লিমাৰিক-ধনজিৎ বৰুৱা
(১) হেৰমত পেৰেম আছিল বাদচাহ আছিল ৰণত আজৰি সময়ত মনত পৰিছিল মধুকুঞ্জ বনত সময় নাথাকে যে ৰৈ প্ৰতি পলে আছে কৈ দায়িত্ব পালন হে ৰাজ ধৰ্ম বাকীবোৰ মনত। (২) গীত গাই প্ৰেমিক প্ৰেমিকা ফুৰি আছিল চহৰত কাৰ্ফিউ আছিল সেইদিনা পৰি ৰ’ল জগৰত বিষয়াই ধৰি বিষয় বুজালে কাগজ পাতি চাব খুজিলে প্ৰেমৰ কিনো লাইছেন্স লাগে বুলি ডাইলগ দিলে ৰগৰত। (৩) কেছাৰীৰ কাষত পাণ দোকান দাদা বৰ নামী বিষয়াৰ তামোল এখনো কুৰিশ গুণ দামী দাদাৰ তাত জমা থয় জমাৰ পৰা দাদাই লয়
Read more