ভূতৰ সন্ত্ৰাস – বৰ্ণালী ফুকন
“ভূত আমাৰ পুত পেত্নী আমাৰ জী ৰা ৰা…” যিমান পাৰো সিমান চিঞৰিছোঁ৷ সুজয়াই শিকাইছিল বোলে তেনেকৈ চিঞৰিলে ভুত-প্ৰেত ভয়তে পলায়৷ ঢকুৱাখানাৰ ৰবীন দদাইদেউৰ ঘৰৰপৰা আহি আছোঁ দেউতাহঁতৰ ঘাই ঘৰলৈ৷ মোৰ লগত বৰদেউতাৰ মাজু ল’ৰা মইনা৷ তাৰো মুখত মাত বোল নাই৷ মই তাক কঁপি কঁপি ধমক দিলোঁ – – ঐ তই নাই গোৱা কিয়? গা, “ভূত আমাৰ পুত…” সিও সমস্বৰে চিঞৰাত লাগিল৷ হঠাৎ সি গাবলৈ এৰি সুধিলে, – পুত মানে কি অ’? – ধেই তাকে নাজান? পুতেক আক’ আৰু মাইকী ভূতুনী
Read more