ফটাঢোল

মিঠা হাঁহিয়েই কাল হ’ল : পার্থ প্ৰতীম শৰ্মা

: হ’লেও বাপুকণে এইটো কাম কৰিব নালাগিছিল। সমাজ এখন আছেতো। আমাৰো সন্মানৰ কথা আছে।  গোটেই কথাখিনি শুনি উঠি বৰদেউতাকে বকলা মেলিবলৈ আৰম্ভ কৰিলে। বাপুকণৰ কথাটোক লৈ আজি ঘৰৰ জ্যেষ্ঠসকল আলোচনাত বহিছে। আচলতে গধূলি এইখিনি সময়ত বাপুকণে ব্যায়াম কৰে, গানৰ ৰেৱাজ কৰে, সেয়ে সি নোহোৱাকৈ কিবা এটা আলোচনা কৰিবলৈ বুলি এয়াই উত্তম সময়। সেয়ে বাপুকণৰ মাক-দেউতাক,  বৰদেউতাকহঁতৰ ঘৰলৈ গৈছে, আলোচনাৰ বাবে। বাক্যটো কৈ উঠি কোনো সঁহাৰি নাপাই বৰদেউতাকে বাপুকণৰ দেউতাকৰ ফালে চালে। অলপ কঠিন সুৰতেই বাপুকণৰ দেউতাকক ক’লে, : মাজু, তয়ো

Read more

ষ্টেণ্ডাৰ্ড-চন্দামিতা শৰ্মা

অইন দিনাতকৈ টোপনিৰ পৰা অলপ সোনকালে সাৰ পালোঁ। উফ্ যি হে গৰম!! মানুহ মাৰিব এইবাৰ এই গেলা গৰমটোৱে! আপোন গাঁওখনলৈ মনত পৰিল। এ.চিটো চলাই গোটেই ৰাতিটো শুলে উঠাৰ পিছত মোৰ মূৰটো কিবা গধুৰ গধুৰ লাগে যদিও মহানগৰীৰ গৰমত বহু সময়ত সেইটো নচলোৱাকৈ বেলেগ উপায়ো নাই। গতিকে এনেয়ে সেইটো চলাওঁ তাতে আকৌ শ্ৰীমতীয়ে এ.চি নহ’লে শুব নোৱাৰে। তেওঁ বাৰু বিচনীৰ বা লৈ ডাঙৰ হোৱা, কিন্তু তেওঁৰ মতে এতিয়াৰ দিনত এ.চি চলাই নোশোৱাটো একদম “ষ্টেণ্ডাৰ্ড ” নথকা কথা! কিন্তু কালি ৰাতি অলপ

Read more

আৱৰণ- পূৰৱী কাকতী

: ইমানকৈ কি ভাৱি আছেনো, বৰবৌ?  হৰেণৰ মাকে মূৰে-কপালে হাত দি চোতালতে বহি থকা দেখি ৰূপমে চাইকেলখন জেওৰাতে আঁউজাই ওচৰতে পীৰাখন পাৰি বহি ল’লেহি।  দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি উত্তৰটো দিলে তেওঁ। এনেকুৱা লাগিল যেন মাতষাৰি বহুত দূৰ দূৰৰ পৰাহে ভাঁহি আহিছে, লাহে লাহে তেওঁ কৈ গ’ল, : এই সংসাৰখনৰ কথাই ভাবি আছোঁ অ’। কিনো ক’বি আৰু  ‘আমৰ গছত ডাব নাৰিকল, তামোলৰ গছত বেল, সাতোটা হাতীয়ে আচলখন পাতিছে এন্দুৰৰ গাঁতত মেল'(১)। গোটেইখন শেষ আৰু, গোটেইখন শেষ। ৰসাতলে গ’ল পৃথিৱীখন। : কেনেকৈ

Read more

লাওৰ তলৰ মুখ -মাধুৰীমা ঘৰফলীয়া

পেনপেনীয়া বৰষুণজাক আৰম্ভ হোৱা এসপ্তাহমান হ’ল, আজিহে ৰ’দজাক অকণমানকৈ ওলাইছে। টিউবেলৰ পাৰলৈ যোৱা বাটকণত বোকা হোৱাৰ বাবে নিতাইনীয়ে পুতেক তুনৰ হতুৱাই তামোল এজোপা কাটি পাৰি লৈছিল। নহ’লে বোকা পানী লাগি লাগি গোৰোহা আৰু আঙুলিৰ ফাঁকবোৰ পানী লাগি লাগি অৱস্থা নোহোৱা হয়৷ সেইবোৰৰ খজুৱতিত ৰাতিটো শান্তিৰে শুব নোৱাৰি।  পুৱা গাটো ধুয়ে ভাতকেইটা ৰান্ধিবলৈ চাউলকেইটা ধুবলৈ বুলি টিউবেলৰ পাৰলৈ যোৱা নিতাইনীয়ে তামোলডালত ভৰি থৈছিলহে কোনোবা ফালে দাং খাই তলত পানী জমা হৈ থকা তামোল এডালৰ তলৰ পৰা ফেৰেককৈ পানী এসোপা আহি কপাহী

Read more

মোৰ তৃতীয়গৰাকী প্ৰেয়সীৰ লগত এসন্ধ্যা-দিগন্ত কুমাৰ ভট্টাচাৰ্য

শহুৰ-শাহু আজি পুৱাতে আহি আমাৰ ঘৰ পালে। লগত খুলশালী দুজনী। তেওঁলোক আহিব বুলি যোৱা কিছুদিনৰ পৰা শ্ৰীমতীৰ উলাহে নধৰা হিয়া। লকডাউন, ক’ৰ’ণাৰ সন্ত্ৰাসৰ কাৰণে প্ৰায় এবছৰৰ মূৰত ঘৰৰপৰা ওলাইছে শহুৰ-শাহু। মই কালি ৰাতি ‘এতিয়াও ক’ৰ’ণা শেষ হৈ যোৱা নাই কিন্তু। বয়সীয়াল লোকৰ কাৰণে আৰু বেয়া এতিয়াও পৰিস্থিতি’ বুলি শেষ অস্ত্ৰপাত মাৰি চাইছিলোঁ কিন্তু কামত নাহিল। আমাৰ দুটা কোঠাৰ ফ্লেটটো একেবাৰে ভৰি গ’ল। আধুনিক গুৱাহাটীয়া জীৱনৰ ফ্লেট, কেতিয়াবা এনেকুৱা লাগে মূল দুৱাৰেৰে সোমাই অহাৰ লগে লগে যেন শেষ হৈ থাকিল। কোনফালে

Read more

অমিতাভ মহন্তৰ গল্প- হেমন্ত কাকতি

 (www.amitabh.beberibang-1/aspx/21321140) পোন প্ৰথমে এই লিংকটো খুলি সাংঘাটিক গল্পটো পঢ়ি লওঁক৷ জীৱনত এনে গল্প হয়তো বহুত কম লিখকৰ হাততে সৃষ্টি হয়৷ নাটকীয় ভাবে আৰম্ভ কৰা প্ৰথম পেৰেগ্ৰাফটোৱেই আপোনাক বাধ্য কৰিব দ্বিতীয় তৃতীয় পেৰেগ্ৰাফলৈ আগুৱাই যাবলৈ৷ চৰিত্ৰ সমূহৰ ৰোমাঞ্চকৰ কৰ্মকাণ্ডৰ বৰ্ণনাই আপোনাৰ মনপ্ৰাণ শিহৰিত কৰি তুলিব৷ হাস্য ব্যংগ ৰসৰ অপূৰ্ব ব্লেণ্ডিং আৰু মাজে মাজে প্ৰেম আৰু ৰোমাঞ্চৰ এক অভূতপূৰ্ব সংমিশ্ৰনে আপোনাক লৈ যাব এখন বেলেগ পৃথিবীলৈ৷ ঠিক ‘ক্লাইমেক্স’ পোৱাৰ সময়লৈকে আপুনি আপোনাৰ চাৰিওফালে পৃথিবীত ক’ত কি হৈ আছে পাহৰি পেলাব৷ মূল চৰিত্ৰটোৰ

Read more

বিনা মেঘে ব্ৰজপাত- চন্দামিতা শৰ্মা

: মই এতিয়া তাৰমানে একো নজনাৰ শাৰীতহে পৰিলোঁ। স্বগতোক্তি কৰাৰ দৰে কৈ উঠা পত্নীৰ কথাত থাইৰয়ডৰ সৰু সৰু পিল থকা বটলটো খুলি তাৰ পৰা দুটা পিল এখন হাতত উলিয়াই লৈ আনখন হাতেৰে সাফঁৰটো বন্ধ কৰি থকাৰ পৰা শৰ্মাই মাত লগালে,  : কি নজনা হ’লা, গৰম পানী তপতাব?  : কি কয়হে  আপুনি। বোৱাৰী হৈ ঘৰ সোমোৱাৰ পিছতে সদায় পোন্ধৰজনমান মানুহৰ ভাতৰ যোগাৰ কৰিছিলোঁ আৰু এতিয়া মোক আপুনি গৰম পানী উতলাব নজনাৰ কথা ক’বলৈ আহিছে। তামৰ গিলাচ এটাত এগিলাচ  কুহুমীয়া পানী শৰ্মালৈ

Read more

দুঃস্বপ্ন- হিমাংশু ৰাজখোৱা

: চিৰজীৱন একেলগে থাকিব পৰাকৈ কিবা এটা বিচাৰি পোৱা নাই তোমাৰ মাজত, মই কথাটো ঠিক তোমাক বুজাব পাৰিছোঁনে নাজানো। কেটৰিনা নিশ্চুপ হৈ থাকিল।  : কি হ’ল কিবা এটা কোৱা, তোমাক এইটো কোৱা নাই যে, মই তোমাক পচন্দ নকৰোঁ, কিন্তু আমি আৰু একেলগে থকাতো হয়তো সম্ভৱ নহ’ব, বুজি পাইছানে? : বুজিছোঁ। নুবুজিম কিয়?  বহু সময়ৰ পাছত মুখ খুলিলে কেটেৰীণাই।  : কিন্তু তোমাক মই ভীষণ ভালপাওঁ। তোমাক এৰি থকাতো মই কল্পনাও কৰিব নোৱাৰোঁ। কেটেৰীণাৰ দুচকুৰ দুকোণত দুফোটা চকুপানী বিৰিঙি উঠিল। : চোৱা

Read more

ভোক- অসমী গগৈ(বৰুৱা)

সঠিক খবৰটো কোনেও পোৱা নাই। এনেয়ো সৰু মানুহে ডাঙৰ মানুহৰ খবৰ সহজে নাপায়েই। তথাপিও অহুকাণে-পহুকাণে সকলোৱে শুনিছে যে চহৰৰ ধনী-মানী মানুহঘৰত কিবা এটা হৈছে, কি কোনেও নাজানে। ওখ ওখ দেৱালেৰে ঘেৰা ঘৰটোৰ ভিতৰৰ খবৰ বাহিৰলৈ অহাতো বৰ সহজ কথা নহয়। তথাপিও ঘনে ঘনে সৰু-বৰ গাড়ীৰ সঘন আহ-যাহে কিবা এটা হোৱাৰে ইংগিত বহন কৰিছে। চকুত পৰিছে মানুহবোৰৰ। বাটৰ কাষৰ ঘৰ, তাতে সুদৃশ্য। স্বাভাৱিক কৌতূহল এটাই সকলোকে সদায়েই ঘেৰি থাকে। তাতে এতিয়া জটিল সময়। হয়, সময়বোৰ এতিয়া জটিল। মহামাৰীৰ বতাহে কোৱাই গৈছে

Read more

ৰঙীণ সপোন  ধূলিয়ৰি দিঠক-দীক্ষিতা বৰা

এখন দেশত এজনী ছোৱালী আছিল। তাই এটা ডাঙৰ সপোন দেখিছিল, উচ্চ পদস্থ এগৰাকী বিষয়া হোৱাৰ সপোন।  অৱশ্যে এয়া এসময়ৰ কথা নহয়, আজিৰ সময়ৰে কথা । ছোৱালীজনী এতিয়াও আছে, এগৰাকী উচ্চ প্ৰশাসনিক বিষয়া হোৱাৰ সপোনটোৰ সৈতে। ড° কালাম মহাশয়ে কোৱাৰ দৰে, ‘যি সপোনে শুবলৈ নিদিয়ে’, এইটো তাইৰ বাবে ঠিক তেনেকুৱা সপোন হয় নে নহয় কোনেও নাজানে। কিন্তু তাইৰ ৱাটচএপ ষ্টেটাছত দেখা পোৱা উচ্চ পদস্থ কোনোবা বিষয়াৰ  ৱেডিং ফটোশ্বুট, কাৰোবাৰ আৰ্ণিং এণ্ড লাইফ ষ্টাইল সম্পৰ্কীয় ভিডিঅ’বোৰৰ পৰা সকলোৱে এই কথাটো বুজি পাই

Read more
1 9 10 11 12 13 78