ফটাঢোল

লিমাৰিক-সুৰেন্দ্ৰ মোহন দাস

                    (১) ইমান যে বাঢ়ি গ’ল বিদ্যুতৰ বিল গ্ৰাহকৰ পিঠিতেই পৰিছে ঔ-কিল বাঢ়িল গেছৰ দাম কেনেকৈনো ৰান্ধি খাম তাকে ভাবি খাই আছোঁ প্ৰেছাৰৰ পিল৷                     (২) একেদিনে পৰি গ’ল তিনিখন বিয়া উপহাৰ দিবলৈকে ধন নাইকিয়া সেইবাবে কি কৰিলোঁ দৰাটোক গৈ ক’লোঁ – ‘আজিলৈ উপহাৰ বাকী ৰ’ল দিয়া’৷                     (৩) ভোটবেংক চলিছে আঁচনিৰ বলত

Read more

হিতাধিকাৰী-ধনজিৎ বৰুৱা

পুৱাতে ফিটিং বাপু সন্ধ্যা আকৌ মিটিং  তিনিটামান কাৰ্ডৰ চাউলৰ দোকানত আছে ছেটিং আঁচনি আৰু লোন নাচনী আৰু ধুন  জীৱনটোত ফুটনিৰ আখৈ সমাজৰ কৰে ৰেটিং।  *বাল্য ক্ৰীড়া পিৰপিৰালে নহয় পিৰিতি অভিজ্ঞতাই শিকায়  এৰিবলৈ শিকিলেহে পিৰিতিবোৰে শিপায়   সময়ৰ কষটি শিল  সমস্যাৰ ঔ কিল  যুগে যুগে হোৱা জীৱনবোধে মানুহক জীপায়।                *বিলৈ জীৱৰ  গৰ্বৰ বেলুনত  উঠি তেওঁৰা গম্বুজ গৈ পালে  গম্বুজৰ ওপৰতহে জোঙত বেলুনে খোঁচ খালে  নামি আহিল  ধৰফৰাই  অনুভৱে বুকু ফৰফৰাই  গচকি যোৱাবোৰলৈ চাই কাকূতি ঘোষা

Read more

অপদ্য-শ্ৰীৰাজু কুমাৰ নাথ

সোঁহাতৰ তাৰ কামেই নাই বাওঁহাতখনো খৰা, অজুহাতৰ আকৌ বল বেচি কাম ফাঁকি ফুকা মৰা।    আনৰ সদায়ে অহিত চিন্তি ফুৰে ঈশ্বৰে নিদিয়ে ভাল, আশা কৰে সি বিলৰ ডাঙৰ মাছ হাতে ফটা লাঙী জাল।   ধন টকাই সৰ্বস্ব জীৱন বুলি সমাজলৈ দিলে পিঠি, বিধিৰ বিপাকত সকলো হেৰাল ঘৰ ভেঁটি গ’ল উঠি।   জীয়াই থাকোঁতেই মানুহক চিনা মৰাৰ পাছত লাভ নাই, মৰম বুটলিব নোৱাৰিলে ক’ব সৱে ই মৰিল ভাল হ’ল পায়। ☆ ★ ☆ ★ ☆

Read more

আপদীয়া পদ্য-স্বপ্নালী কলিতা

বৰানী বাইদেউৰ কথা বৰ বৰ ধাৰতেই চলি থাকে কৰি দাম-দৰ কথা পানী নসৰকা দিয়ে হ’লে ডকাহকা ধাৰ দিওঁতাই খুজি খুজি দিয়ে পৰ।   দিনৰ পাছত মাহ, বছৰ আহিল পুৰণা কেছেটটো বাজিয়েই থাকিল নিদিয়াকৈ ক’ত যাম তোৰ টকা কিয় খাম শুনি শুনি তিতা-কেঁহা সকলো লাগিল।   সেয়েহে টকাৰ কথা নেভাবোঁয়েই বুলি চিন্তাৰ কাপোৰসাজ পেলালোঁ যে খুলি কাণত ধৰিলোঁ টানি ধাৰ দি নকৰোঁ হানি বাহাদুৰ ধৰুৱাই পকাবহে চুলি।   এতিয়া বাইদেউৰ ফিল্ড পিছে নাই আপোন মানুহো তেওঁৰ শেষ হৈ যায় খোজে বুলি

Read more

আপদীয়া পদ্য-জিমণি গগৈ

(১) ফে’চবুকৰ আজৱ দুনীয়া চাবলৈ বঢ়িয়া হ’লেও পিচে “ফ্রেণ্ড”বোৰ প্ৰায়ে ওলায় ঘূণীয়া যাক দেখিবা গদগদ্ সলাই ৰূপ ফটাফট্ দোভাগ ৰাতি মেছেজ দিয়ে তুমি বহুত ধুনীয়া। (২) কোনে কাক  কিমান ভালপায় গমিবলৈ গ’লে এদিন এৰাতি যায় আজি বোলে যিজন আতোলতোল কাইলৈ শুনো চকুৰ কুটা দাঁতৰ শূল ফে’চবুকত বন্ধুত্বই ঘনাই ৰং সলায়। (৩) লাইক কমেণ্ট দিয়াজনে প্ৰতিদান পায় নহ’লে কিন্তু কোনেও ঘূৰিকে নাচায় কোনো কোনোৱে বাইট দিয়ে যেন মডেল ৰ’ল দেখি শুনি বোলা যায় হৰি ব’ল হৰি ব’ল বিউটিপ্লাছে ফে’চবুকৰ ৰূপত ৰহণ

Read more

বৰলাৰ বিলৈ-উপাসা ভাগৱতী

বৰলাৰ বিলৈ শুনক ৰাইজ কলিজা ফাটি যায়, কিমান যে কৰে যতন তথাপি  ছোৱালী পাবলৈ নাই। ক’লা চানেকীয়াই  হ’বলৈ ফেয়াৰ, ফেয়াৰ এণ্ড হেণ্ডচম  ঘঁহি লৈছে কেয়াৰ। ক্ষীণ-মীনসকলে গৈছে জিম, শৰীৰটো বঢ়াই হৈছে ভীম। খাইছে দৈনিক একডজন ডিম। পেটুৱাবোৰে পেট কমাই হৈছে ছিক্স পেক। ছোৱালীবোৰে নাচাই কিয় হৈছে নেকি মন ঠেক। আমাজন, ফ্লিপকাৰ্ট, মিন্ত্ৰাৰ  লৈছে  বহু অফাৰ, দিনক দিনে বৰলাবোৰ  হৈছে দেখনিয়াৰ।   হে প্ৰভু বৰলাৰ জীৱনটো বাৰু  কিয় হৈছে ইমান দীঘলীয়া, কাট কুট কৰি অবিলম্বে  পতি-পৰমেশ্বৰ কৰি দিয়া। মাকবোৰে কাম কৰি

Read more

লিমাৰিক-ৰাজু কুমাৰ নাথ

ফেচবুকীয়া যুঁজ এঘৰী যুঁজি চাওঁ শিয়াল পণ্ডিতৰ জ্ঞান বিচাৰি যাওঁ কথাৰে বান্ধে সাগৰ যুঁজোতে লাগে ভাগৰ কামৰ ‘কা’ নাই মাথোঁ খুটি তাল বাওঁ। শিয়ালৰ সভাত আজি লাগিল দন ৰাজপাটলৈ আছিল শিয়ালীৰো মন নিবোকা গেৰেলা ভাই বিপদতো মাত নাই খঙত শিয়ালীৰ উশাহ হৈছে ঘন। বিতং খবৰ পাবলৈ ‘পৰ্টেল’ চালোঁ জীয়া বানৈৰ জীয়েকক মৰা দেখিলোঁ সাংঘাতিক জিনিছ্‌ জীয়াতে কৰে ফিনিছ্‌ উশাহটো ঘূৰাই কোনোমতে পলালোঁ। ভদীয়া কুকুৰৰ আৰাও দীঘলীয়া বোধন দাইটিৰ কইনা কুমলীয়া ৰাং কুকুৰৰ জোপ শিতানত বৰটোপ মুধৰফালে আহি শিয়ালে দিছে হোৱা।

Read more

ফটালিমাৰিক-ধনজিৎ বৰুৱা

(১)  অহেতুক ভয় খাইছিলোঁ চন  দুহেজাৰ বাৰত   যদি পৃথিৱী ডুবে পানীত ওলামগৈ নে পাৰত  টিকটৰ যিহে দাম  আমিবোৰে ক’ত পাম  মিছাতে থকা দিনকেইটা পৰি ৰ’ম ধাৰত।  (২)  টেঙা তেতেলীৰ বাকলিত হিৰৌ হিৰৌইন এডবোৰত আমি পাগল তাতেই পাওঁ চিন  ডম্বৰুৰ মাতত বৰফ চানপাপৰি পপিনচ মেংগ’বাইট বগৰীগুড়ি নাপাওঁ  আৰু সেই নব্বৈ দশকৰ দিন ☆ ★ ☆ ★ ☆

Read more

জতুৱা ঠাঁচেৰে এটি কবিতা-অৱন্তী  গোস্বামী

আঁমঠু ক’লা পৰিল         পেটমোচা ল’ৰাটো আওমৰণে মৰিল।  কথাচহকী  বাপেকৰ ফোঁপজহী কথা           বৰটোও  যিটো  হ’ল বাঘৰ আগতেল খোৱা।    কথাত কিন্তু বৰ চহকী বাৰে যোৰা দিয়া    এঠাইত কাটিলে সি সাত ঠাইত গজা।      গাখীৰতে ম’হৰ খুটি  কুঁজাৰ মূৰত কিল      শহুৰ-শাহু লগ লাগি বাঢ়িল নিচাৰ কোব!      শাহুয়েকো যিজনী টুপাই বুৰ মৰা         জীয়েকতকৈ বুঢ়ী আৰু এখোপ  চৰা।       কিনো চাবা পুৱা-গধূলী পোহাৰী-চুপতি    এনে মানুহ অজীন পাতকী শালৰ মাজৰ শিঙি ধুনপেচ কিনো চাবা, ম’হতকৈ শিং চৰা পৈয়েকৰ ঘৰ নাতিদূৰৈত ৰিং মাৰিলে শুনা।    ফটাকঁথা তিতে মানে গালৈকে গধূৰ 

Read more

লিমাৰিক আখ্যান – স্বপ্নালী কলিতা

খঙতে থূপ খাইছে কপালৰ ৰেখা ভালেদিন লিমাৰিক পোৱা নাই দেখা ভবাবোৰ নাহেচোন ক’ত গ’ল লগ কোন পালে ধৰি টপাটপ্‌ ল’ম এটা লেখা। গৈ আছিল লয়লাসে লিমাৰিক বাই মই বোলো ক’ত যোৱা দেখাদেখি নাই আহাচোন আহা বুলি  ক’লোঁ কথা ‘দিল’ খুলি  বায়ে বোলে মৰা কিয় টেন্‌চন খায়।  ভয়ভীত আঁতৰালোঁ মৰসাহ কৰি  এইবাৰ লাগিবই বুলি ল’লোঁ ধৰি যেনে চিন্তা তেনে কাম নপঢ়িলে বেয়া পাম সেইবুলি বহি লৈয়ে চিন্তি আছোঁ হৰি। ধন্যবাদ নিবেদিলোঁ বাইজনী অ’ই সাহসকেই দিলা আহি হাঁহিটিকে লৈ আৰু আছে বহুবোৰ 

Read more
1 2 3 4 38