ফটাঢোল

লিমাৰিক : ধৰ্মজ্যোতি ভট্টাচাৰ্য

১. চহৰৰ বোৱাৰী শাহু হ’ল গাঁৱৰ মুখত থাকে দুয়োৰে ক’লা ডাৱৰ শাহুৱে ভাবে ৰহ আঠুৱা তলৰ মহ বোৱাৰীও নহয় দেই কম ভাৱৰ।। ২. বোৱাৰীজনী হেনো এম এ পাছ নাজানে ভূই ৰোৱা নামাৰে মাছ শাহুৱেকে দিলে চৰু বোৱাৰীও নহয় সৰু হাত পুৰি বেচেৰীয়ে কৰে আছ আছ।। ৩. শাহুৱেক মাষ্টৰণী বোৱাৰী লেকচাৰাৰ পোহাৰী চুপতিলৈনো সময় আছে কাৰ পুতেকে ৰান্ধে ভাত বাপেকে ধোৱে পাত কাম কৰি মতাবোৰৰ উঠে হাই প্ৰেচাৰ।। ৪. বোৱাৰীয়েক লেহেমীয়া শাহু খৰধৰ ঘনে ঘনে লেট্ৰিনলৈ মাৰি থাকে লৰ গা ধোৱা

Read more

ফটা পঞ্চপদী- হেমেন ডেকা

১) ভালেই লাগে দেশপ্ৰেমমূলক গীত গাই মন শিহৰিত-গাও ৰাঁই-জাঁই কৰি যায় চিঞৰি চিঞৰি গাওঁ আপোন পাহৰা হওঁ সিমানতে শেষ- আমাৰ কি অন্য কাম নাই? (২) তেজত বিয়পি গ’ল যে বিষ ইমান সন্তৰ্পণে তীক্ষ্ণধীসৱেও নাপালে উমান জানো কি কাৰণে তীখৰবোৰৰ অংক তৃণমূলত আতংক তক্ষকে বোলে- নমৰাহে, বিশ্বাস ৰাখা মনে-প্ৰাণে৷ ৩) নিজৰ মাজতে খোৱা-কামোৰাটো বৰ নিচা ছেগা-চোৰোকাকৈ চলি থাকে বেছ হনা-খোঁচা চকুত জুইৰ ফিৰিঙতি চালে-বেৰে কোবোৱাই নীতি নিজ মতাদৰ্শহে সঁচা- বাকী যে সৱ মিছা৷ (৪) সৰু সৰু মানুহে নাজানেই কৰিব খং ক্ষুধাৰ

Read more

আপদীয়া পদ্য- ৰুলী ডেকা দত্ত

ৰাইজক প্ৰথমেই জনালোঁ নমস্কাৰ, ক’বলৈ ওলাইছোঁ দুটিমান কথা নকৰিব তিৰস্কাৰ। বাৰেৰহণীয়া সংস্কৃতিৰ মিলনভূমি আমাৰ অসম প্ৰদেশ, ৰাজনৈতিক টনা আঁজোৰাত সলাইছে আজি ভেশ। ৰাইজেই প্ৰজা, ৰাইজেই হেনো ৰজা তেন্তে দেশত আজি কিয় ইমান অৰাজকতা..?   কবি ওলাইছে, কবিতা লুকাইছে সংগীতজ্ঞ জিলিকিছে, সংগীত হেৰাইছে মাতৃভাষাটোৰ অস্তিত্ব দিনকদিনে নিয়তিত জাহ গৈছে। হে অসমীয়া, কৰোঁ আহক পণ, একগোট হৈ জাতিটো বচোৱাৰ আজিয়েই উত্তম ক্ষণ।   আমি বিহুও পাতিম, বেজবৰুৱাও পঢ়িম, ৰূপ কোঁৱৰে চিনাই দিয়া বাটেৰে জগত জিনিম। বৰলুইতৰ বুকুৰে বৈ সাগৰৰ পাৰ পাম গৈ

Read more

পৰিস্মীতা দাস: হাঁহি-কান্দোন

(১) উলহে-মালহে বৃদ্ধ পিতৃৰ পাতে ওপজা দিন মিডিয়াই কয় এই চেনেহ তেনেই উপমাহীন পুত্ৰৰ ওঁঠত গৌৰৱৰ হাঁহি পিতৃয়ে উচুপে গোপনে বহি আৰু এবছৰৰ বাবে যে পুত্ৰক দেখাৰ আশা ক্ষীণ ৷ (২) নব্বৈ শতাংশৰে কণমানিয়ে মাৰে সাফল্যৰ হাঁহি আনন্দৰে নাচি নাচি মাকক কয় আহি মাকৰ মনত দুখ ওফন্দি উঠে মুখ এশ শতাংশ পোৱাৰ সপোনটো গ’ল জহি-খহি ৷ (৩) দুখৰ দিনত সাহস দিয়ে কৰি আলিংগন সুখৰ দিনত দিব খোজে মিঠা পৰশন দেখুৱাই অতি আপোন তলে তলে দেখে সপোন কেতিয়ানো লুটিব পাৰিব আচলৰ

Read more

ফটা পঞ্চপদী – হেমেন ডেকা

১ ধূঁৱলিৰ মাজতো আশাৰ সোণালী আভা কুঁৱলী ফালি ওলাইছে আজি সূৰ্যপ্ৰভা নীৰৱতাই ভাল নালাগে কোলাহল ঢাক-ঢোল বজাই পাতি লাভ নাই সভা৷ ২ জেওৰা-জপনা নাইকিয়া হ’ল জুমুঠিহে শাকনিত মাথোঁ ৰ’ল উদঙীয়াৰ উৎপাত উঁইপোকৰো বাহ তাত জাবৰণিত বুৰঞ্জী জহি গ’ল৷ ৩ গৃহস্থকে দিছে ওলোটাই দাবী বোলে আমাক কিডালনো কৰিবি ঢোঁৰা-কাউৰীৰ বাক বৰ-কথকীৰ জাক বাপ্পা ঐ, বকিয়ে আছে কিবাকিবি৷ ৪ অগ্নিবৰষা কথাৰ কাৰচাজি অৱশ্যে বুজো নেতাৰ টালিবাজি যিমানে নিদিয়ক চমক সি যে ফুলজাৰিৰ ভমক হাঁহতো ৰাজী আমি মাহতো ৰাজী৷ ৫ শাকাহাৰীৰ চটফটনি, শ্বাপদৰ

Read more

বজাৰ নুবুজা নখৰ গাঁথা – নৱজিৎ বৈশ্য

মোৰ নখবোৰ বাঢ়ি গৈ আছে মোৰ নখবোৰে পোখা মেলিছে প্ৰতিটো হত্যা-ধৰ্ষণ-লুণ্ঠন প্ৰতিটো যুদ্ধজনিত ক্ষুধাজনিত মৃত্যুত মোৰ নখবোৰ বাঢ়ে মোৰ নখবোৰে পোখা মেলে কুৰি শতিকাৰ শেহৰফালে উপজিও মোৰ নখবোৰে বজাৰ নুবুজে অথচ একেটা নাদৰে পানী খাই একেটা নাদৰে আকাশত একেটা সপোনকে অঁকা কবিতাই বজাৰ বুজিছে বজাৰক আপোন কৰিছে তাইৰ কোনো উদ্বিগ্নতা নাই তাইৰ নিৰুদ্বিগ্নতাত বাঢ়ে মোৰ গোঁৱাৰ অভিমান বিক্ৰীযোগ্য নীলাৰ জীনচ্ আৰু আমদানিকৃত সেউজীয়াৰ স্পোৰটিং পিন্ধি তাই বজাৰলৈ যায় ওঁঠত বিপ্লৱৰ বিজ্ঞাপন বোলাই তাইৰ কোনো উদ্বিগ্নতা নাই বিক্ৰীযোগ্যতাৰ ৰঙ্গশালাত তাইৰ ঈৰ্ষনীয়

Read more

আপদীয়া পদ্য – ধনজিৎ বৰুৱা

(১) গুছি গ’ল শকুনি থাকি গ’ল সঁচ সকলো ঠাইতে গজে হৈ বৰ গছ দেশ জাতি সমাজ মাত্ৰ কথাৰ ৰেৱাজ মানৱ সম্পদ বধি কৰে তচ-নচ   (২) দপ্তৰ নহয় যেন বাদুলীৰ হে মুখ টেবুলৰ তলে পিৰিতী যত নষ্ট সুখ বুকু এহাত গৰ্ব আলবৎ এদিন খৰ্ব পোতা কিম্বা চিতা বাপু, চাৰিহাত জোখ ৷ (৩) কৰ্ফাল খাই নামি আহিলোঁ চিটিবাছৰ পৰা সাষ্টাংগে প্ৰণামী সাৱটি ল’লোঁ ধৰা জাৰি জোকাৰি ধূলি থিক থাক কৰি চুলি বাছ নহয় ডাৰলিং যেন তোমাৰ প্ৰেমৰ গড়া ☆★☆★☆

Read more

আত্মবাজন – ৰাজীৱ শৰ্মা

(১) স্বাধীনতা দিছিল মোক একোকে নকৈ জুই দেখি জাহ গ’লোঁ নাভাবি দকৈ এতিয়া পাইছোঁ সেকা দি থাকে চাৱনি বেঁকা জীৱনলৈ হেৰাল স্বাধীনতা সঁচাকৈ     (২) সন্ধ্যা হ’লেই হওঁ ৰজা মহাৰাণা প্ৰতাপ পত্নীক হাত কৰোঁ দি মহাৰাণীৰ খিতাপ এনেদৰে চলিছিল সপ্তাহৰ সাতদিন কথাটি জানিব পাৰি আজি বুলিলে বজ্জাত ☆★☆★☆

Read more

দৰঙীয়া উপভাষাৰ লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১. কলেজীয়া ঝিয়াগিলা ৰাষ্টাইদি যায় তাকে দেখি লিকিৰাহেঁতে সুহুৰিয়ায় ঝিয়াই ভাৱে মনে মনে মই বৰ ধুনীয়া তাৰমানে চুলিকোঁচাত হাত ফুৰাই নিজকে জহায় ।     ২. কোমল কোমল বন্নি চাউলৰ কোমল কোমল পিঠা আমাৰ গাঁৱৰ চেনীৰামৰ মাতটো বৰ মিঠা ভাদেইৰ ঘৰত পিঠাৰ গোন্ধ সক্ৰিয় হয় তাৰ নাকৰ ৰন্ধ্ৰ সন্ধিয়া ওলায়গৈ ভাদেইৰ ঘৰ যেন ভোবোলা পঠা । ৩. বজাৰৰপে আনলো ভথ্থা কল জলপান খাম বুলি থৈ দিলোঁ পাকঘৰৰ চুকত ভালকে পকক বুলি পিছে ৰামভক্ত আহি পাই গোটাক গোটাই গিল্লা ভাই মায়ে

Read more

হাঁহি-কান্দোন – পৰীস্মিতা দাস

(১) নিৰ্বাচনী প্ৰতিশ্ৰুতি বিধে বিধে দিছে ৰাইজৰ দুখত ৰুমালেৰে চকুপানী মচে চেনেহ আতোলতোল দেখি নাযাবা ভোল নেতাবোৰৰ চকুপানীত হাঁহি লুকাই আছে৷     (২) সৰু সৰু বাতৰিবোৰ সাজে ৰহন সানি দুখলগা বাতৰি পঢ়ে চকুত চকুপানী পঢ়িছে সাংবাদিকতা আচলতে অভিনেতা কেমেৰাৰ আঁৰত মুখত দেখোন হাঁহিৰ বানপানী৷ (৩) লাইক কমেন্ট কমি গ’লে ৰাতি টোপনি নাহে বিতৰ্কিত পোষ্ট দিলে হেনো লাইক কমেন্ট আহে জাবৰৰ দোম খান্দে দেশ জাতিৰ নামত কান্দে লাইক কমেন্ট বাঢ়ি গ’লে বাগৰি বাগৰি হাঁহে৷ ☆★☆★☆

Read more
1 26 27 28 29 30 38