ পাতনি মেলা বৰাদেৱ দিহানামৰ এজন প্ৰভাৱশালী শিল্পী। ১৯৮৫ চনত অসমৰ আগশাৰীৰ শ্ৰব্য প্রতিষ্ঠান এন. কে. প্ৰডাকচনৰ বেনাৰত শিল্পী ৰুবুল বৰাৰ পৰিচালনাত নিৰ্মিত টোকাৰী গীতৰ কেছেট ‘ধেনু চাড়ি ফুৰো’ত কণ্ঠদান কৰি পেচাদাৰী কৰ্মৰ পাতনি মেলা

Read more

পুৰুষাণুক্ৰমে ব্যাসৰ ওজাপালি চৰ্চা কৰা এটা পৰিয়াল – পূৰ্ণানন্দ শৰ্মা

১৯৯৩ চনৰ মাঘ মাহৰ এটা শীতাৰ্ত দিন। সেই সময়ৰ দৰঙৰ বিখ্যাত ওজা শৰৎ শৰ্মাৰ ওচৰলৈ নিকটৱৰ্তী গাওঁখনৰ যুৱক এজন আহি ক’লে যে তেওঁ ওজাপালি কৃষ্টিটো শিকিবলৈ বিচাৰে। কিন্তু দীৰ্ঘ দিনৰ অভিজ্ঞতাৰে পুষ্ট ওজাই যুৱকজনৰ সেই প্ৰস্তাৱ পোনচাতেই না কৰিলে। কিয়নো তেনে চেঙেলীয়া বহুত যুৱক তেওঁৰ ওচৰলৈ ওজাপালি শিকিবলৈ আহে। পিচে কেইদিনমানৰ পিছতে নহা হয়। গন্ধৰ্ব বিদ্যা আয়ত্ব কৰাতো কি ইমান সহজ? তাৰ বাবে কৰিবলগীয়া কৃচ্ছ সাধনা কি সকলোৱেই কৰিব পাৰিব? নহয়। নোৱাৰে। গতিকে যুৱকজনৰ সেই আবেদনক ওজাগৰাকীয়ে অকণো গুৰুত্ব নিদিলে।

Read more

শিল্পীৰ পৃথিৱীত – একাৰ্ণৱ গোস্বামী : সুনয়না গোস্বামী

মানৱ জীৱনৰ এটি অবিচ্ছিন্ন অংগ হ’ল চিত্ৰকলা। ছবি হ’ল শিল্পীৰ ভাষা। গতিশীল প্ৰকৃতিৰ ৰূপ – ৰস – ছন্দত শিল্পীয়ে বিচাৰি পাই শিল্পৰ সমল। চাৰুকলাৰ আনুষ্ঠানিক শিক্ষাৰ অন্তত বিদ‍্যায়তনিক শিক্ষাত নিজৰ চিন্তা, নান্দনিক গুণেৰে তাক বিকাশ কৰা অসমীয়া চিত্ৰশিল্পীসকলৰ এজন নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ একাৰ্ণৱ গোস্বামী আজিৰ ‘শিল্পীৰ পৃথিৱী’ শিতানৰ শিল্পী। পুৰণিগুদাম খাউণ্ডৰ চুক গাঁৱৰ নিবাসী শিক্ষাবিদ প্ৰয়াত অতুলচন্দ্ৰ গোস্বামী আৰু প্ৰাক্তন শিক্ষয়িত্ৰী পদ্মাৱতী দেৱীৰ জ‍্যেষ্ঠ পুত্ৰ একাৰ্ণৱ গোস্বামীৰ জন্ম হৈছিল ১৯৭০ চনৰ ২৪ এপ্ৰিলত। পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ‍্যালয়ত

Read more

ধূলিৰ পৰা ৰামধেনুলৈ- নগেন বৈশ্য: চিনেমাৰ দৰেই কাহিনী এটা-দেবজিত শৰ্মা

শৈশৱৰ সেই পখিলা খেদি ফুৰা সময়খিনিত নগেনহঁতৰ অঞ্চলটোলৈ দিনটোত খুব বেছি এখন বা দুখন বাছ চলাচল কৰিছিল৷ মনহা কছাৰী গাঁৱত বেয়া পথৰ সেই ধূলিয়ে ঢাকি যোৱা ঘৰ চৌহদ পথবোৰৰ চহা জীৱনৰ মাজত খেতিয়ক পিতৃ স্বৰ্গীয় ভৱকান্ত বৈশ্য আৰু শ্ৰীমতী মিনামাই বৈশ্যৰ চাৰিটি সন্তানে জীৱনৰ বাট বুলিছিল৷ নগেন বৈশ্যৰ পিতৃ খেতিয়ক হ’লেও এটা সুবিশাল সাংস্কৃতিক মনৰ অধিকাৰী আছিল৷ প্ৰযুক্তিবিদ্যা, উন্নয়ণে ঢুকি পাবলৈ বহুদূৰ থকা এখন গাঁৱৰ বাসিন্দা হৈয়ো সেইখিনি সময়তে গ্ৰাম’ফোন ৰেকৰ্ডাৰ আৰু এটা কেমেৰা নিজৰ সংগ্ৰহত ৰাখিছিল৷ পিতৃৰ সেই সাংস্কৃতিক

Read more

সীমান্ত বৰাক সুঁৱৰি -দেবজিত শৰ্মা 

কিছু অগতানুগতিক সত্বা থাকে যিয়ে সময়ৰ বুকুত নিজৰেই এক সুকীয়া লহৰ সৃষ্টি কৰি থৈ যায়, যাক কালৰ স্ৰোতেও মচিব নোৱাৰে৷ তেনে এক ব্যক্তিত্বৰ নামেই হৈছে, প্ৰয়াত সীমান্ত বৰা ওৰফে বুবু৷  ইতিহাস প্ৰসিদ্ধ জাগী গাঁৱৰ শিক্ষাবিদ স্বৰ্গীয় কৃষ্ণৰাম বৰা আৰু স্বৰ্গীয়া লিলিমাই বৰাৰ জেষ্ঠ সন্তান সীমান্ত বৰাৰ জন্ম হৈছিল ১৯৭২ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখে৷ সংস্কৃতিবান পিতৃ আৰু মাতৃৰ সন্তান সীমান্ত বৰাও আছিল সংস্কৃতিৰ সাধক৷ সৰুৰে পৰা চিত্ৰকলাৰ লগতে নাট্য আৰু গীত মাতৰ লগতো খুব ঘনিষ্ঠ ভাবে জড়িত আছিল৷ কৰ্মজীৱনত ব্যৱসায়ী

Read more

শিল্পীৰ পৃথিৱীত ৰমেন মুদৈ-মহেশ দাস

‘ফটাঢোল ই-আলোচনী’ৰ এটি সুন্দৰ শিতান ‘শিল্পীৰ পৃথিৱী’ত আমি চিনাকি হওঁ এনে কিছু শিল্পীৰ সৈতে, যাৰ বাবে জীৱনৰ অন্য নাম সাধনা।শিল্পীৰ পৃথিৱীখনত এনে কিছু শিল্পী আছে,যি কেৱল আৰ্থিক অনাটনৰ বাবেই কাৰো পৰিচিত নহয়। আহকচোন,তেনে এজন অখ্যাত  শিল্পীৰ বিষয়ে জনাৰ প্ৰয়াস কৰোঁ। ৰমেন মুদৈ।লক্ষীমপুৰৰ ঘাগৰ নদীৰ পাৰৰ ৰমেনদাৰ ঘৰত উপস্থিত হৈ অনুভৱ কৰিছিলোঁ যে ঘৰখনৰ প্ৰতিটো আচবাবপত্ৰই ব্যতিক্ৰমী।বাহিৰত দেখিছিলোঁ এখন আৰামী চকী আৰু এখন বিছনা।প্ৰথম দেখি ধৰিবই পৰা নাছিলো কিন্তু পিছত গম পালো যে সেই আৰামী চকী আৰু বিচনাখন কাঠেৰে  নহয়,বাঁহৰেহে তৈয়াৰী।মাত

Read more

শিল্পীৰ পৃথিৱী- দীক্ষিতা বৰা

  শিল্পৰ পৃথিৱীত মুক্তমনে বিচৰণ কৰি সমাজত কলাৰে ৰহণ চৰোৱা সুন্দৰৰ সাধকসকলক জনসমাজত অধিক ওচৰৰ পৰা চিনাকি কৰি দিয়াৰ উদ্দেশ‍্যে সৃষ্ট এই শিতান ‘শিল্পীৰ পৃথিৱী’। এই শিতানত এইবাৰৰ শিল্পী শ্ৰী লুইতমণি শইকীয়া। ‘নিবনুৱা HUB’ৰ প্ৰতিষ্ঠাতা লুইতমণি, তুলিকাৰ পৰশত মূল‍্যহীনক অমূল্য কৰি তুলিব পৰা লুইতমণি। গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ ১ নং গন্ধকৰৈ গাঁৱৰ নিৱাসী শ্ৰীযুত লীলাধৰ শইকীয়া আৰু শ্ৰীযুতা ভানুপ্ৰিয়া শইকীয়াৰ সুযোগ‍্যা সন্তান শ্ৰী লুইতমণি শইকীয়া। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰী লুইতমণিৰ সৰুৰে পৰাই আছিল এটি কলাত্মক মন। মহাবিদ্যালয়,

Read more

শিল্পীৰ পৃথিৱীত কৰেনদ্ৰ চন্দ্ৰ ৰায় – কল্যানী অধিকাৰী

শিল্পী পৰিচিতি শিতানত এইবাৰ আপোনালোকৰ সৈতে গৌৰীপুৰ, ধুবুৰীৰ (কুৰিৰ পাৰ) এগৰাকী ক্ষণজন্মা শিল্পী শ্ৰীযুত কৰেনদ্ৰ চন্দ্ৰ ৰায় দেবক চিনাকি কৰাই দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। ভাৰতৰ স্বাধীনতা লাভৰ আগতেই জন্মগ্ৰহণ কৰা শ্ৰীযুত ৰায় বৰ্তমান নব্বৈ (৯০) বছৰীয়া এজন ভদ্ৰলোক। তেখেতৰ প্ৰায় সকলো ধৰণৰ আৰ্টৰ লগত ভালদৰে চিনাকি। তেখেতে বহুকেইজন জমীদাৰ, ৰজা, স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ ইতিমধ্যে অংকন কৰিছে আৰু এইসমূহৰ কিছু অংশ অসমৰ বিভিন্ন ঠাইত ৰখা হৈছে। নিৰন্তৰ চিত্ৰ অংকন কৰি গৈছে বিভিন্ন পটভূমিক লৈ৷  কিন্তু তেখেতে আৰ্থিক দৈন্যতাৰ বাবে চিত্ৰ

Read more
1 2 3