ফটাঢোল

শো-সাহিত্যিক-পার্থ প্ৰতীম শৰ্মা

এই কথাই কথা নহয়। কিবা এটা লিখিবই লাগিব। আলোচনীখনৰ সম্পাদকে নিজেই বাৰে বাৰে ফোন কৰি কৈ আছে। গতিকে কিবা এটা লিখিবই লাগিব। কাগজ-কলম সকলো সাজু কৰি বহি ল’লোঁ। আজি লিখা নোহোৱালৈকে উঠিয়েই নাযাওঁ। চকু মুদি দকৈ ভাবিবলৈ ধৰিলোঁ-কি লিখোঁ?  ঠিক ঠিক। এই বিষয়টোৱেই ভাল হ’ব। নাগৰিকত্ব সংশোধনী আইনক লৈ ব্যংগ এটা লিখোঁ। কথা হ’ল নেকি? হ’ল বুলিয়েই চৰকাৰে যি মন যায় তাকেই কৰিবনে? ৰাইজৰ মতামত, ৰাইজৰ আগ্ৰহক গুৰুত্ব নিদিলে কেনেকৈ হ’ব। ইমান মানুহ একেলগে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে, দেশৰ

Read more

৭৪২ চন, কমলনগৰ-নাজিফ হাজৰিকা

কোঠাটোলৈ সোমায়েই দেখিলোঁ গহীন, দৃঢ় মুখ এখনলৈ সন্মুখলৈ চাই বহি আছে গৌৰী। গৌৰীৰ কাষতে বহি ন-বৌ উমাই তাইক কিবা বুজাই আছে।  আৰু ওচৰতে আঢ়ৈ বছৰীয়া মণি আৰু চাৰি বছৰীয়া আৰতিয়ে কাপোৰৰ পুতলা এটা খেলি আছে।  মোক সোমাই অহা দেখিয়েই আৰতি আৰু মণি জঁপিয়াই উঠিল। মণিয়ে চিঞৰিলে, : মামা তুমি আহিলা? : আহিলোঁ মণি, কি কৰি আছিলা তোমালোকে?  : আমি যে চন্দ্ৰমুখীৰ লগত খেলি আছিলোঁ। জানা মামা, আজি তাইৰ ইমান জ্বৰ উঠিছে।  : কোন চন্দ্ৰমুখী মণি? : এয়া আকৌ…. মণিয়ে পুতলাটো

Read more

মূল্যবান নিবনুৱা-প্ৰণীতা গোস্বামী বৰঠাকুৰ

হাতত থকা চাবিপাট সোঁহাতৰ তৰ্জনী আঙুলিটোত ঘূৰাই ঘূৰাই মুখত এটা সুহুৰি লৈ সিদ্ধাৰ্থ ঘৰৰ ভিতৰলৈ গপগপাই সোমাই গ’ল। প্ৰথম কোঠাটো পাৰহৈ তাৰ ৰূমৰফালে যাব খুজিছিলহে এনেতে… : ঐ, হিৰ’ তইযে এনেকৈ দুপদুপাই সোমাই আহিছ ৰূমটোযে মচি থৈছোঁ দেখা নাই? বায়েক ৰুমজুমে কেটকেটাই উঠিল। : এই সিদ্ধাৰ্থ বৰুৱাৰ তললৈ চোৱাৰ অভ্যাস নাই, সদায় শিৰ উচ্চ কৰি চলি আহিছে৷ বায়েকক জোকাই ল’বলৈ ক’লে সি। : হ’ব থ থ, তহঁত পুৰুষবোৰ এনেকুৱাই, মাইকী মানুহৰ কষ্টক কষ্ট বুলিয়েই নাভাব। এনে বিশ্বজয় কৰি আহিছে একেবাৰে৷

Read more

অধিকাৰ-অগ্নিভ দত্ত

জয়ন্তহঁতৰ আন একো কাম নাথাকিলেও বছৰটোত পৰা প্ৰায়বোৰ দিৱসেই মোটামোটি ধুমধামেৰে পতাত বৰ কৃপণালি নকৰিছিল। এইবাৰ সিহঁ‌তৰ ৰুপালী ক্লাৱত খুব ধুম-ধামেৰে নাৰী দিৱস পাতিবলৈ ঠিক কৰিলে।  ঠিক কৰিলে মানে পুৰা জোৰদাৰ কাৰবাৰ। ৰাস্তাত গাড়ী ৰখাই পইছা তুলি সিহঁ‌তি ফাংচন পাতি ভাল নাপায়। সেইকাৰণে শশাংকই স্পনছৰ গোটাবলৈ আগতীয়াকৈ দায়িত্ব ল’লে। মুঠতে ইলাহী কাৰবাৰ গোটেইখন। নাৰী দিৱসৰ মুখ্য অতিথি কৰিলে অঞ্চলটোৰ জনপ্ৰিয় সকলোৰে মৰমৰ নাৰীবাদী মন্তীখুৰী মানে মন্তীলেখা শইকীয়াক।  নাৰী দিৱসৰ দিনা ৰাতিপুৱাৰপৰা জয়ন্তহঁতৰ গাত তত নাই। লোকেল টি ভি, কেমেৰা আদিও

Read more

খুলশালী-শালপতি পুৰাণ-সোমেশ্বৰ বৰা

বায়েকৰ বিয়াৰ পিছত ভনীয়েকৰ বিয়াৰ বাটটো খোল খাই যোৱাৰ বাবে তাই নাম পালে খুলশালী আৰু দীপলিপ খুলশালীজনীক বিয়া কৰাই ভিনিহিয়েকৰ ঘনাই অহাযোৱা কৰা পতি(বাট)ত অথালি-পথালি কৈ কেইটামান ভলুকা বাঁহৰ শাল(খুটি) মাৰি ভিনিৰ বাট চিৰদিনলৈ বন্ধ কৰি দিয়া বকাসুৰটোক শালপতি বোলে। খেনোৰ মতে খুলশালীজনী আধা ঘৰৱালী৷ গতিকে ভিনিৰ কামিজৰ জেপটো আৰু মণিবেগটোত খুলশালীজনীৰ ৫০/৫০অধিকাৰ। বিহুৱে তিথিয়ে দিয়া হাঁচতিখন, গামোচাখনৰ বিনিময়ত পেণ্টালুনচ, চেণ্ট্ৰেল মল, চিটি চেণ্টাৰ, চেণ্ট্ৰেল গুৱাহাটী অথবা চৌহমত ভিনিৰ স’তে উৎসৱ পাৰ্বন বুলি ভুমুকি এটা মৰাৰ হেঁপাহ এটা পুহি ৰখাটো

Read more

বাঁহ খোৱাৰ পিছৰ ছবি   : শ্ৰুতিমালা মিশ্ৰ

পৃথিৱীত মানুহে অন্য মানুহৰপৰা পোৱা জ্বালা-যন্ত্ৰণা, ঠগ-প্ৰৱঞ্চনাৰ ইতিহাস নানাতৰহৰ ঘটনাৰে সমৃদ্ধ। আদিমকালৰেপৰা বহুতেই বিভিন্ন ধৰণৰ প্ৰৱঞ্চনা তথা ঠগামিৰ সন্মুখীন হৈ আহিছে। সেয়া লাগিলে ৰাজপাট দখলৰ ক্ষেত্ৰতেই হওক, প্ৰেমৰ ক্ষেত্ৰতেই হওক, টকা-পইচা, মাটি-সম্পত্তিৰ ক্ষেত্ৰতেই হওক নতুবা বজাৰলৈ গৈ নাইবা অনলাইনত কিনা বিভিন্ন বস্তু-সামগ্ৰীৰ ক্ষেত্ৰতেই হওক, বেছিভাগেই জীৱনত এবাৰ হʼলেও প্ৰৱঞ্চনাৰ সন্মুখীন হৈ পাইছেই।  সমস্ত প্ৰৱঞ্চনাৰ তুলনাত প্ৰেমত খোৱা প্ৰৱঞ্চনাৰ চোকটো বাকীবোৰতকৈ কিছু বেছি। আগতে ঠগ-প্ৰৱঞ্চনা বুলি কোৱা হৈছিল যদিও আমি এতিয়া এইটোক নতুন নামেৰে নামাকৰণ কৰিছোঁ, “বাঁহ খোৱা বা বাঁহ দিয়া।” 

Read more

ভোটৰ এই মেলাতে-কমলা দাস

নিৰ্বাচনৰ বতৰ, বহুতৰ বাবে ভাললগা সময়। মানে নিৰ্বাচনৰ বতৰত, নিৰ্বাচনৰ সোঁতত উটি-ভাঁহি থাকি ভালপোৱাসকলৰ বাবে, মাছ ধৰি ভালপোৱাসকলৰ যেনেকৈ মাছৰ উজান উঠিলে আনন্দ লাগে, তেওঁলোকৰো মনবোৰত ঠিক তেনেকুৱাই আনন্দ লাগে হেনো! বৰ বৰ নেতা, পালিনেতাৰ সঙ্গত থকা গোপ-গোপীসকলৰো এনেহেন বতৰতে মনবোৰ কমোৱা তুলাৰ দৰে ৰাই-জাইকৈ উৰি থাকে! এনেহেন বতৰতে ‘দাদা’সকলৰ অগাধ দেশভক্তি, দেশপ্ৰেম দেখি দেখি, লেমটৌসকলৰো পাৰ ভঙা উচ্ছাহ জাগি বাগৰি পৰিব খোজে! এই উচ্ছাহৰ তীব্ৰতা কেতিয়াবা ইমানেই বেছি হয়গৈ যে সকলোকে চেৰ পেলাই, নিৰ্বাচনী যুঁজখনত এঘড়ী যুঁজ দিবৰ বাবে

Read more

হাঁহি- প্ৰান্তৰ ভাগৱতী

: হেৰা কি হ’ল নো? মুখখন গোমোঠা মাৰি বহি আছা যে। অথনিৰেপৰা চিঞৰি আছোঁ শুনা নাই নেকি? এই বুলি শ্ৰীমতী আহি ওচৰ পালেহি। : ক’ত নো মই গোমোঠা মাৰি আছোঁ? ‘চোৱা’৷ বুলি শ্ৰীমতীলৈ চাই হাঁহি এটা মাৰিলোঁ।  : তোমাৰ দেখোন ঘৰত হাঁহিয়েই নোলায়? কালি মই চপিং কৰোঁতে তুমি দেখোন সেই চেলছ গাৰ্লকেইজনীৰ লগত একেবাৰে যেনেকৈহে হাঁহি হাঁহি কাপোৰ চোৱাৰ চলেৰে কথাৰ মহলা মাৰি মাৰি টি-চাৰ্ট চাইছিলা মই দেখা নাই বুলি ভাবিছা নেকি? ঘৰত তোমাৰ তেনেকুৱা হাঁহি নোলাই কিয়? শ্ৰীমতীয়ে টেং-টেংকৈ

Read more

এগৰাকী দক্ষ বিষয়া গঢ়াৰ আয়োজন-দীক্ষিতা বৰা

ভাললগা খবৰ এটাই ঘৰখন ঢৌৱাই গ’ল পুৱা বেলাতে। কথা বুলিলেই বতাহ, খবৰটো সোনকালেই বিয়পি পৰিল। পৰিয়াল, ইষ্ট-কুটুম্ব, ওচৰ-চুবুৰীয়া, সকলোৰে শুভাশীষ আৰু অভিনন্দন বাৰ্তাবোৰ আহিবলৈ ল’লে ঘন ঘনকৈ। ঘৰখন ক্ষন্তেকতে উদুলি-মুদুলি হৈ পৰিল। ইমান দিনৰ পৰম আকাংক্ষিত খবৰটো হঠাতে এনেকৈ আহি পোৱাত কাৰনো ভাল নালাগিব? ওচৰতে থকা আত্মীয়সকল এজন দুজনকৈ আহি ওলালহি। বাকীসকলেও চমুকেই এদিন অহাৰ কথা ক’লে। এনে আনন্দময় সময়ত জানো কোনোবা নিমন্ত্ৰণৰ বাবে ৰৈ থাকে? স্বতঃস্ফূৰ্তভাৱেই আহি ওলাইহি আশীষ আৰু শুভকামনা লৈ।  ঘৰখনৰ ছোৱালীজনীয়ে ৰাজ‍্যিক লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ

Read more

ধৈই পাগলী-ভূপালী দেৱী

: ঐ তোৰ কাম-বন নাই, গাভিনী শিয়ালৰ দৰে দিনৰ দিনটো বিছনাতে পৰি থাক যে৷ হেৰৌ পঢ়া-শুনাতো কলিতে মৰহাই পেলালিয়েই, এতিয়া এজনী চপাই লৈ মাৰক অলপ সহায়কণ কৰি দে৷  বাহিৰৰপৰা মাকৰ গালিবোৰ এখন কাণেৰে শুনি আন এখন কাণেৰে গতিয়াই বাহিৰ কৰি দি অণুপে লেপখন মূৰৰ ওপৰলৈ টানি আকৌ শুই থাকিল৷ অণুপ পঢ়া শুনাত সিমান এটা বেয়া নাছিল যদিও অভিনেতা হোৱাৰ পোকটো মূৰত সোমোৱাৰ পৰাই পঢ়া-শুনা সকলো ওপৰ মহলা মানে মূৰৰ এটা কোণত আবদ্ধ কৰি থ’লে৷ পানী নাপালে গছপুলি মৰহি যোৱাৰ দৰে

Read more
1 14 15 16 17 18 84