কলডিল আৰু পাৰ মাংসৰ আখ্যান – ডা° ৰূপাঞ্জলি চৌধুৰী
AEC(Assam engineering college)ৰ নবাগত আদৰণি সভাখন বৰ জাক-জমকীয়া ৰূপত প্ৰতি বছৰে পালন কৰে। তেওঁলোকৰ এই অনুষ্ঠানটোৰ নাম ‘pyrokinesis’। আমি ‘pyro’ বুলি কওঁ। আয়ুৰ্বেদিক কলেজ আৰু AEC চুবুৰীয়া হোৱা হেতুকে আমাৰ হোষ্টেলৰ ছোৱালী সংস্থাৰ pyroৰ প্ৰতি দৰদৰ অন্ত নাই। সেইবেলি pyroৰ মূখ্য আকৰ্ষণ আছিল ‘জুবিন গাৰ্গ’। গতিকে ক’বই নালাগে! সেই কেইদিন আমাৰ হোষ্টেলৰ ৰুমে ৰুমে মিউজিক চিষ্টেমত টেটুফালা আৱাজত জুবিনৰ বৰগীত, বিহু গীতৰ পৰা কাৱালীলৈকে বাৰে-ৰকমীয়া গানৰ চিত্ৰাহাৰ..! সন্ধিয়া চাহৰ মেলত সপ্তাহ জুৰি পূৰ্ণ গতিত চলি আছে জুবিনৰ জীৱন সম্পৰ্কীয় গবেষণা
Read more