ফটাঢোল

বান্ধোন-কাবেৰী মহন্ত

: …আস্ বুজি নোপোৱা কথাবোৰত মূৰটো মিচামিচিকৈ কিয় সুমুৱাই লোৱা? কিমান সহজেই নিধিয়ে মাকক কথাষাৰ কৈ আঁতৰি গ’ল! কিয় বুজি পাব নোৱাৰে অমৃতাই? মূৰটো নাথাকিলও তাইৰ অন্তৰখনৰো একো অস্তিত্ব নাইনে? প্ৰতিটো শব্দই কাঁইটৰ দৰে খোঁচেহি অমৃতাক৷ বছৰ বছৰ ধৰি কাঁইটেৰে খুঁচি থকাসৰকা হৈয়েই আছে। হৃদয়ৰ নামত অমৃতাৰ চেতনা, মন আৰু মানুহজনী৷ সকলোৰে বাবে যেন তাতোকৈ সহজ কাম একোৱেই নাই! বেলকনিৰ ৰাতিৰ আন্ধাৰত পুৰণা বেতৰ চকীখনত বহি অমৃতাই এনে সময়তে কেতিয়াবা তলৰ পথেদি খোজকাঢ়ি যোৱা মানুহবোৰলৈ চাই ৰয়৷ একঘেমীয়া  জীৱন আৰু

Read more

এটা ৰঙা সূৰুয-দীক্ষিতা বৰা

চ’ৰাঘৰত বহি থকা আলহীজন বহু দিনৰ মূৰত আহিছে। সেয়েহে তেখেতক সুন্দৰকৈ আপ্যায়ন কৰিবলৈ পাকঘৰত যো-জা চলিছে। অকলশৰীয়া মানুহজনীৰ আচলতে কিছু উথপথপ লাগিছে কি কৰোঁ কি নকৰোঁ, কি দিওঁ কি থওঁ বুলি। হওঁতে বাৰু তেখেতৰ জীয়ৰী এজনী আছে, কিন্তু ভাগৰত আহি শুই থকা ছোৱালীজনীক উঠাই আনি কামত লগাবলৈ মাকৰ মনটোৰে সত যোৱা নাই। গতিকে তেখেতেই লৰালৰিকৈ চাহৰ যা-যোগাৰ কৰি আছে। গিৰিহঁতে আলহীৰ লগত বহি কথা-বতৰা পাতি আছে, দুই এটা কথা মানুহগৰাকীৰ কাণত পৰিছে। : এয়া চাহ খাওক, অকলেই যি পাৰোঁ কৰিলোঁ

Read more

ভাইৰাছৰ আৱৰণ-নাজিফ হাজৰিকা

২৮ মাৰ্চ ২০২১ চন৷ ইতিমধ্যে COVJ21 ভাইৰাছ মহামাৰী ৰূপত সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। WHO ৰপৰা আৰম্ভ কৰি বিশ্বৰ সকলোবোৰ উন্নত দেশ বিফল হৈছে এই মহামাৰী প্ৰতিৰোধ কৰাত। লকডাউন আৰু emergency ত বিধস্ত হৈ পৰিছে বিশ্বৰ জনজীৱন কিন্তু তেতিয়াও যোৰহাটৰ নিজা গৱেষণাগাৰত নীৰৱে গৱেষণাত ব্যস্ত হৈ আছে ডা° নিবাৰণ বৰা। এবাৰ ইলেক্ট্ৰন মাইক্র’স্ক’পত, এবাৰ কম্পিউটাৰ স্ক্ৰীণত আৰু এবাৰ টেষ্ট টিউবত চকু ফুৰাই মুখখন ৰঙা হৈ পৰিল নিবাৰণ বৰাৰ। বুজি উঠিলে তেওঁ প্ৰকৃত সত্য। কাগজ এখন লৈ লিখিবলৈ আৰম্ভ কৰিলে : প্ৰকৃততে

Read more

চুপা ৰুস্তম-প্ৰণীতা গোস্বামী বৰঠাকুৰ

: বাইদেউ ‘চাৰ্প’ দিমনে? বিমলাই তুলিকাক উদ্দেশ্যি কথাষাৰ সুধিলে। : দে, অলপ। টানি টানি মচিবি কিন্তু। পেনপেনীয়া নকৰিবি ঘৰটো। ভালকৈ চেপি ল’বি কাপোৰখন। তুলিকায়ো সদায় দিয়া পৰামৰ্শকেইটা আজিও দোহাৰিলে। ঘৰখন আজি অলপ উখল-মাখল লাগি আছে। এনেয়ো দেওবাৰৰ দিনটো তুলিকাৰ পাকঘৰতে বেছি সময় লাগে। সপ্তাহৰ মূৰত মনোজ ঘৰলৈ আহে, থকা দুদিন জুতি লগাই খুৱাবলৈ পালে ভাল পায় তাই। অহাৰ পাছতে মোনা ভৰাই বজাৰখন কৰাত মনোজো ওস্তাদ, তাই ৰান্ধি-বাঢ়ি নুখুৱালে হ’বনে! ল’ৰা-ছোৱালীহালৰো ফৰমাইছ বাঢ়ে এই দুদিনত। তায়ো বেয়া নাপাই জুতি লগাই সকলোৰে

Read more

হীৰাৰ আঙুঠিটো-হেমন্ত কাকতি

নীলা শাৰীখনেৰে ববীক ইমান যে ধুনীয়া লাগিছিল! আৰু ডিঙিত পিন্ধা সেইডাল…হীৰাৰ চাগে? ধনী মানুহৰ কথাই বেলেগ হ’ব, আমাৰ দৰে মানুহক ক’ত নো ফিৰি চাব……! ……যোৱাকালি সন্ধিয়া মাধৱৰ বিয়াত মনত ৰৈ যোৱা কিছু কথা পাগুলি চিগাৰেট এটা হুপি ৰাজু বহি আছিল কাজিৰঙাস্থিত “বননী” নামৰ সৰু ৰেষ্টুৰেণ্টখনত৷ কিছুদিনৰপৰা সি ববীৰ একপক্ষীয় প্ৰেমত পৰিছে৷ ববীৰ লগত যোৱা এমাহৰ চিনাকি যদিও এনে লাগে যেন তাইক বহুদিনৰপৰাই জানে৷ ববীয়ে কোৱা মতে তাইৰ দেউতাক হেনো বহুত ডাঙৰ ব্যৱসায়ী৷ গতিকে এইবোৰ প্ৰেম এনেকৈয়ে মৰহি যাব বুলি সি

Read more

এযোৰ জোতা-নয়নমণি হালৈ

বিক্ৰমৰ এযোৰেই জোতা৷ পৰাপক্ষত সি জোতা নিপিন্ধে৷ হাতত বেল্‌চা লৈ ট্ৰাকৰপৰা শিল, বালি আদি নমাবলৈ জোতাৰ প্ৰয়োজন নাই৷ আচলতে তাৰ জীৱনত জোতাৰ প্ৰয়োজন নহ’লেই; কিন্তু তথাপিও তাক জোতা এযোৰ একপ্ৰকাৰ জোৰ-জৱৰদস্তিয়েই কিনি দিছিল ৰামেশ্বৰ আৰু বুধিয়ে৷ সেইযোৰ পিন্ধি সি জানকীক চাবলৈ গৈছিল আৰু তাৰ এমাহ পিছতে জানকীক সি বিয়া কৰাই আনিছিল৷ বিয়ানো কি, গাঁৱৰ ল’ৰাবোৰে খানা এটা খাইছিল, ট্ৰাকৰ মালিকে তাক কাপোৰ এযোৰ আৰু টকা এহাজাৰ দিছিল, ৰামেশ্বৰ, বুধিহঁতে ডিঙিলৈকে এসোপা গিলিছিল আৰু কইনাঘৰৰ চোতালত নাচি নাচি হামখুৰি খাই পৰিছিল৷

Read more

ফেলিচ্ কেটাচৰ আত্ম কথা-ৰণেন শৰ্মা

হয়, এইটোৱেই মোৰ সৰ্বজন স্বীকৃত নাম। বহুতেই কিন্তু এই নামটোৰে মোক চিনি নাপাব পাৰে, ইয়াত কাৰো একো দোষ নাই৷ চিনেমা জগতত ইউচুফ খানক কিমানে চিনি পায় বা এডচন এৰাণ্টেছ দ্য নাছিমেণ্টকেনো কিমান ফুটবল প্ৰেমীয়ে চিনি পায়? যদি তেওঁলোকৰ প্ৰচলিত নাম কৈ দিওঁ যে এয়া দিলীপ কুমাৰ আৰু পেলেৰ নামহে, তেতিয়া কিন্তু সকলোৱে চিনি পাব। মোৰ প্ৰচলিত নাম বিভিন্ন ভাষাত বেলেগ বেলেগ, সাধাৰণ নৰ-মনিষৰ দৰে এটাই নাম নহয় মোৰ, অসমীয়াত মেকুৰী, ইংৰাজীত কেট আদি নামেৰে পৃথিৱীত মোৰ কমেও পাঁচ ছয় হেজাৰ

Read more

লালচাহ-নীলাক্ষী কাকতি

: টিংকু এই তিতা গামোচাখন বিচনাখনৰ ওপৰত কোনে থলেনো? মীৰাই একপ্ৰকাৰ চিঞৰাৰ দৰেই কথাষাৰ ক’লে৷ : মা মই নাজানো৷ মই কাপোৰ পিন্ধি আছোঁ৷ দেউতাই থ’লে কিজানি৷ : তাকেই৷ আছোঁৱেই নহয় বিনামূলীয়া বান্দীজনী৷ ৰাতিপুৱা কাউৰীয়ে কা কৰাৰপৰা নিশা দুপৰলৈ লেদেনা উকতিবলৈ৷ গা মচি গামোচাখন ৰ’দত মেলি দিলে মহাভাৰতখন ৰামায়ণ হৈ যাবও পাৰে৷ : হেৰা কি হ’লনো? মই মেলি দিম নহয়৷ কাপোৰযোৰ পিন্ধি লওঁ বুলিহে৷ বৰুৱাই চাৰ্টৰ বুটামকেইটা মাৰি মাৰি ক’লে৷ : এ-এ, কি কৰিছে? চেণ্ডেল পিন্ধি মচি থোৱা ৰূমটোত কিয় সোমাল?

Read more

চুপাৰ মম, মই আৰু গিটাৰখন- বৰ্ণালী ফুকন

মমে আজি সুধিছে, – ইমান চাৰিওপিনে বেমাৰৰ বাবে হুৱাদুৱা লাগিছে দেখিছ নে? – হমমমমম৷ – কি হমমমম? ভয় লগা নাই? – লাগিলেনো কি হ’ব? – কেনেকৈ যে পাৰিছ নহয়! মোৰ উত্তৰটো আমাৰ চুপাৰ মমে বৰ ভাল নাপালে৷ মমৰ ওচৰত কি নাই কওক৷ কোনটো কথাৰ উত্তৰ নাই! বেমাৰৰপৰা আৱিষ্কাৰলৈকে, ৰকেটৰপৰা নক্ষত্ৰলৈকে, ‘কা’ৰপৰা কভিডলৈকে, কটনৰপৰা আই আইটিলৈকে, কোনে কি আৱিষ্কাৰ কৰিলেৰপৰা কি বেমাৰত কি দৰৱ খোৱা উচিতলৈকে, ৰামদেৱৰ কপাল ভাটিৰপৰা জুম্বা নাচলৈকে, ইঞ্জিনীয়াৰিঙৰ কি পঢ়িলে ভাল হ’বৰপৰা মেডিকেলৰ কোন ডিপাৰ্টমেণ্টৰ ডিমাণ্ড বেছিলৈকে৷

Read more

ডিপ্ৰেশ্বন- নাজিয়া হাচান

: হেৰা! হতাশা বুলিলেনো কি বুজি পোৱা বাৰু? পতিদেৱে গহীনাই পত্নীক সুধিলে। : একো বুজি নাপাওঁ। কিনোহে? পত্নীৰ খৰাংখাচ উত্তৰ। : আচ্ছা। ডিপ্ৰেশ্বন মানেনো কি, জানানে? পুৱাৰ বাতৰি কাকতখন সামৰি সামৰি পত্নীক পতিদেৱে আকৌ সুধিলে। : অ…। সেইটোনো কোনে নাজানে? জানোতো! এইবাৰ পত্নীয়ে বেঁকা হাঁহি এটা মাৰি টপৰাই ক’লে। : বাৰু কোৱাচোন কি? : ইস ৰাম! নকৈছোঁ‌নে, সেইটো এটা খুজি লোৱা বেমাৰ আকৌ! আজিকালি পেটুকণা পোৱালীবোৰেও জানে আকৌ সেই বেমাৰবিধক! অৰ্থটো হ’ল, হোৱাই নোহোৱাই চিন্তা। মানে..অদৰকাৰী দৰকাৰী সকলোতে অধিক চিন্তা।

Read more
1 19 20 21 22 23 78