ফটাঢোল

বন্ধুত্ব (কেৰেপা আৰু ভেলৌৰ কথাৰে)-কৰৱী দেৱী

গৰমকালিৰ নিশা। আহাৰ পৰিবেশনৰ অন্তত চাধা মলি মলি কেৰেপা পদূলিৰে ওলাই উত্তৰ চুবাৰ তিনিআলিটোত ৰয়গৈ বতাহ অকণ বিচাৰি। হঠাতে দেখা দীঘলীয়া সমদলটোত কেৰেপা আচৰিত হৈ ওৰ উলিয়াবলৈ বুলি পিছে পিছে গৈ থাকে। জোনাকৰ ম্লান পোহৰত খগেনৰ মুখখন চিনি কিবা এটা সুধিব খোজোতেই সি খৰকৈ খোজকাঢ়ি আগবাঢ়ে। একো উৱাদিহ নাপায় কেৰেপায়ো ক্ষিপ্ৰ গতিৰে খোজ আগবঢ়ায়। গাঁৱৰ একেবাৰে শেষ মূৰত থকা ভেলৌ বায়নৰ পদূলিতহে কেৰেপাই সঁচা কথাটো গম পালে। কৈছিল কোনোবা এটাই, : ভেলৌ ককাইৰ পুতেকে ছোৱালী পলুৱাই আনিলে। মনটো ভাল লাগে

Read more

Scientific অন্ধবিশ্বাস – নাজিফ হাজৰিকা

১৭০৭ চন ।  চেইণ্ট লুকাছ, প্ৰশান্ত মহাসাগৰৰ মাজৰ এটা  দ্বীপ।  সুখে সন্তোষেৰে বসবাস কৰি আছিল  দ্বীপটোৰ বাসিন্দাসকলে। গণতান্ত্ৰিক শাসন চলিছিল তাত। পিছে তেওঁলোকৰ  জীৱনলৈ এদিন  হঠাৎ কালনিশা নামি আহিল।  কিবা বোলে প্ৰেতাত্মা ওলাইছে দ্বীপত । প্ৰেতাত্মাটোৱে যাৰ গাতেই লম্ভি যায়, তাৰেই জ্বৰ হয়, কাহ চৰ্দি হয়, অথবা মৃত্যুও হ’ব পাৰে। প্ৰেতাত্মাৰ ভয়ত এতিয়া বাসিন্দাসকলে দুশ্চিন্তাৰে জীৱন পাৰ কৰিবলৈ ধৰিলে।  ৰাজ্যপালজনে প্ৰচাৰ কৰিলে যে কোনো মানুহ যেন ঘৰৰপৰা বিনাকাৰণত নোলায়, নহলে প্ৰেতাত্মা লম্ভি যাব। মানুহবোৰো ভয়তে দিনতে ঘৰ দুৱাৰ মাৰি সোমাই

Read more

নিমন্ত্ৰণ-নীলাক্ষি কাকতি

:থপ-আস! কাণৰ ওচৰত বাৰে বাৰে কুনকুনাই থকা মহটোক মাৰিবলৈ গৈ নিজৰে গালত চৰটো জোৰকৈ লগাত গালখন মোঁহাৰি মোঁহাৰি দীপে সিকাতি হৈ গাৰুটোৰে মুখখন ঢাকি ল’লে৷ মুখেৰে ভোৰভোৰাই সি মহটোৰ চৈধ্যগোষ্ঠীক দুটামান গালি দিলে৷ বোধকৰোঁ ৰাতি আঠুৱাখন খুচি লওতে ঠিক নহ’ল৷  : চাল্লা৷ এইচবক সৃষ্টি কৰোঁতে নিৰ্ঘাত ভগৱানৰ ঘৈণীয়েকৰ লগত কাজিয়া লাগিছিল৷ নিজে অশান্তি পাই আমাকো অশান্তি দিবলৈ ভগৱানৰো চাগে মন গৈছিল৷  মুখেৰে ভোৰভোৰাই থাকোঁতেই দীপৰ মোবাইলটো বাজি উঠিল৷ স্ক্ৰীণত নামটো চাই মোবাইলটো চাইলেণ্ট মুডত থৈ পৰম বিৰক্তিৰে সি আকৌ বাগৰ

Read more

যা চিমৰণ, যা জী’লে অপনি জিন্দেগী… : ৰিমঝিম বৰঠাকুৰ

হঠাৎ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল। নিউজ পৰ্টেল, নিউজ চেনেলকো বাদ দি খবৰটো ফোনা-ফোনি কৰি বিয়পাই পেলালে আমাৰ জনতায়ো। মুঠতে কাৰো গাত তৰণি নাই। “ঐ জাননে কথাটো?” বুলি আৰম্ভ কৰোঁতেই সিফালৰ পৰা “এইমাত্ৰ গম পালোঁ অ’।”টো আহিয়েই যায়। হুৱাটছএপৰ গ্ৰুপবিলাকতো ইটোৰ পিছত সিটোৰ “‘ছেড ইম’জি’ৰে ভৰ্তি হৈ গৈছে। খবৰটো পাই একেবাৰে ভাঙি পৰিছে পিনাকীৰ ঘৰখনহে। বিশেষকৈ পিনাকী। অহা মাহৰ এক তাৰিখে বিয়া তাইৰ। তাৰ এসপ্তাহমান আগৰে পৰাই ঘৰত কেইবাটাও কাৰ্যসূচী। সংগীত, মেহেন্দীৰ পৰা ককটেইল পাৰ্টিলৈকে। দেউতাক বিমান ডেকাই কৈ চাইছিল

Read more

বেচেৰা-অমিতাভ মহন্ত 

তাই এজনী বেয়া ছোৱালী আছিল৷ বেয়া মানে খুবেই বেয়া৷ সদায় ৰাতি ৰাতি ফোন কৰি দুই-তিনি বজালৈ কেৱল বকবক৷ নিজেও নুশুৱে, মোকো শুবলৈ নিদিয়ে৷ ফোন নকৰিলে হোৱাটচ্ এপত চাটিঙ৷ ফোনতে মোক “বাবু” বুলি মাতি নিনি খুৱাই দিয়ে৷ দিনত সত্তৰটামান চুমা!   মুঠৰ ওপৰত তাই মোৰ জীৱনত হাহাকাৰ কৰি দিছিল৷ না ঠিকমতে খাইছোঁ, শুইছোঁ, গা ধুইছোঁ, পঢ়িছোঁ৷ ধ্বংসৰ পথত গৈ আছিলোঁ৷ কিন্তু তাই মোক খুব মৰম কৰে, সেয়াও সত্য৷ নিজৰ ভুলবোৰ অনুভৱ কৰি তাই খুব কম সময়তে নিজকে সলনি কৰে পেলাইছে৷ কেৱল মোৰ

Read more

মই আৰু গোবৰকণ – নীলাঞ্জনা মহন্ত

মাইকটো হেলো হেলো বুলি কৈ ঠিক কৰি ল’লোঁ৷ দেশ-বিদেশৰ বিভিন্ন চহৰে-নগৰে বক্তৃতা দি দি আজি উপজা গাঁওখনৰ ওচৰতে এই সভাত কথা দুআষাৰ ক’বলৈ সুবিধাকণ পাইছোঁ৷ বহুদিন হ’ল উপজা মাটিৰ গোন্ধকণ ল’বলৈ আহিব পৰা নাই৷ মনে মনে হিচাব এটা কৰিলোঁ আঠত্ৰিশ বছৰ পাৰ হৈ গ’ল৷ ডিগ্ৰী ল’বলৈ বিদেশলৈ ঢপলিয়াইছিলোঁ৷ ল’লো, চাকৰি কৰিলোঁ৷ পৰী যেন লগা দেখিবলৈ ধুনীয়া বগা মেম এজনী বিয়াও কৰিলোঁ৷ কোম্পানী এটা খুলিলোঁ৷ দিনে-ৰাতিয়ে কষ্ট কৰি কোম্পানীটো গঢ় দিলোঁ, মোৰ ল’ৰা-ছোৱালীহাল জন্মৰে পৰাই কেনেকৈ ডাঙৰ হৈ এদিন কলেজলৈ গুচি

Read more

ভোজ- নীলাক্ষি কাকতি

: অই দিগন্ত কামটো হ’বগৈ নে? দিনটো শেষ হ’বলৈয়ে হ’লচোন! : ধেই তই বৰ মাথা খাই থাক’ অ’৷ মই থাকোঁতে তই ইমান চিন্তা কৰি থাকিব লাগেনে? হ’ল বুলিয়ে ধৰ৷ কালি মায়ে ববিতাহঁতৰ ঘৰত বৰাচাউল খুন্দিবলৈ যাব৷ চাউলৰ খৰাহি, চালনী ইত্যাদিবোৰ ময়ে দাঙি লৈ আহিম৷ সেই চলতে তোৰ মনৰ কথাটোও তাইক কৈ আহিম৷ হ’বনে? তই মাত্ৰ নিজৰ কথা ৰাখিবি৷ : আৰে ভাই৷ মই কথা ৰাখিমেই৷ দেউতা কালি উৰুকাৰ বজাৰ কৰিবলৈ হাটলৈ যাব৷ সেই চেগতে মই আমাৰ হাঁহ এটা চুৰ কৰি আনিম৷

Read more

হুদে বৈতেলী-শ্ৰুতিমালা মিশ্ৰ

আঘোণা কাকা আমাৰ মামাহঁতৰ ঘৰত বান্ধা খাটে। ডেকা মানুহ, নগৰৰ চিনেমা হলত সেইবেলি ওলমিল “চামেলী মেমচাব”ৰ পোষ্টাৰ। গানবোৰ তামাম হিট। আঘোণা কাকাৰ মুখত এনীটাইম চামেলী মেমচাবৰ গানৰ সুৰ। কামৰ ফাঁকে ফাঁকে গানৰ বেসুৰা আৱাজে মামাহঁতৰ কাণৰ পৰ্দা ফালিবলৈ উপক্ৰম হ’ল। লাহে লাহে আঘোণা কাকাৰ “চামেলী মেমচাব” প্ৰীতি গাঁৱৰ সকলো মুনিহ-তিৰোতাই গম পোৱা হ’ল। সময়ৰ লগে লগে আঘোণা কাকাৰ সমূহীয়া নাম এটা দিলে সকলোৱে মিলি “চামেলী”। গাঁৱৰ মানুহখিনিৰ বাহিৰেও “চামেলী” ওচৰৰ-পাজৰৰ আনবোৰ গাঁৱৰ ৰাইজৰ মাজতো সমানেই জনপ্ৰিয়। মামাহঁতৰ গাঁওখন মাছৰ বেপাৰৰ

Read more

পুৰোহিতৰ বিলৈ-জয়ন্ত দাস

“সচ্চা! আয়ৈ দেহী৷” বোৱাৰীয়েক ৰীতাৰ কথাত শাহুৱেক বাসন্তী আনন্দতে জঁপিয়াই উঠিল৷ লগে লগেই তেওঁ বোৱাৰীহঁতৰ কোঠালৈ দৌৰ মাৰিলে৷ বোৱাৰীও শাহুৱেকৰ পিছে পিছে সোমাই আহিল৷ নাতিনী নিৰিবিলিক মৰমতে আকোঁৱালি ল’ব খুুজিও তেওঁ তৎক্ষণাত ৰৈ গ’ল৷ হাত দুখন পিছুৱাই আনিলে৷ বিছনাখনৰ ওপৰত বহি ম’বাইল পিটিকি থকা নাতিনীয়েকে একো নুবুজি তায়েই আইতাকৰ ফালে আগবাঢ়ি আহিল৷ : ৰ’বা, ৰ’বা৷ তুমি আগুৱাই নাহিবা৷ মোক নুচুবা৷  আইতাকৰ কথা শুনি তাই ভেবা লাগি মাকৰ ফালে চাই থাকিল৷ : আৰু বোৱাৰী শুনা, তুমি জনা-বুজা ছোৱালী হৈ তাইক এনেদৰে

Read more

ৰাধা-কৃষ্ণ-দিগন্ত কুমাৰ ভট্টাচাৰ্য‌‌‌

মূৰত সামান্য বিষ অনুভৱ কৰিছোঁ। হাতখনত বিষ, বোধকৰো কিলাকুটিৰ কাষত মাখিছাল এৰিছে। চকু মেলি উঠিবলৈ চেষ্টা কৰোঁতেই দেখিলোঁ, বহুকেইখন মুখ। এখন মুখ এজন বৃদ্ধৰ। চকুত খং-ক্ৰোধ। তাৰ কাষত দুখন মুখ। দুয়োখন মুখৰ অভিব্যক্তি – ‘তইতো মৰিলি আজি। আমিয়েই হিৰো হ’ম…’। আনখন মুখত অনুসন্ধিৎসা। চাৱনিত -‘কি কে’চ, মইতো বুজা নাই একো’। বহুকেইটা দুৰ্গন্ধময় নলা-নৰ্দমাৰ কাষতে কুলুকুলুকৈ নিৰ্মল পানী বৈ থকা নিজৰা এটি দেখিলে মনটো যেনেকৈ প্ৰফুল্লিত হয়, সেই আটাইবোৰ মুখৰ কাষতে ৰাধাৰ মুখখন দেখিও মোৰ তেনেই হ’ল। হেবাঙটোৰ দৰে মই ৰাধালৈ

Read more
1 4 5 6 7 8 77