ফটাঢোল

প্ৰতিশোধ – বৰ্ষা গগৈ

নাম তৌ বৌহুত চোনা হৌগা….. নাম হে নিৰানন্দ চাবুকধৰা।….. পুৰা নাম…. নিৰানন্দ লুকেশ্বৰ চাবুকধৰা, বাপ কা নাম… লুকেশ্বৰ চাবুকধৰা। ঐ…. মা …… ডাইলগখিনিৰ লগত দেউতাৰ লুকেশ্বৰ নামটো পৰিবৰ্ত্তে বেলেগ নাম দিব নোৱাৰিনে? কিবা মিলা নাই দেখোন….. কি কলি তই….?? জহনি যোৱা, বাঘে খোৱা বাপেৰৰ নাম পৰিবৰ্তন কৰিবলৈ আহিছ। তোক মই…… আইনাখনৰ আগত নিজকে অমিতাভ বচ্চনৰ বুলি ভাৱি এক্টিং কৰি থকা বেজিয়াক মাকে হাতত লৈ থকা ঝাৰু ডালেৰে মাৰিবলৈ খেদি যায়। বেজিয়াৰ পলাই পত্ৰং দিয়ে। নিৰানন্দ চাবুকধৰাৰ উপনাম হ’ল বেজিয়া। তাৰ

Read more

অভিভাৱক – ফাৰনাজ নাৰ্গিছ কৰিম দুৱৰা

কিছুমান বস্তু নির্দিষ্ট বতৰত ওলায়। এতিয়া পৰীক্ষাৰ ৰিজাল্ট ওলােৱাৰ বতৰ। যিকেইটা চোকা ল’ৰা-ছােৱালী সিহঁত ‘বিন্দাছ’ হৈ আছে। জানে ৰিজাল্ট ভাল হ’বই। যিকেইটা পঢ়াত বৰ এটা চোকাও নহয় গাধাও নহয়, সিহঁতৰ বৰ বিশেষ সমস্যা নাই। কিন্তু মহাপয়মালৰ সন্মুখীন হয় পঢ়াত বেয়া ল’ৰা-ছােৱালীকেইটা। তাৰে ভিতৰত আমাৰ ঘৰৰ নাতিদূৰৰ বিষ্ণুও এটা। সি দিনটো ক্রিকেট খেলে, স্কুল বন্ধ কেইদিনত। স্কুল খােলা কেইদিনত তাক কিতাপেৰে ভৰপূৰ বেগ এটা লৈ স্কুললৈ যােৱা আৰু ঘূৰাই অনাও দেখােঁ, নেদেখােঁ পঢ়া টেবুলত বহা। মাক-দেউতাকৰ ধমক খাই যি অলপ পঢ়া

Read more

ভোক – ভদ্ৰেশ্বৰ ৰাজখোৱা

কালিৰ চৱালে পৰহিৰ গীত গায় বুলি তাহানি দেউতাই মোক হাঁহিছিল। কিন্তু এতিয়া মোৰ দুকুৰি বছৰ বয়স নহওঁতেই আঠ বছৰীয়া মোৰ ল’ৰা দিজুৰ পৰা মই মোবাইল ফোনৰ কায়দা কিটিপবোৰ শিকি ল’বলগীয়া অৱস্থা হৈছেহি। মোবাইল ফোনে আমুৱালে, এতিয়া তাক এটা লেপটপ লগা হ’ল। কালিৰে পৰা ঠেঁহ ধৰি আছে, তাক লেপটপ এটা লাগিবই। আবেলি অফিচৰ পৰা আহি গাড়ীখন ৰখাওঁতেই টি টি কৈ দৌৰি দৰ্জাখনৰ ওচৰলৈ গৈ সুধিলে, “দে’তা, দে’তা মোৰ লেপটপটো আনিলানে?” ….”নাই”, শুনাৰ লগে লগে মুখখন ক’লা কৰি ভিতৰলৈ লৰ মাৰিলে। চাহ

Read more

বিৱৰ্তন – নীলাঞ্জনা কাশ্যপ

মহানন্দ মাষ্টৰে গাঁৱৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰোঁতে চেণ্ডেলৰ তল ক্ষয় হ’ল, তথাপিও কামটো হোৱাৰ কোনো আশা নেদেখিলে। স্কুলৰ পৰা অৱসৰ লোৱাই আজি দুবছৰ উকলিল অথচ পেঞ্চনৰ কামটো হোৱা গৈ নাই। অফিচৰ কেৰাণীসকলৰ মেৰপাকত তেওঁৰ ফাইল ইখন টেবুলৰ পৰা সিখন টেবুললৈ ঘূৰি ফুৰিবলৈ ধৰিলে। যিদিনা তেখেতে প্ৰথম অফিচলৈ আহিছিল, সিদিনা অফিচৰ দুৱাৰমুখতে আঁ‌ৰি থোৱা ফলকখনলৈ চকু গৈছিল, তাত লিখা আছিল যে “ভেটি লোৱা আৰু ভেটি দিয়া দুয়োটাই সমানেই অপৰাধ।” ফলকখনত থকা সেই মহত্‍ লোকৰ বাণী সদৃশ আখৰকেইটা পঢ়ি তেখেতৰ সেই মূহুৰ্তত

Read more

সাৰথি – নীলাঞ্জনা মহন্ত

ঘড়ীত পুৰা চাৰে ছয়৷ চিটিবাছবোৰ কমি আহিছে৷ ৭ বজাৰ পিছত মিনিবাছ এখনো নাথাকিব এইটো ৰাস্তাত৷ চৰকাৰী ভঙা বাছ দুখনমান আধাঘণ্টামানৰ মূৰে মূৰে দহবজালৈকে আহি থাকিব যদিও সেই কেইখন নিৰাপদ নহয়৷ মদাহী লোকৰে ৰাজত্ব তাত৷ দিনটো শ্ৰম কৰি গধূলি পানী এটুপি ধৰি ভাগৰ পলুৱাই অহা মানুহৰ ঘৰলৈ উভতনি যাত্ৰা ঘটে সেই কেইখন বাছত৷ ৰাস্তাৰ সিপাৰে তাই এতিয়াও ৰৈ আছে বাছষ্টপতে৷ চিন্তিত যেনো লাগিছে তাইক, কাৰণ তাই বাৰে বাৰে চাইছে বাছ আহিছে নেকি৷ তাৰ চকুয়ে চকুয়ে পৰিল এবাৰ৷ তাইক যেন চাই থকা

Read more

মুকুতা – ববিতা শৰ্মা

(অসমীয়া বোলছবিৰ নাম ব্যৱহাৰ কৰি লিখা এটি এক মিনিটৰ গল্প) প্ৰভাতী পক্ষীৰ গানত মুকুতাৰ সোনকালেই টোপনি ভাগিল৷ বিচনাৰ পৰা নামি তাই লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল৷ আকাশৰ মেঘ ফালি সূৰুজটোও আজি ৰঙা হৈ ওলাইছে৷ সাতদিন ধৰি নেৰানেপেৰা কৈ দি থকা বৃষ্টিৰ পাছত ৰ’দৰ আগজননীত তাইৰ মনটো মুকলি লাগিল৷ বৰষুণৰ বতৰত হাটলৈ যোৱাৰ অহেতুক চিন্তা এটাই দুদিন ধৰি তাইক আমনি কৰি আছিল৷ মুকুতাই বাহী চোতালখন সাৰি সোনকালে গাটো তিয়াই আজৰি হৈ লোৱাৰ কথা ভাবিলে৷ কাদম্বৰী, ৰাংঢালী, তৰামাইহঁতক পলম হ’লে লগ নাপাব৷ দেউতাক

Read more

বুমেৰাং – মনিষা ফুকন

ৰাতিপুৱা উঠিয়েই মবাইলটো হাতত লৈ নীনাৰ মূৰ গৰম হৈ গ’ল। চাৰ্জত দিলে ঠিকেই কিন্তু চুইছ অন নকৰিলে। দুডাল মাথোন বেটাৰিৰ চাৰ্জ হোৱা জেগাত কাঠি আছে। ৬:৩৫ হ’লেই । চুইছ অন কৰি প্ৰায় দৌৰ মৰাদি গৈ ৰাতিয়েই প্ৰেছাৰত ঠিক কৰি থোৱা চাউল, আলু, কণী গেছত বহাই তাই বাথৰুমলৈ লৰ দিলে। পিন্ধিম বুলি ভৱা কাপোৰো তাই ৰাতিয়েই পিন চিন মাৰি ঠিক কৰি থৈছে। ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে কাৰিকৰী তথা বৃত্তিমূলক শিক্ষাৰ মূলধাৰালৈ শাৰীৰিক প্ৰতিবন্ধী আৰু পিছপৰা পাহাৰুৱা অঞ্চলৰ

Read more

কুমলীয়া মন – মিনতি মহন্ত

বিৰিণাৰ ঘৰখনলৈ ইমান যে আলহী আহি থাকে। তাই তৎ নোপোৱা হৈছে। শুই উঠাৰ আগতেই কলিং বেল নামৰ ঘিটলিংটো বাজিবই। দূৰ-দূৰণিৰপৰা নাইট চুপাৰত নতুবা ট্ৰেইনত আহি অফিচ, কাছাৰিত থকা কামবোৰ কৰিবলৈ অঙহী বঙহী সকলোৰে বাবে যেন এইখন এখন চৰাইখানাহে। কিছুমানে নগৰত ফুৰিবলৈ অহাৰো অন্ত নাই। মহানগৰৰ বাসিন্দাইহে বুজে সীমিত উপাৰ্জনৰে মাহটো কেনেকৈ চলিব লাগে। কচুপাতখিলাৰপৰা আৰম্ভ কৰি যাৱতীয় সকলো বস্তু বজাৰখনলৈ ভেঁকৈ মুখ মেলি চাই থাকিব লাগে। বাৰীৰ নামত কিবা এচিকুট থকা হ’লেও দুই এটা পাচলিৰ খেতি কৰিব পাৰিলেহেঁতেন। কংক্ৰিটৰ মহানগৰীত

Read more

এই যাত্ৰা অভিনৱ – ডিম্পীৰাণী গগৈ

তুৰন্ত গতিৰে দূৰন্তলৈ আগবাঢ়ি যোৱা চলন্ত বাচখনৰ খিৰিকীৰ কাষৰ চিংগল চিটটোত বহি যোৱা অন্নিকাই একান্ত মনে বাহিৰলৈ চাই গ’ল। মনঘোঁৰাৰ দোদুল্যমান চেঁকুৰ, পাৰ হৈ যোৱা প্ৰত্যেকটো বস্তুৰ ওপৰেৰে। আকাশ , বননি কেতিয়াবা কৰবাত এডৰা ডাঠ বাঁহনি। যদি পিছ মূহুৰ্ত্বতে আৰম্ভ হয় এখন বিশাল পথাৰ …আকৌ আৰম্ভ হয় কোনোবা খিনিত দোকান বজাৰ অথবা লানি লানি মানুহৰ ঘৰ। প্ৰত্যেকটো ঘৰৰ চৌহদ তথা আৰ্হিয়ে যেন কৈ যায় গৃহস্হৰ মনৰ বতৰা। কেতিয়াবা কোনোবাখিনিত বাচ খন ৰখাই দুই চাৰিজন উঠায়। গাওঁবোৰৰ মাজত ৰাখি যাত্ৰী উঠাবলৈ

Read more

সমাজ – ৰূপজ্যোতি শৰ্মা

অইনৰ পিতৃতকৈ নয়নৰ পিতৃ ৰমেনৰ সুখ-আনন্দ অলপ হ’লেও বেছি আছিল … সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে অংকত সৰ্বোচ্চ নম্বৰ পাই জিলাখন তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নয়নক লৈ অঞ্চলটোৰ ৰাইজে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছে। সভাত “নয়ন আমাৰ ভৱিষ্যত , তাক লৈ যথেষ্ট গৰ্ব অনুভৱ কৰিছোঁ” ইত্যাদি ডাঙৰ ডাঙৰ ভাষণ দিয়া সমাজৰ গণ্য মান্য ব্যক্তি সকলেই ১৬ বছৰ আগতে ডাষ্টবিনৰ পৰা সেই পানী কেঁচুৱাটিক তুলি অনাৰ পিছত ৰমেনক উদ্দেশ্যি কৈছিল “এই লেতেৰাবোৰ ঘৰত সুমুৱাব নালাগে, সেইবোৰক তেনেকৈয়ে থাকিব

Read more
1 40 41 42 43 44 78