ফটাঢোল

কাউৰী-ধূৰ্জ্জটি কাকতি

দেওবাৰে বজাৰলৈ বুলি ওলাই আহি আমাৰ আদ্দাৰ ওচৰ পাওঁতে  দেখিলোঁ‌ আমাৰ আদ্দাৰ মেম্বাৰকেইজনে জুম বান্ধি কিবা কথা পাতি আছে৷ যদিও বাৰু আমাৰ আদ্দাত ৰাতি আঠটাৰ পাছত ক্ৰিকেট, ৰাজনীতি, অৰ্থনীতিত সকলো ফেচবুকীয়া বিশেষজ্ঞৰ দৰে বিশেষজ্ঞ হৈ পৰে বৰ্তমান কিন্তু গভীৰ আলোচনাৰ সময় হোৱা নাই৷ মণ্টুদা, বাবু, ভাস্কৰ আৰু বাকীকেইটা এতিয়াই কিবা গভীৰ আলোচনাত ব্যস্ত। দূৰৰপৰা পৰিস্থিতি দেখিয়ে গম পালোঁ‌ অসমীয়া ভাষাৰ ‘চেপা উত্তেজনা’ শব্দটো আমাৰ আদ্দাত বিৰাজমান হৈ আছে৷ উত্তেজনাটো চেঁপি চেঁপি ওলাই আহি মোৰ কাষ পাইছেহি৷ কালি ৰাতি কিবা এটা

Read more

ডাক্তৰ-জয়ন্ত দাস

“ৰ’বাহে, অলপ লাহে লাহে চলোৱা৷” পত্নী ৰীতাৰ  ই-ৰিক্সা চলোৱা ড্ৰাইভাৰজনক উদ্দেশ্যি কোৱা কথাখিনিৰ লগত ময়ো যোগ দি ক’লোঁ – “বৰ বেয়া ৰাস্তাহে৷ অৱস্থা বেয়া হৈ গৈছে৷” ড্ৰাইভাৰজনে আমাৰ ফালে নোচোৱাকৈয়ে ক’লে – “এতিয়াতো বহুত ভাল ৰাস্তা, কমচেকম ঠেকেচা খালেও এইখনত বহি আহিব পাৰিছে৷ জুন-জুলাই মাহত অাহিলে ভৰিৰ চেণ্ডেল হাতত লৈ একাঁঠু বোকা ভাঙি খোজ কাঢ়িব লাগিলহেঁতেন৷” উত্তৰ শুনি একো নামাতিলোঁ, মাত্ৰ পত্নীৰ মুখৰ ফালে কেৰাহিকৈ চালোঁ৷ তেওঁ ঠিকেই আছে৷ একো ভাবান্তৰ নেদেখিলোঁ৷ ঠাইখনত মই নতুন৷ ৪ দিনৰ আগতেই গাঁওখনৰ একমাত্ৰ

Read more

কাকতি Vs কাকতিনী-ভূপালী দেৱী

(লকডাউনত ঘটা ঘটনা) এইটো আজি কিছুদিন আগৰ ঘটনা, যেতিয়া লকডাউনৰ দ্বিতীয় কালচোৱাত সকলোৱে শ্লীম হ’বলৈ লাগি গৈছিল৷ কোনোবাই যদি যোগাসন, কোনোবাই ব্যায়াম, কোনোবাই আকৌ খোৱা বোৱা বাদ দিছিল৷ আমাৰ কাকতিৰ আকৌ জিভাৰ জুতি বাঢ়িছিলহে৷ আজি অমুক ৰান্ধিবা, কাইলৈ তমুক ৰান্ধিবা। কি চাব মহাজনৰ অৰ্ডাৰ৷ কাকতিনী যেন কোনোবা এখন বিখ্যাত ৰেষ্টুৰেণ্টৰ চেফহে! অলপ যে খিনোৱাৰ চেষ্টা কৰিব লাগে সেইবোৰলৈ মন কাণ নাই৷ কেৱল খোৱাৰহে কথা৷ এদিন খঙতে কাকতিনীয়ে ক’লে, ”কলিতা খুড়াৰ ল’ৰাটোক দেখিছানে, পুৱাই উঠি চোতালতে কেনেকৈ দৌৰি থাকে৷ পাৰা যদি

Read more

ল’ৰালিৰ বোকোচাত উঠি-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

১) লুকালেও শকত হয়৷ আমি গোটেইজাকে লুকাভাকু খেলি আছোঁ৷ সৱকে বিচাৰি পোৱা গ’ল কিন্তু এই জিনি মহা ধুৰন্ধৰ৷ সদায় বিচাৰি নোপোৱা আচৰিত ঠাইত লুকায়৷ বহুত বিচৰাৰ অন্তত হাত দাঙি তই জিকিলি, ৰজা হ’লি বুলি তাক ওলাই আহিবলৈ কওঁ গোটেইজাকে৷ ইফালে দেৰি হৈছে ঘৰা-ঘৰি যাবগৈ লাগে৷ অৱশেষত কুঁহিয়াৰৰ মস্ত গছ এজোপাৰ মাজৰপৰা হাঁহি হাঁহি জিনিয়ে ওলাই দেখা দিলে৷ আৰে এয়া কি জিনি ইমান শকত হৈ গ’ল৷ গাল-মুখ ফুলা, ফুলা ৰঙা, ৰঙা৷ আমি মুখ মেলি চাই ৰ’লোঁ৷ আমাৰ ৰজাই দুইখন হাতেৰে শকত-আৱত

Read more

জীৱনৰ গোটাচেৰেক-পঞ্চী প্ৰিয়া দাস

ল’ৰালি কালৰপৰাই মানুহৰ জীৱনত কিমান যে লটিঘটি হয়! মোৰ শৈশৱত ঘটা দুটা ঘটনাৰ বিষয়ে লিখিছোঁ লটিঘটি (১)   মাৰ মেখেলা-চাদৰ আমাৰ মাৰ এযোৰ হালধীয়া মেখেলা-চাদৰ আছিল। যিযোৰ পিন্ধিলে মাক মই খুব ধুনীয়া দেখিছিলোঁ। মোৰো মাজে মাজে সেইযোৰ পিন্ধি ধুনীয়া হ’বলৈ মন গৈছিল। কিন্তু সুযোগ পোৱা নাছিলোঁ। পঞ্চম শ্ৰেণীৰ সৰস্বতী পূজাত মই সেইটো সুযোগ পালোঁ। মাক এসপ্তাহৰ আগৰপৰাই পেঘেনিয়াই আছিলোঁ সেই মেখেলা-চাদৰযোৰ পিন্ধাই দিবলৈ। মায়ে হ’ব বুলি কৈ থৈ দিলে কথাটো। কিন্তু মোৰ জিদ, পিন্ধিলে সেইযোৰেই পিন্ধিম। পিচে কাপোৰযোৰ অলপ পিচল

Read more

আয়ৈ দেহি আমাৰ জোঁৱাই-দীক্ষিতা বৰা

: সোণপোনা অ’, বৰ ডাঙৰ দৰকাৰ এটাত আহিলোঁ অ’। আহি পায়েই চিধা ভিতৰৰ কোঠালৈ গৈ ভতিজাকক ক’লে মালতী জেঠায়ে। : অ’ জেঠাইদ’, কিমান পৰত পালেহি? গমেই নাপাওঁ দেখোন মই। : এহ পাইছোঁহি হে মই। তোৰ ওচৰলৈ আহিলোঁ বিশেষ দৰকাৰ এটাত, গতিকে চিধাই তোৰ গুৰিলৈকে আহিছোঁ। : অ’ কওকচোন জেঠাইদ’ কি কথা। : আমাৰ এটাৰ কথাতো তই জানই। চাকৰিটো পালে যেতিয়া, বয়সো হৈছে, বিয়াখন পাতিবলৈ কৈ আছোঁ। কিন্তু তাৰ মন কাণ নাই। বায়েক ভিনিহিয়েকৰ হতুৱাইও কোৱাইছোঁ, তথাপি কাণষাৰ নকৰে। আজি এফালে

Read more

জীৱন লগৰী বিচাৰি-দীপ্তি শৰ্মা

আঘোনৰ পে আমাৰ ঝীয়া লিকিৰা গিলাকৰ বিয়াৰ পুৰা জোৰ উঠছি। কৰ’নাই ফাগুন, ব’হাগত হবা লাগা বিয়া গিলাক পিছুৱেই পিছুৱেই আঘোনক লেগি ঠেলি আনি আছেই।পিচে ইতা দিন গিলাকৰ অলপ ভাল মুখ দেখি লাহে লাহে বিয়াৰ জোৰতো বেছি হৈ আইছি। কোন্বা দিনাতো একে দিনাই পাঁচ-ছয়খানকে বিয়া পৰবো হানে লাগছি। আমাৰ জয়ন্ত দাও এইকেইদিন পুৰা ব্যস্ত। তেওঁ এই  দিনকেইটাৰ পুৰা চান্স লৈ আছেই।তাতে আকো দাদাৰ বয়স তোয়েও বহুত সুবিধা কৰি দিছি। হিতেশৰ লগহৈ  দুটায়ে কেইদিনমানৰ পে পুৰা ঘূৰি ফুৰি আছেই। লগতে চাহ, ভাত,

Read more

ইভিনিং ৱাক-নীতাশ্রী নেওগ

চুক ভেকুলী চিনি পাই নহয়? সেই যে দুৱাৰৰ চুকত থমথমকৈ বহি থাকে। কিছুদিন আগলৈকে মােৰ চুক ভেকুলীৰ লগতে তুলনা হৈছিল। একেবাৰে খাজে খাজে পৰাকৈ ঘৰৰপৰা স্কুল, পিচলৈ কলেজ, তাৰ বাহিৰে ওচৰ পাজৰৰ ৰাস্তাও আছিল মােৰ বাবে অচিনাকী। মােৰ ঘৰ মূল চহৰৰপৰা সােমাই অহা এটা ৰাস্তাৰে দুই কিলােমিটাৰ ভিতৰুৱা এখন গাঁৱত। সেই পথেৰেই মােৰ দৈনন্দিন অহা যােৱা। তাৰ বাহিৰেও আন এটা ৰাস্তাৰেও যে মূল পথৰপৰা ঘৰলৈ আহিব পাৰি শুনি থাকোঁ। গৈ পােৱা নাছিলোঁ তেতিয়ালৈকে। এবাৰ মােৰ সমবয়সীয়া মামাৰ ছােৱালীজনী ছেমিষ্টাৰ ব্ৰেকত

Read more

অমৰনাথ যাত্ৰাৰ লটিঘটি- জয়ন্ত দাস

২০০৭ চনৰ জুন মাহ৷ আমি কেইজনমান বন্ধু  অমৰনাথ যাত্ৰালৈ বুলি ওলালোঁ৷ তাৰে কেইমাহমানৰ পিছত মোৰ বিয়া। গতিকে বিয়াৰ আগতে ভগৱানৰ আশীৰ্বাদ লৈ আহোঁ, সেই ভাবি ওলালোঁ৷ গুৱাহাটীৰপৰা ৰেলেৰে জম্মু আৰু জম্মুৰপৰা গাড়ীৰে বালটাল৷ বালটালত নিশাটো কটাই পিছদিনা ৰাতিপুৱাই দুৰ্গম পাহাৰীয়া পথেৰে অমৰনাথ গুহালৈ যাত্ৰা আৰম্ভ কৰিলোঁ। অমৰনাথ দৰ্শন কৰি সেই নিশাটো তাৰেই অস্থায়ী তম্বুত কটালোঁ। (তাৰ স্থানীয় মানুহবোৰে অতি কম মূল্যত এনেকুৱা তম্বুত থকা খোৱাৰ ব্যৱস্থা কৰে) পিছদিনা ৰাতিপুৱা আমি খোজকাঢ়িয়েই উভতি অহাৰ কথা পহেলগাম হৈ৷ কিন্তু হঠাত মোৰ শৰীৰটো

Read more

ৰামেশ্বৰ দেউৰ বিলৈ-বন্দিতা জৈন

গাঁৱৰ মানুহ ৰামেশ্বৰ দেউ। তেখেতৰ কৰুণা কালত হোৱা এটা লটিঘটিৰ কথা কওঁ। অলপ দিনৰ আগৰ ঘটনা। আমাৰ ৰামেশ্বৰ দেউ হাততে সৰু টোপোলা এটা লৈ সৰু চকৰ হস্পিতেললৈ আহিছে, মুখত মাস্ক থকাটো অনিবাৰ্য্য যদিও আমনিদায়ক হয় বাবেই লগোৱা নাই। হস্পিতালৰ গেটৰ সন্মুখত আহি সৰু সৰু কাহ দুটমান মাৰি ভিতৰলৈ সোমাই গ’ল।  তেখেতৰ কাহ শুনি হস্পিতেলৰ সকলো কৰ্মচাৰী অধিক সচেতন হৈ তেখেতৰপৰা আঁতৰত থিয় দিলে। তেনেতে কোনোবা দুজনমানে তেখেতক পিছফালৰপৰা কাপোৰ এখনেৰে জপতিয়াই ধৰিলে।  তেখেতে ততেই নাপালে কি হৈছে।দেউৱে জঁপিয়াই উঠি চিঞৰি

Read more
1 19 20 21 22 23 70