ফটাঢোল

ফটা কবিতা-মিলন চন্দ্ৰ দাস

লকডাউনত খালোঁ চুলাই, পালো পুলিচৰ ধুলাই। জ্বলাই ল’লো এটা বিড়ি, কাষৰ মানুহে গালি দিলে, যা হতচিৰি। পান খাই পেলালোঁ ৱালত পিক, এজনে গতিয়াই কৰিব দিলে স্বভাৱ মোৰ ঠিক। মোৰ নাই কোনো চাকৰি, ধৰা পৰিলোঁ মই চুৰ কৰি। ৰাইজে ভাঙিলে কোবাই মোৰ হাত ভৰি। পুলিচে কোনোমতে লৈ গ’ল মোক ধৰি। হস্পিটালত চলিল মোৰ ৰোগৰ চিকিৎসা, পুলিচ, ডাক্তৰে সুধিলে মোৰ শেষ ইচ্ছা। পাপী জীৱ মই অনাহুত মোৰ প্ৰাণ শৰীৰটো মই দিব খোজোঁ আপোনাসৱক দান। ☆ ★ ☆ ★ ☆

Read more

ফটালিমাৰিক-ধনজিৎ বৰুৱা

১) চিন্তা সাতামপুৰুষীয়া ঘৰৰ বাটাম আছিল লুকাই পোক   বাহিৰৰ খোলা একে ৰাখি কমোৱা নাছিল চোক  পণ্ডিত ককায়েক  মাত্র কথাত বাকীকেইটাৰ নাই সজাত কুটকটনি শুনি ঘৰত বহি চিন্তাত থোলোক। ২) সাৱধান আৰ্কিমিডিছৰ দৰে গা-ধোৱা ঘৰৰ পৰা ছিঙি তৰানৰা ওলাই দৌৰিল বাটলৈ শ্রীমান  হতভাগা বৰা  সাপৰ দৰে ক’লা দীঘল  ভয়ত চাবোনতো খালে পিছল  সাৱধানে থাকক দেই নকল চুলিৰ বেণীৰ পৰা। ☆ ★ ☆ ★ ☆

Read more

পৰিৱৰ্তন-সঞ্জীৱ কুমাৰ মহন্ত 

সৰুতে দেখিছিলোঁ   হেঁপাহৰ গাঁওখনত        আঘোণৰ বিনন্দীয়া ৰূপ, সময়ত পৰিবৰ্তনত    সলনি হ’ল সকলো                ভাবিলেই লাগে দুখ! শৈশৱত দেখা   আঘোণৰ পথাৰখন            ক্ৰমে যেন হেৰাই যায়, আজিকালি বহুতেই        এৰিছে খেতি           চৰকাৰী ফ্ৰী চাউল পায়। আগতে দেখিছিলোঁ  গাঁৱৰ প্ৰত্যেকেই           ন-মুঠি লগে-ভাগে খায়, চুঙাত-দিয়া চাউল   খাবলৈ হ’লেও            বহুতেই নিমন্ত্ৰণ পায়। জীয়াৰী-বোৱাৰীৰ    কাঁচিৰ চিকমিকনিত            পথাৰ পৰিছিল ভৰি  ৰবাব টেঙাৰ জুতি লৈ    লখিমী চপাইছিল             মুখত লৈ প্ৰাপ্তিৰ হাঁহি। গাঁৱৰ কাৰোবাৰ      কিবাকৈ থাকি গ’লে           চপাবলৈ পথাৰৰ ধান,

Read more

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                     (১) শুনা শুনা সভাসদ কওঁ এটি কথা, চেনেল পেহীৰ হেনো ঘূৰাইছে মাথা। যদিও তেওঁ কুমাৰী, নহয় পিচে বেমাৰী। ডাক্তৰে চাই বোলে গাত আছে লেঠা !                        (২) জোন বোলা ডেকাটো মোৰদৰেই তপা, ফটোত দেখিলোঁ তাৰ মূৰত এটা খোপা! “কেনেকৈ গজিল চুলি?, কথাটো ক’বানে খুলি”, সি বোলে “দাদা এয়া ফে’চএপৰ কৃপা”॥                     

Read more

লিমাৰিক-ধনজিৎ বৰুৱা

(১)  হেৰমত পেৰেম আছিল বাদচাহ আছিল ৰণত  আজৰি সময়ত মনত পৰিছিল মধুকুঞ্জ বনত  সময় নাথাকে যে ৰৈ  প্ৰতি পলে আছে কৈ  দায়িত্ব পালন হে ৰাজ ধৰ্ম বাকীবোৰ মনত।  (২)  গীত গাই প্ৰেমিক প্ৰেমিকা ফুৰি আছিল চহৰত কাৰ্ফিউ  আছিল সেইদিনা পৰি ৰ’ল জগৰত বিষয়াই ধৰি বিষয় বুজালে   কাগজ পাতি চাব খুজিলে  প্ৰেমৰ কিনো লাইছেন্স লাগে বুলি ডাইলগ দিলে ৰগৰত। (৩)  কেছাৰীৰ কাষত পাণ দোকান দাদা বৰ নামী বিষয়াৰ তামোল এখনো  কুৰিশ গুণ দামী দাদাৰ  তাত জমা থয়  জমাৰ পৰা দাদাই  লয় 

Read more

লিমাৰিক-স্বপ্নালী কলিতা

১/ বৰুৱানীৰ দুদিন মুখ দেখা নাই চুবুৰীৰ শকতি তেওঁতে থাকে হায় আৰ কথা খুজি তাক হাঁহিটিতে থাকে পাক নহ’লে সময়বোৰ অবাবতে যায়। ২/ শৰণ ভজন মানি ভকতীয়া হ’ল ভোজ-ভাতৰ লোভ জিভাতে লাগি ৰ’ল  বৰা-বৰানীৰ দশা  চৰিত্ৰলৈ কিনো চাবা বু-বু-বা-বাত লাগিল গাঁও ওপৰ-তল। ৩/ কৰুণায়ে খহালে বগা ল’ৰাৰ ঘৰ  উপায় নাপাই বোলে বেপাৰতে ধৰ  দহজনী মুৰ্গী কিনি কণী বেছি চাউল-চেনী অনাত লগনীয়াৰ কথা বৰ বৰ । ৪/ দদাইদেৱে বোলে হেৰ’ ল’ৰাৰ মাক ল’ৰালৈও চাবি নুদুষিবি যাক-তাক খুৰীয়ে বোলে কি কয় মোৰ

Read more

লিমাৰিক-অবিনাশ পীড়াকটা

এল পিত পঢ়োঁতে আছিলোঁ ম‌ই বেপাৰী ফলুগুটি, পেঞ্চিল আদিৰে দিয়ে চুপাৰী পেণ্টৰ খোঁচনিত জলফাই আবেলি স্কুল চাফাই টেঙা খাই নিকটাওঁ মোৰ দাঁত দুপাৰী। হনুমন্ত বোলাটো আছিল মোৰ লগৰ অকণমান কথাতে লাগে তাৰ জগৰ শ্ৰুতলিপিত উঠে জ্বৰ কৰঙণত আছিল খৰ মৌখিক বুলিলেই সি সলাই বাগৰ। ☆ ★ ☆ ★ ☆

Read more

লিমাৰিক-সুৰেন্দ্ৰ মোহন দাস

(১) আলহী খাবলৈ গ’লে ৰসগোল্লা দিব, পাৰে নেকি কোনোবাই লোভ সামৰিব! এফালৰ পৰা ধৰি খাই থওঁ চাফা কৰি চুগাৰ লেভেল মোৰ বাঢ়িলে বাঢ়িব৷ (২) হাতীবৰুৱাই কিয় ধৰি আনি হাতী নিজৰ বিপদ তেওঁ আনিছেনো মাতি! প্ৰকৃতিপ্ৰেমীৰ কথা পাহৰিলে পাব ব্যাথা মৰিব খুজিছে চাগে তেওঁ জেল খাটি। (৩) খুৰাৰ প্ৰতাপ দেখি ভয় খাওঁ বৰ তেওঁ থাকিলেতো মই নাযাৱেই ঘৰ যদিহে বটল ভাঙি খেদি আহে হাত দাঙি মাৰিবতো লাগিবই মিছামিছি লৰ! (৪) ৰোগ থাকিলেও ফিট ভোগৰাম কাই তেওঁৰ দৰে খাওঁতা কোনোৱেই নাই খায়ে

Read more

মৌনতাৰ আবেগ-প্ৰীতি শৰ্মা বৰুৱা

কিছু মৌনতা, কিছু আবেগ মাথোঁ শব্দহীন অৰ্থৰ কিছু আঁক-বাঁকৰ অভিমান যৌৱনৰ জিৰ জিৰ মলয়াজাকত পাৰিজাত সুৱাসে যেন  যুগমীয়া কৰিব কামনা নে সাধনা, প্ৰেম পিয়াসীৰ যেন তৃপ্তি ভাৱনাহে আহানা, এটি মোৰ সন্ধিয়া হোৱানা শৰতৰ শেৱালীৰ বুকুত  আহানা, এজাক বৰষা হোৱানা মোৰ বুকুৰ ঢৌজাকৰ মাজত বন্ধ কোঠাৰ কোলাহলত নীৰৱ নিশাৰ ৰাগিত কলিজাৰ কঁপনিবোৰে হয়তো খন্তেকৰ বাবে কান্দিব! ☆ ★ ☆ ★ ☆

Read more

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                    (১) টীয়কৰ টিংকল টিকটক ৰাণী, পুৱাতেই সাজু হয় লিপষ্টিক সানি। সপ্তাহত একে সাজ, পিন্ধিবলৈ লাগে লাজ। সেইবুলি আনিলে শাৰী ছখন কিনি।                      (২) অতনুৰ বৰ চিন্তা কি হয় বা আজি! শ্ৰীমতী গৈছে ল’বলৈ কৰ’নাৰ বেজী। জ্বৰত যদি কয় তাই, “ভাত খাব মন নাই”, কেনেকৈ খুৱাব ৰান্ধি ৰুটি আৰু ভাজি!                       (৩) সৰুকণ চেতিয়া খাই-বৈ ফিটিং, আজি হেনো নাই অনলাইন মিটিং। ঘৈণীৰ লাগোতে ভেম, কৰিলে অকণ প্ৰেম, ‘ফেচবুক লাইভ’ হ’ল ভুল হৈ ছেটিং!

Read more
1 3 4 5 6 7 38