ক’লা ৰঙৰ চেণ্ডেলযোৰ-কাবেৰী মহন্ত
দুৱাৰখনত লাহেকৈ টোকৰ দুটা মান পৰিল। কাতি মাহৰ আবেলি পাতল কম্বলখন লৈ শুই থকাৰ মজাই বেলেগ! উঠিবলৈ মন নগ’ল, বেছি দৰকাৰী নহ’লে নিজেই গুচি যাব… এইবাৰ জোৰকৈ শব্দ হ’ব ধৰিলে, সমস্ত হাতৰ তলুৱাৰ ওজনৰে গজাল মৰা দি দুৱাৰখনত ধম্ ধম্ শব্দ হ’বলৈ ল’লে! বিৰক্ত হ’লেও খুলিবলৈ বুলি উঠি আহিলোঁ, চকুৰ পতাত টোপনিৰ আলফুলীয়া পৰশ আছিলেই! “আই ঔ… মা.. মৰিলোঁ..!!” বিকট চিঞৰ মাৰি ওলোটাই শুই থকা বিচনাখনত জাঁপ মাৰি উঠিলোঁহি! দুৱাৰ খুলিয়েই সন্মুখত সাক্ষাৎ ভূত থিয় দি আছে! : পাগলী, মই
Read more