ফটাঢোল

সাৰাংশ লিখা প্ৰতিযোগিতা-ৰঞ্জিত কুমাৰ শৰ্মা

স্থানীয় বিহু সমিতিৰ চাৰিজনীয়া দলটোক চোতালৰপৰা ড্ৰয়িংৰূমলৈ লৈ গ’ল সাংবাদিক পূৰ্ণ শৰ্মাই৷ দলটোক বহিবলৈ দি ‘বহকচোন দেই’ বুলি কৈ শৰ্মাই ভিতৰৰ কোঠাত সোমালে৷ বিহু সমিতিৰ দলটোৱে চান্দা বিচাৰি অহা বুলিয়েই নিশ্চিত হ’ল শৰ্মা৷ : দুশ টকামান উলিয়াই থ’বা, বিহুৰ চান্দা নিবলৈ আহিছে বোধকৰোঁ৷ ভিতৰতে থকা পত্নীক কথাখিনি কৈ সাংবাদিক পূৰ্ণানন্দ শৰ্মা পুনৰ ড্ৰয়িংৰূমলৈ ওলাই আহিল৷ অৱশ্যে দলটোৰ সৈতে কথা পাতি শৰ্মাৰ ভুল ভাগিল৷ আচলতে স্থানীয় বিহু সমিতিৰ সম্পাদক ভাস্কৰ ডেকাই সাহিত্য-সাংস্কৃতিক সম্পাদক দিম্পল কলিতা আৰু দুজন সদস্যক লগত লৈ জ্যেষ্ঠ

Read more

নিয়ম-কমলা দাস

“হেৰা বোৱাৰী, মই সদায় কওঁ যে ঘৰখনত আমি চাৰি জনেই মানুহ। আটাইৰে ভাত বাঢ়ি আনি একেলগেই খাবলৈ বহিব লাগে। তুমি আকৌ সদায় সদায় পিছত কিয় খোৱা!” মই নিয়মটোহে পালন কৰিছো মা। নিয়ম! কি নিয়ম? বোৱাৰী মানুহে হেনো সদায় পিছত মানে ঘৰৰ বাকী মানুহখিনিক খাবলৈ দি উঠিহে নিজে খাব লাগে ৰৈ যোৱা আঞ্জা বা ভঙা-ছিঙা মাছেৰে! মই মন কৰিছো মাছৰ আঞ্জা ৰন্ধাৰ দিনাখন তোমাৰ ভাগৰ মাছ সদায় ভাঙি থাকে। কিন্তু মইতো  আঞ্জা খন ৰান্ধোতে মাছ এটুকুৰাও নাভাঙে। তুমি ভঙা মাছ ক’ত

Read more

বেলেগ-যোগেশ ভট্টাচাৰ্য

ঘটনাটো আমি স্কুলত পঢ়ি থকা দিনৰে। সেই বয়সত গৰমৰ বন্ধ, বিহুৰ বন্ধ, পূজাৰ বন্ধ মানে গাঁ‌ওলৈ গমন। মামাৰ ঘৰেই হওক, জেঠাইৰ ঘৰেই হওক নাইবা নিজৰ গাঁৱৰ ঘৰখনেই হওক, গৰমৰ বন্ধত গাঁৱলৈ গৈ বছৰটোৰ বাবে ‘ৰিফ্ৰেছ’ হৈ অহাটো আমাৰ ৰুটিনৰ অবিচ্ছেদ্য অংগ আছিল। আজিকালিৰ ল’ৰা- ছোৱালীৰ দৰে মোবাইল টিভিৰ প্ৰতি আমাৰ নিচা নাছিল; নিচা হ’বলগীয়া প্ৰগেমো নাছিল অৱশ্যে।  তেনে এটা দীঘলীয়া বন্ধত গাঁৱৰ ঘৰলৈ কেইদিনমান থকাকৈ গ’লোঁ‌। মা-দেউতা দুদিনমান থাকি গুৱাহাটীলৈ গুচি গ’ল, আৰু মই থাকিলোঁ গাঁ‌ৱত আইতাৰ লগত। আমাৰ ঘৰত

Read more

এণ্টিক্লাইমেক্স-ঈশ্বান জ্যোতি বৰা

পাঞ্জাবাৰী অভিমুখে আহি থকা চিটিবাছখন দিশপুৰৰ পৰা নাতিদূৰৈৰ আস্থানটোত নিয়মমাফিক ৰৈ গ’ল৷ নিৰ্বিকাৰ ভাৱ এটাত মই বহি আছিলোঁ, শেষৰফালৰ পৰা গন্তি কৰিলে দুই নম্বৰ আসনখনত, খিৰিকীৰ কাষত অৰ্ধশুদ্ধ হাৱা খাই৷ মোৰ একেবাৰে কাষৰ বাঁওফালে বহি আছে বাইদেউ এগৰাকী আৰু তেওঁৰ কাষতে খিৰিকীৰ কাষত ছয়-সাতবছৰীয়া জীয়ৰী৷ বোধহয় তেওঁলোক নিয়মীয়া ক্ৰীড়া অনুশীলনৰ পৰা আহিছে৷ বাছখন ৰোৱাৰ কেইছেকেণ্ডমান উকলিছে৷  হঠাতে আস্থানৰ কাষতে থকা ম’ম’ৰ ভ্ৰাম্যমান দোকানখনলৈ চাই বাইদেৱে চিঞৰে- ‘হেই ম’ম’ৱালা! ম’ম’ৱালা!’           -ম’ম’ৱালাই নুশুনে৷  বাইদেৱে পূৰ্বতকৈ মাতটো ডাঙৰ কৰি চিঞৰে-‘ম’ম’ৱালা!’ এইবাৰো ম’ম’ৱালাৰ কৰ্ণ-গোচৰ

Read more

ওলোটা খৰ-নয়নমণি হালৈ

নৱজ্যোতি যুৱক সংঘৰ ল’ৰাকেইটাই থিয়েটাৰ মাতিছে, ভ্ৰাম্যমাণ থিয়েটাৰ। এই লৈ গোটেই গাঁওখনত দুমাহ আগৰ পৰাই এটা উত্‍সৱমুখৰ পৰিৱেশ। কমিতিৰ ল’ৰাকেইটা এখোপ চৰা, সিহঁতৰ ভৰি এইকেইদিন মাটিত পৰাই নাই। দিনটো চকত আড্ডা আৰু সন্ধিয়া হ’লেই কাৰ ঘৰত চিজন টিকট লৈ ‘হামলা’ দিব পাৰি তাৰেই আলোচনা। আহ্বায়ক কমিটিৰ সম্পাদক পিংকু হালৈ এই আলোচনাৰ মধ্যমণি। কৈলাশবাসী শিৱৰ লগত যেনেকৈ অনবৰতে নন্দী-ভৃণ্ডী, ভুত-প্ৰেত এইবোৰ লাগি থাকে,  পিংকুৰ সোঁৱে-বাৱে, আগে-পিছে এইকেইদিন অলেখ ভুপ-প্ৰেত। কোনোবাই যদি ফ্ৰী টিকটত নাটক চোৱাৰ মাথা মাৰি আছে, কোনোবাই মাথা মাৰি

Read more

পাৰ্কিং-ৰঞ্জিত কুমাৰ শৰ্মা 

: হেৰি, শুনিছেনে? : শুনি আছোঁ, কোৱা৷ : কথা এটা ভাবিছোঁ৷ : এটা কিয়, হেজাৰটা ভাবা৷ কোনে মানা কৰিছে? : পেংলাই কৰিব নালাগে৷ পেপাৰখনৰ পৰা মূৰটো তুলি শুনক৷ সেইখন গোগ্ৰাসে গিলিব নালাগে৷ : এইবাৰ চণ্ডিকা আগতীয়াকৈ ধৰালৈ নামিলেইনে? : কি ক’লে? কি ক’লে? শুনা-নুশুনাকৈ ক’ব নালাগে৷ ডাঙৰকৈ কওক৷ শেষৰ সংলাপটো দত্তই স্বগতোক্তি কৰাৰ দৰেই কৈছিল৷ কিন্তু দত্তই যে তেওঁকেই উদ্দেশ্য কৰি কিবা কৈছে সেইটো দত্তনীয়ে নুবুজাকৈ নাথাকিল৷ কাজেই দত্তনী গুজৰি উঠিল৷  : নাই হে একো কোৱা নাই৷ : এ হ’ব৷

Read more

দ্বীপান্বিতা বৰুৱাৰ ৰূপ চৰ্চা-হেমন্ত কাকতি

শেহতীয়াকৈ মিচেচ বৰুৱাই ফেচবুকত নিজৰ প্ৰফাইল ফটোবোৰ সঘনাই সলনি কৰিবলৈ লৈছে। এখন ৰাতিপুৱা, এখন দুপৰীয়া আৰু আন এখন ৰাতি। এনেই মই লোকৰ ৱাইফৰ প্ৰফাইল পিক খুচৰি নুফুৰোঁ বাৰু, পিচে মিষ্টাৰ বৰুৱাকো টেগ কৰি ফটোবোৰ দিয়াতহে কৌতুহলটো বেচি হ’ল৷ কৌতুহল দমন কৰিব নোৱাৰি এদিন বেলতলা বজাৰত লগ পাই মিষ্টাৰ বৰুৱাক কাটিং মাৰি সুধিয়ে পেলালোঁ-  : কি হে বৰুৱা, আপোনাৰ পত্নীৰ ফেচবুকৰ নিচা বৰকৈ লাগিছে দেই! ডেইলী তিনি চাৰিখনকৈ ফটো দি আছে, কেচটো কি? হাজাৰ হাজাৰ ফেন ফলৌয়িঙেৰে মানুহজনী চেলিব্ৰিটি হ’বলৈ গৈ

Read more

হামদৈত এনিশা-আদিত্য জ্যোতি বৰঠাকুৰ

গোলাঘাটৰ বিখ্যাত হামদৈ পথাৰ। ৰাস্তাটোৰ দুয়োপাৰে দুখন বৃহৎ পথাৰ। গোলাঘাটৰ ফালৰ পৰা গ’লে বাওঁহাতৰ পথাৰখনত এখন শ্মশান। জনবসতি বুলিবলৈ বৰ বেছি মানুহ নাই। সন্ধ্যাৰ পাছত মানুহৰ আহ-যাহো যথেষ্ট কমি যায়। হামদৈ পথাৰ দিনত যিমান ধুনীয়া, ৰাতি সিমানেই জয়াল। দুয়োখন পথাৰৰ মাজৰ ৰাস্তাটোত হামদৈ পুল। আগতে বৃহস্পতিবাৰে হামদৈ পুলত বগা কাপোৰেৰে ডাঙৰীয়া বহি থাকে বুলি মানুহে বিশ্বাস কৰে। দুই এজনে দেখিছেও হেনো, বৃহস্পতিবাৰে ৰাতি বগা ঘোঁৰা এটাৰ ওপৰত উঠি বুঢ়া ডাঙৰীয়া ৰাস্তাত ঘূৰি ফুৰে…..দুই এজনে ঘোঁৰাৰ খোজৰ শব্দও শুনিছে।  চাৰিজন বন্ধু

Read more

সিদিনা এনেকৈয়ে-দিগন্ত কুমাৰ ভট্টাচাৰ্য

সিদিনাৰ কথা। জালুকবাৰীৰ ওচৰতে চিনাকি এঘৰত বিয়াৰ নিমন্ত্ৰণ আছিল। মালিগাঁৱত যিহে ট্ৰেফিক জাম হয় আজিকালি, সেইফালেৰে যাবলৈয়েই টেনছন। তাতে আকৌ মাজে মাজে ফ্লাই-অ’ভাৰৰ পৰা কি পৰে ঠিকনা নাই, ক’ত পানীৰ পাইপ ফুটি মানুহক উটুৱাই নিয়ে ভাবিলেই ভয়-শংকা বাঢ়ে। কেতিয়াবা পাণবজাৰৰ পৰা জালুকবাৰী পাবলৈ ডেৰ ঘণ্টাও লাগে। পিচে, চিনাকি মানুহৰ বিয়া, যাবতো লাগিবই। বিয়া বা আন তেনেধৰণৰ নিমন্ত্ৰণ থাকিলে আমি সাধাৰণতে সেইদিনা ঘৰত বিশেষ একো নাখাওঁ। পাৰিলে খাৰ খাওঁ। খাৰ খালে হেনো হজম হোৱাৰ পাছত বেছিকৈ খাব পাৰি। সেইদিনাও আমি পুৱাৰে

Read more

দহ পইচাৰ ‘ট্ৰেড-ইন্’ (৭০ দশকৰ স্মৃতি) -পংকজ কুমাৰ নেওগ

: ঐ পংকজ, দহ পইচা এটা আছেনে? : আছে, বিছ পইচাই আছে। : প্লিজ, দহ পইচা এটা দেচোন, বৰ চানাচুৰ খাবলৈ মন গৈছে! : হেৰৌ, এই বিছ পইচা মোৰ চিটি বাছৰ ভাড়া; তই জানই দেখোন কাছাৰীৰ পৰা চানমাৰী কলনিলৈ চিটি বাছৰ ভাড়া বিছ পইচা! : দোস্ত, এটা কাম কৰ! তই মোক দহ পইচা এটা দে আৰু তোক আজি মোৰ লগত গুৱাহাটী ক্লাৱলৈকে ৰিক্সাত  লৈ যাম। : সঁচাকৈয়ে কৈছ নে? : বিদ্যা মাইৰী, একেবাৰে সঁচা কৈছোঁ; স্কুল ছুটি হোৱাৰ পাছত মই

Read more
1 2 3 78