পুৰীয়া পুৰাণ -অৰ্চন শৰ্মা
কাগজখন হাতত লওঁতেই বুকুখন ঢিপিঙকৈ মাৰিলে। : ধেৎ, একেবাৰে কণ্ট্ৰল নোহোৱা বুকুহে! অলপ সময় ঠাণ্ডা হৈ থাক। নিজেই নিজকে ধমকি এটা দিলোঁ। পিচে ক’ত আৰু বুকুৰ ধপধপনি কমিব, কমক চাৰি বাঢ়িহে আহিল। কোন মহাপণ্ডিতে কৈছিল জানো “এখিলা কাগজৰ টুকুৰাই তোমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে” সেইজনৰ মূৰলৈ সেই মুহূৰ্তত এটা প্ৰকাণ্ড শিল দলিয়াবলৈ মন গ’ল মোৰ। পিচে ভাবি-গুণি লাভ নাই, অকণমান আগলৈ পিছলৈ চাই ল’লোঁ, কিজানিবা কোনোবা ভাল ল’ৰা-ছোৱালী পৰিছেই। পিচে নাই, ভাল ল’ৰা বুলি মদৰ সৈতে চাকনা কৰি খাবলৈও এটাও
Read more