ফটাঢোল

সপোনৰ জগতত-ৰাজশ্ৰী শৰ্মা

‘মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা।’ – এই কথাষাৰ নুশুনা মানুহ বৰ কমেই আছে এইখন মুলুকত। কিন্তু দিন ৰাতি, পুৱা-গধূলি ছেদভেদ নোহোৱাকৈ টোপনি মৰা প্ৰতিভাটোও অমুকীৰ কম নহয়। এই দিনে ৰাতিয়ে শুব পৰা প্ৰতিভাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ‘ঘুমেগেইৰা’ উপাধিৰে বিভূষিত কৰা হৈছিল এসময়ত মোক। আৰু বিধাতাৰ কি আশীৰ্বাদ যে এতিয়ালৈকে সেই উপাধিৰ মৰ্যাদা সম্পূৰ্ণৰূপে ৰাখিবলৈ সক্ষম হৈছোঁ। এনেই মানুহে কয় যে টোপনি মৰাটো ভাল কথা, চিন্তা ভাৱনা কমি থাকে। মনৰ শান্তি বাঢ়ে। মোৰ চিন্তা ভাৱনাৰ দৌৰটো এনেই ছোৱালীহঁতৰ লগত কাৰ্টুন

Read more

দৰব-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

ধুমুহাত দেওধনী নচা তামোল গছৰদৰে হালিজালি আছোঁ, মূৰটো কোনোপধ্যেই ডিঙিৰ ওপৰত পোন কৰি থ’ব পৰা নাই৷ কি জানো হৈছে কালিৰ পৰা, দেহাটোৰ দায়িত্ব চকীখনক দিলেই টোপনিয়ে কোলাই বোকোচাই তুলি নচুৱাই লৈ ফুৰে৷ ঠিক তেনেকুৱাতে উধাতু খাই ওলালেহি পিতৌ৷ এক্সৰে নকৰাকৈ হাড় গণিব পৰা তাৰ দেহাটোত গেঞ্জী এটাও নোহোৱাকৈ লৰি অহা দেখি মোৰ টোপনি মাকৰ ঘৰলৈ পলাল৷ এইকণ বাট আহোঁতেই অবস্থা কাহিল হোৱা পিতৌলৈ পানীৰ বটলটো আগবঢ়াই দিলোঁ৷ “কি হ’ল পিতৌ? কোনোবাই জোৰকৈ হাঁচিয়াই দিয়াত এইখিনিলৈ ছিটিকি আহিলি নেকি?“ হোৱা দিয়া

Read more

বিদায় সভাৰ ভাষণ-ববিতা শৰ্মা

মোৰ বিদ্যালয় এৰাৰ আজি বহু বছৰ হ’ল যদিও মাজে মাজে সেই স্কুলীয়া দিনবোৰৰ কিছু মিঠা স্মৃতিয়ে মনত টুকুৰিয়াই যায়হি। সেই স্মৃতিৰ টোপোলাৰ পৰাই আজি মোৰ লগত হোৱা লটিঘটিৰ এটা ৰসাল ঘটনা আপোনালোকলৈ আগবঢ়ালোঁ‌। দশম মান শ্ৰেণীৰ সেইদিনা বিদায় সভা আছিল। উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পঞ্চম মানৰপৰা দ্বাদশ শ্ৰেণীলৈ সকলোৰে মনবোৰ সেইদিনা ফৰকাল। কাৰণ আমি পঢ়া সময়ত বিদায় সভা মানে এটা উৎসৱ। দশমমানৰ ছাত্ৰ-ছাত্রীখিনিৰ কথাতো ক’বই নালাগে, এফালে বিদ্যালয় এৰি যোৱাৰ দুখ আৰু আনফালে সেই দিনটোত পাব লগা সমাদৰ তথা সন্মানৰ আনন্দ।

Read more

হৰে কৃষ্ণ হৰে ৰাম-সমীৰ

কেতিয়াৰ কথা আছিল জানো, সঠিককৈ মনত নাই। সেইদিনা এঘৰ মানুহৰ ঘৰলৈ সন্ধিয়া গৈছিলো। মানুহ ঘৰৰ ওচৰৰে আন এঘৰত ডি.জে. সঙ্গীতত ভক্তি আৰাধনাৰ গীত এটি লাগি আছিল। সন্ধিয়াৰ পৰিবেশটো গীতটোৱে ইমান সুন্দৰ কৰি তুলিছিল যে তাক বৰ্ণনা কৰি বুজাবই নোৱাৰি। সঁচাই বহুত ভাল লাগিছিল। মন-প্ৰাণ আৰু গীতটিৰ সৈতে সন্ধিয়াটো যেন আধ্যাত্মিকতাত বিলীন হৈ পৰিছিল। কিছু সময় যোৱা পিছত মই ছাটি-ফুটি কৰিবলৈ আৰম্ভ কৰিছিলোঁ।মোৰ এই আচৰণ দেখি গৃহস্থ আৰু মোৰ লগত যোৱা জনেও মোৰ কি হৈছে বুলি আচৰিত হৈ পৰিছিল। সাধাৰণতে অলপতে

Read more

নাম -বৈদুৰ্য বৰুৱা

: হেই জিতু…জিতু দা…জিতু দা নহয়নে? জিতুৱে চালে মাতটোৰ ফালে। : জিতু…জিতু…আপুনি জিতু দা…? ছোৱালীজনীয়ে তাৰফালে চাই হাতখন জোকাৰি আকৌ চিঞৰিলে দূৰৰ পৰাই। সি কিছু আচৰিত হ’ল। কিন্তু ধৰিব নোৱাৰিলে ছোৱালীজনীয়ে তাকেই মাতিছে নে বেলেগক মাতিছে। সি ৰৈ আছিল তাৰ বাইকখনৰ ওপৰতে বহি ফুটপাথৰ দোকান এখনৰ কাষত। সি সদায় ইয়াতে ৰয়।চানগ্লাছ এখন পিন্ধি কমলা পচন্দৰ পেকেট এটা মুখত মাজে মাজে ঢালি  এইখিনিতে তহল দি থাকে। পবিত্ৰ, ৰফিকহঁতো আহে। এইখিনিতে সিহঁতে আড্ডা মাৰে। ওচৰতে দুই তিনিখন কলেজ আছে। কলেজৰ ল’ৰা-ছোৱালীবোৰ এইফালেই

Read more

ভ্ৰমণৰ লটিঘটী-অসীমা দত্ত শইকীয়া

প্ৰথম সেইভাগিৰ দৰ্শন হৈছিল গেংটকত। কি ‘ৰ’প ৱে’ চিনি-জানি নাপাওঁ৷ শুনিছোঁ ৰছীত ওলমি যায়। দেখা নাই তেতিয়ালৈ। গ’লোঁ‌ পুৱাই। পাহাৰৰ কাষত টিকট ঘৰটো। তাত সুমাই টিকট কৰিলোঁ‌। মনতে ভাবি আছোঁ‌ উঠিম ক’তনো। এপাকত দেখোঁ‌ এফালেদি উভতি অহাবোৰ সুমাইছেহি, যাবলৈ ওলোৱাবোৰ উভতি অহাবোৰত সুমাবলৈ গৈছে!  লাইনত থিয় হৈ মই আগৰটোক খুৱ চাইছোঁ‌। কঁকালে মূৰে আগৰটোক বেল্ট মাৰি আছে, সন্মুখত গ্লাছৰ বাকচটো, তললে দ খাৱৈ। ৰেহ-ৰূপ চাই আইডিয়া কৰিলোঁ‌, মানে কলেৰা বেজীৰ লগত সৰুতে দৌৰা পাৰ্ফমেঞ্চ পুনৰ দেখুওৱাৰ পাল মোৰ। বেল্ট মৰাটোক

Read more

কণাৰ ফৰ্মুটি আৰু দুখন চিনেমা-নয়নমণি হালৈ

(নব্বৈৰ দশকত জন্মা কোনো শিশুকে বোধহয় “ভিচিআৰ (Video Cassette Recorder)” বোলা বস্তুবিধৰ সৈতে চিনাকি কৰাই দিব নালাগে৷ আমাৰ শৈশৱ, কৈশোৰত ভিচিআৰ বোলা দৈৱ বস্তুটোৱে আমাৰ মনত যিধৰণৰ চঞ্চলতা আৰু উদ্দীপনাময় কৰি তুলিছিল, তাৰ উত্তেজনা যেন এতিয়াও শাম কটা নাই৷ আমাৰ কল্পনাৰ জগতখনক এঢাপ এঢাপকৈ ই ওপৰলৈ তুলি লৈ গৈছিল আৰু জীৱন কৰি তুলিছিল চিনেমাময়৷যিয়ে নহওক, তলৰ ঘটনা দুটাই আপোনাকো হয়তো ভিচিআৰৰ কথা মনত পেলাই দিব পাৰে৷) (১) সিদিনা গাঁৱৰে মোৰ লগৰ এটাৰ ভনীয়েকৰ তুলনি বিয়া৷ তুলনি বিয়াৰ দিনা সন্ধিয়াৰ পৰাই

Read more

ছয় মাহত মেনেজাৰ- ধূৰ্জ্জটি কাকতি

ডিগ্ৰী পাছ কৰি উঠিছোঁ‌৷ আচাম ত্ৰিবিউনত চাকৰিৰ ইণ্টাৰভিউ চাই থাকোঁ‌তে হঠাৎ চকুত পৰিলে ‘গেট মেনেজিৰিয়েল পোষ্ট ইন কৰ্পোৰেট অফিচ অনলি ইন চিক্স মান্থ’৷ এডটো দেখি ভাল লাগি গ’ল৷ এনেই বেছিভাগ চাকৰিতে এমবিএ বিচাৰে, ইয়াত  অকল গ্ৰেজুৱেচন বিচাৰিছে, তাকো ছয়মাহতে মেনেজাৰ হ’ব পাৰি৷ এড্ৰেচটো চালোঁ‌ ৰিহাবাৰীৰ ফালে অফিচটো আছে৷ পাছদিনা লগৰ এটাৰ লগত তাৰ বাইকতেই অফিচটোলৈ গ’লোঁ‌৷ ইণ্টাৰভিউৰ কাৰণে আহিছোঁ‌ বুলি কওতে বহিবলৈ দিলে৷ মনটো অলপ উগুল থুগুল, জীৱনত প্ৰথম তেনে ইণ্টাৰভিউ দিম৷ অৱশ্যে অফিচটো কিহৰ, প্ৰদাক্ত কি সেইবোৰ একো নাজানো

Read more

হাজৰিকাদাৰ বাজাজ চুপাৰ ১৯৮০-অনন্ত বৰা

এটা সময় আছিল যেতিয়া এখন বাজাজ চুপাৰ কিনিবলৈ, বুকিং কৰা দিনৰ পৰা বােলে প্রায় তিনি চাৰি বছৰ অপেক্ষা কৰিব লাগিছিল। আৰু চৰকাৰী চাকৰিয়াল হ’লেহে তেনেকুৱা ধৰণৰ যান-বাহন কিনিব পাৰিছিল। চাকৰিত জইন কৰােঁতে হাজৰিকাদাই তেৰ হাজাৰ টকা দি বাজাজ চুপাৰ কিনাৰ কথা ভাবিবই পৰা নাছিল। কলেজত পঢ়াৰ দিনৰে পৰা হাজৰিকাই এখন বাজাজ চুপাৰ কিনাৰ সপােন দেখিছিল কিন্তু চাকৰিত জইন কৰি যেতিয়া চাৰে সাতশ টকাৰ মাহেকীয়া দৰমহাটো পালে, তেওঁৰ সপােনটো লাহে লাহে ধূসৰ হৈ আহিল। গাঁৱৰ খেতিয়কৰ ঘৰৰ ডাঙৰ ল’ৰা হিচাপে ঘৰখনৰ

Read more

কুফা-লুণা বৰা

বাইকখনত বহিবলৈ লৈয়ে মানৱৰ মূৰটো বেয়া হৈ গ’ল।  : চাল্লা  আজিৰ দিনটোৱেই কুফা। ৰাতিপুৱা ব্ৰেকফাষ্ট  কৰিবলৈ গেছৰ পাইপ ফাটিল, গা ধুবলৈ দমকল বেয়া হ’ল, দমকলত লাগি থাকোঁ‌তে দিনটো গ’ল, এতিয়া  বচন্তিৰ নখৰামিত খোৱা-লোৱাও বন্ধ  কৰিব  লাগিব …..। বেয়া মাত মাতিয়ে ভোৰভোৰালে মানৱে। এতিয়া দোকানবোৰ বন্ধ হোৱাৰ আগতেই আটাইবোৰ বস্তু গোটাই ল’ব নোৱাৰিলে আজি লঘোণ দিব লাগিব।  সি গা ধোৱাৰ পিছতে দমকলটো বেয়া হ’ল। পানী  নহ’লে নচলে বাবে কামলৈ ওলাই যোৱাৰ সলনি  একেলগে থকা ল’ৰাটোৱে মিলি দমকল ভাল কৰাত লাগিল সি। এতিয়া 

Read more
1 8 9 10 11 12 70