শালিকা আৰু মোৰ মৰম – ববিতা বৰুৱা
পথাৰৰ মাজৰে যোৱা পকী আলিটোৰে মই বাসন্তীৰ লগত গৈ আছোঁ। পশ্চিম আকাশত ৰান্ধনী বেলিটো, পথাৰৰ মাজৰ আঁহতজোপাত চৰাইবোৰৰ কিৰিলি, এজাক কোমল বতাহ, বতাহত ভাহি আহিছে মাটি চহোৱা বোকাৰ গোন্ধ। এটা সুন্দৰ আবেলি……… এই সুন্দৰ আবেলিটোৰ মজা লওঁ বুলি বাসন্তীৰ বেগ অলপ কমাই দিলোঁ। মোৰ বাবে তুমি আজৰি নিছিঙিবা তোমাৰ পদূলিৰ ৰজনীগন্ধা। গানটো গুন গুনাই লাহে লাহে আগবাঢ়িলোঁ। অলপ দূৰৰ পৰা দেখিলোঁ ৬/৭ জনমান ল’ৰাই লগহৈ আম গছ এজোপাৰ তলত বহি কিবা কৰি আছে (ওচৰ পাই গম পালোঁ আম খায় আছিল)।
Read more