ফটাঢোল

ষষ্ঠ ইন্দ্ৰিয়-হিমাংশু ৰাজখোৱা

জখলাবন্ধাৰ ৰেল ক্ৰছিংটো পাৰ হৈ আহি বুঢ়া পাহাৰ উঠা নাই ট্ৰেভেলাৰখন। হঠাৎ বুকুৰ ভিতৰত কিবা এটাই ধমহকৈ মাৰিলে মোৰ। মনৰ ভিতৰত যেন অগাডেৱা কৰিলে এক অশুভ সংকেতে। ঠিক যেন এক দিব্য দৃষ্টিৰে মই দেখিলোঁ আৰু কাটাই কাটাই দহ মিনিট পাছত বুঢ়া পাহাৰৰ নামনিত থকা সেই বিখ্যাত মণিপুৰী হোটেলখনৰ সন্মুখ পোৱাৰ লগে লগে গাড়ীখনৰ ইঞ্জিনত জুই লাগিব। বিস্ফোৰণত উৰি যাব গাড়ীৰ সন্মুখৰ অংশ। আটাইবোৰ যাত্ৰীৰ মৃত্যু হ’ব। ভাগ্য ভাল থাকিলে হয়তো দুই এজন বাচি যাব বিভৎস শৰীৰলৈ, কিন্তু সেই বাচি যোৱা

Read more

এটা চুইছ দিয়া চোলা- নাজিয়া হাচান

মনৰ আশাবোৰ আজিলৈকে দেখোন গৰ্ব কৰিব পৰাকৈ পূৰণেই ন’হল! ইফালে কৰোণা নামৰ কিবা এবিধ আহি জীৱনৰ ভৰসাকে নোহোৱা কৰিবলৈ উঠি-পৰি লাগিছে। এনেকুৱাতে মন যায় জীৱনটোক ধুৰ জীৱন বুলিবলৈ! বৰ্তমানৰ এই নিৰুপায় সময়খিনিত খোদাই যদি মোক সেই বচ্চপনৰ আশাটোকে পূৰণ কৰিবলৈ দোৱাভাগ দয়া কৰিলে হয়! এটা যদি যাদুৰ বিদ্যা খোদাৰ কৃপাত মই যদি লাভ কৰিলোঁ হয়। বিশেষ আশাভাগ পূৰণ হোৱাৰ ফূৰ্তিত যেতিয়াই ইচ্ছা তেতিয়াই শান্তিৰে চকুহাল মই মুদিব পাৰিলোঁ হয়। নকৈচোনে, আফচোচ নাথাকিল হয় জীৱনটোত মোৰ একোৱেই। আজিকালি চুইছটোতে কথা পাতিব

Read more

বাৰ্মুদা ট্ৰায়েঙ্গল-জয়ন্ত দত্ত

দুপৰীয়া ভাতমুঠি খাই উঠিছোঁ‌হে, তামোলখন মুখত ভৰোৱাই নাই, লাগিল নহয় হুলস্থুল। কি হ’ল বুলি ৰাস্তালৈ দৌৰি আহিলোঁ‌, দেখিলোঁ‌ গোটেই চুবুৰীটোৰ প্ৰাণীবিলাক ৰাস্তাতে বিদ্যমান। কোনোবাই গেঞ্জী, কোনোবাই হাফপেণ্ট, কোনোবাই আকৌ তিয়নীখনকে পিন্ধি প্ৰকাণ্ড পেটটো খজুৱাই খজুৱাই ইফালে সিফালে চাই আছে। হেঁ‌পাই-ফোপাই দৌৰি অহা তিলকক সুধিলোঁ‌, : বোলো কি হ’লঅ’ তিলক! ইমান ডাঙৰ ভূঁইকপ আহিলনে, গমেই নাপালোঁ‌।          : ভূঁইকপ নহয় দদাই, ধুমকেতু ওলাইছে।         মই বোলো ই পাগলেই হ’লনে কি!          : ঐ

Read more

বৰষা যেতিয়া নামে- স্বাক্ষৰজ্যোতি মহন্ত

দুবৰীয়ে লৰালৰিকৈ বেণীদাল গুথি বেগটোত পানীৰ বটলটো ভৰাই লৈ ছাতিটো ভৰাবলৈ লৈ দেখে যে ছাতিটো নাই৷ তাইৰ তেতিয়াহে মনত পৰিল, কালি তাই ছাতিটো তাপছক দিছিল৷ আচলতে তাই কালি পূৰ্ণিমা বাইদেউৰ লগত স্কুলৰ পৰা ঘৰলৈ খোজকাঢ়ি গৈ আছিল৷ সেইসময়তে আবতৰীয়া বৰষুণজাক আহিল৷ তাই আৰু পূৰ্ণিমা বাইদেউ দুইজনীয়ে ছাতিটো মেলি ল’লে৷ ঘৰলৈ বেছি দূৰ নাছিল৷ সিফালৰ পৰা তাপছ আহি আছিল তিতিবুৰি৷ তাইৰ বেয়া লাগিল৷ তাইৰ ছাতিটো তাক দি দিলে৷ তাই পূৰ্ণিমা বাইদেউৰ ছাতিৰ তলত সোমাল৷ দুবৰী বাহিৰলৈ ওলাই আহিল৷ আকাশলৈ চালে, বৰষুণ

Read more

চিনাকি মানুহৰ সুবাস- ঈশান জ্যোতি বৰা

বহুদিনৰ মূৰত আজি মনটো ভাল লাগিছে৷ কাৰণ বহুদিনৰ মূৰত আজি স্কুলীয়া বন্ধু তগৰক লগ পাম৷ অৱশ্যে ‘স্কুল’ নামৰ শব্দটি দেখাৰ লগে লগেই সোণালী শৈশৱৰ সোণোৱালী দিন স্মৰণ কৰি ‘নষ্টালজিক’ হৈ পৰা ৰাইজক জনাই থওঁ যে, মোৰ মন ভাল লগাৰ ‘মেইন’ কাৰণ স্কুল বা তগৰ নহয়৷ তাৰ প্ৰকৃত কাৰণ হৈছে তগৰৰ এটা বিৰল চাৰিত্ৰিক বৈশিষ্ট্যহে৷ এটা যাদুকৰী বৈশিষ্ট্য৷ যাৰ বলত তগৰ নামৰ মানুহজন জীৱনৰ জখলাইদি এদোপ-দুদোপকৈ উঠি আহি বৰ্তমানে ৰজাৰ দৰে এইখন চহৰত ৰাজত্ব কৰিব পৰা হৈছেহি৷ হিন্দী চিনেমাৰ সেই বিখ্যাত

Read more

হাইপ’কণ্ড্ৰিয়াক- হেমন্ত কাকতি 

ইংৰাজীত Hypochondria বুলি এবিধ বেমাৰ আছে৷ অক্সফ’ৰ্ড ইংৰাজী ডিক্সনেৰীৰ মতে তাৰ অৰ্থটো হৈছে – Obsession with the idea of having a serious but undiagnosed medical condition. মানে আপোনাৰ মতে কিবা-কিবি অচিন বেমাৰে যেন ভিতৰত ক্ৰিয়া কৰি আছে অথচ ডাক্তৰৰ মতে কোনো বেমাৰেই নাই৷ এইটো এটা psycho-somatic disorder বুলি মনোবিজ্ঞানীসকলে কয়৷ অৱশ্যে হাজাৰ হ’লেও আজিকালি কাৰো ওপৰত ভৰসা নাই, ডাক্তৰেও বেমাৰ ধৰিব নোৱৰাত কত ৰোগী মৰি গ’ল, ইফালে বেমাৰ নোহোৱাকৈও কত মানুহে ঔষধ খাই চিকিৎসা কৰি কত টকা পানী কৰিলে ঠিক

Read more

অৰ্ডাৰ প্লিজ!-দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰেষ্টুৰেণ্টলৈ গ’লে মেন্যুখনত সন্নিবিষ্ট খাদ্য তালিকাৰ নামবোৰ দুবাৰকৈ পঢ়িও তলামূধা একো নুবুজি কোনবিধনো অৰ্ডাৰ দিওঁ ভাবি থাকো‍ঁতেই, কাগজ-কলম লৈ ৱেইটৰজন আহি থকা দেখিলে এনে লাগে সেয়া যেন স্কুলৰ বৰ্মন ছাৰ, ফাইনেল বে’ল পৰাৰ পাছত পৰীক্ষাহলত মোৰ ওচৰ চাপি বহীখন চিলনীয়ে মাছ নিয়াদি নিবলৈ আহিছে অথচ মোৰ তেতিয়াও দুটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ আছেই বাকী! ডাঙৰ ৰেষ্টুৰেণ্টলৈ যোৱাৰ সৌভাগ্য হ’লে মেন্যুখনৰ ‘ডিছ’বোৰৰ নাম পঢ়ি গৈ থাকিলে কেতিয়াবা এনেকুৱা লাগে মই যেন এ,বি,চি,ডি বৰ্ণকেইটা শিকা এজন কণমানি, ইফালে দত্ত ছাৰ সদৃশ ৱেইটৰজনে শ্বেইক্সপীয়েৰৰ

Read more

যোগেশ ভট্টাচাৰ্য্য-দ্যা অটোমোবাইলচ

প্ৰকাণ্ড ফিল্ডখনৰ গে’টত দুখন জেচিবি ৰখাই থোৱা আছিল। ৰাস্তাৰে আহি থকা দুখন আটকধুনীয়া গাড়ী আহি গে’টৰ মুখত ৰ’ল। গে’টখন ব্লক কৰি ৰখা জেচিবি দুখনো শুৰ দুডাল ওপৰলৈ উঠাই দিয়াত গাড়ী দুখন লাহে লাহে ভিতৰলৈ সোমাই গৈ শাৰী পাতি পাৰ্কিং কৰি থোৱা দুশ আঢ়ৈশমান গাড়ীৰ মাজত নিজৰ ঠাই উলিয়াই ল’লে।  ফিল্ডখনৰ এটা মুৰত ডাঙৰ ষ্টেজ এখন বনোৱা আছিল, আৰু তালৈ উঠিবলৈ দুয়োফালে লোৰ শ্লপিং চিৰি দুটা বনোৱা আছিল। ষ্টেজৰ ওপৰত এটা মাইক আৰু তিনিখন গাড়ী আছিল। এখন মাৰুতি চুইফ্ট, এখন এম্বেচেডৰ

Read more

সম্পাদকৰ তাগিদা বনাম লেখকৰ তাড়না-জয়ন্ত দত্ত 

সম্পাদকৰ দাবী লেখা এটা লাগে, তাকো বোলে হাস্য-ব্যংগ।(মই বোলো মোকেই ক’লেনে? মইচোন তামোল এখন খালেও পিকেই নোলায়, লেখাত হাস্যৰস কি চেপি উলিয়াম!)। দাবী মানে সাতদিন ধৰি একেৰাহে ন’টিচ, চমন ইত্যাদি। ফে’চবুক খুলিবই নোৱাৰি, টংটংকৈ মেচেঞ্জাৰৰ শব্দ হয়। শ্ৰীমতী ওচৰত থাকিলেতো আৰু সৰ্বনাশ। পোন্দোৱাকৈ চোৱা চকুৰ পাক দেখিলে বুকুখনতো সেইকেইটা শব্দই বাজে, টং টং। জীৱটোৰ নহ’লেও ৰাতিৰ ভাতমুঠিৰে টনাটনি হওঁ হওঁ হয়। অলপ ভালো লাগে দিয়কচোন, কোনোবাই লেখা এটা দিবলৈ ক’ব, মই “নাই নাই” বুলি মূৰ-চূৰ জোকাৰিম। পিছলৈ, : এ হ’ব

Read more

গুপ্তধন-নীলাক্ষি কাকতি

: হে হৰি! মই ক’তে মৰোঁ? এই কঁকালৰ বিষতো অলপ আগতে মই ঘৰটো সাৰি-মচি আনিছিলোঁ৷ এই লেতেৰা পলিথিনৰ পেকেটটো আনি কোনে ইয়াত থ’লে হয়নে? : হেৰা নিচিঞৰিবাচোন৷ সেইটো ময়ে আনিছোঁ৷ লাহে লাহেও মানুহে কথা সুধিব পাৰেতো! ব-চুঙা এটা ডিঙিত ফিট কৰি লৈছা নেকি? এনেকৈ চিঞৰিব লাগেনে? পেকেটটো ময়ে আনিছোঁ৷  : অ’ হয়নে? বোলো কি সকামত আনিলে পেকেটটো? নে সৌটোতো কিবা হীৰা মণি মুকুতা বিচাৰি পালে? : নহয় হে৷ দমকলৰ পাৰত আমাৰ ভাৰাতীয়া বিপিনৰ ঘৈণীয়েকে পাচলি ধুই আছিল৷ তাই বন্ধাকবিৰ বুঢ়া

Read more
1 8 9 10 11 12 78